Thursday, March 22, 2018


দাপোনৰ সন্মুখত (১)
_________________

যেতিয়া এখন কিতাপে বা এটা গানে, এটা কবিতাই বা এটা সুৰে মোক নিচুকাবলৈ অসমৰ্থ হৈ পৰে, তেতিয়াই নিসংগতাৰ মদিৰাত বাকি লওঁ নীলা বিষাদ । নীলা মমৰ পোহৰত নিজে জ্বলিও চৌদিশ উজ্বলাওঁ আৰু গলাই পেলাওঁ উষ্ণ হেঁপাহ ।

অহাৰ বাটেৰেই তুমি উভটিবলৈ ওলালা । এয়াই হোৱাৰ কথা আছিল । ইতিহাস জানো সলনি হয় এটা কবিতাৰ শব্দত ? মইতো প্ৰস্তুত কোন কাহানিবাই ।

সন্মুখত সৰ্পিল ৰাস্তা । ভয় নাই একেবাৰে । ইমানখিনিলৈকে তুমিয়ে হাতত ধৰি আগবঢ়াই দিলা । আচলতে কি জানা ? আমিবোৰ বৰ লেহুকা । লতা হৈ বগাবলৈ  পালে নিজৰ অস্তিত্বকো পাহৰি যাওঁ ।

গানে নিচুকাব নোৱাৰা ৰাতিবোৰত নিজৰ স'তে কথা পাতো অনৰ্গল । নোপোৱাৰ বেদনাই মুকুতা হৈ চকুৰ পতাত জিলিকে । সাঁচি ৰাখো, সাঁচি ৰাখো । নিজক বুজোৱাৰ পৰিণতিৰ মূল্যবান মুকুতা সেয়া । দুটোপালেই যথেষ্ট ।

এই যে তুমি কৈছিলা, তুমি মোক নিজতকৈও ভাল পোৱা বুলি । ভুল সেইখিনিতেই । আমি আচলতে নিজক বুজি নাপাওঁৱেই । নিজতকৈ কোনেও আনক ভাল পাব নোৱাৰে । আমি অতিপাত ভাল পোৱা নিজৰ সত্বাটোক সিজনে কেনেকৈ অৱমাননা কৰিব পাৰে সেই কথাইহে আমাক বিচলিত কৰে । বিৰহৰ জন্ম সেইখিনিতেই । বৰ জটিল এই অনুভূতি ।

চুটি ৰাস্তাটো ক্ৰমাৎ দীঘল হৈ পৰিছে । সিপাৰ মনিব নোৱাৰাকৈ দীঘল । তোমাৰ হাতত ধৰি যে চাইছিলো জোনাক ! কৰবাত এই জোনাকে তোমাকো চুব, হয়তো চুইছেই ।মোৰ চকুৰ পতাত ওলমি ৰোৱা মুকুতা দুটিয়ে তাৰ প্ৰমাণ ।

বিষাদৰ নীলা পোহৰবোৰ হঠাতে নোহোৱা হৈ গ'ল । শৰতৰ বতৰা কঢ়িয়াই অনা শীতল বতাহ এছাটিয়ে দেহা মন শাঁত পেলাই গ'ল । পোহৰৰ ৰেঙনি চৌদিশে । ৰাতিপুৱাল । ৰাস্তাটো দীঘল , কিন্তু সিপাৰ মনিব পাৰিছো এতিয়া  । চকুৰ পতাত তোমাৰ ৰূপছাঁয়া । প্ৰাপ্তিতে যে কেৱল সুখ নাথাকে , কেতিয়াবা অপেক্ষাতো যে কত সুখ!

দাপোণৰ সন্মুখত (২)…
--------------------------------

দাপোণৰ সন্মুখত নীলা মমৰ এমুঠি নীলা পোহৰ । মম জ্বলিছে , মই জ্বলিছো । মমৰ পোহৰত চাইছো তোমাক , জুখিছো নিজক । বুকুৰ গভীৰতাৰ জোখ লৈছো পুনৰবাৰ, যলৈকে তুমি শিপাইছিলা … শিপাইছিলা সমগ্ৰ সত্বা আৱৰি … মই মানে তুমি… তুমি মানে মই হোৱালৈকে যি শিপাৰ গভীৰতা, সেই গভীৰতাৰ জোখ লৈছো পুনৰবাৰ ।

স্মৃতিয়ে এইবাৰ ঢাপলি মেলিছে টেকেলী ভগা খেলটোলৈ । এই যে তুমি মোৰ চকু বান্ধিলা , হাতত লাঠি এডাল তুলি দিলা , সাতোপাক ঘূৰাই দিলা । মই আগবাঢ়িছো টেকেলীটোলৈ , ইয়াতেই নেকি টেকেলীটো বুলি সাৰোপকৈ কোব এটা দিছো । বৃথা চেষ্টা । তোমাৰ উল্লাসিত হাঁহি । আকৌ আগবাঢ়িছো । চকু বন্ধ । অনুমানিক উমান । অব্যৰ্থ চেষ্টা । টেকেলী ভগাৰ শব্দটো ৰজনজনাই গ'ল । চকুৰ পৰা কাপোৰ মোকোলাই হাঁহি  হাঁহি চালো তোমালৈ । চালো চৌদিশে । তুমি নাছিলা যে কতোৱেই …

কিশোৰী মনৰ সলাজতা । অৰ্ধপ্ৰস্ফুটিত ফুলকলিটোৰ আহে পাহে যেন লুকাই আছিল সদ্যস্নাতা নাৰীৰ সুগন্ধি । স্মৃতিৰ পথাৰত এইবাৰ নৃত্যৰতা মই, নৃত্যৰ মঞ্চত মোৰ কথক নৃত্য । ধিততিকি ধিততিকি থেই………… পতাক হস্ত মুদ্ৰাৰে মই …… অদূৰত অনুভৱৰ কোলাত তুমি……… ধিততিকি ধিততিকি থেই…………পুস্পবৃষ্টিৰ ভংগীমাৰে মই ………অবুজ ভাৱনাত তুমি । নৃত্যৰতা মই …বিমুগ্ধ নয়নেৰে তুমি । মোৰ শৰীৰত সেউজীয়া সাজ …তোমাৰ চকুত সেউজী বিশ্বাস । মোৰ আঙুলিত আলতাৰ ৰং… তোমাৰ চকুত প্ৰেমৰ বৰণ । মোৰ ভৰিত জুনুকাই নাচে ……তোমাৰ হৃদয়ত নূপুৰ বাজে । ধিততিকি ধিততিকি থেই । কাজলৰ ৰং এবাৰ তোমালৈ , এবাৰ মঞ্চলৈ , এবাৰ তোমালৈ , এবাৰ দৰ্শকলৈ । দুগাল ৰাঙলী । ধিততিকি ধিততিকি থেই । কপালৰ টিকলীয়ে হালে ।ধিততিকি ধিততিকি থেই । হাতৰ কংকণ নাচে । তিগধা দিগ দিগ থেই …পাক মাৰি মাৰি ঘূৰিছিলো…… তিগধা দিগ দিগ থেই …… ঘূৰিছিলো ………তিগধা দিগ দিগ থেই …………ঘূৰিছিলো মাথো…… নাচোনৰ তালে তালে ঘূৰি ঘূৰি … ঘূৰি ঘূৰি …ঘূৰি ঘূৰি … মজিয়াত দুহাতেৰে ভেজা দি মঞ্চত বহি পৰিছিলো …অলপ পৰ নীৰৱতা … নিস্বৰ সময় …… হাত চাপৰিৰ জোৱাৰ ……… চাই পঠিয়ালো দৰ্শকলৈ ……… এইবাৰ মূৰ তুলি তোমালৈ …… নাছিলা যে তুমি কতোৱেই ……

জীৱনৰ কঠোৰ সংগ্ৰাম সিদিনা । ঔপলা সময় । উন্নাভি জখলা হৈ কান্ধ পাতি ললা তুমি  । আকাশ চুবলৈ দিয়াৰ সপোনটো বগুৱা বাই বৈ যাবলৈ দিলা তুমি  । সপোনৰ ডৌকাত তুলিকাৰে ৰং আঁকিলা তুমি । সপোন । জখলা। পাখি । ৰং । আকাশ । উৰিবলৈ শিকিলো মই…  ওপৰলৈ… মাথো ওপৰলৈ । আত্মবিভোৰ হৈ  চকু মুদি উৰিয়ে আছিলো নশিকাৰুৰ উন্মাদনা গাত সানি  । উন্মাদনাৰ সাজ সোলোকাই যেতিয়া চকু মেলি চাইছিলো , দেখিলো , লক্ষযোজন উচ্চতাৰ বিশাল  শূণ্যতাত মাথো মই অকলে …… তুমি যে নাছিলা কতোৱে …

নাথাকিলা সিদিনাও…………
নাথাকিলা আজিও…………
বিশাল জনঅৰণ্যত মই অকলে………
বিশাল শূণ্যতাতো মই অকলে ………

নিঃসংগতাৰ সতে কটোৱাৰ আখৰা আচলতে সিদিনাই আৰম্ভ হৈছিল । নিঃসংগতাই আলাপ কৰিছিল প্ৰতি খোজতে … টেকেলী ভগাৰ শব্দৰেই হওক বা কথকী নৃত্যৰ বোলতে হওক, মেঘৰ গৰ্জনতে হওক বা সাগৰৰ তৰ্জনতে হওক … নিঃসংগতাই মোৰ সংগী … নাথাকিলা যে কতোৱেই তুমি ।

(বি.দ্ৰ: জীৱনৰ বাটত আঙুলিত ধৰি আগবঢ়াই দি যিসকলে আঁতৰি গ'ল তেওঁলোকৰ হাতত……)

দাপোণৰ সন্মুখত(৩)…
-------------------------------

যাত্ৰাবোৰ বৰ মধুৰ । আচলতে গোটেই জীৱনটোৱেই মধুৰ। তাৰ মাজতো যি এটা দুটা যাত্ৰাই মন গধুৰ কৰি তুলে, সেয়া হ'ল বিশেষ কেইটামান ষ্টেচনৰ শেষ বিদায় । লক্ষীমপুৰৰ এ.এছ.টি.চি. বাছষ্টেণ্ডৰ শেষ বাছখন, যিখনে বিদায় দিছিল মোক চকুলো টুকি টুকি  আৰু লগতে গুৱাহাটী পল্টনবজাৰ ৰেলৱে ষ্টেচনৰ সেই ট্ৰেইনখন, যিখনত বহি বহি এটা শুদ্ধ অংক ভুল হৈছিল আৰু এটা ভুল অংক মই আধৰুৱা কৰি এৰি দিছিলো শূণ্য উত্তৰ এটাৰ আশংকাত , দুয়োটা যাত্ৰাই মোৰ বাবে গধুৰতম গধুৰ ।

যাত্ৰাবোৰ উপভোগ্য কৰিব বিচাৰিলেও কেতিয়াবা কঠিন সময়ে নষ্ট কৰি তুলে ইয়াৰ মধুৰতা । ভীৰৰ মাজত সিদিনা অকলশৰীয়া হৈ পৰো । ঠিক আজিৰ দৰেই । সেই যে তুমি মোক সন্দেহৰ চাবুকেৰে কোবালা । শাসনৰ শিকলিৰে বান্ধিব বিচাৰিলা মোক । তুমিতো জানাই দেখোন মই যে উৰণীয়া মৌ !

জীৱনে সদায় সোণালী গোলাপৰ দলিচাত খোজ নিদিয়ে, কেতিয়াবা ই  কাছৰ চলংখনৰ দৰেই খহটা হৈ পৰে । সেই তেতিয়াই বুকুৰ মাজৰ শিপাডাল মই  খেপিয়াই চাওঁ… শিপাডাল এই যেন খোপনি পুতি ৰয় , এই যেন খোপনি এৰে । যন্ত্ৰণাত কোঙা হৈও মই নিজৰ বাটৰ লন্ঠন নিজে জ্বলাব লগীয়া হয় । এই জগতত কোন কাৰ নিজৰ ? মোৰ সমস্যাসমূহ কেৱল মোৰেই । সুখ ভগাব পৰা যায়, দুখ কেৱল সাঁচি থোৱা যায় । সুখ কমি কমি শূণ্যাৱস্থান পায়, দুখ অসীমলৈ গতি কৰে । অসীমত জীৱনৰ লক্ষ্য হেৰায় ।  সীমাহীন যাতনাত ছটফটাইও মই অনুভৱ কৰো, লক্ষ্যহীনতাও যে জীৱনৰ আন এক লক্ষ্য ।

দাপোণৰ সন্মুখত(৪):
-----------------------------

জোনজনী আজি সম্পূৰ্ণা ,আভৰণা , গুণাৰ চানেকিৰ কিংখাপৰ কাপোৰযোৰ মেৰিয়াই লোৱা ন-কইনাৰ দৰেই উজ্জ্বল । কলংকবোৰ ঢাকিব পৰাকৈ উজ্জ্বল তাই আজি ।

দিনৰ চিপচিপ বৰষুণৰ টোপালেৰে পৰশিত চহৰখনো জীপাল । ৰূপে ৰসে পৰিপূৰ্ণ এটি নিশা । চকুৱে মুখে বিষন্নতা এমুঠি গুজি দিয়া নিশাটোত আজি মই মোৰ স'তে অকলে। শিতানৰ গাৰুত মুখ গুজিৱে কটাওঁ নে টেবুলত কলমেৰেই কথা পাতো সেয়া সময়ে কব ।

বিষাদসুৰীয়া গজল এটা বুকুত সাৱটি ৰাতি কটোৱাটো বাৰু কোন প্ৰেয়সে সহিব ? তুমি যে উদাৰ তথাপি । অভিমান কৰিও সেয়ে কাষত ৰৈ দিয়া সদায় । তোমাৰ অভিমানবোৰ কণমাণি শিশু এটিৰ দৰেই চঞ্চল । ক্ষন্তেকীয়া বুলি জানিও সেই কণমানি অভিমানে মোৰ বুকু খান্দে । বুকুত সাঁচি থোৱা চকুলোটোপালক টুকুৰিয়াই মাতে । তুমি যে কৈছিলা চকুপানীবোৰ সাঁচি থবলৈ । সমাধিতলীত বনৰীয়া ফুল ফুলাবলৈ চকুপানীবোৰ সাঁচি থবলৈ কোৱাৰ দিনাৰ পৰাই যে চকুপানীৰ স্থান মোৰ চকুৰ পৰিধিৰ বাহিৰত ।

শৰতৰ বতৰ । কঁহুৱাৰ গোন্ধত আমোলমোল মোৰ মনৰ দুপৰ । নদীৰ পাৰ অথবা ঝাঁও বনৰ উপত্যকা , শেৱালি তল অথবা নিসংগ পদূলি, কতোৱেই নাইনে মোৰ অনুভৱৰ সুগন্ধি ? নৰাণিৰ মাজে মাজে দৌৰি ফুৰা চেমনীয়া মনটো এদিন পূৰঠ হয় , গজলৰ মেহফিলত মদিৰাৰ গিলাচ হাতত তুলি লয় আৰু চুফী গানৰ তালত কাৱালী নৃত্য কৰে , জপিয়াই জপিয়াই বুকুৰ দুৱাৰ পায়গৈ । মনৰ দিগন্তত হেৰায় মোৰ যাযাবৰী প্ৰেমিক । কেনেকৈ খুলো মোৰ বুকুৰ অৰ্গল ? নিৰুদিষ্ট প্ৰেমিক মনে এৰাবাটৰ সুৰ বিচাৰি হাবাথুৰি খায় , ইফালে সিফালে ।

দাপোণৰ সন্মুখত(৫)
----------------------------

সোণ হ'বলৈকে ইমানদিন তপত জুইৰ মাজত নিজকে এৰি দিলো…………এতিয়াহে দেখিলো এমুঠি ছাইৰ বাদে একোৱেই ৰৈ যোৱা নাই …………জীৱনৰ কঠোৰতম সময় ………… বিশ্বাসৰ দোলনাত দুলি আছে ভালপোৱা আৰু আস্থাহীনতা ………

কাইঁটৰ খোচ চাৰিওফালে । নিজৰ বুলি একোৱেই নৰ'ল । ধৈৰ্যপৰীক্ষা  ???? সেইবুলি সান্ত্বনা লোৱাৰ বাদে কিয়েইবা কৰিব পাৰো ? যিফালে চকু যায় সেইফালেই তৰোৱালহেন দৃষ্টি ।

ভুল মোৰেই । ভুল মোৰেই । কবিতাৰ শব্দত ৰাতি নুপুৱায়, এই কথাটোকে বুজি নাপালো আজিলৈকে । এছটা শিল হবও নোৱাৰিলো যে আঘাতবোৰত স্থিতপ্ৰজ্ঞ হৈ ৰোৱাৰ শক্তি পাম । শামুকৰ খোলা হৈ আৱৰিম নিজকে , কথা দিলো ।

দাপোণৰ সন্মুখত (৬)
-----------------------------

ভাঁজ লগা চুলিখিনিৰে দাপোণৰ সন্মুখত ঠিয় হৈ কথা পাতো নিবিড়ভাৱে । চুলিখিনি অটাই থাকোতে ভাব হয় , জলকুঁৱৰীৰ চুলিখিনি যদি পালোহেঁতেন মই । গালখন পিহি পিহি ভাব হৈছিল , গৌৰীৰ ছালখনৰ বৰণ পালোহেঁতেন যদি । নিজৰ চেহেৰাটো লৈ অসন্তোষীয়া মুখখনেৰে দাপোণখনেৰে কথা পাতি থাকোতে মনৰ ৰাজকুমাৰজন পাছফালৰ পৰা আহি কান্ধত আলফুলকৈ মুখ গুজি কৈ উঠে, " পাগলী ! ৰূপে কি কৰে , গুণেহে সংসাৰ তৰে ।"

