ৰুগীয়া দেহাৰে গুৱাহাটীৰ পৰা আহি ৰাতি তিনিবজাত ঘৰ সোমাইছোহি । পুৱা দহমান বজাত গভীৰ টোপনিৰ পৰা সাৰ পাই দেখো, সাতবছৰীয়াটোৱে মোৰ ওচৰতে বহি মোলৈ একেথৰে চাই আছে । হাতখন মেলিলো, কোলাত জপিয়াই পৰিলহি ।
"মা, তোমাৰ কাৰণে মই চিঠি এখন লিখিলো । "
" অ হয়নে, চাওঁ কি লিখিলা?"
" অ হয়নে, চাওঁ কি লিখিলা?"
চিঠিখন আনি হাতত তুলি দিলেহি । ইমান দুৰ্বোধ্য ভাষা, ব্যাকৰণ, কষ্ট হলেও জোঁটাই জোঁটাই পঢ়িলো, যিখিনি বুজিলো, তাৰে পৰা অসমীয়া ভাঙনিটোও আপোনালোকৰ সুবিধাৰ্থে তুলি দিলো ।
Dear mummy..
thank you to bring this paneer. (মানে, মই শুই থকা অৱস্থাতে বেগ খুচৰি/ ফ্ৰীজ খুচৰি মিঠাই আৰু পনীৰৰ টোপোলাটো পালে বুলি গম পালো ) now don go again Guwahati . You is my best mummy live here with me ,( এতিয়া আকৌ গুৱাহাটীলৈ নাযাবা । তুমি মোৰ ভাল মা হৈ মোৰ লগতে থাকিবা ।) you can don love me or what (তুমি মোক ভাল নোপোৱানে কি ? )… I love you Mummy. Thank you to bring so many things because I love you, you love me, help me, give so many things, now I bring good marks in exam.

Your roon
( ব্যাকৰণবোৰ ইগনৰ কৰিও যিখিনি বুজিলো, সেইখিনিৰে গম পালো, মোৰ দৰে সাত আঠ পৃষ্ঠা জোৰা চিঠি লিখিব নোৱাৰিলেও কিবা এটাতো লিখিব পাৰিব । চাব্বাচ মাকৰ পুতেক
😁
😁
😁
😁
😁
😁
😁)

No comments:
Post a Comment