জোনলৈ জন্ম দিনৰ চিঠি
জোন মোৰ,
আজি তোমাৰ এঘাৰবছৰীয়া জনমদিন । কিবা এটা লিখো বুলি কলম ঘঁহাই আছো, এটা শব্দও লিখিব পৰা নাই, অথচ মনৰ মাজত আবেগৰ ঢল । সৌ সিদিনাহে তুমি অহাৰ বতৰা দিছিলা, আৰু মাতৃত্বৰ অনুভৱেৰে অহংকাৰী হৈ পৰিছিলো মই । আৰু আজি তুমি মোৰ কান্ধ মিলাই থিয় হৈছা, কিছু কথা হয়তো মোতকৈও বেছিকৈ জানিছা । কিছু গৌৰৱ আৰু কিছু সংশয়ৰ আলিদোমোজাত থমকি ৰৈছে এই সময় ।
কিয় জানানে ?
জটিল সময়ৰ জটিল কথা কিছুমানত আবদ্ধ হৈ পৰিছে মন । এফালে ফাগুনৰ পচোৱাই উৰুৱাই নিব নোৱাৰাকৈ পায়েলযোৰেৰে নিজকে মাটিৰ মৰমত বান্ধি লৈছো, বতাহত ৰুণজুন শব্দ শুনি তুমি মোৰ ভৰিৰ ফালে চাই মিচিকিয়াই হাঁহিছা, আনফালে প্ৰিয় গায়ক পাপনৰ বিপৰ্যয়ৰ সময়ত মূক হৈ পৰিছে চৌপাশ ।
জানানে জোন, জীৱন মানেই শেলুৱৈ পিছল বাট । নিজেও পিছলিছো বহুবাৰ, পিছলি পৰিও ধৰি ৰাখিছো, সময়ৰ সতে হাঁহিছো, চকুলো সজাই উচুপিছো, কিন্তু জীৱন হেৰুওৱা নাই কোনোদিনেই ।কি শিক্ষা কোনে কেতিয়া দিছিল নাজানো, সেই শিক্ষাই আজিও মোক সদম্ভে মূৰ তুলি খোজ কাঢ়িবলৈ শিকাইছে । ভয় হয়, মই বাৰু তোমাক এই শিক্ষা দিব পাৰিমনে ? দিনটোৰ দুঘন্টাও তোমালোক দুটাৰ কাষত বহি ভালকৈ কথা এষাৰি পাতিবলৈ সময় নাপাওঁ, তাৰ মাজতো মাহেকে পষেকে তোমালোকক এৰি থৈ যাবলগীয়া টুৰবোৰ আছেই । তেনেস্থলত ভাব হয়, সকলোৱে কৈ থকা গুণগত সময়কণ দিব পাৰিমনে মই ?
অৱশ্যেই তাৰ মাজতো অলপ সন্তুষ্টি । এই যে কামৰ তাগিদা নতুবা সাধনাৰত সময়বোৰ, যিবোৰে তোমাক সুশৃংখল জীৱনৰ গভীৰতা সম্পৰ্কে এটা ধাৰণা দিছে । জীয়াই থাকিবলৈ কাম কৰিবই লাগিব আৰু সফল হ’বলৈ সাধনা লাগিবই, এই কথাটো অনুধাৱন কৰিলেই মাতৃ হিচাপে মই সফল ।
নৈতিকতাৰ শিক্ষা হয়তো ময়ো দিব নাজানো । নীতিগতভাবে নিজে কিমান শুদ্ধ সেয়াও নাজানো, কিন্তু সদায়ৰ দৰেই আজিও কওঁ, যিবোৰ কথাই দহোজনৰ অন্তৰত আঘাত সানে, মিছাৰ আশ্ৰয়েৰে য’ত নিজকে শুদ্ধ বুলি প্ৰমাণ কৰা যায়, সেয়াই অনৈতিক । মাতৃ হৈও তোমাৰ প্ৰথম বান্ধৱীগৰাকী হৈ মই তোমাৰ প্ৰতিটো খোজৰ অংশীদাৰ হোৱাতো বিচাৰো, কেৱল সফলতাবোৰেই নহয়, বিফলতাবোৰো মুকলিকৈ আলোচনা কৰিব বিচাৰো ।
তুমি কিছু আবেগিক । এই কথাত মই প্ৰায়ে বিহবল হৈ পৰো । কিন্তু নিয়মৰ গণ্ডীত বন্দী হৈ থাকিব বিচাৰা তুমি । এই কথাই মোক সকাহ দিয়ে । এটা কথা মনত ৰাখিবা জোন, যিকোনো পৰিস্থিতিতে মই আছো আৰু থাকিম । সফলতাবোৰ যিদৰে হাঁহি হাঁহি বুটলিম, বিফলতাবোৰো সমানে সমানে ভগাই ল’ম । আহা, আজি কথা দিয়া যাতে আবেগবোৰো এই সুশৃংখল নিয়মৰ মাজতে ৰৈ যায়, কোনো অপশক্তিয়ে যেন তাক সীমাৰ বাহিৰলৈ লৈ নাযায় ।
কথাবোৰ টান হৈছে কিছু । তুমি হয়তো আধা কথা বুজিকে নাপাবা । কিন্তু অনাগত দিনবোৰত চিঠিবোৰ পঢ়িবা । নুবুজাবোৰ তেতিয়া বুজিবা । শিকাৰ জানো কোনো বয়স থাকে ? আজীৱন শিকি থাকো আমি, তাৰ পাছতো কত নজনা কথা ৰৈ যায় ! জীৱন নিজেই এখন পাঠশালা, শেষ নোহোৱা কিছু অধ্যায়ৰ পুনৰাবৃত্তি ঘটে য’ত অহৰ্নিশে ।
জনমদিন বুলি তোমালৈনো কি দিম ? দুখন অসমীয়া আলোচনীৰ বছৰেকীয়া গ্ৰাহক কৰি দিবলৈ কৈছা, আৰু সেই উপহাৰটো দিবলৈ পাই মই সঁচাকৈ সুখী । দেউতাই কেক অৰ্ডাৰ দিছে, তুমিও স্কুলবেগত মৰ্টনৰ পেকেটটো ভৰাই লৈছা, দুষ্ট ভাইটিয়ে বাৰে বাৰে আহি মৰ্টনৰ পেকেটটো খুলিব বিচাৰিছে, তুমি পহৰা দি থাকোতেই গৈছে, ‘কি যে হ’ব তোমালোকৰ’ বুলি মই ধমকি দিছো । কিন্তু পিছমুহূৰ্ততে তোমালোকৰ শিশুমনৰ সৰলতা দেখি পুলকিত হৈছো । তোমালোকৰ খিলখিল হাঁহিবোৰেৰে বুকু ভৰিছে । এনেতেই ঘড়ীটো বাজি উঠিছে । ঘড়ীটোৱে বাৰবজাৰ সংকেত দিছে । গম পালো, তোমাৰ বয়সে এডাল ৰেখা গৰকিছে ।
এখোজ আগুৱালা, এই এখোজত মোৰ বুকু কঁপিল, বয়সৰ জোখাৰে বহল হওক হৃদয়, এই কামনা কৰি পুনৰ মৰম যাচিলো ।
সুখী হোৱা । সুখবোৰ বিয়পি পৰক সহস্ৰজনলৈ ।
ইতি,
তোমাৰ মা ।
২৬/০২/২০১৮

No comments:
Post a Comment