কমোৱা তুলাৰ দৰে উৰি ফুৰা মনজনী বতাহত ওপঙি ওপঙি কোনোবাখিনি পায়গৈ । ডাৱৰৰ আঁৰত লুকা ভাকু খেলে । কঁহুৱাৰ মাজত শুই পৰে । জলকুঁৱৰীয়ে হাঁহে । পানী অনা ঘাটলৈ  অহা কনেংহতঁৰ জাকৰুৱা হাঁহিত কহুৱা কোমল মনজনীয়ে ধহমহকৈ উঠি বহে । ৰাজকুমাৰৰ অভিমান, " পাখি থাকে মানেহে উৰিবা"  । লাহে লাহে আন্ধাৰ নামে ।  দিগন্তৰ সিপাৰৰ পৰা বিষাদৰ বৰষুণ এজাক আহি মনৰ চোতাল বুৰাই পেলায় । কমোৱা তুলাৰ দৰে উৰি ফুৰা মনজনী শিলত পৰি থেকেচা খায় । ভালপোৱাৰ বহুত দাম । ভালপোৱাৰ অজস্ৰ দাবী । ভালপোৱাৰ দাবী আৰু দামৰ সূত্ৰটো অৰ্থনীতিৰ সূত্ৰটোৰ দৰে সৰল নহয় । কোনোটোতেই সুস্থ হৈ নুঠে থেকেচনিত আঘাত পোৱা মনজনী ।  অনুভৱৰ সুগন্ধি শেষ হৈ অহা মন মোৰ । দামী পাৰফিউম , দামী কাপোৰ, দামী অলংকাৰৰ মাজত কিমানদিনলৈ লুকাই থাকিব কীট এটাই খুলি খুলি খোৱা মনজনী ? দাপোণৰ ওচৰত থিয় হ'লো পুনৰবাৰ, প্ৰতিশ্ৰুতিৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'লো, শিল-বায়ু-জুই-পানীৰ শপত খালো, " নালাগে মোক  গৌৰীৰ বৰণ । নালাগে মোক জলকুঁৱৰীৰ চুলি । মাথো মোক মোৰ ওচৰত সামৰিবলৈ শিকাই যোৱা "  ।

ৰাজকুমাৰৰ চকুত চকু থৈ শ্লেষ টানিলো, " বজাৰত  বহিলেও হয়তো দাম পালোহেঁতেন । তোমাৰ ওচৰত মোৰ ভালপোৱাৰ মূল্য শূণ্য ।"

ৰাজকুমাৰৰ  বুকু আজুৰি প্ৰশ্ন তুলিলো, "উশাহৰ ভৰ পোৱা নাছিলা সিদিনা ? সময়বোৰ কিদৰে গধুৰ হৈ পৰে তোমাৰ অবিহনে, গম নাপালা তুমি?"

ৰাজকুমাৰক বিদায় দিলো, " তোমাৰ ওচৰত ডায়েৰীৰ এখিলা পাত মেলিবলৈ গৈ যে নিষিদ্ধ হ'ল মোৰ অতখিলা ডায়েৰীৰ পৃষ্ঠা ! বিদীৰ্ণ সময়ৰ বিৱৰ্ণ পৃষ্ঠাৰ মাজত সোমাই থকা ৰঙা কলিজাৰ কেচেমা কেচেম গোন্ধত মোৰ অনুভূতি দুৰ্গন্ধময় । সুখী নহ'বা মোৰ স'তে । যোৱাগৈ যোৱা।"

সেইদিনাই , ঠিক সেইদিনাই কাকতত সেই বিজ্ঞাপনটো ওলাইছিল , যাৰ শিৰোনামা আছিল,

          ::::::::::::" হৃদয়ৰ বজাৰত নিলাম । ":::::::::::::

সাতোৰঙী সাজযোৰ শৰীৰত মেৰিয়াই ময়ো সেই ঠিকনাত ভৰি দিলোগৈ । প্ৰতিশ্ৰুতিৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ মই । যিমান দাম দি হলেও ওভটাই আনিম নিলামত বিক্ৰী যোৱা মোৰ হৃদয়খন ।
দাপোণৰ সন্মুখত( ৮)
-----------------------------

হৰলাং এবাতিত আকন্ঠ ডুবি থকা গধূলিটোৱে দুখৰ বেহেলাটো সংগত কৰি সন্ধ্যাৰাগ এটাৰে উচুপি উঠিল । উচুপনিটো ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিল । ঘূৰি ঘূৰি মোৰ বুকুৰ দুৱাৰডলিত নিগাজীকৈ বহি ললে ।

বুকুৰ বৰঘৰটো বৰ আতোলতোলকৈ সাজিছিলো । খুঁটাবোৰো শিলৰ ৰচীৰে গাঁথিলো ।  গোটেইকেইখন দুৱাৰেই নিকপকপীয়াকৈ বন্ধ কৰি থলো । তাৰ মাজতো তোমাৰ জোখাৰে বাট এটি মোকোলাই থলো । অকণমানি বাট এটা ।  চাপৰ মুধচ । তুমি কোনোমতে হাউলি ভিতৰলৈ সোমাব পৰা এখন দুৱাৰ আনে নেদেখাকৈ মেল খাই থাকিল । মোৰ বুকুলৈ তোমাৰ বুকুৰ সুৰংগ ।

"ভালপোৱাৰ কিমান দাম অ? কিমান দাম? কোৱা মোক । দিম মই সেই দাম । " , বুকুৰ বৰঘৰত সেইদিনা হৃদয়ৰ অৰিয়া অৰি চলিছিল ।

" বহুত দুৰ আহিলো তোমাৰ হাতত ধৰি । এতিয়া হাত এৰি বাট সলাওঁ কিদৰে ? ",, শান্ত হৈ নিচুকনিয়ে উচুপিছিল  শেষৰাতিলৈ।

এজাক বৰষুণতে বৰঘৰৰ মুধচ ভাঙিছিল । তুমি ওলাই আহিলা । বিষাদৰ বৰষুণজাকে চোতাল বুৰালে । সাগৰ হেন পানী । হৰলাংৰ লোভত জোনটি আহি সেই পানীতে উবুৰি খাই পৰিছে । চাই ৰলো তাইলৈ । তোমাৰ জোখাৰে কটা বাটটিৰে জোনজনী সোমাই আহি পোহৰ এছাটি ছটিয়াই থৈ গল । জোনজনীয়ে নিজেই ধাৰত লোৱা পোহৰ । মোৰ আক' ধাৰ জোনৰ পৰা । ধাৰৰ ওপৰত ধাৰ । ভালপোৱাৰ কিমান দাম অ' বুলি ডাংকোপ মৰা ছোৱালীজনী এধানিমান পোহৰৰ ধাৰত চেপা খাই উধাব নোৱাৰা হ'ল  । ভালপোৱাৰ দাম দিব নোৱাৰাকৈ তাই কোঙা হৈ পৰিল । চকবজাৰৰ হাজাৰ হাজাৰ মানুহৰ ওচৰত জুইৰ ওপৰেৰে খোজকাঢ়িও, কাঁচৰ ভগা টুকুৰাৰ ওপৰেৰে নাচিও তাই সংগ্ৰহ কৰিব নোৱাৰিলে ভালপোৱাৰ দাম ।

হৰলাংৰ নিচাত সন্ধ্যাৰাগৰ তালত দুৱাৰখন এবাৰ মেল খালে, এবাৰ জাপ খালে , এবাৰ মেল খালে , এবাৰ……………

দাপোণৰ সন্মুখত (৯):
------------------------

সৰাপাতৰ খৰমৰনি এটাক সুৰৰ ৰূপ দিবলৈকে কলমেৰে খান্দিছিলো বুকু । তাৰ মাজতে ৰঙোৎসৱ পাৰ হ’ল মোৰ উকা সাজত । উদযাপন নহ’ল বসন্তোৎসৱ । বুকুত বাজিল চেনাইৰ ঢোলৰ চাপৰ । আশ্ৰয় ললো নিৰ্জন মৰুভূমিত, য’ত নাছিল সৰাপাতৰ খৰমৰনি কিম্বা বিহুৱতীৰ উচপিচনি । সেয়াও শতযুগৰ আগৰ কথা ।

মৰুভূমিৰ পৰা প্ৰত্যাৱৰ্তনৰ পাছতে ভৰ বাৰিষাৰ ভৰা লুইতৰ কাষত তোমাক পালো । “বৰ্ষা ঋতু ভাল পাওঁ মই, প্ৰতিশ্ৰুতি আছে তাত”, মোৰ প্ৰিয় গায়কে গাইছিল । বিশ্বাস নকৰাৰ প্ৰশ্নই নাহে । নতুন প্ৰতিশ্ৰুতিৰে নিজক বান্ধি ৰখাৰ প্ৰতিশ্ৰুতিবোৰ ধূসৰ কৰিলো । তুমি যে উলিয়াই আনিলা মোক মোৰেই পৰা !

এটা গান শুনি আছো জানানে কেইদিনমানৰ পৰা ? এটা গানেই……….ঠিকেই ধৰিছা…...এটা গানেই । ৰাতি এপৰলৈকে শুনিলো, “ জব জব চাহা তুনে ৰজ কে ৰুলায়া, জব জব চাহা তুনে খোল কে হসায়া" ।

গোটেই ৰাতিটো মূষলধাৰে বৰষুণ দিছিল । ঘৰৰ ছালত ফেঁচা এটাই নিউ নিউকৈ মাতিছিল । মোৰ মৃত্যুৰ খবৰে আকাশখনক বাউলা কৰিছিল । মোৰ সতে আকাশৰ বিলাপৰ ৰাগ আৰম্ভ হৈছিল শেতেলী পৰত তেতিয়াই ।

শিতানৰ গাৰুটোৱে চকুহাল মচি দিলে । তোমাৰ হাতখনিলৈ মনত পৰিল । কিমান দিনৰনো যাত্ৰা আছিল আমাৰ  ? অনন্তকালৰ সপোন দেখিছিলো মই…….পাগলী যে !

ৰাতি পুৱাইছিল । আকাশখনে বিনাইয়েই আছিল । ওচৰৰে মন্দিৰৰ পৰা ভাহি আহিছিল, “ৰূপম দেহি…… জয়ম দেহি……..যশো দেহি” । মহালয়াৰ খবৰ পালো বিছনাতে ।  দুৰ্গা দেৱী নামি আহিছে নিজৰ ঘৰলৈ…… মইও নামি গৈছো নিজৰ ঘৰলৈ…… তোমাৰ বুকুৰ পৰা নিজৰ বুকুলৈ ……সাতদিনৰ পাছত পূজাৰ আয়োজন হ’ব…… ৰামে সীতা-উদ্ধাৰৰ বাৰে লংকাযাত্ৰা আয়োজন কৰিব …… মোৰো প্ৰস্তুতি নিজক উদ্ধাৰ কৰাৰ ।

আৰু কেইদিনমানলৈ তোমাৰ বুকু খান্দিম……যিমানখিনিলৈ শিপাইছিলা মোৰ বীজ, সিমানখিনিলৈকে খান্দিম মই ……গংগাত পিণ্ডদান কৰিম সমূহ স্মৃতি …… আৰু অলপ দিনলৈ তোমাৰ বুকু খান্দিম মই ।

দাপোণৰ সন্মুখত (১০)
------------------------------

সফলতাৰ প্ৰশান্তি মনৰ মাজত । যদিওবা মনৰ অনন্ত উদ্যমৰ লগত শৰীৰৰ অসহযোগিতা ।

"তুমি ইমান দুখৰ কবিতা কিয় লিখা ? তোমাৰ কিহৰ ইমান দুখ ?" - যলৈকে যাওঁ এনেকুৱা প্ৰশ্নৰ সন্মুখীন হোৱাটো মোৰ বাবে স্বাভাৱিক কথা । সেয়া যে মই নিজক লৈ লিখা নাই,, আন কাৰোবাকহে প্ৰতিনিধিত্ব কৰো- এনেধৰণৰ অসংখ্য উত্তৰেও সকাহ দিব নোৱাৰাসকলক শেষত কওঁ, মোৰ ছবিবোৰ চাবা, দেখিবা মোৰ চকুৱে হাঁহে , মোৰ হাঁহিয়ে হাঁহে । মোৰ আত্মাৰ পূৰ্ণতা মোৰ প্ৰতিখন ছবিতে সোমাই আছে ।

কাম কৰি কৰি ভাগৰি নপৰা ছোৱালীজনীক মাথো এটা গানৰ দৰকাৰ, জীৱনৰ সকলো সুধা তাই সেই গানতে বিচাৰি পায় । কলমটোও যে কি অভং ! সুখৰ মূহুৰ্তবোৰত শুই পৰে , দুখৰ সময়তহে ধাৰাসাৰ বয় ।

তোমাক লগ পালো হঠাতে । এয়া মোৰ পৰম প্ৰাপ্তি । শূণ্যতাৰে ভৰি থকা বুকুখনলৈ ভীৰৰ মাজৰ পৰাই মোৰ চকুলৈ নামি অহা তোমাৰ দৃষ্টিটোৱে ৰজনীগন্ধাৰ দৰেই সুবাস কঢ়িয়াই আনিলে । মূহুৰ্তৰ ভিতৰতে জহি গ'ল অভিমান , গলিল শিলাময় বুকু । তোমাৰ বুকুৰ পৰা মোৰ বুকুৰ সুৰংগ আলোকিত হৈ পৰিল । শিপাডালৰ খোপনি আগতকৈও গজগজীয়া হৈ পৰিল । সকলো ক্লান্তি যেন  নিমিষতে নাইকীয়া হৈ গ'ল । ন উদ্যমেৰে সকলো দায়িত্ববোধ শিৰ পাতি ললো । যতেই নাথাকো কিয়, মোৰ নামৰ আগত বিয়োগ চিন বহিবলৈ নিদিওঁ …কথা দিলো তোমাক । কথা দিলো তোমাৰ অফুৰন্ত উচ্ছাসক । ……পিছে তোমাৰ অঁকৰা খঙটোলৈ মনত পৰি মৰমহে লাগিছে দেখোন তোমালে ।

উৰণীয়া মৌজনীৰ এটা বদঅভ্যাস আছে, " ক্ষণে তুষ্ট ক্ষণে ৰুষ্ট" । অতি সংবেদনশীল মনটো অলপ ৰুষ্ট হলেই এসাগৰ দুখত ককবকাবলৈ ধৰে । জীৱনবোধৰ গানেৰে বলীয়ান হৈ উঠো তেতিয়া ।
                             
                                উৰন্ত মনে মোৰ নামানে হেঙাৰ
                                হেঙাৰেই কৰে মোক মিঠা উপকাৰ
                                সুন্দৰ সূৰ্য্য ধিয়াই
                                নাচে মন নাচে প্ৰাণ
                                আশংকাবিহীন………

                                ( ভূপেনদাৰ …সময়ৰ অগ্ৰগতি )

দাপোণৰ সন্মুখত (১১)
-------------------------------

দুদিন পাৰ নৌহওঁতেই দুখৰ পিয়লাটো আকৌ পূৰ্ণ হৈ  পৰিল । মানুহৰ বুকুত যে কিমান জীয়া কবৰ লুকাই থাকে , যিবিলাক কেতিয়াও খন্দা নাযায় ! আনকি অতি প্ৰিয়জনৰ ওচৰতো ।

প্ৰিয় চহৰৰ অতি প্ৰিয় মানুহগৰাকীয়ে পৃথিৱীৰ পৰা মেলানি মাগিলে । নিষিদ্ধ গলিৰ দৰে মোৰ তাত প্ৰৱেশ নিষেধ । জীৱনৰ সূত্ৰত সেইবোৰ নিমিলা অংক । লুকাই চুৰকৈ চকুলো এটোপাল নিগৰাৰ বাহিৰে কি কৰিব পাৰো মই ? প্ৰিয় চহৰৰ দাঁতিয়েদি বৈ যোৱা প্ৰিয় নদীয়ে হাত বাউলি মাতিলেও নিৰুপায় মই । নিজৰ পৰা নিজলৈ যাত্ৰা কৰাৰ দিনাই এৰি আহিছিলো ইউকেলিপ্তাছজোপাৰ উচুপনি । সিদিনা মোৰ চহৰখনে ৰেলৰ গতিত গতি মিলাব নোৱাৰি পিছ পৰি আহিছিল ক্ৰমান্বয়ে । মোৰ ভিতৰখন টুকুৰা টুকুৰ হৈ চকুযোৰক হায়ৰান কৰাৰ পৰত সেই চহৰেই নিচুকাইছিল পুনৰ মোক, "ৰিং এটাৰহে বাট " বুলি ।

তুমি ভালে নাথাকিলা । মইও নাথাকিলো । দাপোণখনে বাৰে বাৰে সেই কথাকে কৈ আছে । ঘূৰি ঘূৰি এৰাবাটৰ সুৰটিকে গুণগুণাই থাকো । ভালপোৱাৰ শিপাডাল উভালিব পৰাকৈ এতিয়াও আধুনিকা হৈ নুঠিলো । হাঁহিছা নহয় ? জ্যামিতিকেল আকৃতিৰ মাজত আকৌ হৃদয়ৰ কি কাম বুলি  উপহাস কৰিছা ?

