Sunday, March 18, 2018

প্ৰথম খণ্ড:বাৰাংগনাৰ জুপুৰি
ছবিয়ে কথা কয় নে নকয় ? যদি কয়, সেই ছবিয়ে বুকুত বিহৰ ঢল আনে নে ? তেনে ছবিয়ে কলিজাত দুখৰ ফুলনি সাজে নে ?
নাজানে অলংকৃতাই । নাজানে সেই ছবিয়ে হুমুনিয়াহবোৰ ওলাই আহিব নোৱাৰাকৈ কিদৰে তাইৰ বুকুত শিলনি বান্ধি ল’লে । সেয়া যেন ছবি নহয়, এহাল কিশোৰ কিশোৰীৰ জীৱন্ত প্ৰেম গাঁথা ।
অলংকৃতাই অফিচৰ বিশাল টেবুলৰ কাষতে লাগি থকা কম্পিউটাৰটোলৈ চেয়াৰখন ঘূৰাই ল’লে । অফিচ ইতিমধ্যে ছুটি হ’ল । কম্পিউটাৰৰ ছোৱালীজনীও গ’লগৈ । তাইহে অকলে অকলে পৰি ৰৈছে । বিশাল অফিচ চৌহদৰ সুসজ্জিত কোঠা এটিত অকলশৰীয়াকৈ জীৱন-জগত-প্ৰেম-হুমুনিয়াহৰ ককটেইল মিলাই পান কৰি গৈছে ।
কঞ্জনীলে পঠোৱা ফটোবোৰ তাই কম্পিউটাৰত চাই ৰ’ল । যিমানেই তাই কথাবোৰ সহজভাৱে ল’ব বিচাৰিছে, সিমানেই তাই সুৰংগ ফালি ৰহস্যভেদত আবদ্ধ হৈছে । পখিলা এজনীৰ দৰেই লাগিছে ছোৱালীজনীক । কি নাম আছিল তাইৰ ? কি নাম সেই ৰঙীন ৰংগনাৰ ? যদিও তাই মনত পেলাব নোখোজে সেই নাম, তথাপি সেই নামে তাইৰ পিছ নেৰে ।
উল্কি আছিল তাইৰ নাম । উল্কি শইকীয়া । এহাতেৰে কঁকালত ধৰি সেয়া আল্ট্ৰাছ নিয়াজিৰ । খুব সুখী যেন দুয়োটি । চঞ্চল বতাহজাকে যেন চঞ্চল কৰি তুলিছে দুয়োকে । মায়’ডিয়াৰ শুভ্ৰ হিমগুৰিৰে উল্কিৰ ৰঙা টুপীটো শুকুলা কৰি তুলিছে । বৰফে বৰফে উৰি ফুৰা সেইকুৰা যেন জ্বলি থকা আঙঠা এটুকুৰা । ইমান উত্তাপ ! ইমান উত্তাপ সেই সম্বন্ধত ! যি সম্বন্ধত সমাজৰ দৰবাৰ কঁপে, যি সম্বন্ধত ৰাষ্ট্ৰ আৰু আইন ধৰাশায়ী হয়, সেই সম্বন্ধই কিয় ইমান উত্তাপ কঢ়িয়ায় ?
নিজক পাৰে মানে আঁতৰাই থৈ তাই উল্কি আৰু আল্ট্ৰাছৰ ছবিবোৰ চাই গৈছে । প্ৰতিখনেই বেলেগ বেলেগ ৰঙৰ কেনভাচ । প্ৰতিখনেই যেন নিয়মৰ বিপৰীতে অনিয়মৰ বাণী ছটিয়াই গৈছে ।
ক’ৰবাত তাইৰ চিঞৰটো মায়’ডিয়াৰ পাহাৰত ঠেকা খাইছে । “এয়া অনীতি”, তাই চিঞৰিছে ।
পাহাৰৰ সিপাৰৰ পৰা খিলখিলনিৰ প্ৰতিধ্বনি ভাঁহি আহিছে, “নহয় অনীতি । এয়াই সত্য” ।
সত্য ! এই অনীতিবোৰ সত্য । অনিয়মবোৰ হেনো অনিয়ম নহয় । কোনে কয় সেই কথা ? সমাজে বান্ধি থোৱা এডাল সোলোক ঢোলোক শিকলিত বন্দী হৈ তাইৰ কাঠগৰাত থিয় দি নৰয় সেই নাৰী, যি নাৰীয়ে তাইৰ একান্ত প্ৰিয়জনৰ সতে ঘনিষ্ঠতাৰ ঘৰ সাজিছে ।
আল্ট্ৰাছৰ ফেচবুক একাউন্টত সোমাই তাই ফটোবোৰ ক্লিক কৰি যায় । তাৰ পাছত উল্কিৰ একাঊন্ট খুঁচৰে । একেই ঠাইৰ ফটো । যুগ্ম ফটোবোৰ তাত নাছিল । যুগ্ম ফটোবোৰ আছিল কঞ্জনীলে পঠোৱা ফটোবোৰত । যুগ্ম মানে উল্কি আৰু আল্ট্ৰাছ, আল্ট্ৰাছ আৰু উল্কি । ধৰফৰাই ৰৈছে তাই আৰু কঞ্জনীল ।প্ৰেমক সদায়ে প্ৰাধান্য দি অহা তাই এই প্ৰেমত মূক হৈ পৰিছে । ধৰ্মৰ প্ৰসংগ নহয় সেয়া, বয়সৰ ব্যৱধানৰ কথাও নহয়, এই প্ৰসংগ এক জটিল নিয়মৰ প্ৰসংগ । সমাজ নামৰ দেৱালখনত উভতি অহা কিছু প্ৰশ্ন ।
ঘড়ীটোলৈ চালে তাই । সাত বাজিল । কঞ্জনীলে ফোন কৰাৰ কথা আছিল । হুইল চেয়াৰখনতে ওপৰমুৱাকৈ মূৰটো পেলাই তাই পিছলৈ আউজি ফোনটোৰ অপেক্ষাত ৰ’ল । পাতল নীলা ৰঙৰ দীঘল দীঘল পৰ্দা ভেদি ৰূমৰ পোহৰ ষ্ট্ৰিট লাইটৰ পোহৰত বিলীন হৈছে । পোহৰৰ ছয়াঁময়াত তাইৰ হঠাতে লৰা দুটিলৈ মনত পৰিল । তাইৰ বুকুৰ জিউ দুটিক অকলে এৰি থৈ তাই বিয়লি এপৰলৈকে অফিচত বহি আছে । নিজৰ ওপৰতে ধিক্কাৰ জন্মিল তাইৰ । ড্ৰাইভাৰক গাড়ী সাজু কৰিবলৈ কৈ তাইৰ পাৰ্ছ মিৰৰখনত মুখখন চাই ল’লে । ওঁঠৰ ওপৰেৰে পাতল গুলপীয়া লিপষ্টিকডাল বুলাই তাই ঠিয় হ’ল ।
মুখখন শান্ত । সৌম্য । ভিতৰৰ ধুমুহাজাকৰ চাৰিওফালে দেৱাল গঁথা হৈ গ’ল । সেই ধুমুহাজাকে তাইৰ কণমানি দুটাৰ মনত আউল নলগায় । তাই নাৰী । তাই হাজাৰ ৰূপ বৰণ কৰিব পাৰে । অলপ আগলৈকে তাই আছিল ধুমুহাত বিধ্বস্ত দেশৰ সৰ্বস্ৰান্ত নাগৰিক, এতিয়া হৈ পৰিছে মমতাবোধৰ পৃথিৱীৰ দায়িত্বশীল নাগৰিক ।
“বাইদেউ ঘৰলৈ যাব নে বেলেগ ক’ৰবালৈ যাব”, ড্ৰাইভাৰজনে পিছফালৰ দুৱাৰখন খুলি দি সুধিলে ।
“ঘৰলৈ বলা”, বুলি তাই পিছফালে চিটত মূৰটো পেলাই বহি দিলে । বৰ জটিল এই পৃথিৱী, বৰ জটিল এই জীৱন । মুখত ব্যৰ্থতাৰ প্ৰলেপ তাই সানিব নিবিচাৰে, নিবিচাৰে বাবেই মানুহে হিংসা কৰাকৈ তাই সবল আৰু সেইবাবেই তাইৰ খোজৰ গতিও প্ৰবল ।
এই যে গেটখন খোলাৰ লগে লগে দুয়োটা লৰা দৌৰি আহি তাইৰ শাৰীখনত জপতিয়াই ধৰিব, এটাই তাইৰ বেগটো কেকোঁজেকোকৈ দাঙি লৈ যাব, এটাই আকৌ তাইৰ কাৰণে টাৱেলখনকে বাথৰূমত সাজু কৰি দিব, এইখনেই তাইৰ সৰুকৈ পৃথিৱী । কিন্তু আজিৰ কথা কাণ্ড কিছু বেলেগ । দেখিলেই বুজা যায়, দুয়োটাই এখুণ্ডা লাগি থৈছে ইতিমধ্যে ।
ফুলা লুচিখনৰ দৰে মুখখন ফুলাই সৰুটি তাইৰ আঁচলত ধৰিলেহি, “মা মা, পাপা কেতিয়াকৈ আহিব ?”