শেঁতা শেতেলীখনে এঙামুৰি দি বহিল । জালি কটা খিৰিকীৰে জোনাক এচেৰেঙা সোমাই আহিছিলহে মাথো । সময়ৰ আঙুলিত ধৰি পখিলা খেদি দৌৰি ফুৰা উতনুৱা শিশুৰ চঞ্চলতাৰে হাতৰ পৰা সেইখিনিও পিছল খাই পৰিল । ৰ'দকাঁচলিত বহি কলিজাটো শুকুৱাই থকাৰ পৰতো গঙাচিলনী এজনীয়ে তেজৰ গোন্ধ পাই কেঁচা কলিজাটো থপিয়াবলৈ একেবাৰে কাষলৈকে আহিলে । মৃত্যুভয় এটাই জোকাৰি গ'ল সেই সময়তে । আৰু কিমান দিনলৈ ? কিমানদিনলৈ হৃদয়ৰ এই টনাটনি ? অস্থিৰ বুকুখনে বাগৰ সলালে । সেন্দুৰখিনি বিয়পি পৰাৰ সময়তো ইউকেলিপ্তাছজোপাৰ গোন্ধটোৱে ৰূমটো আমোলমোলাই থাকিল । কান্দোনটো বুকুলৈকে উজাই আহিল । মাতৃসম সেই নাৰীৰ ওচৰত  কিদৰে ক্ষমা বিচাৰো মই ? নিষিদ্ধ জগতৰ বন্দিনী নাৰী এতিয়া মই । উৰণীয়া মৌজনীয়ে দুহাতেৰে মুখ ঢাকি উচুপিলে । ইউকেলিপ্তাছে নিচুকালে । 'মোক ক্ষমা কৰি দিবা আই ', বুলি চিতাৰ জুইকুৰা তাই বুকুত থাপি ল'লে ।

তুমি নুবুজিলা । কলমৰ খোঁচত সৰি পৰিল দুখৰ আঁচল । তথাপি তুমি নুবুজিলা । তোমাৰ ওচৰত মোৰ কোনো প্ৰশ্ন নাই । মোৰ ওচৰতো তোমাৰ কোনো উত্তৰ নাই । দুয়ো যেন নিজ নিজ কক্ষপথত আৱৰ্তিত দুটি বহেমীয়ান জ্যোতিষ্কহে । দুখৰ আঁচলত ধৰি তথাপিতো তোমাৰ জপনামুখলৈকে ঘূৰি আহো মই সদায় । কি নাম দিবা মোক ? পাগলী নে নিলাজী ?

দাপোণৰ সন্মুখত (১১)
-------------------------------

দুদিন পাৰ নৌহওঁতেই দুখৰ পিয়লাটো আকৌ পূৰ্ণ হৈ  পৰিল । মানুহৰ বুকুত যে কিমান জীয়া কবৰ লুকাই থাকে , যিবিলাক কেতিয়াও খন্দা নাযায় ! আনকি অতি প্ৰিয়জনৰ ওচৰতো ।

প্ৰিয় চহৰৰ অতি প্ৰিয় মানুহগৰাকীয়ে পৃথিৱীৰ পৰা মেলানি মাগিলে । নিষিদ্ধ গলিৰ দৰে মোৰ তাত প্ৰৱেশ নিষেধ । জীৱনৰ সূত্ৰত সেইবোৰ নিমিলা অংক । লুকাই চুৰকৈ চকুলো এটোপাল নিগৰাৰ বাহিৰে কি কৰিব পাৰো মই ? প্ৰিয় চহৰৰ দাঁতিয়েদি বৈ যোৱা প্ৰিয় নদীয়ে হাত বাউলি মাতিলেও নিৰুপায় মই । নিজৰ পৰা নিজলৈ যাত্ৰা কৰাৰ দিনাই এৰি আহিছিলো ইউকেলিপ্তাছজোপাৰ উচুপনি । সিদিনা মোৰ চহৰখনে ৰেলৰ গতিত গতি মিলাব নোৱাৰি পিছ পৰি আহিছিল ক্ৰমান্বয়ে । মোৰ ভিতৰখন টুকুৰা টুকুৰ হৈ চকুযোৰক হায়ৰান কৰাৰ পৰত সেই চহৰেই নিচুকাইছিল পুনৰ মোক, "ৰিং এটাৰহে বাট " বুলি ।

তুমি ভালে নাথাকিলা । মইও নাথাকিলো । দাপোণখনে বাৰে বাৰে সেই কথাকে কৈ আছে । ঘূৰি ঘূৰি এৰাবাটৰ সুৰটিকে গুণগুণাই থাকো । ভালপোৱাৰ শিপাডাল উভালিব পৰাকৈ এতিয়াও আধুনিকা হৈ নুঠিলো । হাঁহিছা নহয় ? জ্যামিতিকেল আকৃতিৰ মাজত আকৌ হৃদয়ৰ কি কাম বুলি  উপহাস কৰিছা ?

শেঁতা শেতেলীখনে এঙামুৰি দি বহিল । জালি কটা খিৰিকীৰে জোনাক এচেৰেঙা সোমাই আহিছিলহে মাথো । সময়ৰ আঙুলিত ধৰি পখিলা খেদি দৌৰি ফুৰা উতনুৱা শিশুৰ চঞ্চলতাৰে হাতৰ পৰা সেইখিনিও পিছল খাই পৰিল । ৰ'দকাঁচলিত বহি কলিজাটো শুকুৱাই থকাৰ পৰতো গঙাচিলনী এজনীয়ে তেজৰ গোন্ধ পাই কেঁচা কলিজাটো থপিয়াবলৈ একেবাৰে কাষলৈকে আহিলে । মৃত্যুভয় এটাই জোকাৰি গ'ল সেই সময়তে । আৰু কিমান দিনলৈ ? কিমানদিনলৈ হৃদয়ৰ এই টনাটনি ? অস্থিৰ বুকুখনে বাগৰ সলালে । সেন্দুৰখিনি বিয়পি পৰাৰ সময়তো ইউকেলিপ্তাছজোপাৰ গোন্ধটোৱে ৰূমটো আমোলমোলাই থাকিল । কান্দোনটো বুকুলৈকে উজাই আহিল । মাতৃসম সেই নাৰীৰ ওচৰত  কিদৰে ক্ষমা বিচাৰো মই ? নিষিদ্ধ জগতৰ বন্দিনী নাৰী এতিয়া মই । উৰণীয়া মৌজনীয়ে দুহাতেৰে মুখ ঢাকি উচুপিলে । ইউকেলিপ্তাছে নিচুকালে । 'মোক ক্ষমা কৰি দিবা আই ', বুলি চিতাৰ জুইকুৰা তাই বুকুত থাপি ল'লে ।

তুমি নুবুজিলা । কলমৰ খোঁচত সৰি পৰিল দুখৰ আঁচল । তথাপি তুমি নুবুজিলা । তোমাৰ ওচৰত মোৰ কোনো প্ৰশ্ন নাই । মোৰ ওচৰতো তোমাৰ কোনো উত্তৰ নাই । দুয়ো যেন নিজ নিজ কক্ষপথত আৱৰ্তিত দুটি বহেমীয়ান জ্যোতিষ্কহে । দুখৰ আঁচলত ধৰি তথাপিতো তোমাৰ জপনামুখলৈকে ঘূৰি আহো মই সদায় । কি নাম দিবা মোক ? পাগলী নে নিলাজী ?

দাপোণৰ সন্মুখত (১৩)
------------------------------

'আমালৈ মনত নপৰে তোৰ ? ' ,, ফোনৰ সিপাৰে সেয়া বৰ্ণালী ।

বিশ বছৰৰ মূৰত হেৰুৱা সম্পৰ্কৰ আঁত এটা বিচাৰি পাইছিলো । খবৰ লৈছিলো মোৰ প্ৰিয় চহৰৰ । ইমানদিনলৈ  অহা নাই বুলি সকলোৰে অভিমান । মই মোৰ ভৰিৰ শিকলিডাল কেনেকৈ খুলিব পাৰি বিচাৰি ফুৰিছিলো মাথোঁ । তেনে এটা দিনতে ব্যংগাত্মক শ্লেষ টানিছিল  আপোনজনে, "ইমানেই যদি প্ৰিয় সেই চহৰ, সেই চহৰে তোমাক চিৰদিনৰ বাবে আপোন কৰি নাৰাখিলে কিয় ?"

"আপোন কৰি নাৰাখিলে কিয় অ' বৰ্ণালী ?", দুনাই সুধিছিলো তাইক,
"তই যে তাতে বিয়া বাৰু হৈ দিন কটাইছ , মোকনো কিয় দূৰলৈ পঠিয়াই দিলি অ' বৰ্ণালী?" , তাৰ পাছত হাঁহি উঠিলো দুয়োজনীয়ে ।

মোৰ চকু কৰুণ ,  কোনো অজান কাৰণত ।  মোৰ মাত গধুৰ, কোনো অচিন ক্লান্তিত ।

ফোনটো থৈ চাঁদৰ ওপৰলৈ উঠি গ'লো । খোজকাঢ়িলো ৰেলিংৰ পাৰে পাৰে । টাবৰ ফুলখিনি আৰু মোৰ চূৰ্ণীখনৰ ৰংটো মিলি গ'ল । এৰিকাপামৰ পাতখিনিৰ মাজেৰে ৰাস্তাটোলৈ চাই পঠিয়ালো । বগা গাড়ীখনত ভেঁজা দি নাওমান দূৰত্বত তুমি । শীতৰ পুৱাৰ কোমল ৰ'দৰ আমেজ লৈ মই । কাণত ফোন । তোমাৰো । মোৰো । দেখি  থকা দূৰত্বতো ফোনত কথা পতাৰ মজাই সুকীয়া । কথা মাথোঁ কথা … জীৱন জীবলৈ শিকিলো মই । ঘৰত সিদিনা কোনোৱেই নাছিল , অথচ ভৰি আছিল মন । অকলশৰীয়া মুহূৰ্তবিলাকতো হাতত হাত ধৰি কাষে কাষে গৈ আছিলা তুমি ।

হঠাতে এৰিকাপামজোপাৰ মাজেৰে ধূসৰ হৈ গ'ল তোমাৰ অৱয়ব । বগা গাড়ীখন আহিনৰ কুৱঁলীয়ে ঢাকি পেলালে । চাঁদৰ পৰা নামি দৌৰি দৌৰি সেই ঠাইখিনি পালোগৈ , যত তোমাৰ  সুবাসেৰে সুবাসিত হৈ ৰৈছিল চৌদিশৰ বতাহ । কুঁৱলীৰ জাল ফালি তোমাক বিচাৰিলো । নাছিলা তুমি , কুঁৱলীৰ সিপাৰে অনন্ত শূণ্যতা । বতাহীয়ে উকিয়ালে , বতাহীয়ে সঁকিয়ালে, বতাহীয়ে নিচুকালে । ফাগুণৰ পছোৱাৰ দৰে উৰি ফুৰা মনটো সেইজাক বতাহতে থেকেচা খালে । উচুপি উঠিলো নীৰৱে । থেকেচনিত অসুস্থ হৈ পৰা হৃদয়খনৰ চিকিৎসা ক'ত ? ক'ত? প্ৰশ্নটো এৰি দিলো বতাহীলৈ ।

' জঝবা' চিনেমাখনৰ 'বন্দেয়া তু মুহ ম'ৰ কে নাযা' গানটোত ডুবি থাকিলো বহুতদিন । গান নহয় যেন তোমাৰ ওচৰত মোৰ আকুল প্ৰাৰ্থনাহে । আকাশে বতাহে বিয়পাই দিলো সেই খবৰ । তোমাৰ নিৰুদ্দেশৰ খবৰ । ঘৰ ভৰি পৰিল সিদিনা । ভিৰৰ মাজত অকলশৰীয়া হৈ উচুপিলো পুনৰবাৰ  ।

' পোৱা-নোপোৱাৰ হিচাপেৰে জীৱন নচলে । তোমাতকৈও নোপোৱা মানুহৰ সংখ্যা বহুত আছে ' , অনেকজন শুভাকাঙ্খীয়ে বুজালে । বুজিলো , সুখৰ আপেক্ষিকতাবাদত বিশ্বাসী তেওঁলোক । সুখৰ পাছত দৌৰা নাই মই কোনোদিন ।  সুখ মানেই মৰীচিকা । সুখ মানেই ক্ষন্তেকীয়া । দুখবোৰ চিৰস্থায়ী । নিসংগতাৰ পৰা আঁতৰিবলৈ কোনোবা নৈৰ জনশূণ্য পাৰত অকলে বহি ৰওঁ, তাতো দুখবোৰে ভৰাই ৰাখে বুকু । তুমি দি থৈ যোৱা নিসংগতাখিনিকে বুকুত সাৱটি পাৰ কৰি দিওঁ উজাগৰী ৰাতি । তোমাক হেৰুৱাই পেলোৱাৰ অভিমানত নিজে হেৰাই যাওঁ । তেতিয়াও দুখবোৰে বুটলি আনে মোক নিসংগতাৰ পাটিৰ পৰা ।

দুখবোৰে ভৰাই ৰাখে মোক । দুখবোৰে ভৰাই তোলে উশাহ । সেয়ে গধুৰ মোৰ উশাহ । গধুৰ  মোৰ চৌদিশ । তোমাক হেৰুওৱাৰ কষ্ট মোৰ আৰু নাই । নিজকে বিচাৰি পালো সিদিনা । তোমাৰ মৃত্যুৰ দিনাই জী উঠিলো মই ।


দাপোণৰ সন্মুখত (১৪) :
--------------------------------

ডাৱৰ আৰু নাই । মেঘাছন্ন আকাশত লমালমে লাগি থকা কজলাবৰণীয়া মেঘবোৰ সৰি পৰিল । সুৰুযৰ কিৰণে দিনবোৰ উদ্ভাসিত কৰি তুলিলে । ৰাতিবোৰো যেন স্ফটিকৰ টুকুৰাহে ।

সিদিনা ক্ষোভ অভিমানত তোমালৈ কটু বাক্য এৰিলো । আহত কন্ঠেৰে তুমি মাথোঁ সুধিলা, "তোমাৰ মুখখনৰ লগত শব্দকেইটা মিলিছে জানো ?"

দাপোণৰ সন্মুখত থিয় হ'লো পুনৰবাৰ । মোৰ মুখখনৰ লগত কটু শব্দ নিমিলে?? আচৰিত ! এই কথাটোকে মোক আজিলৈকে কোনেও নক'লে । জীৱনৰ কিমান সম্পৰ্ক অৱনমিত হ'ল মাথোঁ কেইটামান শব্দৰ কাৰণে !………………তোমাৰ সতে সম্পৰ্কটোৱে গোজেই গজালি মেলিলে । খোপনিটো দৃঢ় হৈ পৰিল । কুঁহিপাতবোৰ পৈণত হৈ ডাল পাতেৰে মোক মেৰিয়াই ধৰিলে । সেউজীয়া বৰণ , সেউজীয়া  সুবাস । উমলিছো , জামলিছো । মূৰৰ ওপৰত তোমাৰ হাতৰ ছাঁ …

দূৰৈত থকা প্ৰিয়ভাজন দাদাই লিখিলে, "তোমাৰ অনুষ্ঠান বুলিলে গুৱাহাটীলৈ কিয়, তাতোকৈ দূৰলৈ যাবলৈ সাজু আছো, যদিহে অফিচৰ পৰা ছুটী দিয়ে।" ……………হৃদয়তা কি মাধ্যমেৰে বয় ? কি মাধ্যমেৰে ? কলমেৰে ? অনুভৱেৰে ? নহয় । আত্মাৰে । কোনোদিন নেদেখাকৈয়ে তেওঁ মোৰ আত্মাৰ বাণী শুনিলে । ময়ো ………। আমি যে একে পথৰে পথিক ।

অফিচিয়েল কোনো সমস্যাত ডুবি থাকোতে বন্ধুবৰে পৰামৰ্শ দিলে, " কামত অলপ স্ট্ৰিক্ট হ'বি। নহলে অসুবিধা পাবি ।" ……………মই ক'লো , " বৃটিছ মানসিকতাৰে শাসন মাথোঁ দুশবছৰৰহে । ভাৰতীয় উদাৰ মানসিকতাৰে কিন্তু হাজাৰ বছৰ।আজিৰ মেনেজমেন্টে শাস্তিমূলক বিধান নিদিয়ে,  উদ্গনিমূলক বিধানৰহে পক্ষপাতী ।"

হতাশ বান্ধৱীয়ে জীৱনৰ মোহ হেৰুৱালে । ক'লে মোক, "জীৱনত একোকে নাপালো । জীয়াই থাকিবলৈ মন নাই আৰু ।" মই শ্লেষ টানিলো তাইক,  " ইয়াত নোপোৱাবোৰ মৰাৰ পাছত পাম বুলি গেৰান্টি পালি নেকি অ?" ……………হতাশ বান্ধৱীৰ হতাশা আঁতৰিল । হাঁহি এটিৰে ডায়েৰীত লিপিবদ্ধ কৰিলে হেনো পুনৰ্জন্মৰ চন-তাৰিখ-বাণী । ঠিক মোৰ দৰেই । যিদৰে মোৰ হতাশাৰ সময়বোৰত তোমাৰ ধনাত্মক আধানবোৰে মোক জীৱনবোধৰ শিক্ষা দিলে ।

…………ডাৱৰ আৰু নাই । ভালে আছো মই । ভালে থাকক পৃথিৱী ।…………

দাপোণৰ সন্মুখত (১৫)
…………………………………

আজি ৰাতিটোৰ বাবে চুক্তি হ'ল চকুযুৰিৰ স'তে । গোটেই ৰাতি হেনো কঢ়িয়াব পানী, তিয়াব দুগাল । মন আৰু মগজুৰ কাজিয়া দুৰ্বাদল । মইজনী নিৰ্বাসিত হ'লো নিৰ্জন দ্বীপত । আকাশত পপীয়া তৰাৰ আস্ফালন । ভয়াৰ্ত জোনজনীক নিচুকাব পৰা নাই সাগৰখনেও । আগ্নেয়গিৰিৰ তপত লাভাই দুভৰি চুমিছে । ক্ষত - বিক্ষত ভৰিত গঙাচিলনীৰ চকু । সিফালে মোৰ হাতত তুমি পৰাজিত সৈনিক । অথচ উল্লসিত হ'ব পৰা নাই মই আদিম মানৱৰ বন্যতাৰে । শিৰত কঢ়িয়াই ফুৰো তোমাৰ মৰমৰ ৰং … বুকুত বিষাদৰ চিম্ফনী … চৌৰাচিয়াৰ বাঁহীৰ সুৰৰ গুঞ্জন ।