বুকুখন তাইৰ চিৰিংকৈ গ’ল । দেউতাকবলীয়া দুযোটি পোনা । প্ৰতিবাৰৰ দৰেই হয়তো এইবাৰো দেউতাক বাহিৰলৈ যাওঁতে আদায় কৰি থৈছে উপহাৰৰ প্ৰতিশ্ৰুতি । তাৰ নিমিত্তেই প্ৰশ্নৰ উপৰি প্ৰশ্ন, “মা , পাপা কেতিয়াকৈ আহিব” ।
“আহিব বাবা, এতিয়া তুমি পঢ়াটেবুলত বহাগৈ যোৱা”,বুলি কৈ তাই বাথৰূমৰ ফালে দৌৰ মাৰিলে ।সন্ধ্যাৰ এই সময়খিনি তাইৰ বৰ ব্যস্ত সময় । লৰা দুটিৰ হাতত গাখীৰৰ গিলাচ তুলি দিয়াৰে পৰা সিহঁতৰ অংকৰ সমস্যাটোলৈকে চকু দিব লাগে তাই । দিনটোৰ এইকণ সময়েই পায় তাই । এইখিনি সিহঁতৰ গুণগত সময় । সাধু, নীতি কথাৰে সিঁহতৰ মনবোৰত চিন্তাৰ ৰেশ সানি দিয়ে তাই । আজি পিছে তাই নিজৰ সতে নাই , নাই কণমাণিকেইটাৰ সতেও । দিনটোৰ ব্যস্ততাখিনিৰ মাজত থমকি ৰোৱা খোজৰ গতিটোৱে, দৈনন্দিন কোলাহলৰ মাজত লুকাই ৰোৱা মৌনতাখিনিয়ে, মুখৰ সাতোৰঙী বেলুনৰ মাজৰ শূন্যতাখিনিয়ে পলকতে বেসুৰা কৰি তোলে জীৱনৰ ছন্দ । নিশা গভীৰ হৈ আহে, আত্মকথনৰ স্বৰলিপি ভাঁহে ।
আলট্ৰাছ কৰ্মসূত্ৰে বাহিৰলৈ যোৱা হেতুকে তাই বিশাল কোঠাত অকলে পৰি ৰয় । পুত্ৰদ্বয় গভীৰ নিদ্ৰাত । তাই সাৰে ৰয় । তাই জানে ক’ৰবাত আৰু এটি দুটি সত্তা সাৰে ৰয় । ঢিমিক ঢামাককৈ জ্বলে তৰাবুলীযা অনুভৱ । বুকুৰ মাজত এচাটি মলয়াই চুব খুজিও ৰৈ যায় । শীতল সৰীসৃপৰ দৰে এটি বীজলুৱা অনু্ভৱে বগুৱা বাই যায় ।
আল্ট্ৰাছ তাইৰ হৈ নাথাকিল । তাই নিজৰ হৈ নাথাকিল । যোগাত্মক চিন্তাৰ সুঁতিত আউল লাগে সেইখিনিতেই । এই যে অস্থিৰতাবোৰ, তাতেই পোখা মেলে সৃষ্টিয়ে । সেমেকা গধূলিৰ সংগমত ৰোপণ হয় বেদনাৰ ভ্ৰুণ ।
সময়বোৰ ধাৰাল কাঁইটৰ দৰে । ঠাক ঠাককৈ সজাই থোৱা কিতাপবোৰে মূৰ দুঁপিয়াই আমন্ত্ৰণ জনায়, “এই পৃথিৱীলৈ আহা, আমি তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিম । আমাক মাথো উমাল কৰি তোলা” ।
তাই ধীৰে ধীৰে প্ৰবেশ কৰে তাইৰ আপোন জগতত । ইয়াত নাথাকে আল্ট্ৰাছ, নাথাকে উল্কি, নাথাকে কঞ্জনীল, নাথাকে প্ৰথম শ্ৰেণীৰ মেজিষ্ট্ৰেট অলংকৃতা বৰুৱা ।
থাকে এমুঠি প্ৰশ্নৰে উদগ্ৰীৱ মুখৰ এজনী মহিলা……
থাকে এমুঠি উত্তৰেৰে সাজু হৈ ৰৈ থকা কিতাপৰ গোন্ধৰে আমোলমোল এটি কোঠা ।
থাকে তাইৰ দুখৰ নিচা সাৱটি ৰোৱা এচাটি অস্থিৰ বতাহ…..
আৰু সেই বতাহত ওপঙি ফুৰা এটি বেলুনীয়া উশাহ ।



দ্বিতীয় খণ্ড

ভাইব্ৰেশ্বন মুডত থকা ফোনটো বাজি উঠিছিল । তাই তেতিয়া কেবাজনো অধিবক্তাৰ স’তে মুখ্য ন্যায়াধীশৰ কোঠাত জৰুৰী আলোচনাত । চাওঁ নাচাওঁকৈ অলংকৃতাই ফোনটোত দৃষ্টি নিক্ষেপ কৰিলে । অচিনাকী নাম্বাৰ । ছাৰৰ ৰূমত ফোনটো ধৰিবলৈ তাইৰ অস্বস্তি লাগিল । ফোনটো বাজি বাজি অফ হৈ গ’ল ।
ক্ৰিমিনেল কেচ এটাৰ আলোচনা কৰোতে কৰোতে দুপৰৰ বেলি উঠিল । মুখ্য ন্যায়াধীশৰ কোঠাৰ পৰা আহি গোটেইকেইজন তাইৰ কোঠাত সোমাল । জৰুৰী কেচকেইটাৰ ফাইলত চহী কৰি পঠিয়াব লাগে । তেনে এদমমান ফাইলৰ মাজতে ডুব গৈ থাকোতেই আকৌ ফোনটো বাজি উঠিল । কামৰ মাজত ফোনকল আহিলে ভীষণ বিৰক্তি পায় তাই । তাতে আকৌ অচিনাকী নাম্বাৰ ।
ক্লান্তিৰ সুৰ এটা টানি তাই মাত দিলে, “হেল্ল”।
“আপুনি আলট্ৰাচ নিয়াজিৰৰ পত্নী নেকি?”
বুকুখন কঁপি উঠিল তাইৰ । আলট্ৰাচৰ নাম লৈ তাইক কোনেও ফোন নকৰে । কিবা বিপদ হোৱা নাইতো তাৰ ! কিছু শংকামিহলি অনু্ভূতিবোৰ নিয়ন্ত্ৰণলৈ আনি তাই মাত লগালে,
“হয় । আপুনি কোনে ক’লে?”
“মোক আপুনি চিনি নাপাব । মই কঞ্জনীল । মংগলদৈৰ পৰা কৈছো” ।
‘আলট্ৰাচ নিয়াজিৰৰ পত্নী’ আৰু ‘মংগলদৈ’, এই শব্দকেইটাৰ মাজত কি যোগসূত্ৰ ? মুহূৰ্ততে দুডাল বিদ্যুৎ পৰিবাহী তাঁৰে তাইৰ মগজুলৈ সংকেতধ্বনি কঢ়িয়াই নিলে । উল্কিৰ ঘৰ মংগলদৈত । সিমানখিনি তাই জানিছিল । উল্কি আৰু আলট্ৰাচৰ মাজৰ বুবু বাবা খিনিও তাই নজনাকৈ থকা নাছিল । সেয়াইনে যোগসূত্ৰ ?
“আপুনি উল্কিৰ…..?”, আধাতে ৰৈ দিলে তাই ।
“হয় । উল্কি মোৰ পত্নী । আপোনাক মোৰ অলপ ক’বলগীযা আছে ” ।
আছে আছে । তাইৰো ক’বলগীয়া আছে । কেনেকৈ বুজায় তাই, তাইৰো যে উল্কিৰ স্বামীক ক’বলৈ বহুত কথাই আছে । কিমান দিন যে তাই উল্কিৰ স্বামীৰ লগত যোগাযোগ কৰিবলৈ বিচাৰি ফুৰিছে । কিন্তু এতিয়া এই মুহূৰ্তত সেয়া সম্ভৱনে ? এই মুহূৰ্তত তাইৰ সন্মুখত অধিবক্তা কৃশানু গৌতম আৰু দ্বিতীয় শ্ৰেণীৰ ন্যায়াধীশ বিশাল তামুলী । টেবুলৰ কাষৰ কম্পিউটাৰটোৰ সন্মুখত কাংক্ষিতা নামৰ কম্পিউটাৰ চলোৱা ছোৱালীজনী । ফোনৰ সিপাৰে তাইৰ স্বামীৰ অবৈধ প্ৰেমৰ অভিযোগকাৰী । কি কৰে তাই ? কি কৰে এনে মুহূৰ্তত তাই ? কি কৰিলেহেঁতেন অন্য নাৰীয়ে ? তাই নাজানে সেই কথা । পলকতে তাইৰ মুখৰ বৰণ সলনি হৈছিল । তাইৰ মাতটোত শতযুগৰ মলিনতা আহি পৰিছিল । এই যেন এই মাত্ৰকে তাই দৌৰি গৈ শোৱনি কোঠাৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ কৰি বিছনাত উবুৰ খাই পৰি গাৰু তিয়াব, এই যেন ব্ৰক্ষ্মপুত্ৰৰ আন্ধাৰ বালিচৰত চুলি মেলি কোনোবা অতৃপ্ত আত্মাৰ দৰে বহি ৰ’ব নতুবা এজনী উদভ্ৰান্ত নাৰীৰ দৰে অসংযত সাজেৰে বৰ্ষণমুখৰ কোনো মধ্যৰাতি ঢলংপলংকৈ নিচাগ্ৰস্ত লোকৰ দৰে লক্ষ্যহীন এক যাত্ৰাত ভৰি থ’ব নতুবা নিষিদ্ধ গলিত এজাক উতনুৱা যুৱক-যুৱতীৰ দৰে চিগাৰেটৰ কুণ্ডলী পকাব নতুবা চহৰৰ উপকণ্ঠৰ কোনো ধাবাত অকলে অকলে পান কৰিব ৰঙীন পানীয় ।
তেনে একোৱেই কৰা নহ’ল সেই সময়ত । তাইৰ মুখৰ অভিব্যক্তিত সন্মুখত থকা লোক দুজনে কিবা ধাৰণা কৰি উঠি যাবলৈ ওলাইছিল, তাই মুহূৰ্ততে নিজকে সম্বৰণ কৰিলে, তেওঁলোকক বহিবলৈ ইংগিত দি ফোনত ক’লে, “আপুনি অলপ পাছত ফোন কৰিব পাৰিবনে ?”
কঞ্জনীল যেন ফাটি পৰিছিল । কেনেকৈ পাৰে ? কেনেকৈ পাৰে এগৰাকী নাৰীয়ে এনেবোৰ মুহূৰ্তত নিজকে ইমান সন্তুলিত কৰি ৰাখিব পাৰে ? কেনেকৈ ? সি কিয় নোৱাৰে ? কিয় ফটোখিনিত উল্কি আৰু আলট্ৰাচৰ মাজত ঘনিষ্ঠতা দেখাৰ পাছৰে পৰা সি চৰম অশান্তিত সময় কটাইছে । সি জানে কিদৰে সি আলট্ৰাচৰ পত্নীৰ ফোন নম্বৰ সংগ্ৰহ কৰিছিল । একমাত্ৰ তায়েইতো আছিল তাৰ কষ্টবোৰ ভাগ কৰিব পৰাকৈ । অচিনাকী সেই নাৰী, অথচ দুয়োৰে দুখবোৰ কিমান আপোন !
সি কিবা কোৱাৰ আগতেই তাই ফোনটো কাটি দিলে । তাইক সদ্যহতে অকলশৰীয়া পৰিবেশ এটা লাগে । টেবুলৰ সন্মুখৰ মানুহ দুজনক বিদায় দিব লাগে । তেওঁলোকৰ কামটো কৰি আজৰাই দিব লাগে । কাংক্ষিতাক ছুটি দিব লাগে । সিমানখিনিলৈকে জ্ঞান আছে তাইৰ । বাকীবোৰ সমস্যাৰ কিদৰে মুখামুখি হ’ব সেই কথা এতিয়া ভবাৰ অৱকাশ নাই ।
কৃশানু আৰু বিশালৰ লগত গোচৰ এটাৰ শুনানীৰ ফাইলটো আলোচনা কৰি ঠিক ঠাক কৰি ল’লে । তেওঁলোকে কথা পাতি থাকোতে তাইৰ মবাইলটোৰ মেচেজট’ন কেবাবাৰো বাজি উঠিছিল । তাই অনুমান কৰিছিল সেয়া হয়তো কঞ্জনীল হ’ব । তাইৰ অনুমানক সত্যতা প্ৰতিপন্ন কৰি সেয়া কঞ্জনীলৰে মেচেজ আছিল । এখনৰ পাছত এখনকৈ ফটো পঠিয়াই গৈছে সি । তাই এখনত ক্লিক কৰি দিয়াৰ লগে লগে স্ক্ৰীণত ভাঁহি অহা এখন ফটোৱে তাইক বোবা কৰি পেলালে । চকুহাল মুদি দিলে তাই ।নিৰ্মিলিত চকুৰ পৰ্দাত চেলুলয়ডৰ দৰে ইখনৰ পাছত সিখন ছবি ভাঁহি আহিল । এই ছবিবোৰৰ সন্মুখীন হ’ব পৰাকৈ তাইৰ প্ৰস্তুতি নাছিল । ইমান নিৰ্মম সত্যৰ লগত তাইৰ পৰিচয় নাই । তাই শুনিছিল সিহঁতৰ কথা, কিন্তু কোনোদিনে প্ৰমাণ বিচৰা নাছিল । যি প্ৰমাণে তাইৰ চৌপাশ অস্থিৰ কৰি তুলিব, সেই প্ৰমাণৰ সন্মুখীন হ’ব নিবিচাৰিছিল তাই । হেৰুৱাৰ ভয়ত নে হতাশাৰ ঢৌত উটি যোৱাৰ ভয়ত তাই সেয়া নিবিচাৰিছিল সেই কথা তাই নুবুজে ।
সন্মুখত দুজন কলিগ । অথচ ফটোখিনি দেখাৰ পাছতে তাইৰ বোধশক্তি যেন হেৰাল । তাই চকুমুদি ৰ’ল । তাইৰ অপ্ৰকৃতিষ্ঠ আচৰণত দুয়োজন আচৰিত হ’ল । সিহঁত যাবলৈ ওলাল ।
বিশাল তামুলী আৰু কৃশানু গৌতম ওলাই গ’ল । তাই ফটোবোৰ চাই গ’ল ।এখনৰ পিছত আন এখন ফটোৱে তাইক জুইৰ উত্তাপেৰে গা ধুৱাই থাকিল । তাইৰ একান্ত নিজৰ পুৰুষজনৰ সতে অন্য নাৰী , পৰনাৰী সেয়া । উস ! সহ্যাতীত । বুকুৰ দহন ভেদি হুমুনিয়াহ এটা ওলাই আহিল ।চকুহাল তাইৰ ৰঙা পৰিল ।
তেনেতে বিশাল তামুলী পুনৰবাৰ সোমাই আহিছিল । কিবা যেন ক’ব তাইক । তাই নিজকে লুকুৱাব বিচাৰিছিল । মুখত কোনোমতে সেমেকা হাঁহি এটা বিৰিঙাই তালৈ প্ৰশ্নবোধক চাৱনি এটা নিক্ষেপ কৰিলে, “আৰু কিবা কাম থাকি গ’ল নেকি” এই ভাৱত । নহয়, সি কোনো কামৰ কাৰণে অহা নাই । সি আহিছিল তাইৰ আপদীয়া ফোনকলটোৰ আঁত বিচাৰি, যিটো ফোনকলৰ পিছতে তাইৰ উদভ্ৰান্ত আচৰণে তাৰ বুকুত শেল হৈ বিন্ধিছে ।
“মেডাম”
“ওমম”
“নাযায় ঘৰলৈ ?”