আজি ৰাতিটোৰ বাবে চুক্তি হ'ল চকুযুৰিৰ স'তে । সমভাগী হ'ব হেনো বুকুখনিৰ স'তে ।

দাপোণৰ সন্মুখত(১৭):
---------------

বিপদৰ সতে খেলি ভাল পোৱা ছোৱালীজনীয়ে হৈছে তাই । সাপৰ স’তে খেলাৰ দৰে নিচা সেই খেলৰ । “জিন্দেগী এক জুৱা” আদৰ্শত বিশ্বাসী ছোৱালীজনী এযোৰ মাথোঁ চকুৰ দিশেৰে খোজ লৈছিল ।আনে যোৱা বাটেৰে নাযায় তাই । কিয় গৰকিব সেই পদূলি, যি পদূলিত মৰহে খৰিকাজাঁইৰ সুগন্ধি ।

নিচা ফাটি জোনজনী দুফাল হৈ কৰ্ফাল খাই পৰিছিল বাঁহীসুৰীয়া নৈখনত । বুকুত ডায়েৰী এখন উদ্ধাৰ কৰিছিল তাই । লিপিবদ্ধ কৰিছিল দুখবোৰ, সুখবোৰ, অস্থিৰতাবোৰ । পোহৰৰ বাটত অগণন হাত । আন্ধাৰ বাটত ডায়েৰীখনেই সাক্ষী । ডায়েৰীখনে তাইৰ স্বীকাৰোক্তিবোৰ শুনে, হয়তো মুখ টিপি হাঁহে, কোনোবাদিনা ককৰ্থনা কৰে ।

গাৰ্লচ হোষ্টেলৰ প্ৰথম মহলাৰ চুকৰ ৰূম এটাত তাই অকলে ৰামি খেলিছিল । দেৱদাৰুজোপাৰ পৰা নীৰৱে নিগৰা সুষীমাইও শাঁত কৰিব পৰা নাছিল অন্তৰৰ দহন । জীৱনৰ ঠিকনাবোৰ বে-ঠিকনা হৈ পৰাৰ সময় আছিল সেয়া । ডাষ্টবিনৰ এচুকত সপোনবোৰে উচুপিছিল । হয় । চাৰ্টিফিকেটবোৰ নিজ হাতে ফালি ছিৰি ডাষ্টবিনলৈ দলিয়াই দিছিল তাই ।

জীৱনৰ স’তে চুক্তি হৈছিল হঠাতে । তাচপাতৰ হৰতনৰ পাতখিলা নেমেলাকৈয়ে জুৱা খেলিবলৈ উদ্যত হোৱা জীৱনটো ৰো-ৰোৱাই সৰি পৰিছিল প্ৰতিশ্ৰুতিৰ বন্যাত । প্ৰতিশ্ৰুতিবোৰে তুলি ধৰিছিল হাতখন, জীপাল কৰি তুলিছিল মৰহিবলৈ ধৰা খৰিকাজাই ।

সিদিনা আকাশত মেঘে গাজিছিল । তাইৰ বুকুত মাদল বাজিছিল । হাড়িয়াৰ ৰাগীৰে উত্তাল মনটোৰ ঝুমুৰৰ তালে তালে অবাধ নৃত্য । দলদোপ হেন্দোলদোপ বুকুৰ বাটচৰা ।



দাপোণৰ সন্মুখত (১৮):

ক'ৰবাৰ এৰাসুঁতি এটাত মই নিজকে হেৰুৱাই পেলালো । এধানিমান আশাৰ ৰং সানি ছবি আকিঁছিলো । ৰামধেনুৰ ৰূপ লৈছিল সেইখনেই । সুখৰ দিনত টোঁৱাই থকা হাজাৰযোৰ চকুৱে দুখৰ দিনত দেখুৱাই দিলে সেইখন মাথোঁ এখন জলছবিহে আছিল, জীৱনৰ এছাটি বতাহে মনিব নোৱাৰা কৰা সেই ছৱি । বিছিন্ন হৈ পৰা জাহাজখনৰ দৰে বিছিন্ন হৈ পৰিছে সম্পৰ্কবোৰ । নিৰ্জন দ্বীপ কিম্বা মৰিশালীৰ নিস্তব্ধতা , নহয় নহয় , এটা এৰাসুঁতিহে মাথো…………

জীৱনবলীয়াজনীৰ প্ৰলাপত "তোমাৰ মূৰটো" বুলি গালি দিবলৈও তুমি আজি মোৰ গল্পৰ এটা নিৰ্বাসিত স্তৱক ।

শীতকাল ভাল লাগে কোনোবাই ক'লেও কাণ বন্ধ কৰি থওঁ …সেই যে তোমাৰ ৰঙা চুৱেটাৰটো । ৰঙা ভাল পাওঁ বুলিয়েই বজাৰৰ পৰা খেদি খেদি ৰঙাবোৰ থপিয়াই আনি মোৰ দুমোনা ভৰাবলৈ কিহে পাইছিল তোমাক ?








Tuesday, March 20, 2018


গল্প: মধুচন্দ্ৰিকা



দৃশ্যাংশ ১:

“পিঠিত এইটো কি দাগ লগাই ল’লি উৰ্ণী?”, উৰ্ণীৰ ডিঙিৰ পিছফালৰ ব্লাউজৰ ৰচীডালত গাঁথি মাৰি দি মাহীয়েকৰ ছোৱালী ঝৰ্ণাই টিপ্পনি মাৰিলে ।
“কি লাগিলনো অ’? চাওঁ মোহাৰি দেচোন”, উৰ্ণীয়ে আইনাখনত পিঠি দি ঘূৰি ঘূৰি চাবলৈ ধৰিলে । একোকে দেখা নাই তাই ।
“মোহাৰি দিলে নাযায় অ’ সোণজনী ।হ’ব দে ওৰণি লৈ থাকিবি”, কাণসমনীয়া সখীজনীয়ে বাকীকেইজনীলৈ চাই চকু টিপিয়াই দিলে । লগে লগে ড্ৰেছিং ৰূমটো হাঁহিৰে গিৰ্জনি মাৰি উঠিল ।
“পিছে উৰ্ণীবা, হনিমুন কৰিবলৈ ক’লৈ যাম বুলি ভাবিছা ?” সেন্দুৰ এচিকুট পৰি ৰঙা পৰা নাকটোত চিকুটি দি ভনীয়েক দিশাই মাত লগালে ।
আঠমঙলা খাবলৈ যোৱাৰ দিনাই লগৰকিজনীয়ে তাইক হাৰাশাস্তি কৰি দিছিল । ক’লৈ যাবি হনিমুন কৰিবলৈ, কেইদিনৰ বাবে যাবি ইত্যাদি বিভিন্ন প্ৰশ্ন সিহঁতৰ ।
বি এ পাছ কৰোতেই বিয়া হৈ গ’ল তাইৰ । দৰা দেখনিয়াৰ । দৰা শিক্ষাবান । দৰা চাকৰিয়াল । দৰাৰ ঘৰ গজগজীয়া । তাই বহুত ভাগ্যতহে এনে ঘৰ পাইছে । বিয়া মানেই সপোন । বিয়া মানেই সৰগত পাৰিজাত ফুলাৰ আখৰা । সেই আখৰাত বেলিফুলত কোমল পক ধৰে । সেই আখৰাত জোনাক ফাটি পৰে ।এৰা । তাই সপোনহে দেখিব পাৰে । চাদৰৰ আঁচল ককালত গুজি ৰাতিপুৱাই ৰান্ধনিশালত জীৱন সংগ্ৰামৰ শক্তি তৈয়াৰ কৰে ।

দৃশ্যাংশ ২:

“বোৱাৰী, চেনী নিদিয়া চাহ একাপ ।”
“হয় দেউতা, দিছো ।”
“বোৱাৰী, মোলৈ গাখীৰ-চেনী বেছিকৈ দি কাঢ়াকৈ একাপ দিবাচোন” ।
“হয় মা, দি আছো ।“
“হৌৰা, মোক খাবলৈ দিয়া দেই । আঠবজাতে অফিচ পাবগৈ লাগে ।“,
“টেবুল সজাইছো । আপুনি বহি দিয়ক” ।
“বৌ, নেমু এফাল কাটি দিবানেকি ? লগতে গৰম পানী এগিলাচ।”
“ৰবা পিংকী । কটাৰীখন বৰ ধাৰ । তুমি নুচুবা । হাত কাটিব” ।
“বৌ অ’ । কামবোৰ থোৱা আৰু । ব’লা আজি নহ’লে চিনেমা এখনকে চাই আহো । দেৱদাসখন খুব ভাল হৈছে বুলি শুনিছো”, সেইটো সৰু দেওৰ ।
তাৰ পিছত সৰু দেওৰ আৰু পিংকীৰ মাজত কথাৰ কটা কটি আৰম্ভ হৈ যায় ।
“তোৰ নিচিনা ট্ৰেজেদি নাই নহয় বৌৰ যে ঘৰৰ কাম এৰি দেৱদাসলৈ ঢাপলি মেলিব ।আৰু গলেও তোৰ লগত কিয় যাব ? দাদাৰ লগত যাব” ।
কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল স্বামী । টকা পইচাৰ অভাৱ নাই । সময়ৰ অৱশ্যেই অভাৱ । তথাপি তাইক ৰাতিকৈ সুধিছিল, “ভন্টিহঁতৰ লগতে তুমিও চিনেমা চাবলৈ যাব পাৰিলাহেঁতেন ।”
“আপুনি নাথাকিলে যাবলৈ বেয়া লাগে” ।
“অ হয় নেকি ? কাইলৈ ওলাবা । আমি দুয়োটাই যাম” ।
পিছদিনাখনো যোৱা নহয়গৈ তাইৰ । সেইদিনা আলহী আহে । তাৰ পিছৰদিনাও যোৱা নহয়গৈ । সেইদিনা পিংকীৰ গাটো ভাল নালাগে ।তাৰ পিছৰ দিনা যাবলৈ তাইৰ নিজৰে মন নাযায় । শহুৰেকে এঘন্টাৰ মূৰে মূৰে ফিকা চাহ খায় । তিনিঘণ্টা তাইৰ বাবে বহুত সময় ।

দৃশ্যাংশ ৩:

“বৌ, বিয়াৰ পাছত আমি মানালীলৈ যাম”, কেইদিনমানৰ পিছত হ’বলগীয়া বিয়াখনৰ সপোনত ব্যস্ত হৈ পৰা ননদ পিংকীয়ে আজিকালি ফোনটো লৈ ৰাতিৰ ৰাতিটো ব্যস্ত থাকে । ফোনত পতা কথাবোৰৰ ভাগ কিছুমান বৌয়েকক দিয়েহি ।
“বোৱাৰী, দেউতাৰাই বিছনা লোৱাৰ আগতে নাতি এটাৰ লগত খেলিবলৈ মন”, সেলেঙী বোঁৱাই শাহুৱেকে ধেমেলীয়া সুৰত কোৱা কথাষাৰত লাজে ৰঙা কৰে তাইৰ দুগাল । ওঁঠযোৰ টিপি তাই শোৱনি কোঠালৈ দৌৰি আহে । মনত পৰে আগৰাতিৰ কথাবোৰ ।
“কিবা এটা লাগে উৰ্ণী । ঘৰে বাহিৰে কণমানি এটিয়ে কলকলাই থাকিব । মাৰ সপোনো সেইটোৱেই”, তাইৰ থুঁতৰিৰ তিলটো চুই চুই তেওঁ শুনা নুশুনা মাতেৰে দোভাগ ৰাতিৰ ৰাগ টানে । লাজুকী লতাৰ দৰে জঁই পৰি যায় তাই ।সেই ৰাতিয়েই তাই লাহেকৈ উলিয়াইছিল কথাটো, “ফুৰিবলৈ গৈ আহো নেকি ? তাৰ পিছত প্লেন কৰিম” ।
কিছুপৰ চিন্তা কৰে তেওঁ, “ওম । ঠিকেই । আমাৰ দেখোন কলৈকো যোৱাই হোৱা নাই । ছুটি ল’ম ৰবা । তাৰ পিছতে কিন্তু !!”, বুলি দুষ্টালি হাঁহি এটা এৰে তাইলৈ ।
পোন্ধৰ দিনৰ জোখেৰে বেগ পত্ৰ সাজু কৰি উঠে মানে, ঝৰ্ণাই ফোন কৰে তাইক, “মোলৈ কিবা লৈ আনিবি দেই ঊৰ্ণীবা ” । ভনীয়েক দিশাৰো তালিকাখন দীঘল হৈ যায় ।
কিটচেনৰ চেলফত বহি আপেল এটা কামুৰি লৈ দেওৰেকে কয়, “এইকেইদিন মাছৰ আঞ্জা সেৰেকা সেৰেকা লাগিব বৌ । পিংকীয়ে যিহে ৰান্ধিব । বানপানীত সাঁতুৰি সাঁতুৰি মাছ বিচাৰিব লাগিব । নহ’লে বৌ তুমি যাব নালাগে দিয়া ।দাদাক অকলেই পঠিয়াই দিয়া” ।
তাই ঘোপাকৈ চাই পঠিয়ায় দেওৰজনলৈ । সৰু ভায়েকৰ দৰে তাইৰ লগত ধেমালী কৰি থকা দেওৰজনে মাছৰ আঞ্জাখন সেৰেকা পাব । কিছু চিন্তাত পৰে তাই । কেনেকৈ যে লোকৰ ঘৰখন ইমান আপোন হৈ পৰিছে ! কষ্ট পাব ঘৰখনে । তাই এদিন নহলেই কষ্ট পায় সিহঁতে । আকৌ ৰাতিকৈ স্বামীৰ বুকুত কথা সলায়, “এইবাৰ নহ’লে টিকেট কেনচেল কৰি দিয়ক । সৰুপোনাৰ পৰীক্ষা আছে । দিগদাৰ হ’ব সিহঁতৰ”।
উদং পিঠিখনত সপোনটোৱে বাগৰ দিয়েহি । এখন নদী, এখন অৰণ্য আৰু এখন পাহাৰ । নিচাত ডুবি থাকিব সময় । চিপচিপীয়া বৰষূণজাকত সিহঁত দুয়োটা দৌৰি আহি অৰণ্যৰ জুপুৰিটোত আশ্ৰয় লবহি । জুই একুৰাই তাইৰ তিতি থকা চুলিকোচা শুকুৱাই লয় মানে তাইৰ বুকুৰ জুইকুৰা দপদপকৈ জ্বলি উঠিব । চিগাৰেটটো ওঁঠত গুজি সি বাহিৰলৈ চাই ৰ’ব । তাই তিতা কাপোৰযোৰ সলাই ৰিহাখন মেৰিয়াই লব । সুলকিব খোজা ৰিহাৰ আঁচলত পিনটো মাৰিবলৈ লৈ তালৈ চাই ৰ’ব তাই । তাইৰ চাৱনিত বলীয়া হ’বনে তেওঁ ? কিহে উন্মাদ কৰিব প্ৰিয়জনক ? তাইলৈ নাচাই পাহাৰখনলৈ চাই চাই যে তেওঁ ডাঁৱৰৰ সতে কথা পাতি থাকে ।কিহে উন্মাদ কৰে তেওঁক ? জ্বলন্ত চিগাৰেটটো শেষ হ’বলৈ লৈ যে তেওঁৰ আঙুলি পোৰে । যি দহনে পোৰে তাইৰ বুকু । আবেগৰ ইমান ভৰ ! ইমান ভৰ তাই চম্ভালিব নোৱাৰে ।তাইৰ বুকুৰ অৰণ্যখন তেওঁ শেষৰাতিলৈ সামৰি থয় ।

দৃশ্যাংশ ৪:

আইতাকৰ কোলা, ককায়েকৰ পাটি, দেওৰৰ কান্ধ বাগৰি মৌমন পাঁচবছৰীয়াটো হ’লগৈ । পিংকীৰ মধুচন্দ্ৰিকাৰ ফটোবোৰ মৌমনে এলবামৰ পৰা উলিয়াই মাকক কয়, “মা মোকো লৈ যাবানে তালৈ” ?
“যাম দিয়া বাবাটো । আমি একেলগে যাম এইবাৰ” , দেউতাকে আহি কেতিয়ানো মৌমনক কোলাত তুলি লয় তাই গমকে নাপায় । অফিচৰ পৰা আহি পোৱা দেউতাকলৈ বুলি লুচি ভাজিৰ প্লেটখন লৈ আহি তাই দেখা পায়, পুতেকে দেউতাকক ঘোঁৰা বনাই নিজে ওপৰত উঠি লৈছে ।“বাবাটো , এতিয়া দেতাক খাবলৈ দিয়া । আকৌ খেলিব দেই তোমাৰ লগত”, তাই টপটপকৈ চুমা এটা আঁকি দিয়ে তাৰ গালত ।
ঘৰৰ দেহলাও, জিউধনটো ক্ৰমান্বয়ে ডাঙৰ হৈ আহে । এদিনীয়া জ্বৰতে শহুৰেকে পাটী লয় । কাঁহি কাঁহি শাহুৱেকজনীও দুৰ্বল হৈ পৰে । দেওৰেকৰ মাছৰ আঞ্জাৰ বাবে তাই চিন্তা কৰিব লগা নহয় । বেলেগ ঘৰ, বেলেগ কাহিনীৰ আবৰ্তত সোমাই পৰে সি । মৌমনক সংগ দিবলৈ জুমন আহে । টাকুৰী ঘূৰাদি ঘূৰি ফুৰে তাই । মানুহজনৰ মাজতে ট্ৰেন্সফাৰ হয় । অকলে তাইৰ আৰু দিগদাৰ হয় । লৰাৰ স্কুল, টিউচন, শাহুৱেকৰ কাঁহটোৰ লগত ব্যস্ত থাকোতে তাইৰ সপোনবোৰ নিতাল মাৰি পৰি থাকে । পুৱতিৰে পৰা ৰাতি এপৰলৈকে সপোনটোৱে নেখেদে তাইক । দোভাগ ৰাতি সপোনটো তাইৰ সতে একাত্ম সহবাসত নিমগ্ন হয় । এখন নদী, এখন অৰণ্য আৰু এখন পাহাৰ । সপোনটো সামৰিবলৈকো কেতিয়াবা প্ৰিয়জন বহুত দূৰৈত থাকে । ক্ৰমাৎ খিংখিঙীয়া হৈ উঠে তাই । ঘড়ীৰ কাঁটাত বান্ধি থোৱা থাকে ব্যস্ত সময় । সপোনৰ ৰাগীবোৰে ওফোন্দনিৰ মেলা পাতে । ঝৰ্ণাৰ মধুচন্দ্ৰিকাৰ ফটো, পিংকীৰ মধুচন্দ্ৰিকাৰ ফটোবোৰ দেখি তাই ক্ৰমাৎ অস্তিত্বহীনতাত ভূগে । সকলোৰে বাবে তাই । তাইৰ বাবে কোন ? কথাটো কাৰো চকুত নপৰাকৈ থকা নাছিল । এই যে গেজেংকৈ দিয়া মাতষাৰ, হকে বিহকে ওফন্দি উঠা মুখ, ৰান্ধনিশালত ক্ৰমাৎ বাঢ়ি অহা হেতাৰ চৰক চৰক শব্দ এইবোৰ আন কাৰো নহলেও মানুহজনৰ চকুত ভালকৈয়ে পৰিছিল ।
ৰিটায়াৰমেন্টৰ কিছুদিন আগতে তেওঁ সুধি পেলালে,“হৌৰা, তোমাৰ কি হৈছে হয়নে ? অনবৰতে যুদ্ধংদেহী মনোভাৱ লৈ কিয় থাকা আজিকালি ? আগতেতো এনে নাছিলা ?”, কথাষাৰ শুনি তাইৰ খং অভিমান দুগুণে চৰে ।
“আচ্চা । আপুনি মোৰ নামটো কওকচোন”, তাইৰ প্ৰশ্নত তেওঁ থতমত খাই যায় । কি নাম আছিল তেওঁৰ, কি আছিল উৰ্মি নে উৰ্ণী ঠিক কৰিব নোৱাৰি গলহেকাৰি মাৰে ।
তাই আকৌ উভটি ধৰে, “নোৱাৰে বুইছে নোৱাৰে । মোৰ অস্তিত্ব কেৱল হেতাকেইখনত, তাৰ বাহিৰে মোৰ কিবা অস্তিত্ব আছে বুলি আপুনি গণ্যই নকৰে”, তাইৰ চকু-নাক পানীৰে একাকাৰ হয় ।
“আহ হা, কি হৈছে মোক খুলি কোৱাচোন”, কেতিয়াও নেদেখা সজল চকুযুৰিয়ে তেওঁকো বিতত কৰি তোলে ।
তাইৰ অভিমান দুগুণে চৰে । এবাৰলৈ যদি তেওঁ বুজি পালেহেঁতেন, কি সৰু কথা এটিৰ বাবে তাইৰ মুখৰ আয়তন বাঢ়িছে, এবাৰলৈ যদি তেওঁ এবাৰ শুনিব বিচাৰিলেহেঁতেন । এটা মাত্ৰ সৰু সপোন, এখন নদী, এখন অৰণ্য আৰু এখন পাহাৰ- কিশোৰ কিশোৰীৰ দৰে এহাল যুগলবন্দী । খুলি নকয় তাই । ক’বইবা কিয় ? তাই যদি জানিব পাৰে, মানুহজনে কোনখিনি সময়ত কাঢ়াকৈ গাখীৰ চাহকাপ বিচাৰিছে, কোনখিনি সময়ত ফিকা চাহকাপহে বিচাৰিছে, তেওঁও জনা উচিত তাইৰ এটি মাত্ৰ সপোনৰ কথা ।

দৃশ্যাংশ ৫:

আজিকালি ভাগৰবোৰ বৰকৈ লাগে তাইৰ । মাজতে অলপদিন বেমাৰতো পৰিল তাই । অস্তিত্বহীনতাৰ শংকাত তাই ৰাতিবোৰ দীঘল হৈ পৰিবলৈ ধৰিলে । বিপৰীতে বাঢ়ি আহিল ক্লান্তি, অনিদ্ৰা, হতাশা ।
বৰ ক্ষন্তেকীয়া জীৱনটো । কলৈকো যোৱাও নহ’ল । ঘৰৰ চাৰিবেৰৰ মাজতে যৌৱন পাৰ হ’ল । চুলিৰ ৰূপালী চুলিখিনি ঢাকিবলৈ তাইৰ দেওবাৰৰ ৰাতিপুৱাবোৰ ব্যস্ত হৈ পৰে । মৌমন, জুমন চাকৰিসূত্ৰে অসমৰ বাহিৰলৈ ঢাপলি মেলিলে । শাহুৱেকৰ-শহুৰেকৰ কাহানিবাই মৃত্যু ঘটিল । দেওৰজন পত্নী-পুত্ৰ লৈ ব্যস্ত হৈ পৰিল । দুমহলীয়া বিশাল ঘৰটোত পৰি থাকে সিহঁত দুটি প্ৰাণী । উৰ্ণী আৰু তাইৰ অৱসৰপ্ৰাপ্ত স্বামী ।
মৌমনেই দিলে আইডিয়াটো । “মা তুমি এবাৰো বাহিৰলৈ অহা নাই । এইবাৰ ইয়ালৈ আহিবলৈ প্লেন কৰা । মইতো ইয়াত আছোৱেই” ।তাৰ পাছৰ কথাবোৰ খৰতকীয়া । সপোনটো সঁজাল ধৰি উঠিল । সেই যে চাদৰৰ আঁচলটো টানি পিন মাৰি লোৱা দৃশ্যটো, চিগাৰেটৰ জুইয়ে প্ৰিয়জনৰ আঙুলি পোৰোতে হোৱা তাইৰ বুকুৰ দহনটো, ভৰ আবেগক চম্ভালিব নোৱাৰা যৌৱন সামৰিবলৈ তাইৰ লাহী দেহা সাৱটি তাইৰ প্ৰিয়পুৰুষ ।
একেই অনুভুতি, একেই আকুলতা, নিসংগতাবোৰক ভেটা দিব পৰা এটা সন্ধ্যাৰ অন্বেষণত মুখৰিত হৈ পৰে পঞ্চাশবছৰীয়া হিয়া । সুধিবলৈ মন যায় মৌমনক, তাত নদী এখন আছেনে ? অৰণ্য আছেনে ? আছেনে এখন পাহাৰ ? সোধা নহয় তাইৰ । বৰঞ্চ স্বামীয়ে সোঁৱৰাই দিয়ে,
“হৌৰা, এৰী চাদৰখন ভৰাই ল’বা দেই” ।
“হৌৰা, ঊলৰ টূপীটোও লৈ ল’বা দেই” ।
ৰিহাখন ল’বনে তাই ? ল’ব, কিয় নল’ব ? মৌমনে কৈছে, তাত এখন নদী আছে, এখন পাহাৰ আছে, অৰণ্যৰ মাজত এটা চাংঘৰ আছে । আসঃ তাইৰ সপোনটোৱে যে দেও দি নাচে । কিদৰে বুজায় তেওঁক? ৰিহা সুলকিব খোজোতে বাহিৰৰ ডাৱৰখিনিৰ সতে কথা পাতি ৰোৱা বমভোলা মানুহজন তেওঁ । দাপোনত মুখখন চাই লয় । ধুনীয়া । এই বয়সতো ধুনীয়া তাই । চুলিখিনিহে মাথোঁ ……………

দৃশ্যাংশ ৬:

এখন অৰণ্য, তাৰ মাজত এটা জুপুৰিঘৰ । পাহাৰৰ সিপাৰে ফুলৰ মেলা । নদীখনৰ চাপৰিত কহুৱা এডৰা । তাৰ মাজেৰে বাঘে পানী খোৱা ঘাট । আত্মহাৰা হৈ পৰিছে তাই । দৃষ্টিৰ পৰিসৰ বিয়পি সেউজীয়া কেৱল সেউজীয়া । সেউজীয়া চুমিছে, সেউজীয়া জুমিছে, সেউজীয়াবোৰ বুকুত সানি লৈছে । পাহাৰৰ সিপাৰে অৱশ্যে ৰঙৰ মেলা । এই ফুলৰ সুবাস ল’বলৈকে বুলি সিহঁত তিনিওটাই ৰাতিপুৱাই পদযাত্ৰা আৰম্ভ কৰিলে ।
অলপ দূৰ ওপৰলৈ উঠি যাওতেই তাই অনুভৱ কৰিছে, কিবা এটা ভাল লগা নাই । মনৰ উত্তেজনাখিনিৰ লগত যেন শৰীৰে সংগত কৰা নাই । পানী এগিলাচ দৰকাৰ হৈছিল তাইক ।
“মৌমন”, পাহাৰত ঠেকা খাই ঘূৰি আহিল তাইৰ মাতৰ কৰুণ সুৰ ।কোনেও নুশুনে । মৌমনহঁত বহুত দূৰ পালেগৈ ।
“হেৰি শুনিছে”, নুশুনিলে তেখেতেও । গৰম টুপীটো পিন্ধি তেখেতেও আপোনমনে গৈ থাকিল । তাইহে পৰা নাই । ভাগৰটো বৰ সোনকালে লাগে তাইৰ । পাহাৰৰ এঢলীয়া দাঁতিতে তাতে বহি দিলে । সিহঁত ঘূৰি অহালৈকে ৰৈ দিয়াই ভাল এই ভাৱত । শীতল বা’ এছাটিয়ে তাইক চুই গ’ল । তাৰ লগে লগেই মেঘ ওন্দোলাই নামি আহিল কিনকিনকৈ বৰষুণ এজাক । বৰষুণজাকে তাইৰ শৰীৰটো কঁপাই তুলিলে । চিগাৰেটৰ ধোঁৱাত আছন্ন সময়খিনিৰ নিচাখিনিক ফেৰ মাৰিব পৰাকৈ একুৰা জুই আৰু সুলকিব খোজা ৰিহাৰ আঁচলত চেফটি পিন মাৰি মাৰি চকুত ৰাগী সনা সপোনৰ প্ৰিয়পুৰুষজনৰ ঠিকনাই বৰষুণৰ সোঁতত পাহাৰৰ ওপৰৰ পৰা নামনিৰে বৈ আহি তাইৰ বুকুত বাট হেৰুৱালে । আত্মপ্ৰেমেৰে ভৰি পৰিল তাইৰ সমগ্ৰ সত্তা , ঠিক যেন তিনিমহীয়া কেঁচুৱাটিয়ে নিজৰ আঙুলিটো চুপি চুপি আত্মহাৰা হৈ থকাৰ দৰেই……………

গুণগুণনি এটাই সুৰ তুলি ঢৌ খেলিলে বৰষুণ জাকৰ সতে,
“মে থোৰী দেৰ জী তো লুঁ
নসে কী ঘোঁট পি তো লুঁ”

(সমাপ্ত)
পৰী পাৰবীন
ডিব্ৰুগড়
৩ চেপ্তেম্বৰ, ২০১৭

গল্প:জিঞ্জিৰ
(পৰী পাৰবীন, ডিব্ৰুগড়)


কাহিনীৰ অন্তিম পৰ্যায়:

চবক……….চবক………চবক…….চবক ।

ৰাতি দুই বাজিছে । কাথনী বুঢ়ী শোৱাপাটীৰ পৰা ধহমহাই উঠিল । কৰবাত কোৰেৰে মাটি খন্দাৰ শব্দ । টৰ্চটো আৰু লাঠিডাল লৈ কাথনী বুঢ়ী শব্দটোৰ ফালে আগবাঢ়িল ।
“নিমি মাজনী, তই ইয়াত কি কৰিছ অ? এই ৰাতিখন কিয় এইবোৰ কৰি আছ, বল ভিতৰলৈ”, কাথনী বুঢ়ীয়ে উচপিচ কৰি আহি তাইৰ হাতত ধৰিলে ।

আউলী বাউলী চুলিৰে অসংযত নূন্যতম সাজেৰে নিমি তেতিয়াও কোৰেৰে মাটি চবিওৱাত ব্যস্ত ।

“নিমি মাজনী” কাথনী বুঢ়ীৰ মাতটো অলপ জোৰেৰে ওলাল, “পাপা সাৰ পাব, সাৰ পালে তোমাক কি কৰিব তুমি জানিছাই নহয়” ।

“পাপাই কি কৰিব জেঠীমা ? ডক্টৰ আংকল মাতিব, বিছনাৰ খুঁটাত মোক বান্ধিব………….হাঃ হাঃ হাঃ ।”

নিমিৰ অট্টহাস্যত চহৰৰ প্ৰখ্যাত ব্যৱসায়ী ৰাজকমল দুৱৰাৰ চৌহদ কপি উঠিল ।

কাহিনীৰ প্ৰথম পৰ্যায় :

কাথনী বুঢ়ীয়ে নিমিক গাৰ জোৰেৰে টানি আনি বাথৰূমত সোমোৱাই হাত ভৰি ধুৱাই দিলে । লাহেকৈ তাৰ পাছত তাইক টোপনি অহা ঔষধ এটা খুৱাই নিজেও বি্ছনাৰ কাষতে বহি ৰ’ল । নিমিৰ অৰ্ধনিৰ্মীলিত চকু জাপ খাই আহিল । লাহে লাহে তাইৰ টোপনিৰ গভীৰতাত কাথনী বুঢ়ী অতীতলৈ ঘূৰি গ’ল ।এই ঘৰত চল্লিশবছৰ গৰকা কাথনী বুঢ়ী তেতিয়া পোন্ধৰ বছৰীয়া । ৰাজকমল দুৱৰাৰ পিতৃ তিলক দুৱৰাই দুজনী ছোৱালীৰ খবৰ কৰিছিল আলেঙে আলেঙে । এজনী ছোৱালী দুৱৰাৰ পৰিয়ালত ফুল হিচাপে শোভা বঢ়াবলৈ আৰু আনজনী ছোৱালী সেই ফুলপাহৰ যতন লবলৈ । হয়, কাথনী সেই পিছৰ পদটিতে মকৰল হৈছিল । সৌদামিনী বৰুৱা সৌদামিনী দুৱৰা হিচাপে ফুলপাহ হৈ জাতিস্কৃত কৰিছিল দুৱৰা পৰিয়াল । ৰূপে গুণে বিভূষিতা সৌদামিনী আনতকৈ বেলেগ । এই কথা প্ৰতি খোজতে কাথনীয়ে অনুভৱ কৰিছিল । ৰাজকমল দুৱৰাই ডুবাই ৰাখিব বিচৰা দামী কাপোৰ আৰু অলংকাৰৰ মোহে ঘৰৰ শ্বকেছত বন্দী কৰি ৰাখিব নোৱাৰিলে সৌদামিনীক । সজোৱা ফুলপাহৰ পৰা নিজকে উত্তৰণ ঘটাইছিল তেওঁ । শ্বকেছৰ তলা ভাঙি তেওঁ ওলাই আহিছিল মানুহৰ মাজলৈ ।
নিমিৰ জন্ম হৈছিল । সৌদামিনী ব্যস্ত হৈ পৰিছিল । ৰাজকমল দুৱৰা সুখী হৈছিল ।
নিমি ডাঙৰ হৈ আহিছিল । সৌদামিনীৰ ব্যস্ততা কমি আহিছিল । কলমৰ আঁকবাঁক বাঢ়িছিল । ৰাজকমল দুৱৰা অসন্তুষ্ট হৈছিল ।

“কি অদৰকাৰী কামত লাগি থাকাহে ?”, ৰাজকমল দুৱৰাৰ অসন্তুষ্টিৰ বহিঃপ্ৰকাশ আছিল সেয়া । সৌদামিনীৰ হাতলৈ এটা দুটা সন্মান আহিবলৈ আৰম্ভ কৰিছিল আৰু ৰাজকমল দুৱৰাৰ হাতত ঠাই পাইছিল চিগাৰেটে । নিমিয়ে যেতিয়া একে একে দুই আওৰাবলৈ আৰম্ভ কৰিছিল, সৌদামিনী তেতিয়া ব্যস্ত আছিল মাজুলীৰ সত্ৰ আৰু ৰাসৰ ওপৰত থেছিছ প্ৰস্তুত কৰাত ।চহৰৰে কলেজখনত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল সৌদামিনীয়ে ।

ৰাজকমল দুৱৰাৰ অসন্তুষ্টি বাঢ়িছিল ।

“মোৰ পৰা কি পোৱা নাই তুমি ? কাপোৰ, অলংকাৰ, গাড়ী কিহৰ অভাৱ হৈছে তোমাৰ ? কিহৰ বাবে মাহেকৰ মূৰৰ টকাকেইটাৰ কাৰণে কলেজৰ লৰাখিনিৰ ওচৰত টিঘিলঘিলাব লগীযা হ’ল?”- ৰাজকমল দুৱৰাৰ অসন্তুষ্টিৰ চূড়ান্ত বহিঃপ্ৰকাশ  সেয়া ।
সৌদামিনী দুৱৰাৰ ব্যস্ততা বাঢ়িছিল । নিমিৰ পঢ়া-শুনা মানেই সৌদামিনী, নিমিৰ নাচ-গান মানেই সৌদামিনী, অতিথি শুশ্ৰষা মানে সৌদামিনী, উৎসৱ পাৰ্বন মানেই সৌদামিনী, ঘৰুৱা কামৰ তদাৰকীৰ লগতে নিজৰ কলেজ, ৰাজকমল দুৱৰাৰ ব্যৱসায়ৰ মাজতো কলমৰ নিচাটো এৰিব পৰা নাছিল তাই ।

কলমৰ নিচা ! যি নিচাই তাইক টানে পৰ্বতলৈ ।

ৰাজকমল দুৱৰাৰ বাবে এয়া মূল্যহীন বিলাস ।

কলমৰ নিচা! যি নিচাই তাইক টানে ভৈয়ামলৈ।

ৰাজকমল দুৱৰাৰ ওচৰত তাইৰ অনুৰোধ অসাৰ ।

কলমৰ নিচা! যি নিচাই তাইক আব্দাৰ তোলে দিহিঙলৈ, কেতিয়াবা দিপাঙলৈ।
ৰাজকমল দুৱৰাৰ অনুমতি নাই ।

অকলে সাগৰৰ পাৰত ?