“যাম । সৰু এটা কাম আছে । কৰিয়েই যাম” ।
সি গ’ম পালে তাই সহজে মনৰ কথাবোৰ মুকলি কৰি নিদিয়ে । কিন্তু তাইৰ এই ৰূপত তাৰো তাইক এৰি যাবলৈ মন যোৱা নাই । মানৱীয়তাৰ ফালৰ পৰা নে তাইৰ প্ৰতি জাগি উঠা কোনো এক সহানুভূতি, সি নাজানে সেই কথা । কিন্তু তাই যে এতিয়া তাৰ সান্নিধ্য বিচৰা নাই, সেই কথা সি বুজি পালে । অগত্যা সি যাবলৈ ওলাল ।
“মেডাম, এটা কথা কৈ যাওঁ, বেয়া পাব নেকি?
তাই অন্যমনস্ক হৈ ৰ’ল । কাণত নোসোমাল বিশালে কি ক’লে । বিশালে আকৌ মাতিলে,
“মেডাম”
এইবাৰ তাই থতমত খাই মাত লগালে,
“হাঁ”
“কিবা এটা ক’লে বেয়া পাব নেকি?”
“বেয়া কিয় পাম ? নিশ্চিন্তে ক’ব পাৰে । বেয়া পোৱাৰ প্ৰশ্নই নুঠে”, তাই পাৰেমানে প্ৰতিভ হ’বলৈ বৃথা চেষ্টা চলাইছে ।
বিশালে অলপ চিন্তা কৰিলে । তাৰ অন্তৰৰ একোণত কোনো এক স্থান লৈ থকা সবল নাৰীগৰাকী আজি দুৰ্বল হৈ পৰিছে । তাইৰ মুখৰ কজলা বৰণে তাকো ছানি ধৰিছে । কিন্তু সেই প্ৰকাশ সি কৰে কেনেকৈ ? কি কথাই তাইক কিছু পৰিমাণে হ’লেও উদ্দীপিত কৰিব ? কি সমস্যাৰে জৰ্জৰিত তাই? জিলাৰ অতখিনি মানুহৰ সমস্যা সমাধান কৰা মানুহগৰাকীক কিহে ভাৰাক্ৰান্ত কৰে এনেকৈ ? ইমানদিন সি ভাবি আহিছিল, শাৰিৰীক তথা মানসিক পৰিপূৰ্ণতাৰে পুষ্ট এই নাৰী । আজি সি গ’ম পাইছে, ক’ৰবাত সুৰ্যৰো বিচ্যুতি ঘটে । চকুত নপৰে মানুহৰ । কিছু আবেগিক হ’ল সি । ক’ব লগা কথাবোৰ সামৰি সি মাথোঁ ক’লে ,
“মেডাম, নিউটনৰ তৃতীয় সূত্ৰটো মনত আছেনে ?সেই যে সু্ত্ৰটো, প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে”।
তাই চাই ৰ’ল । কি ক’ব বিচাৰিছে বিশালে সেই কথা বুজাৰ আগতেই সি কৈ গ’ল, “যিয়েই আপোনাক আজি পিছলৈ টানিছে, সেইটোৱেই আপোনাক এদিন সিমান আগলৈ লৈ যাব। মই যাওঁ । আপুনিও বেছি দেৰি নকৰিব” ।
কথাখিনি কৈ সি ওলাই গ’ল । চকুৰ কোণ সেমেকি উঠিছিল তাৰ । বিশাল চৌহদত তাইক অকলে এৰি সি গাড়ীৰ ষ্টিয়েৰিং পকালে । শৈল-মানৱীৰ দৰে তাই বহি ৰ’ল । উল্কি, আলট্ৰাচ, কঞ্জনীল, মায়’ডিয়া, ফটো, মেচেজ, ফোন, ৰঙা টুপী, শুকুলা তুষাৰ এই শব্দবোৰ সাৱটি তাই বহি ৰ’ল । ইমানবোৰ শব্দৰ মাজতো বৰ নিসংগ অনুভৱ কৰিলে অলংকৃতাই । সৰ্বশৰীৰ শীতল হৈ পৰিল । শৰীৰৰ ভিতৰত কম্পন । বাহিৰত তেজাল চকু । বিভ্ৰমৰ দুনীয়া, বিধ্বস্ত চেহেৰা ।এই যেন চিঞৰি চিঞৰি কান্দিব, আকুলভাৱে অনুৰোধ জনাব কাৰোবাক, “তুলি ধৰচোন মোক, মোৰ পৃথিৱীখন ধ্বংস হোৱাৰ আগতেই কোনোবাই তুলি ধৰ মোক” । বিশালৰ গাড়ীখন ধূলি উৰুৱাই গুচি যোৱাৰ খবৰ তাই পালে, খিৰিকীৰে দেখিলে তাই, ড্ৰাইভিং ছিটৰ পৰা সি তাইৰ খিৰিকীৰ ফালে চাই গৈছিল ।
“নাই নাই । আৰু অলপো পুতৌৰ দৰকাৰ নাই মোক । মই নিজে নিজক বুজাম । মোক অকলে থাকিবলৈ দে, জীৱন মোক শক্তি দে” । অলংকৃতাৰ দৰে সবল ব্যক্তিত্বৰ মানুহ এগৰাকীৰ এই বিভঞ্জ ৰূপ অকল্পনীয় । হে জীৱন, বৈচিত্ৰৰে ভৰা তোমাৰ ক্ষণ । উচুপনিৰ ক্ষণবোৰ ঢাকিও তাই জীৱনৰে গান গাই আছে ।
কিয় মন গৈছে তাইৰ নিজৰ ওপৰত প্ৰতিশোধ ল’বলৈ, কিয় মন যায় নৰকৰ কীটে কিলবিলোৱা সেই ৰাস্তাত ভৰি দিবলৈ, কিয় মন যায আলট্ৰাচক জনাবলৈ সেই খবৰ, “চোৱা আলট্ৰাচ, চোৱা মোক, মই তোমাৰ হৈ নাথাকিলো, মই দেখোন মোৰেই হৈ নাথাকিলো” ।
-----

চকুপানীটোপাল সৰিল । বাৰ্টাণ্ড ৰাছেলৰ কিতাপখনৰ পয়ষষ্ঠি নম্বৰ পৃষ্ঠাত চকুপানীটোপালে ঠিকনা পালে । তাইৰ মনৰ গতিত বাধা আহিল । অদূৰৰ পৰা পুৱা চাৰি বজাৰ ঘন্টাৰ শব্দ ভাঁহি আহিল । টোপনি অবিহনে পাৰ হোৱা তাইৰ এয়া প্ৰথমটো নিশা । আলট্ৰাচ ঘৰত নাই । কিতাপখন জপাই তাই শোৱনি কোঠালৈ আহিল ।পুত্ৰদ্বয় নিদ্ৰাদেৱীৰ কোলাত । সৰু পু্ত্ৰই মাজে মাজে খেপিয়াই খেপিয়াই মাকক বিচাৰিছে । জিৰো পাৱাৰৰ লাইটটো তাই নুমুৱাই দিলে । ভেন্টিলেটৰেৰে পোহৰৰ ৰেঙনি দেখা গৈছে । আগদিনা কঞ্জনীলৰ ফোনটো নাহিল । তাই প্ৰস্তুত হৈ উঠিছিল তেতিয়া । চৰম সত্যটো শুনিলেও যাতে তাই ভাগি নপৰে, তাৰ বাবে তাই নিজকে সাজু কৰি তুলিছিল । কিন্তু সি ফোন নকৰিলে ।তাৰ বিপৰীতে তাইলৈ পঠিয়াই দিলে ফটোৰূপী জুইৰ লেহন । সৰ্বকলিজা ভেদি যি এতিয়াও তাইৰ চকুৰ আগত নাচি আছে ।
সৰুটোৱে বাগৰ দিছে, মুখখন উজ্জ্বল তাৰ, টোপনিতে খিলখিলকৈ হাঁহি কৈ উঠিছে, “পাপাই মোৰ কাৰণে ৰিমট কন্ট্ৰল গাড়ী আনিব” ।



তৃতীয় খণ্ড

সৰুপুত্ৰৰ উজ্জ্বল মুখখনলৈ অলংকৃতাই চাই ৰ’ল । ছবছৰীয়া এটা শিশুৱে সপোনত দেউতাকৰ লগত কথা পাতিছে, মাকৰ উমাল কোলাত নিশ্চিন্তে পৰি ৰৈছে । পুতলা গাড়ী, বল, ছবিৰ বাদে কিয়েইবা ভাবিব পাৰে সিঁহতে ।দুইটিকে কপালত দুটা চুমা আঁকি দিলে । ওঁঠযোৰ শুকান তাইৰ । চকুপানীৰ লুণীয়া সোৱাদে হয়তো ওঁঠ চুইছিল । উঠি গৈ বেচিনত মুখখন ধুই ল’লে । মেলা চুলিখিনি গত লগাবলৈ তাইৰ সত নগ’ল ।দুৱাৰ খুলি লাহে লাহে ঘৰৰ সন্মুখৰ সেউজীয়া লনখনৰ ঝুলনাডালত বহি ল’লে । বাগানভেলিয়াৰ ফুলবোৰে ঢাকি ৰখা গেটখন । দূৰৈৰ সীমান্তত নীলাকৈ পাহাৰখন । এক নান্দনিক পৰিবেশ । ঠিক তাই বিচৰাৰ দৰেই সকলোবোৰ আছে । একেই সেউজীয়া, একেই নীলা, একেই আকাশ, একেই বতাহ । তথাপি যে কি এক শূন্যতা । সমগ্ৰ বুকু জুৰি ভৰি থকা শূন্যতাৰ ভৰত ভৰিৰ তলৰ মাটিখিনি যেন এই জহে, এই খহে ।
আলট্ৰাচে নিজে সজোৱা ঘৰ । ঘৰটো সজাওতে তাই একেবাৰে মন দিব পৰা নাছিল । ট্ৰেন্সফাৰ হৈ থকা চাকৰি তাইৰ । তাইৰ চাকৰি জীৱনত খুব বাধ্যবাধকতা । মন গ’ল বুলিয়েই তাই বহুত কাম কৰিব নোৱাৰে । তাইৰ ওপৰত ন্যস্ত থাকে জিলাৰ আইন বিভাগ । ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেট তাই । গতিকেই সাধাৰণ মানুহৰ দৰে তাই যলৈ তলৈ যাব নোৱাৰে ।
প্ৰস্তাৱটি আলট্ৰাচেই দিছিল । ঘৰ সজাৰ পৰিকল্পনাও তাৰেই আছিল । বৰ চৌখিন সি । কলকাতাৰ পৰা মিস্ত্ৰী আনি কাঠৰ কাম কৰাইছিল । তাইৰ কাৰণে এটা ডাঙৰ লাইব্ৰেৰী কোঠা । বাহিৰৰ লনখনত দুজনীয়া ঝুলনা । সি জানিছিল এই দুটা বস্তুৰ প্ৰতি তাইৰ অত্যাধিক মোহ । নতুনকৈ অনা একুৰিয়ামটোৰ সোণালী মাছজনীলৈ অপলক নয়নেৰে চাই থকা তাইৰ গালৰ ডিম্পলটিত টুকুৰিয়াই সি কৈছিল, “সিহঁতে যেতিযা টিভি চাব , আমি তেতিয়া ঝুলনাত বহিম । সিহঁতে যেতিয়া ঝুলনা খেলিব, আমি জোনাকৰ পালেংত বহি তৰা গণিম । হ’বনে কৃতা” ?
লাজৰ আভৰণে চুই যায় তাইক । সিহঁত নহা দিনতো সিহঁত অহা দিনৰ আখৰা কৰিছিল আলট্ৰাচে । সিহঁত মানে তাইৰ সন্তান দুটি । কিমান যে পৰিকল্পনা সিহঁতক লৈ ! কেইবাবছৰৰ আগৰ কথা সেয়া । সময় ৰৈ নাথাকে । ৰৈ যায় স্মৃতি । জোনাকী পালেঙৰ তৰা গণাৰ হেঁপাহত দুবাৰকৈ অলংকৃতাই গৰ্ভত বীজ থাপিলে, মাজতে তাই বেলেগ জিলালৈ বদলিও হ’ল । পৰিপূৰ্ণ হৈ উঠা এখন সংসাৰ আৰু সামাজিক দায়বদ্ধতাৰ আঁৰে আঁৰে হয়তো কোনোবাখিনিত ফাঁক ৰৈ গ’ল । সেই ফাঁকখিনিৰে সোমাই আহিল এক পৰনাৰী, উল্কি শইকীয়া যাৰ নাম, কঞ্জনীল শইকীয়াৰ যি সদ্যবিবাহিতা পত্নী ।
“জানেনে, সাতবছৰ প্ৰেমৰ পাছত আমাৰ বিয়া হৈছিল”, কঞ্জনীলে মেচেজত লিখিছিল । গধূৰ হৈ পৰা চকুহাল তুলি অলংকৃতাই অফিচ চেম্বাৰৰ চিলিঙখনলৈ চাই ৰৈছিল । কি বুলি উত্তৰ দিয়ে তাক ? কি বুলি বুজায় তাক ? তাইকেনো কোনে বুজায় ?
“তাইক মই ডিভৰ্চ দিম” । কঞ্জনীলৰ শেষ মেচেজ আছিল সেই সন্ধ্যাৰ । তাৰ পাছতে তাই অফিচ এৰিছিল । পিছে পিছে ফাইল লৈ তাইৰ পি এছ অ’ ।
কঞ্জনীলে উল্কিক ডিভৰ্চ দিব পাৰে, যি নাৰীৰ প্ৰতি তাৰ তিলমানো সন্মান ৰৈ যোৱা নাই, সেই নাৰীৰ সি শৰ্য্যাসংগী হৈ থাকিব নোৱাৰে, সেয়া তাৰ যুক্তিত পৰে । তাইৰহে আবেগৰ বাটত বিবেকৰ সৈন্য । সেই বিবেকৰ বাটত শতটা যুক্তিৰ সৈন্য । পৰস্পৰ বিৰোধী সৈনিকৰ দলটোৱে নিজৰ মাজতে কটা মৰা কৰি তাইক ধৰাশায়ী কৰি পেলাই থৈছে । তাইৰ কাৰেং এতিয়া জহিছে । তাইৰ মনৰ দৌল খহিছে । ডাৱৰে আৱৰি ধৰা আকাশখনেও মহাজনৰ দোকানত বন্ধকী কৰি থৈ গৈছে যেন শেষমুঠি জোনাক ।
ঝুলনাডালত মূৰ পেলাই বহি থাকোতেই দুইপু্ত্ৰৰ দৌৰাদৌৰি শুনা পালে । স্কুলটাইম এয়া । ৰ’বলৈ সময় নাই । তাইৰ কৰ্মব্যস্ততাৰ বাবেই হয়তো সিহঁত দুয়োটা কিছু পৰিমাণে আত্মনিৰ্ভৰশীল । ছবছৰীয়াটোৱেও স্কুলবেগ সামৰিব জনা হ’ল । নিজে গা ধুই ইউনিফৰ্ম পিন্ধিব পৰা হ’ল । তাই দৌৰাদৌৰিকৈ কিটচেনত সোমাল । টিফিনৰ পৰা ব্ৰেকফাষ্টলৈকে প্ৰস্তুত কৰিব লাগে তাই । গেছৰ এটা স্তভত আলুভাজিখিনি হ’বলৈ দি তাই লুচিৰ কাৰণে ময়দা উলিয়াই ল’লে । প্ৰেছাৰ কুকাৰটোও এটা স্তভত বহাই দিলে । পাৰ্ট টাইম কাম কৰা মানুহগৰাকীয়ে সকলোবোৰ তাইৰ সুবিধা হোৱাকৈ যতনাই দিয়ে । কিন্তু কিটচেনটো তাই এৰিবগৈ পৰা নাই । আলট্ৰাচৰ পছন্দ নহয় অন্যৰ হাতৰ সোৱাদ । সেই সোৱাদৰ হেঁপাহখিনিক তাই যিমানপাৰে বঞ্চিত কৰিব নিবিচাৰে ।
লুচিখিনি বেলি থাকোতেই তাই দুয়োটাৰে চিঞৰ বাখৰ শুনিলে । পেঞ্চিলডাল, ৰবৰটো লৈয়ে সিহঁতৰ কাজিয়া আৰম্ভ হয় । সৰুটোৱে ইউনিফৰ্মৰ টাইডাল লগাব পৰা নাই । ককায়েকে পাৰে মানে চেষ্টা কৰিছে ভায়েকক সহায় কৰি দিবলৈ । কিন্তু তাতো কিবা মুখ ওফোন্দা ওফোন্দনি । হয়টো কিবা এষাৰ কৈ জোকালে তাক । লৰালিৰ দুষ্টালি ককায়েকৰ চকুৱে মুখে । উমলাৰ বয়স এয়া । আন সময়ত তাই হয়তো কিবা এষাৰ ক’লেহেঁতেন । আজি তাই একোকে নক’লে । ডাঙৰটিয়ে কিবা বুজি পোৱা হৈছে । মাকৰ গহীন মুখখনলৈ চাই সি মাকক সাৱটি ধৰিলে, “মা, তুমি পাপাক মিছ কৰিছা ন” ?