বালিচৰত ?

আকাশ চুৱাৰ হেঁপাহ ?

উসঃ ! অলীক কল্পনা ।

“কেৱল এটা ৰূমৰ এখন টেবুলত কি সাহিত্যৰ সৃষ্টি হয় ?”, নিজকে প্ৰশ্ন কৰি ক্ষোভত ভাগি পৰে  সৌদামিনী ।

কাথনীয়ে আলেঙে আলেঙে চাই ৰয় । সৌদামিনীৰ ব্যক্তিত্বই মোহিত কৰে তাইক । বিপৰীতে ৰাজকমল দুৱৰাৰ অসন্তোষীয়া মুখে বিপাঙত পেলায় তাইক ।নিমিক শুৱাই থৈ ৰাতি বাৰ বজালৈ সৌদামিনী বহি থাকে পঢ়া টেবুলত । কাথনীয়ে কেতিয়াবা কফি একাপ, কেতিয়াবা গাখীৰ এগিলাচ, কেতিয়াবা ফলৰ ৰস এগিলাচ লৈ ওচৰতে বহি ৰয় । কেতিয়াবা সৌদামিনীৰ চুলিটাৰিত তেল ঘঁহি দিয়ে । ব্যক্তিগত স্থিতিৰ শতযোজন প্ৰাৰ্থক্য থাকিলেও এই মানুহজনী সৌদামিনীৰ বুকুলৈকে শিপাইছে । তাইৰ জীৱনৰ সকলো কথাই নিঃসংকোচে কাথনীৰ আগত খুলি দিব পাৰে সেয়ে ।

“ছাৰে বেয়া পোৱা কামবোৰ কিয় কৰি থাকা আই?”, এদিন কাথনীয়ে সুধি পেলালে তাইক । কাথনীয়ে জানে সৌদামিনীৰ কামবোৰে অন্ততঃ ক্ষতি কৰা নাই ৰাজকমল দুৱৰাক ।কিন্তু ইমান আপত্তি কিয় তেওঁৰ সেই কথা নুবুজে তাই  ।আৰু সেই আপত্তি নেওচি যোৱাৰ বদ্ধপৰিকৰ সৌদামিনীক বুজি পোৱাৰো অপাৰগতা কাথনীৰ, সেয়ে এদিন এনেদৰে সুধি পেলাইছিল সৌদামিনীক ।

অলপ দেৰী তভক মাৰি সৌদামিনীয়ে কাথনীক কৈছিল, “মই যিবোৰ কাম কৰো, সেইবোৰত ছাৰে কিয়, কোনোৱেই বেয়া পোৱাৰ একো যুক্তি নাই । কাৰো হানি নকৰা কাম কিছুমান কৰি যদি মোৰ মনে শান্তি পায়, তেনেবোৰ কামত মোক পদে পদে বাধা কিয় দিয়ে বুজি নাপাওঁ । যুক্তিহীন কাৰণেই মই ছাৰৰ কথা মানি থাকিবলৈ নিবিচাৰো কাথনী” ।

হুমুনিয়াহ এটা বায়ুত মিলি গৈছিল লাহেকৈ ।

কাথনী ৰূমটোৰ পৰা ওলাই গৈছিল । সৌদামিনীয়ে কলমেৰে নিজৰ অস্তিত্বৰ ছবি আঁকিছিল । ৰাজকমল দুৱৰাই ব্যৱসায়ৰ লাভ-লোকচানৰ অংক কৰাত ব্যস্ত আছিল । নিমিয়ে হয়তো তেতিয়া তৰাৰ দেশৰ সপোন দেখিছিল ।

এদিন হঠাতে তাইৰ যোগাযোগ হৈছিল স্কুলীয়া বন্ধু বৰুণৰ স’তে । বৰূণ ৰাষ্ট্ৰীয় কাকত এখনৰ জেষ্ঠ্য সাংবাদিক । বাতৰি কাকতৰ সমল গোটাবলৈ সি দেশে-বিদেশে ঘূৰি ফুৰা কথাটোত তাই মিহিকৈ ঈৰ্ষা এটা অনুভৱ কৰিছিল । তাইও যে বৰ ভ্ৰমণপ্ৰিয় !পুৰুষ হোৱা হ’লে হয়তো তাইও পাৰিলেহেঁতেন দিহিঙে-দিপাঙে ঘূৰি ফুৰিবলৈ।ভ্ৰমণ তাইৰ বাবে এতিয়া বিলাসিতা হৈ পৰিছে । তাইৰ স্বামীৰ এমাহৰ মূৰে মূৰে টুৰ থাকে, তাই ঘৰ চম্ভালে । তাইৰ স্বামীৰ ৰাতি এপৰলৈকে ক্লাৱত পাৰ্টি, তাই ঘৰ চম্ভালে । আৰু তাই প্ৰিয় বান্ধৱীৰ বিয়াখন খাবলৈ ছমাহ আগৰ পৰা কুতুৰি কুতুৰিও মিলাব নোৱাৰেগৈ ।নাৰীত্বৰনো কিবা অস্তিত্ব থাকেনে ? ক্ষোভ এটাই মনৰ চোতালত অগাদেৱা কৰি থাকে ।কলমৰ খোচঁত ক্ষোভবোৰ উজাৰি উজাৰি তাই ভাবি থাকে কথাবোৰ ।নিমি..... নিমি.....তাৰ মাজতো নিমি নামৰ শীতল বতাহ এছাটিয়ে চুই যায় তাইক ।

সেই বৰুণৰে এদিন উচ্ছাসভৰা কন্ঠস্বৰ ভাঁহি আহিছিল ফোনত, “হেই দামিনী, শুনাচোন, মুম্বাইত এইবাৰ ফিল্ম মহোৎসৱ আৰম্ভ হৈছে । আহিব পাৰিবা নেকি তুমি ? তুমি লেখাৰ বহুত সমল পাবা । আহি যোৱা”, অত্যন্ত ব্যস্ততাৰ মাজতো বৰুণে তাইক অনুৰোধ কৰিবলৈ নাপাহৰিলে ।

তাইৰো মন গৈছে যাবলৈ, কিন্তু তাই জানে, তাইক অকলে এই যাত্ৰালৈ যাবলৈ তাইৰ স্বামীয়ে কেতিয়াও অনুমতি নিদিয়ে । এক হতাশাই লাহে লাহে তাইক গ্ৰাস কৰি আনিলে । বিয়াৰ আগত দেখোন অকলেই ইমূৰ সিমূৰ কৰি আছিল, তেতিয়া দেখোন কোনেও একো ভবা নাছিল । বিয়াৰ পাছত পৃথিৱীখন কিয় ইমান সলনি হৈ গ’ল ?

দুদিনমান তাই চকুৰ পতা নজপালে । শেতেলিত উচুপিলে তাইৰ বহুমূলীয়া হেঁপাহবোৰে । নিজলৈকে ধিক্কাৰ জন্মিল তাইৰ । তেওঁৰ এটা হেঁপাহ কিনিবলৈ যে তাই বন্ধকত থলে অতবোৰ আশৈশৱী বহুমূলীয়া হেঁপাহ । কিমান কথা যে জনাৰ হেঁপাহ থাকি গ’ল ! কিমান কথা যে চোৱাৰ হেঁপাহ থাকি গ’ল! কিমান ঠাই যে চোৱাৰ হেঁপাহ থাকি গ’ল ! জনাৰেতো হেঁপাহ । তাৰ বাহিৰেনো কি?

ৰাতি বিছনাৰ পৰা উঠি তাই কাথনীৰ ৰূম পালেগৈ ।‘বাই, বাই, কাথনী বাই’, তাই লাহেকৈ মাতিলে । কাথনী ধহমহাই উঠিল । সুধিলে, “কি হ’ল আই ?”

“বাই, মই অলপদিন বাহিৰলৈ যাম। তুমি নিমিক চম্ভালিব পাৰিবানে ?”, তাই কাথনীক সুধিলে ।

“হয় নেকি আই ? নিমিক চম্ভালিব পাৰিম মই , কিন্তু ছাৰে তোমাক অকলে বাহিৰলৈ যাবলৈ দিব জানো ?”, কাথনীয়ে কৈছিল তাইক ।

“ছাৰক মই মিছাকৈ কিবা এটা কম । নহলে ছাৰে ইমান দূৰলৈ যাবলৈ নিদিব ।

এসপ্তাহৰহে কথা ।”, মিছাকৈ কৈ যাবলৈ তাইৰ মন নাছিল যদিও হেঁপাহটো যে বগুৱা বাই আহিছে । কি কৰে তাই !

এসপ্তাহৰ কথাহে ! কিমানটা সপ্তাহ তাই সকলোৰে নামত এৰি দিলে ? এইবাৰ তাইৰ নিজৰ কৰিব খুজিছে এটা সপ্তাহ ।

গিৰিয়েকৰ না শুনাৰ ধৈৰ্য্য নাছিল । গুৱাহাটীত থকা সম্বন্ধীয়া বায়েকৰ ঘৰলৈ যাওঁ বুলি তাই গুৱাহাটীলৈ টিকট কাটি গুৱাহাটীৰ পৰা মুম্বাই অভিমুখী ফ্লাইটত উঠিছিল । বৰুণলৈ খবৰ দিছিল তাই, নিমিৰো মাতষাৰ বুকুত ভৰাই লৈছিল । কাথনীক বাৰে বাৰে সঁকিয়াই দিছিল যাতে এক মুহূৰ্তৰ কাৰণেও নিমিক এৰি নিদিয়ে । ইচ্ছা কৰিয়েই স্বামীৰ লগত কথা পতা নাছিল । মিছাক সহচৰ কৰি আগবাঢ়িলেও তাই বিশ্বাসঘাতকতা কৰিব বিচৰা নাছিল স্বামীৰ অনুভুতিখিনিক ।

কাথনীৰ বুকুৰপৰা গৰম নিশ্বাসৰ সোঁত এটা ওলাই আহিল ।

ইমানখিনিলৈকে জানে তাই । তাৰ পাছৰ খিনি দেখিছে তাই । নিজ চকুৰে দেখিলে তাই জীৱনৰ খলা-বমা । চকুৰ আগতে সাগৰবলুকাৰ ভাস্কৰ্য্য খহাদি খহিল ঘৰখন । কাথনী নীৰৱ দৰ্শক তেতিয়া ।

মুম্বাই আৰু বাংগালোৰৰ মাজৰ প্লেন খন দূৰ্ঘটনাত পতিত হৈছিল । টিভিৰ পৰ্দাত নিহত যাত্ৰীসকলৰ নাম উচ্চাৰণ কৰি থাকোতে সৌদামিনী দুৱৰাৰ নাম, ঠিকনা আৰু ফটোৱে ৯ ডেচিবেলৰ জোকাৰণি এটা দি গ’ল দুৱৰা চৌহদত ।সৌদামিনী বাংগালোৰত ? কেনেকৈ ? কেনেকৈ ?

তাৰ পাছৰ সময়বোৰ যেন ঘড়ীৰ কাঁটাৰ দৰে ছন্দোময় নাছিল, বৰং ৰেলৰ উকিৰ দৰে কৰ্কশ ধ্বনি এটাৰে সময়বোৰ কঠিন শিলৰ গুহা এটাৰ মাজেৰেহে সৰকি গৈছিল । তাৰ মাজতে নিমি ডাঙৰ হৈছিল । সৌদামিনীক কথা দিয়ামতে কাথনীয়ে নিমিক চম্ভালিছিল । ৰাজকমল দুৱৰাৰ আৰম্ভ হৈছিল ৰঙীণ বটলৰ স’তে নিতে সহবাস ।

সৌদামিনী দুৱৰাৰ নামটো বদনামী বিশেষণ এটাৰে চহৰ কঁপাই থাকিলে বহুদিন । কাথনীৰ বাদে কোনেও নাজানিলে ঘটনাৰ সততা । ব্যভিচাৰৰ বতাহত কৰ্পূৰৰ দৰে উৰিছিল সৌদামিনী দুৱৰাৰ ব্যক্তিত্ব । সৌদামিনী দুৱৰাক হেৰুৱাই সিমান দুখ কাৰো হোৱা নাছিল হয়তো, যিমান তৃপ্তি পাইছিল তেওঁৰ বিষয়ে মুখৰোচক কাহিনী ৰটনা কৰি ।

কাহিনীৰ মধ্য পৰ্যায় :

মাকৰ মুখৰোচক কাহিনীবোৰে নিমিক জেদী কৰি তুলিছিল । কাথনীয়ে গেটৰ ভিতৰলৈকে তাইক চম্ভালিছিল । তাৰ বাহিৰৰ নিমিজনী উচ্ছৃংখল হৈ পৰিছিল ।অসংযত কথা বতৰাৰে অবিন্যস্ত চুলিৰে নিমি প্ৰায়েই মাজনিশাহে ঘৰলৈ সোমাইছিল ।

কাথনী বহুত কথাৰে জীৱন্ত সাক্ষী হৈ ৰৈছিল ।

কাথনী জীৱন্ত সাক্ষী সৌদামিনীৰ জীৱন অন্বেষাৰ…….

কাথনী জীৱন্ত সাক্ষী ৰাজকমল দুৱৰাৰ মিছা দাম্ভিৰ্যৰ…….

কাথনী জীৱন্ত সাক্ষী নিমিৰ উচ্ছৃংখলতাৰ……
.
লাহে লাহে কাথনী আৰু নিমিৰ দূৰত্ব বাঢ়িছিল । নিমিৰ ঘৰত থকা সময় কমি আহিছিল । ৰাজকমল দুৱৰাৰ কাণ চুৱাইছিল কাথনীয়ে । নিচাসক্ত মানুহজনে ‘মাক চাই জীয়েক’ বুলি মূৰপোলোঙা দিছিল । এনেকৈয়ে হয়তো নিমি চূড়ান্ত পৰ্যায় পাইছিলগৈ ।

নিমিৰ স্বাস্থ্য দিনে দিনে বেয়া হৈ আহিছিল ।ধোঁৱা আৰু পানীয়ৰ মাজত জীৱনৰ ৰস বিচৰা নিমিজনী হাড়ে-ছালে লাগি আহিছিল । তাৰ মাজতো ট ট কৈ জিলিকি আছিল তাইৰ ওফোন্দা পেট ।

ৰাজকমল দুৱৰাৰ থৰকাছুটি হেৰাইছিল । নিমি মৌন……

ৰাজকমল দুৱৰাই ডক্টৰ মাতিছিল ।নিমি মৌন……

এটা মৃত সন্তান প্ৰসৱ কৰিছিল নিমিয়ে  । ৰাজকমল দুৱৰাই স্বস্তিৰ নিশ্বাস এৰিছিল ।

মৃত শিশুটো বাৰীৰ চুকত সমাধিস্থ হৈছিল । নিমি উন্মাদিনী……

নিমিৰ ভৰিত শিকলি, হাতত ৰছী, ৰছীৰ এটা মূৰ বিছনাৰ খুঁটাত…..

কাথনী জীৱন্ত সাক্ষী……

উপসংহাৰ :

দোপালপিটা বৰষুণ এজাকেৰে ৰাতিটো পুৱাইছিল  । বাহিৰত সেয়া হয়তো সৌদামিনী আইৰ চকুপানী । যিডাল শিকলি খুলি থৈ সৌদামিনী এসপ্তাহৰ কাৰণে জীৱনৰ সুধা বিচাৰি ওলাই গৈছিল, সেই ডাল শিকলিয়েই এতিয়া কালনাগ হৈ ওৰেটো জীৱন নিমিৰ ভৰিত ।

Monday, March 19, 2018

গল্প : জোকাৰণি



অফিচিয়েল টুৰত কেৰেলাত ভৰি দিয়াৰ পাছতে,
……………………………………………………………………………
* কেতিয়া আহিবা ?*
* এসপ্তাহমান থাকিম *
* এসপ্তাহ !! মোলৈ মনত পৰিছে নে নাই ?*
* তোমাৰ ? *
* বহুত বহুত বহুত *

প্ৰথমটো জোকাৰণি ।
……………………………………………………………………………
ঘুৰি অহাৰ পাছত

* আহি পালা? *
* হমম *
* অফিচলৈ কেই বজাত আহিবা *
* 10 টা বজাত । *
* গেটৰ ওচৰত ৰৈ দিবা । মই চাম তোমাক । চাব লাগিব তোমাক ।*

দ্বিতীয়টো জোকাৰণি ।

………………………………………………………….........................