বুকুখন চিৰিঙকৈ মাৰিল তাইৰ । সিও বুজি পোৱা হৈছেগৈ মিছ কৰা মানে কি । তাৰ ফালে চাই তাই মিচিকিয়াই হাঁহিলে । হাঁহিবোৰ গধূৰ । চকুলোবোৰ আৰু গধূৰ । বৈ নাহে সহজে । বুকুত বৰফৰ ঘৰ সাজে ।
প্ৰেছাৰ কুকাৰৰ হুইছেলটো বাজি উঠিল ।
“আউচ”, প্ৰেছাৰৰ কুকাৰটো স্তভৰ পৰা নমাবলৈ লওতেই হাতৰ এবখলা এৰাই আহিল । অন্যমনস্কতাৰ কোবত লুচি ভাজিবলৈ লোৱা গৰম তেলখিনিতে হেতাখনৰ পৰা পানী এটোপাল পৰি গৰম তেলে এইবাৰ ডিঙি শুৱনি কৰিলে । বৰ আলসুৱা তাই । বৰ আলসুৱা । মাকৰ ঘৰত একোকে কৰি নোপোৱা ছোৱালীজনীক ভাত ৰান্ধিবলৈ শিকাইছিল আলট্ৰাচে । ইমান বুজাপৰা আছিল সিহঁতৰ ! ক’ত যে কেনেকৈ ভুলবোৰ হৈ যায় ! এই ভুলৰ ফলশ্ৰ্ৰুতিত তাইৰ হাতৰ এবখলা এৰে । বুকুৰ জুইকুৰাই তাইৰ সময়বোৰ পোৰে । যোৱাবাৰ ককায়েকে তাইৰ এই অৱস্থা দেখি ডবিয়াই থৈ গৈছিল, ‘এই চেটিনৰ নাইটি পিন্ধি কিটচেনত নোসোমাবি তই’ বুলি । বুকুৰ দহনৰ কথা অৱশ্যে ককায়েকৰ অনুমানৰ বাহিৰত ।
স্কুলবাছত উঠি লৰা দুটি স্কুললৈ বুলি ৰাওনা হ’ল । কালিৰে পৰা আলট্ৰাচক ফোন কৰা হোৱা নাই । কিদৰেনো মোকাবিলা কৰে এই পৰিস্থিতি তাই বুজিকে পোৱা নাই । উজাই আহিব খোজা খঙটো বাৰে বাৰে দমন কৰি ৰাখিছে তাই । কিদৰে তাই আলট্ৰাচক কয়, “চোৱা আলট্ৰাচ, তুমি ধৰা পৰি গ’লা মোৰ ওচৰত” । মাজে মাজে মনটো প্ৰতিশোধপৰায়ণ হৈ উঠে । যেন কৈ উঠিব সকলোকে । পৃথিৱীক জনাই দিব তাই প্ৰতাৰিত হোৱাৰ খবৰ । চাৰি আলিত ৰৈ ফটোবোৰ বিলাব এখন এখনকৈ । নতুবা চচিয়েল মেডিয়াত এৰি দিব এখনৰ পাছত এখনকৈ ছবি । পিছমুহূৰ্ততে সম্বৰণ কৰে নিজকে । কি যে অপৈণত চিন্তা কিছুমান কৰি আছে তাই ! এনেদৰে কি হেৰোৱা প্ৰেম ঘূৰাই পোৱা যায় ? নাঃ নহয় । এনেকৈতো হৃত প্ৰেম ঘূৰাই পোৱা নাযায় । কেৱল প্ৰেম কিয়, পদূলি গচকি পাৰ হৈ যোৱা একোকেতো ঘূৰাই আনিব নোৱাৰি । মৃত্যুৰ পৰা ঘূৰাই আনিব পাৰিনে কাৰোবাক ? পাৰিনে ? খঙবোৰ হতাশালৈ ৰূপান্তৰ হয় । চুলিখিনি আজুৰি অলংকৃতা বিছনাখনতে বহি পৰে ।
অকলশৰীয়া সময়বোৰ কষ্টকৰ । সমান্তৰালভাৱে কষ্টৰ সময়বোৰো অকলশৰীয়া । তাতোকৈ ডাঙৰ কথা, এই সময়ত কাৰোৰে সান্নিধ্য কামনা কৰা নাই । ফোনটোৰ ওচৰলৈকো যোৱা নাই । আলট্ৰাচেও ফোন কৰা নাই । তাই কিছু আচৰিত হ’ল । আনদিনা লৰাদুটিৰ খবৰ ল’বলৈকে আলট্ৰাচে ফোন কৰে ।
“ফোনটো ?”
হঠাতে কিবা মনত পৰাৰ দৰে তাই জাপ মাৰি উঠিল । ফোনটো কিয় বজা নাই আজি ? ক’ত থ’লে ফোনটো ।
“অহ হ’ ! মনত নপৰে কিয় ফোনটো ক’ত আছে”, বিচাৰি বিচাৰি ভাগৰি পৰিল তাই । লাইব্ৰেৰী ৰূম, শোৱনি কোঠা, ল’নখনৰ ঝুলনাডাল সকলোতে বিচাৰিলে । নাই তাইৰ ফোনটো কতোৱে নাই ।
হতাশ হ’ল তাই । এনেদৰে কেনেদৰে হ’ব ? হেৰাই গৈছে তাই । তাই নাই নিজৰ সতে । নিতান্তই স্বাভাৱিক হৈ তাই যন্ত্ৰবৎ কামবোৰ কৰি যোৱাৰ পাছতো বুজি উঠিছে তাই, মানুহৰ চকুত ধৰা পৰি যোৱাকৈ হতাশ হৈ পৰিছে তাই । চিৰসেউজ মুখমণ্ডলত কোনোদিনে নেদেখা কজলা ৰেশ ।
তাইৰ এটা পৰিচয় আছে । বহুত জটিল কেচ সমাধান কৰিব পৰা দক্ষতাৰ বাবেই হওক, নতুবা সৰ্বসত্তাত বিৰাজ কৰি থকা আত্মবিশ্বাসৰ বাবেই হওক, তাই খোজ কঢ়া বাটত অনেকজনে ফুল ছটিয়ায় । এই মাত্ৰ এজন মানুহ, যিজনে তাইৰ উপভোগ্য খোজবোৰত শিকলি বান্ধি গোলাপকোমল দলিচাত সিঁচি দিলে বিষাক্ত কাঁইট । কোন সেইজন ব্যক্তি ?
আলট্ৰাচ নে ?
উল্কি ?
নে কঞ্জনীল ?
ভালে নাথাকিল তাই । বাথৰূমৰ শ্বাৱাৰৰ লগত চকুপানীবোৰ বৈ যাওতেও এজাক দলপুঙা চৰায়ে তাইৰ বুকুৰ বাহিৰে ভিতৰে উৰি উৰি সোঁৱৰাই গ’ল, “ভালে নাই তই অলংকৃতা , ভালে নাই তই ।”
কি কৰে তাই । অভিমানেৰে ওফন্দি উঠা মুখমণ্ডল । এই যেন লণ্ডভণ্ড কৰি পেলাব ঘৰৰ সমূহ আচবাব, চিঞৰি চিঞৰি কান্দিব নতুবা বেডিং পত্ৰ বান্ধি ককায়েকৰ আগত স্বামীৰ প্ৰতিবাদ কৰিব । মাকৰ আঁচলেৰে চকুলো মচি কৈ উঠিব, “আই সেইখন ঘৰত নাথাকোগৈ, নপঠিয়াবি মোক দুনাই” ।
পদূলিত গাড়ী ৰখাৰ শব্দ হ’ল । অফিচৰ সময় হৈ গ’ল । কলিং বেলৰ শব্দত তাই বাহিৰলৈ ওলাই আহিল । দুৱাৰমুখত অফিচৰ গাড়ীচালক ৰমেশ । তাইলৈ মোবাইল ফোনটো আগবঢ়াই দিলে, “বাইদেউ, ৰাতিটো এইটো গাড়ীতে পৰি থাকিল । মই এতিয়াহে দেখিছো” ।
ফোনটো তাই দাঙি ল’লে । বহুতকেইটা মিছকল । আলট্ৰাচৰ, কঞ্জনীলৰ, দুটামান বেলেগ নাম্বাৰৰ । লগতে কেবাটাও মেচেজ । কঞ্জনীলৰ মেচেজ কেবাটাও । মেচেজবক্সটো খুলি ল’লে তাই,
“বাইদেউ আপুনি একো নক’লে । মই মৰি যাম বাইদেউ । তাইকো মাৰি পেলাম । আপোনাৰ মিষ্টাৰকো জেলত ভৰাম । আপোনাৰ মিষ্টাৰে মোৰ মিছেচৰ লগত এনেকুৱা সম্পৰ্ক গঢ়ি তুলিছে, আপোনাৰ অকণো গাত লগা নাই ?”
বুকুখন কঁপি উঠে তাইৰ । কলীয়া ডাৱৰবোৰ গলি এজাক বৰষুণেৰে সেমেকা কৰি তুলে পৃথিৱী । কিদৰে বুজায় কঞ্জনীলক, কতদিনৰ পৰা যে ৰ’দলৈ বাট চাই চাই ভাগৰি পৰিছে তাইৰো মনৰ ৰামধেনু ।
আদিম বন্যতাত ভাঁহি আহে এখন মুখ । কঞ্জনীলৰ মুখ । পুৰুষতান্ত্ৰিক সমাজৰ বিচাৰকৰ ভূমিকা লোৱা এখন মুখ । পুৰুষে অবাটৰ বাট ললেও আঙুলি নুঠে সহস্ৰজনৰ । সেয়া সমাজে দিয়া পুৰুষৰ অধিকাৰ । নাৰীয়ে অবাটৰ বাট ল’ব নোৱাৰে, সেয়া সমাজে বান্ধি দিয়া নাৰীৰ দায়িত্বৰ শিকলি ।
গভীৰ অৱসাদেৰে তাই অনুভৱ কৰিলে, চৌপাশে এজাক দলপুঙা চৰাই । তাইৰ খবৰ লৈ লৈ ভাগৰি পৰা নাই দলপুঙা চৰাই । অস্থিৰতাত ডুব যোৱা শৰবিদ্ধ সময়বোৰত উৰি ফুৰা দলপুঙা চৰাই । । অথচ সমাজ প্ৰতিষ্ঠাৰ ভীষ্মপ্ৰতিজ্ঞাত যেন আবদ্ধ সময় ।
সমাজৰ দেৱালখন গিৰগিৰকৈ খহে । শুধ বগা শাৰীখনে মেৰিয়াই ধৰে তাইৰ কজলা হৃদয় । ক’লা কোট আৰু বগা টাইৰ মাজত বান্ধি থয় চিন্তাৰ বৈপৰীত্য ।
বিশাল তামুলীয়ে কৈছিল নিউটনৰ সূ্ত্ৰ । তাইও বুজি উঠিছে অহা-যোৱাৰ সূত্ৰই সত্য । তথাপি মনৰ মাজত যুদ্ধখন চলি থাকে ।
এই যুদ্ধখন তাই নিত্য সহচৰ । কথা কমকৈ কয় তাই । মনৰ মাজত অবিৰাম চলি থাকে নাটকৰ সংলাপ । ভাল-বেয়াবোৰৰ সীমাৰেখা বিচাৰি ফুৰে । কোনবোৰ ভাল, বেয়াইনো কোনবোৰ ? সমাজে নিৰ্ধাৰিত কৰি দিয়া ৰচীডালতে ওলমি থাকেনে ভাল-বেয়া সংজ্ঞাবোৰ ? সেই সংজ্ঞাত সন্তুষ্ট হয়নে সকলোবোৰ ? ধৰা হওক, এচাম সন্তুষ্ট নহয় চলি অহা এই সংজ্ঞাত । সমাজৰ নিয়মবোৰ ভাঙি নতুন নিয়মেৰে সমাজ প্ৰতিষ্ঠা কৰাৰ সংজ্ঞাত বিশ্বাসী তেওঁলোক । সেই নিয়মত বান্ধোন নাথাকে, থাকে মুক্ত চাল-চৰণ । দুয়োটা সংজ্ঞাৰে চলকৰ মানত বহি লয় তাই । প্ৰচলিত কিছু ব্যবস্থাৰ বিৰুদ্ধে তাইৰো বিষোদগাৰ নোহোৱা নহয় । কিন্তু তাই সদায় সেই পক্ষত, যি পক্ষত শান্তি থাকে । তাই সেই পক্ষত, যি পক্ষত ক্ষতিভয়ৰ পৰিমাণ কম হয় । লাগিলে তাৰ বাবে হৃদয়ৰ কোৰবানেই নহওক কিয় ।
মূণ্ডহীন নাৰী দেহটিৰ পষ্টমৰ্টেমৰ সময়ছোৱাত উপস্থিত আছিল তাই । সেই নাৰীগৰাকীৰ কটা মূৰটো লৈ তাইৰ স্বামীয়ে পুলিচ থানাত আত্মসমৰ্পণ কৰিছিল । চমকি উঠে তাই । সেই কেচটোৰ শুনানী আছে আজি । আচামীয়ে স্বীকাৰ কৰিছে সেই হত্যাকাণ্ডৰ কথা । যাবজ্জীৱন কাৰাদণ্ডৰে কেচটো সামৰিছে জিলা ও সত্ৰ ন্যায়াধীশে । লোমকৰ্ষক হত্যাটিৰ শুনানীৰ পৰিপ্ৰেক্ষিতত আদালতৰ বাহিৰত সহস্ৰজনৰ ভিৰ ।
ওলাও আহো বুলিও আদালতৰ পৰা তাই ওলাই আহিব পৰা নাই । কেমেৰা আৰু সাংবাদিকৰ প্ৰশ্নৰে ভিৰ লাগি থকা আদালত চৌহদ । বিশালে তাইক গাড়ীত তুলি দিবলৈকে আদালতৰ চৌহদৰ পৰা ওলাই আহিল । তাইৰ মনৰ গতিৰ উঠানমা সি লক্ষ্য কৰিছে । সেয়ে তাইৰ কাষে কাষে আছে সি । এয়া তাৰ সহানুভূতি নে ? নে আন কিবা ? আন কিবাই হয়তো । হয়তো কিছুমান দায়িত্ববোধ আপোন মানুহৰ প্ৰতি, যি কথা কি কাকো ক’ব নোৱাৰে । তাতকৈ জ্যেষ্ঠ মহিলাগৰাকীক সি মনে-প্ৰাণেৰে নিৰাপত্তা দিব বিচাৰে ।