চাহ একাপ খাবলৈ হোটেল এখনত সোমাল দুয়ো । হাতখন ধৰি ল’লে এদিন হঠাতে । চম্ভালিব নোৱাৰি চিকুটি দিলে তাই । তাইৰ দীঘল নখৰ দাগ ৰৈ গৈছিল তেওঁৰ হাতত । টিটেনাচ বেজী লবলগীয়া হোৱাকৈ ।

তৃতীয়টো জোকাৰণি ।

……………………………………………………………………………

তাইৰ ঘৰৰ চোফাত বহি আছিল দু্য়ো ।থ্ৰী কোৱাৰ্টাৰ পেন্ট আৰু বেঙুন ৰঙৰ টপৰ স’তে তাই । ওচৰতে তেওঁ । চাহ খাইছে । অৰ্থ নোহোৱা কথা পাতিছে । তাইক চুই দিছিল ঘপহকৈ । মেৰিয়াই লৈছিল এহাতেৰে ।

চতু্ৰ্থটো জোকাৰণি

……………………………………………………………………

কলিংবেলটো বাজি উঠিছিল ৰাতি ৯ মান বজাত । ঘৰত কোনো নাছিল । তেওঁ জানিছিল । অলপ আগতে ফোনত কথা পাতোতে কৈছিল তাই । ড্ৰেছ চেঞ্জ কৰি নাইটিটো পিন্ধিছিলহে মাত্ৰ । কি কৰিব কি নকৰিব কৈ দুৱাৰখন খুলি দিলে তাই । তেওঁ অনুসৰণ কৰিলে । পিছফালৰ পৰা টানি আনিলে । বুকুত মূৰ গুজিলে । আদিমতাৰ স’তে খেলিবলৈ গৈ তেওঁ জ্ঞানশূন্য হৈ পৰিল । গুচি গ'ল হঠাতে । আহত হৰিণীৰ চকুযোৰ সামৰি ।

পঞ্চমটো জোকাৰণি ।

…………………………………………………………………………

তাৰ পিছৰ জোকাৰণিবোৰ জুইৰ নদীত জাহ গৈছে । সময়বোৰো জাপ মাৰি আত্মহত্যা কৰিলে সেইখন নৈতে । কেতিয়াবা অভিমানৰ, কেতিয়াবা দুখৰ, কেতিয়াবা নিৰাশাৰ,কেতিয়াবা খংৰ জুইৰ নৈ সেইখন ।

…………………………………………………………………………

আৰু তাই ………তাই হৈ থকা নাছিল । সৰু চহৰখনত তাই এটি খবৰ হৈছিল । তাই কুন্তী হৈছিল ।

(সমাপ্ত)






গল্প: এনিশা টোপনিৰ দাম


---------------------------------------------------------------------

লা পিলা দে চাকিয়া
পেয়মানা পেয়মানে কে বাদ
হোচ কী বাতে কৰুংগা
হোচ মে আনে কে বাদ……………….

“অৰ্ণা , অৰ্ণা  আৰ য়ু দেয়াৰ? আছা নে তুমি ? প্লিজ হেল্প । আজি ৰাতিটো মোক সহায় কৰা অৰ্ণা ।“  মেচেঞ্জাৰ মেছেজটোনটো বাজি উঠিল । চালে । কিঞ্চিত আচৰিত হ’ল । সেয়া তাইৰ একালৰ জেষ্ঠ দাদা তুষাৰদা ।তাকো সুদীৰ্ঘ পোন্ধৰ বছৰৰ পাছত ।

কি হ’ল আক’ তুষাৰদাৰ ? কলেজৰ দাদা টাইপ উদণ্ড আৰু অসমৰ খেল জগতৰ এটা সুখ্যাত নাম তুষাৰ দাৰ কি হ’ব পাৰে তাইৰ পৰা সহায় বিচাৰিব পৰাকৈ ?

ৰাতি বাৰ বাজিছে ইতিমধ্যে । এতিয়া এই মেছেজৰ ৰিপ্লাই দিয়া মানে তাইৰ টোপনি আনিবলৈ চেষ্টা কৰি থকা পংকজ উদাচৰ গজলৰ পৃথিৱীখনৰ পৰা নিজকে আঁতৰাই অনা । লাভৰ মূৰত তাইৰ ৰাতিৰ টোপনি ক্ষতি হ’ব, ৰাতিপুৱালৈ তাইৰ শৰীৰৰ জটিলতা বাঢ়িব,  তাকে হ’লে স্বামীৰ বকনি শুনিব লাগিব । “টোপনি আৰু খোৱা-বোৱাত খেলিমেলি কৰি বেমাৰ হলে মোৰ একো মৰম নালাগে দেই”-তাইৰ টোপনি ক্ষতি কৰা কথাটো লৈ স্বামীৰ আপত্তিৰ অন্ত নাই । বহুত কিবা কিবিৰ মূল্য দিব লাগিব এই এটা মেছেজৰ ৰিপ্লাই দিয়াৰ লগে লগে ।

“দিল মেৰা লেনে কী খাতিৰ
মিন্নতে কিয়া কিয়া না কী
কেইচে নজৰে ফিৰ লী
মতলব নিকালনে কে বাদ”………………..

“অৰ্ণা অৰ্ণা, মোক পাহৰিলা নেকি ? মই তোমাতকৈ তিনিবছৰৰ ওপৰৰ বেটচৰ আছিলো” ।

উস! কি যে সুধি আছে তুষাৰ দাই ! তেওঁকনো পাহৰিব পাৰিনে ? ইমান উজ্জ্বল ব্যক্তিত্ব, লগতে সুন্দৰ জীৱনবোধ, লগতে খেল জগতৰ এটা বিখ্যাত নাম । কিন্তু তাইৰ সচাঁকৈ উপায় নাই । কথা পাতিবলৈ মন গলেও এই সময়ত কথা আৰম্ভ কৰা মানে বহুত ৰাতি হ’বগৈ ।

কি কৰে ? কি কৰে তাই । তুষাৰ দাই তাইকে কিয় যোগাযোগ কৰিছে?

ৱক্ত চাৰে জিন্দেগী মে
দো হী গুজৰে হে কঠিন
এক তেৰে আনে চে পেহলে
এক তেৰে আনে কী বাদ……………..

কি কৰে ? কি কৰে তাই  ? ইমান বছৰৰ পাছত তুষাৰ দাই কিয় এই ৰাতিখন তাইলৈ মেছেজ পঠিয়াইছে ?

কী পেদত আঙুলি বোলালে, “তুষাৰ দা, ইমান দিনৰ মূৰত আপুনি যোগাযোগ কৰিছে । বৰ ভাল লাগিছে । কিন্তু ইটজ টু লেট । ইনবক্স য়ৰ ফোন নাম্বাৰ । ৰাতিপুৱাই ফোন কৰিম আপোনাক । এতিয়া শুভৰাত্ৰি । বাই ।“

মেচেঞ্জাৰ লগ আউট কৰিলে । গজলৰ পৃথিৱীত ডুব গ’ল পুনৰ ।

চুৰ্খ চুৰু হোতে হে
ইনচান ঠোকৰে খানে কে বাদ
ৰংগ লাতে হে হেনা
পত্থৰ কে পিচ জানে কে বাদ…………
__________________________________________________________________________________

“গাটো অলপ ভাল লাগিছেনে তোমাৰ ? ৰাতি তোমাৰ ভাল টোপনি আহিল নে বাৰু ?”, ব্ৰেকফাষ্টৰ টেবুলত বহি তাইৰ স্বামীয়ে দৈনিক কাকতখন পঢ়ি থকাৰ পৰাই তাইলৈ নোচোৱাকৈ সুধিলে ।

“ও , টোপনি আহিছিল ভালকৈয়ে , ফ্ৰেছ লাগিছে আজি”, অৰ্ণাই কৈ উঠিল ।

স্বামীয়ে পঢ়ি থকা কাকত খনলৈ এনেই চকু গল তাইৰ । বুকুখন মোচৰ খাই উঠিল । অজস্ৰ বৰলৰ কামোৰত তেতিয়া ক্ষত-বিক্ষত তাইৰ সুকোমল হৃদয় ।

কাকতখনত যে লিখা আছিল, “ৰহস্যজনক কাৰণত প্ৰখ্যাত ফুটবল খেলুৱৈ তুষাৰ কাকতিৰ আত্মহত্যা” ।

হয়, সেইনিশায়ে তাইৰ টোপনিৰ শেষনিশা আছিল । এনিশা টোপনি এতিয়া তাইৰ চকুৰ পতাই বলে লব নোৱাৰাকৈ গধুৰ ।

(সমাপ্ত)



গল্প: মই, সি আৰু এখন উদভ্ৰান্ত পৃথিৱীৰ এটা নিমিলা অংক
(পৰী পাৰবীন,ডিব্ৰুগড়)

বাস্তৱৰ বহিঃপৃষ্ঠ:
----------------

নিয়ন লাইটৰ পোহৰেৰে চহৰখনত ছাঁ-পোহৰৰ ৰেখা অঁকা সময়ৰ কথা । ঘৰমুখী মানুহৰ ব্যস্ততাই দিনান্তত চহৰখনক আকৌ এবাৰ প্ৰাণ দিছে । মোক গাড়ীতে এৰি নয়ন ৰাস্তাৰ কাষৰ ডিপাৰ্টমেন্টেল ষ্টৰখনলৈ সোমাই যায় । বহুদেৰিয়েই হ’ল, নয়ন অহা নাই । ৰৈ ৰৈ আমনি লগাত মই ফেচবুকত অৰ্থনীতিৰ ওপৰত লিখা নিবন্ধ এটাৰ ওপৰত চকু ফুৰাই আছো । দিনৰ অত্যধিক গৰমক জুৰ দিবলৈকে হয়তো কিনকিনকৈ বৰষুণ এজাকো নামি আহিল । খোলা খিৰিকীখনেৰে হাতখন উলিয়াই কিবা অজান আৱেশত মই বৰষুণৰ টোপালবোৰ চুই থাকিলো । ষ্টেৰিঅ’ত হিন্দী বোলছবিৰ পুৰণি গান এটা বাজি আছে । হঠাতে খিৰিকীৰ বাহিৰৰ পৰা মানুহ এজনৰ বিৰবিৰণি এটা কাণত পৰিল । লাহে লাহে বিৰবিৰণিটো ওচৰ চাপি আহিল ।ফেচবুকৰ পৃথিৱীৰ পৰা মূৰ তুলি চাই পঠিয়ালো ।

আসঃ সি !

কোন আছিল ঠিক মনত পেলাব নোৱাৰিলো । কিন্তু অতি চিনাকী সেই চেহেৰা । তাৰ কাতৰ চকুযুৰি । আসঃ ! কি যে ক’ব খোজে সি মোক ! মোলৈ চাই সি বিৰবিৰাই থাকিল । বিৰবিৰণিবোৰ বাঢ়ি গ’ল । মই তালৈ চাই থকা দেখি তাৰ সাহস বাঢ়ি গ’ল । সি গাড়ীখনৰ চাৰিওফালে পাক মাৰিবলৈ ধৰিলে । বুকুখন মোৰ ঢপঢপাবলৈ আৰম্ভ কৰিলে । কোন হয় সি ? কোন হয় ? মানসিকৰোগী নে ? চোৰ নহয়তো ! নতুবা কোনোবা নিচাগ্ৰস্ত ?

ফোনটো টানিব নেকি মোৰ ? খিৰিকীখন বন্ধ কৰিবলৈকো মোৰ শক্তি নোহোৱা হ’ল । এই নয়নটোৱে যে ইমান দেৰি কৰিছে ! সি মোলৈ চায়, বিৰবিৰায়, গাড়ীৰ চাৰিওফালে পাক মাৰে । আকৌ চায়, বিৰবিৰায়, আকৌ পাক মাৰে ।

মই উশাহ নসলোৱাকৈ বহি আছো । আঠত্ৰিশ ডিগ্ৰী চেলচিয়াচতো মোৰ শৰীৰ শীতল হৈ পৰিছে । ইমান ভয় খাবলগীয়া কোনো কথায়েই নহয়, অথচ মই ভয় খাইছো ।

তেনেতে নয়ন আহি গাড়ীৰ দুৱাৰ খোলাৰ লগে লগে সি বুলি ভাবি মই আকৌ চক খাই উঠিলো, দেখিলো সি অলপ দূৰলৈ গৈ মোলৈ চাই আছে ।
কি হৈছিল মোৰ ? নাজানিলো । জীৱনত হয়তো এনে পৰিস্থিতি আহে, কোনো কাৰণ নোহোৱাকৈয়ে কিছুমান অকাৰণ সঁচা হৈ পৰে । সিদিনাৰ কথাটো মনৰ পৰা মোহাৰি পেলালো ।

দুমাহৰ মূৰত আকৌ এদিন দেখিলো সি মোৰ ঘৰৰ গলিটোত টহল দি আছে । নয়নক ক’লো । নয়নে পাত্তা নিদিলে । চহৰখনৰ বুকুত কতবোৰ ঘটনা । কোনে কাৰ হিচাপ ৰাখে ? মই কলেজ যোৱালৈকে সি তাতে বহি থাকিল । মই তাক নেদেখাৰ ভাও ধৰি স্পীডত গাড়ী চলাই গুচি আহিলো । বেক মিৰৰেৰে দেখিলো, সি পিছে পিছে দৌৰি আহিছে ।

কলেজৰ গেটখন পাই মোৰ আকৌ আচৰিত হোৱাৰ পাল । সি তাৰ লেতেৰা দাঁতকেইটা নিকতাই মোলৈ চাই হাঁহি আছে । তৰ্কিবই নোৱাৰিলো, ইমানদূৰ ৰাস্তা সি কি'হেৰে আহিল ।

কলেজত সোমায়েই নয়নক ফোন কৰিলো, উষ্মা জাৰিলো । নয়নে বোলে, “কোনোবা হিষ্টিৰিয়াৰোগী হ’ব পাৰে । ৰ’বা পুলিচত খবৰ দিওঁ” । পুলিচৰ নাম শুনাৰ লগে লগে মোৰ পিছে বুকুখন ধহমহাইহে গ’ল ।

“নালাগে নালাগে পুলিচত খবৰ দিব নালাগে, সি মোক একো অপকাৰ কৰা নাইতো ।”

লাহে লাহে সি মোৰ খবৰ ৰখা হ’ল । গধূলিবোৰত তাৰ গোন্ধ পোৱা হ’লো । কোনোবাদিনা মই তাৰ ফালে নাচালে সি জাপ মাৰি আহি মোৰ চলন্ত গাড়ীৰ বনেটত বহি দিয়েহি । কোনোবা এদিন আকৌ দীঘল দীঘল খোজেৰে মোৰ সন্মুখেৰে পাৰ হৈ যায় । চিনাকী হৈ পৰিলেও তাৰ প্ৰতি মোৰ ভয় নকমিল । কিম্বা তাক উপেক্ষা কৰো বুলিলেও উপেক্ষা কৰিব নোৱাৰা হ’লো । তাৰ স’তে কিবা যেন আত্মীয়তা আছে মোৰ । নয়নক সেই কথা ক’বলৈ ভয় লগা হ’ল । নয়নে এইবিলাক ‘ঝামেলা’ত সোমাব নিবিচাৰে । আত্মৰক্ষাৰ বাবে আইন আছে । আইনৰ সুপ্ৰয়োগ কৰিব লাগে । নয়নৰ সেই মতামত ।
মোৰ দৃষ্টিভংগী অলপ বেলেগ । মই তাক কোনো মানসিক ডাক্তৰৰ ওচৰলৈ লৈ যাব খুজিছিলো । নয়নে মোক ধমকি দিলে ।  নলগা জেঙত লগা মোৰ এই স্বভাৱটো নয়নে অলপো ভাল নাপায় ।

“পৃথিৱীত অলেখজন এনেকুৱা মানুহ পাবা । কিমানজনৰ পিছত দৌৰি ফুৰিবা ? কিমানজনক সহায় কৰিবা ?”

“অন্তত এজনক”, মই তপৰাই মাত মাতো ।

নয়নৰ মুখখন কঠোৰ হৈ পৰে । মোক বুজোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা হেনো একেই কথা । প্ৰায়ে বন্ধুবৰ্গৰ আগত তেনে অভিযোগ কৰে ।

বাস্তৱৰ অন্তঃভাগ:
------------------

দিন যায়, ৰাতি আহে । গছৰ পাতে ৰং সলায় । কিনকিনীয়া বৰষুণজাকে প্লাৱন আনে । প্ৰখৰ ৰ’দ গুচি কঁহুৱানি কোমল কৰা ৰ’দজাকৰ আগমন ঘটে । তাৰ পাছত আঘোণৰ গোন্ধ বিয়পাই কুঁৱলীৰে চহৰ ভৰে । সেই ৰাতিবোৰতো সি কঁপি কঁপি অভাৰব্ৰীজৰ ফুটপাথত পৰি থাকে । চহৰখনৰ এজুম মানুহ ব্যস্ততাৰে তাৰ কাষেৰে পাৰ হৈ যায় । সি কালৈকো নাচায় । কোনেও তালৈ নাচায় ।

“তোমাকেই চায় সি । তোমাৰ পুৰুষ বন্ধুবোৰে তোমাৰ ৰূপৰ গুণ গায় । এতিয়া ৰাস্তাৰ পগলাটোৱেও তোমাকহে পায়”, নয়নে ক্ষোভ উজাৰে ।

উজাই অহা খংটো দমাই থওঁ । সমানে সমানে খং কৰিলে মই যে মই হৈ নাথাকিম । মই সদায়েই শান্ত হৈ থাকিব খোজাৰ বিপৰীতে নয়নৰ খংবোৰ দিনে দিনে বাঢ়ি গৈছে । সৰু সৰু কথাতে তেওঁ উত্তেজিত হৈ পৰে ।

বাস্তৱৰ পশ্চাদপৃষ্ঠ:
-----------------

এনে এটা সন্ধ্যাতে এদিন কান্ধত জেকেটটো পেলাই দীঘল খোজেৰে নয়ন সোমাই আহি বেতৰ চোফাখনত ধামকৈ বহি পৰে । মুখখন তেওঁৰ চিন্তাক্লিষ্ট । সদায় দেখি থকাৰ দৰে নহয় । কি হ’লনো ? বুকুখন চিৰিংকৈ মাৰে মোৰ । ঘৰ সোমাই লেপটপ খুলি নয়নে ইণ্টাৰনেটত শ্বেয়াৰ মাৰ্কেট অধ্যয়ন কৰি থাকে । মাজতে বাজি উঠা ফোনটো দাঙি সিফালৰ কোনোবাজনক উচ্চস্বৰত গালি গালাজ আৰম্ভ কৰে । ৰ’ব নোৱাৰি সুধি পেলাওঁ মই,
“কি হ’লনো তোমাৰ ? অফ মুডত আছা যে ? টাৰ্গেট পূৰা হোৱা নাই নহয় ?”