“মেডাম, আপুনি যাওক । আমি বাকীখিনি চম্ভালি ল’ম”, ৰমেশক গাড়ী চলাবলৈ নিৰ্দেশ দি সি পুনৰ সাংবাদিকৰ বেষ্টনীত সোমাই পৰিল ।
তাইৰ চকুৰ আগলৈ বাৰে বাৰে দৃশ্যটো আহি আছে । ৰাজপথ তেজেৰে তুমুৰলি কৰি এজন মানুহ চিঞৰি চিঞৰি থানাৰ ফালে দৌৰিছে । হাতত একোছা চুলিৰে সৈতে এটা মুণ্ড । তাৰ মৰমৰ পত্নীৰ দেহৰ পৰা বিছি্ন্ন কৰি অনা মুণ্ড সেয়া । সি স্বীকাৰোক্তি দিছে, তাৰ পত্নীৰ পৰ-পুৰুষৰ সতে সম্পৰ্ক আছিল । কঞ্জনীললৈ মনত পৰে তাইৰ ।
দূৰৈৰ পৰা ভাঁহি আহিছে পাপনৰ কন্ঠ,
“উল্লাসে পাহৰায়
ৰঙা ৰঙে যে
তেজ সিঁচি যায়” ।

কি বুলি দিছিল সি শেষৰটো মেচেজ, “বাইদেউ আপুনি একো নক’লে । মই মৰি যাম বাইদেউ । তাইকো মাৰি পেলাম । আপোনাৰ মিষ্টাৰকো জেলত ভৰাম । আপোনাৰ মিষ্টাৰে মোৰ মিছেচৰ লগত এনেকুৱা সম্পৰ্ক গঢ়ি তুলিছে, আপোনাৰ অকণো গাত লগা নাই ?” ।
উচুপনি এটাই বুকুভেদি ওলাই অহাৰ বাট বিচাৰি ৰ’ল । গাড়ীৰ আগচিটত পি এছ অ’ জন আৰু চালকৰ আসনত গাড়ীচালক ৰমেশ । ক’বলৈ মন আছিল তাইৰ, “নামি যা তঁহতে, গাড়ীখন মোক এৰি দে, মই এতিয়া অৰঙে দৰঙে হেৰাবলৈ যাম । মোক এৰি দে অকলে” ।
কঞ্জনীললৈ ফোন কৰিবলৈকো সুযোগ পোৱা নাই তাই । মানুহেৰে পৰিবেষ্টিত পৃথিৱী । তাইহে অকলে । আকাশখনলৈ চালে তাই, ডাৱৰেৰে আৱৰা আকাশ । এই যেন হুৰহুৰাই খহি সৰিব অভিমানী মেঘালি চকুলো ।
সৰিব খোজা শিলগুটিটো পতাত বান্ধি তাই চকুহাল মুদি দিলে । ববী প্ৰিন্টৰ বগা ফ্ৰক পিন্ধা এজনী দহবছৰীয়া ছোৱালী । আলসুৱা ছোৱালীজনী ডাঙৰ হোৱা নাছিল তেতিয়াও । সৰু সৰু কথাতে ককায়েকৰ লগত ঠেহ পাতি ৰাস্তাৰ সিমূৰৰ ধ্ৰুৱমৰ ঘৰ পায়গৈ । ফুলি থকা মুখখন চিকুটি ধ্ৰুৱমে অভিমান ভঙাৰ খেল খেলে । ধ্ৰুৱম নাই আজি । প্ৰতিটো উজুতিতে তুলি ধৰা ধ্ৰুৱমৰ খবৰ নাপায় তাই । অথচ কি যে মন গৈছিল, ককায়েকৰ দৰেই যেন আলট্ৰাচৰো অভিযোগেৰে কাণ ঘোলা কৰি দিব ধ্ৰুৱমৰ । “কিছুমান বিন্দুত তই একেবাৰে অকলশৰীয়া হৈ পৰিবি । তেতিয়া তই ভাঙি পৰিবিনেকি কৃতা ? নপৰিবি দেই”, বিদেশলৈ যোৱাৰ আগমুহূৰ্তত ধ্ৰুৱমে তাইৰ চুলিখিনি লিৰিকি দিছিল ।কৈ গৈছিল, জীৱন যাপনৰ সু্ত্ৰ ।
“বৰৰ সূত্ৰটো মনত আছেনে ? সেই যে ক্লাছ এইটত আমাক বনিয়া ছাৰে শিকাইছিল” ।
তাই চাই ৰৈছিল তালৈ । কি সংগতি এই পাতনিৰ ? মনত নাই তাইৰ । বিজ্ঞানৰ একো সূত্ৰই মনত নাই তাইৰ । তাই আৰ্টচৰ ছোৱালী । ইংৰাজীত মেজৰ লৈ পঢ়িছে । কেনেকৈ মনত থাকে নীলচ বৰৰ সুত্ৰ ?
“চা, পদাৰ্থ এটা কিহেৰে গঠিত হয় জানইতো । অণু, পৰমাণুৰে । পদাৰ্থৰ ক্ষুদ্ৰতম কণাটোৱেই হৈছে পৰমাণু । সেই পৰমাণুৰ কেন্দ্ৰত থাকে ধনাত্মক আধানযুক্ত প্ৰটন । কাষে কাষে আবৰ্তনত থাকে ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰন । কেন্দ্ৰত থকা প্ৰটন যিমানেই শক্তিশালী হয়, সিমানেই শক্তিশালী হয় ঋনাত্মক আধানযুক্ত ইলেক্ট্ৰনৰ । বুজিলি নে কিবা ?”
নাই তাই নুবুজে । বুজাৰ সময় নহয় এয়া । ধ্ৰুৱম যাবগৈ , ইয়াতকৈ কঠোৰ সত্য তাইৰ বাবে একোৱেই নাই । সি তথাপি কৈ যায়, “জীৱনত যেতিয়াই বিপদত পৰিবি, তেতিয়াই চিন্তা কৰিবি, তোৰ মাজত থকা ধনাত্মক শক্তিৰ আকৰ্ষণতহে ঋণাত্মক আধানৰূপী শক্তিবোৰে তোৰ চাৰিওফালে ঘূৰি ফুৰিছে” ।
বুজিছিলনে তেতিয়া । নুবুজিছিল যদিও শব্দবোৰ কাণত বাজি ৰৈছিল কথাবোৰ । সি বেগটো কান্ধত লৈ লগৰ দীপকৰ বাইকত উঠি ধূলি উৰুৱাই গুচি গৈছিল । কৈ গৈছিল তাইক, “পুনৰ লগ নোপোৱাৰ প্ৰতিশ্ৰুতিৰে” । অভিমানৰ চকুলোৰে চপচপীয়া হৈ বহুতদিন ভাবিছে নীলচ বৰৰ সূত্ৰ, যেতিয়াই তাইক ঋনাত্মক শক্তিয়ে থকাসৰকা কৰিছে, তেতিয়াই তাইৰ মনলৈ আহে ধ্ৰুৱমৰ কথাষাৰিৰ তত্ব, “তোৰ মাজত সিমানখিনি ধনাত্মক আধান আছে কৃতা, তই পাৰিবি থিয় দি থাকিবলৈ” ।
কাণত ৰিণি ৰিণি বাজি থাকে সেই সুৰ, “তই পাৰিবি কৃতা । তই পাৰিবি” ।
(আগলৈ)

No comments:

Post a Comment

গল্প:এইচ আই ভি কম্পিউটাৰটো শ্বাট ডাউন কৰি অংগদ নিজৰ ফাৰ্মৰ পৰা ওলাই আহি বাইক ষ্টাৰ্ট দিলে । গধূলিটো বৰ মনোমোহা হৈ উঠিছে। নিয়ন লাইটৰ প...