নয়ন গৰগৰাই উঠে, “কিহ’ৰ টাৰ্গেটৰ কথা ক’লা সোনজনী? চাকৰিটো গ’ল মোৰ, চাকৰিটো গ’ল ।”

চাকৰিটো গ’ল নয়নৰ ? দিনে ৰাতিয়ে ইমানকৈ কাম কৰাৰ পাছতো চাকৰি যাব পাৰে নয়নৰ ? আচৰিত হ'লো । নয়নৰ চকুলৈ চালো । কোটৰত সোমোৱা শুকান এযোৰ চকু। পৰাজিত সৈনিকৰ দৰে আশাহত চেহেৰা । ধূসৰ হৈ উঁৱলি যোৱা মুখৰ বৰণ । শেঁতা ওঁঠ ।

“কি হ’লনো অ’ ? চাকৰিটো গ'লেই যেনিবা, তাতেনো কি হয় ? জীৱনক সহজভাৱে লোৱা নয়ন । চাকৰিটোহে গৈছে । বুদ্ধি নাশ হ’ব নোৱৰাকৈ মগজুটো এতিয়াও আছে । কাম কৰিব পৰাকৈ সবল দুখন হাত আছে । ঠিয় হ’ব পৰাকৈ দুখন ভৰিও আছে । আৰু কি লাগে হা? জীয়াই থাকিবলৈ আৰু কি লাগে?”, ক’ব বিচৰা কথাবোৰ মনতে পাগুলি থওঁ । নকওঁ ।

দুই মিনিটৰ মৌনতা উকলি যায় । তাৰ পাছত নিৰ্বিকাৰচিত্তে মই মাত লগাওঁ, “হ’ব দিয়া । এতিয়া মুখহাত ধোৱা । মই ৰুটি সেকো । খাই লোৱা” ।

টেবুলত বহিল যদিও নয়নৰ মুখখনৰ পৰা ডাৱৰখিনি দূৰ হৈ নাযায় । মেডিকেল ৰিপ্ৰেজেন্টিভ হৈ মেডিচিন কোম্পানী এটাৰ আঞ্চলিক শাখাৰ দায়িত্বত আছিল তেওঁ। তলৰ মানুহবোৰে ভালদৰে কাম কৰিব পৰা নাই । ঘৰতো এফালে মোৰ পুঁজিপতিবিৰোধী মন্তব্য, আগতে মাজে সময়ে খোঁচ নিদিয়াকৈ থকা নাছিলো,

“আচ্ছা । তোমালোকে যে ডাক্তৰৰ উপহাৰৰ নামত ইমান টকা খৰচ কৰা, কি লাভ হয় কোম্পানীৰ?”

“আৰে । তুমি এইবোৰ নুবুজিবা । এইবোৰ কোম্পানীৰ পলিচী বুজিছা” ।
“কি পলিচী ? বুজোৱা মোক । কিয় নুবুজিম?”

“ডাক্তৰজনক উপহাৰ দিলেহে ডাক্তৰে প্ৰেছক্ৰিপশ্বনত আমাৰ কোম্পানীৰ ঔষধৰ নাম লিখিব । তেতিয়াহে আমাৰ ঔষধৰ চাৰ্কুলেশ্বন বাঢ়িব” ।

“আচ্চা । মানে ঘোচ দিয়া তোমালোকে । ধৰা পৰিলে দেখোন জেললৈ যাবা ।”
“এই! কি কোৱা! কি কোৱা! ঘোচ নহয়, উপহাৰ বুলি কয়, উপহাৰ”, নয়নৰ মাতটো টানকৈ ওলায় ।

“ঘোচেই হয় । তোমালোকে ঘোচ দিয়া । ডাক্তৰে তোমালোকৰ কোম্পানীৰ ঔষধৰ নাম লিখে । দৰকাৰী ঔষধ নহলেও লিখে ।তাৰ ফল সৰ্বসাধাৰণে ভূগে । বেমাৰ ভাল নহয় । বৰঞ্চ পানীৰ দৰে পইচা যায় । হেৰৌ পাপ হ’ব বুইছা। বেমাৰী মানুহৰ লগত ধেমালি কৰিব নাপায় ।“

“ক’তনো ধেমালি ? আমি ওপৰৱালাৰ নিৰ্দেশ মানি চলো।“

নয়নৰ লগত প্ৰায়ে এই কথাবোৰত উজুটি খাওঁ । বহুজাতিক কোম্পানীবোৰে আবেগ কিনিছে । আবেগৰ নামত ধন ঘটিছে । সৰ্বসাধাৰণ ৰাইজ হাথিয়াৰ হৈছে । কিন্তু কাকনো বুজাওঁ, কোনে পতিয়াব ? সেয়ে মনে মনে থাকো । কলেজৰ লৰা-ছোৱালীবোৰক মই অৰ্থনীতি পঢ়াওঁ । পুঁজিপতিৰ সূত্ৰৰে অৰ্থনীতি ঠাহ খাই থাকে ।

নিজৰ কলেজীয়া দিনলৈ ঘূৰি যাওঁ । মানসিকতাৰ আকৃতিত গঢ় লোৱা ভৱিষ্যতৰ ভাঁজবোৰে ৰূপ লয় য’ত ।

“আমি এক বিপ্লৱ আৰম্ভ কৰোঁ আহ।“, অৰ্থনীতিৰ কোনোবা এটা ক্লাছত ধ্ৰুৱই আৰম্ভ কৰিছিল কথাষাৰ ।

“বিপ্লৱ !”, নৱ, প্ৰণৱহঁতে একপ্ৰকাৰ চিঞৰিয়ে দিছিল ।
“অ’ সেউজ বিপ্লৱ কৰিম । তহঁতে চিন্তা কৰ । ভোটজলকীয়াৰ খেতি কৰিম, ফুলৰ খেতি কৰিম, থলুৱা বস্তুৰ উপৰিও বজাৰৰ চাহিদা থকা শস্যও ৰোপণ কৰিম ।

বিপৰীতে নয়নে মোক কৈছিল, “মই এম বি এ কৰিম । আজিকালি এম বি এ কৰিলে খুব ডিমাণ্ড । লগে লগেই বাহিৰলৈ চুউউউউট”, হাতেৰে উৰি যোৱাৰ অভিনয় দেখুৱায় নয়নে ।

চুউউউউউট……………

বাহিৰলৈ যোৱাৰ অনুশীলনত ব্যস্ত হৈ পৰিল নয়ন । চাকৰি, প্ৰমোচন, টাৰ্গেট, বনাচ, এক্সপ’জাৰ, বিদেশ যাত্ৰা এইবোৰত নয়নৰ সুখৰ গ্ৰাফডাল দোপতদোপে ওপৰলৈ উঠি যাবলৈ ধৰিলে । আৰু মই থাকিলো চহৰৰ চুক-কোণৰ সুখ-দুখবোৰ বিচাৰি । বৰষুণত তিতি তিতি গুমটিখনৰ পৰা চাহ-পকৰী খাওঁ, বজাৰত পাচলি বেচিবলৈ অহা সৰু লৰাটোক দুটকামান বেছিকৈ দি পেলাওঁ । সৰু মানুহ, সৰু সৰু সুখৰ অৰ্থনীতিৰ লগত নিজকে সাঙুৰ খোৱাই লওঁ ।

‘অনৰ্থক কাৰবাৰ এইবোৰ’, নয়নে ভোৰভোৰায়, “অৰ্থনীতিৰ মানুহ হৈ তুমি অৰ্থনীতি নাজানা” ।

বজাৰ অধ্যয়ন কৰে নয়নে । মই অধ্যয়ন কৰো বজাৰত বেচা কিনা কৰা সুখ-দুখবোৰ । কাৰ পকেটত কিমান টকা সোমালে সুখ এমুঠি কিনিব পাৰিব, মোৰ সেই হিচাপত তল যায় নয়নৰ পাৰ্শ্বক্ৰিয়াযুক্ত ঔষধৰ বজাৰ মূল্য ।

ৰাতিবোৰে আজিকালি মোৰ স’তে কথা পাতে । খিৰিকীমুখৰ কৰৱীজোপাৰ স'তে আলিংগনত ৰত হয় নিয়ৰকণাজাক । ভাৰসাম্য ৰাখিব নোৱাৰি নিয়ৰৰ টোপালবোৰ কৰৱীজোপাৰ পৰা তললৈ সৰি পৰাৰ শব্দতে মই সাৰ পাই যাওঁ । গাত উঁৱলা চোলা পিন্ধি ফুটপাথত পৰি থকা পগলাটো মনৰ পৰ্দাত জিলিকি উঠে । কিবা ক’ব খোজে সি মোক । হয়। হয় । কিন্তু কি ক’ব খোজে সি মোক ? শীতৰ কোনো এক অস্থিৰ ৰাতিৰ এপৰত নয়নক জগাই দিওঁ,
“নয়ন ! নয়ন !”

“হা কি হৈছে ?”, গভীৰ টোপনিৰ পৰা সাৰ পাই নয়ন খকমকাই উঠে  ।
“নয়ন তাৰ চাগৈ ঠাণ্ডা লাগিছে।“

নয়ন চক খাই বিছনাত বহি পৰে । কোন স্বামীয়ে পত্নীৰ পৰা এনে পাগলামি আশা কৰে ? কেতিয়াবা মোৰ মনত শংকা হয় । আচলতে বলিয়া কোন ? সি নে মই ? নে নয়ন ? নহয় । নয়ন হ’ব নোৱাৰে । নয়ন বাস্তৱবাদী । মোৰ পাল্লাত পৰিহে নয়নৰ ভ্ৰম হৈছে । মই ঠিক কৰিব লাগিব নিজকে”, নিজেই নিজক প্ৰবোধ দি মই কম্বলখন টানি শুই পৰোঁ । নয়নে গাৰু লৈ চোফাৰ ফালে আগবাঢ়ি যায় । মই জাপ মাৰি বিছনাৰ পৰা নামো ।নয়নৰ পিঠিত মুখ গুজি পিছপিনৰ পৰা সাৱটি ধৰো,
“আৰু নকৰো নয়ন । এনেকুৱা আৰু নকৰো।”

নয়নে দেখোন আজিকালি বেলেগ আচৰণ কৰিবলৈ লৈছে । মাজে মাজে উদাসীনতা, মাজে মাজে খিংখিঙীয়া । খোৱা-পিন্ধাত ৰাপ নোহোৱা, ক'লৈকো ওলাই যাব নোখোজা । কেতিয়াবা দিনৰ দিনটো লেপটপ অন কৰি শ্বেয়াৰ মাৰ্কেটত ঘূৰি ফুৰে । তেওঁলোকৰ কোম্পানীটোৱে হেনো কোটি কোটি টকাৰ লোকচান ভৰিছে ।

ৰাতি এপৰলৈকে নয়ন টেবুলত বহি থাকে । চিগাৰেটৰ ধোঁৱাৰে কোঠাটো উশাহবন্ধ হৈ পৰে । কোঠাটোৰ পৰা ধোঁৱাৰ কুণ্ডলীবোৰে মোক খেদি আহি বিছনাখন ভিৰ কৰেহি । কম্বলখন ধোঁৱাময় হৈ পৰে । ক’ৰবাত ভমককৈ একুৰা জুই জ্বলে । সেই জুয়ে মোক দহে । অহৰ্নিশে দহে । সেই দহনৰ পৰা পলাবলৈ আহি নয়নৰ পিঠিত হাত থওঁ । নয়নে সঁহাৰি নজনায়, মাত নামাতে, উচুপিও নুঠে ।

মই ইন্টাৰনেট খুঁচৰো । ‘কি হৈছে নয়নৰ’ বুলি চাৰ্চ ইঞ্জিনত শাৰী পাতো । ইন্টাৰনেটে মোক সঁহাৰি জনাই উত্তৰ দিয়ে, “নয়ন হতাশ হৈছে । সেয়ে সি উদভ্ৰান্তৰ দৰে আচৰণ কৰিছে” ।

মই মৰমেৰে নয়নৰ চুলিকোচা লিৰিকি দিওঁ, “হাত দুখন আছে নহয় ? জীয়াই থাকিবলৈ কিমান টকা লাগেনো নয়ন ?”

নয়নে কেতিয়াবা মোক সাৱটি সৰু লৰাৰ দৰে উচুপি উঠে । কেতিয়াবা কোনো প্ৰতিক্ৰিয়া নেদেখুৱাকৈ লেপটপৰ স্ক্ৰীণত চকু থৰ  কৰি মোক উপেক্ষা কৰে । মই পুনৰ বিছনাত পৰো । দুখন মুখ একাকাৰ হৈ যায় । নাই । মই মোৰ মনৰ জোৰেৰে নয়নক ধৰি ৰাখিব পৰা নাই ।

নয়ন ! নয়ন ! নয়ন !

ৰাতি দুপৰত মই সাৰ পাই উঠো । নয়নক বিছনাত খেপিয়াই চাওঁ । নাই । নয়ন গৈ চোফাত পৰি থাকে । মইও হতাশ হৈছো । হতাশাৰ পিছৰ পৰ্যায়লৈ গুচি গৈছে নয়ন । নয়নৰ পিছে পিছে হয়তো মই । তাৰ পাছত হয়তো সমগ্ৰ পৃথিৱী ।

সেই পগলাজনে তাৰ লেতেৰা দাঁতকেইটা নিকতাই মোলৈ চাই বিদ্ৰুপৰ হাঁহি এৰিছে । প্ৰশ্নবাণ এৰিছে,
“অসুস্থ কোন আচলতে ? মই নে ? সি নে ? নে আমাৰ সমাজখন ?”

এৰা । আমাৰ সমাজখন অসুস্থ । অসুস্থ আমি সকলোৱেই । ফেশ্বনৰ নামত নতুন নতুন কাপোৰেৰে ঘৰ ভৰাই পেলালেও নাঙঠজনৰ গাত এখন কাপোৰ মেৰিয়াই নিদিওঁ আমি । পুহমহীয়া জাৰত কঁপি কঁপি শুই থকা পগলাজনক কম্বল এখনৰ বৰ দৰকাৰ আছিল । মোৰ কম্বলখনে আকৌ মোক জুইৰ দৰে গ্ৰাস কৰিলে ।জুইকুৰাই মোক ছাই কৰি তোলাৰ আগতেই মই এক আৰ্তনাদ শুনিলো । নয়ন চিৰিৰে বাগৰি পৰিছে । কেনেকৈ ? কেনেকৈ ? চোফাত শুই থকা নয়ন কি কাৰণত চিৰি পাইছিলগৈ ? এগালমান প্ৰশ্নই জুমুৰি ধৰিলে মোক । দৌৰাদৌৰিকৈ এম্বুলেন্স মাতিলো । বিশেষ কোনো গভীৰ আঘাত পোৱা নাই নয়নে । অলপ সকাহ পালো । মূৰত দুটা চিলাই আৰু ভৰিত বেণ্ডেজ লৈ হস্পিতেলৰ পৰা ঘূৰিবৰ সময়তেই কেজুৱেলিটিৰ ডাক্তৰজনে ড০ শ্বেতাক মাতি লৈ মোক উদ্দেশ্যি কয়,
“মিচেচ মালা, তেওঁক অলপ কাউন্সেলিঙৰ প্ৰয়োজন আছে । আশাকৰোঁ আপুনি আমাক সহায় কৰিব”।

ড০ শ্বেতাক মই চিনি পাওঁ । ভাল মানসিক বিশেষজ্ঞ । একে সময়তে মোৰ তালৈকো মনত পৰিল ।কোন হয় সি, নাজানো মই । কিন্তু মোক অস্থিৰ কৰি ৰাখিব পৰা এক সত্তা হৈ পৰিছে সি । তাৰ চকুযুৰিলৈ মনত পৰিল । এসোপা প্ৰশ্ন দলিয়াই থৈ যোৱা এহাল চকু । ভীৰৰ মাজৰ পৰা আহি মোৰ কাষত থিয় হৈ ৰোৱা এহাল চকু । পুহমহীয়া ঠাণ্ডাত ৰাস্তাত কঁপি কঁপি সেই চকুহাল মুদি শুই থাকোতে মই তালৈ চাইছিলো এবাৰ। কিমান নিষ্পাপ আছিল শিশুৰ দৰে সেই চেহেৰা । কাৰো ওপৰতে যেন কোনো আক্ষেপ নাই । সেই দৃশ্যটোৱে মোক সদায়ৰ দৰেই আজিও আমনি কৰিলে । নয়নক চিকিৎসাৰ কাৰণে নিৰীক্ষণত ৰাখোতেও তালৈ মোৰ মনত পৰিছে ।মই বাৰু সঁচাই বেয়া নেকি ?

“মোক ক্ষমা কৰা নয়ন” বুলি মই মুখ ঢাকি বহি পৰোঁ । কিবা এটা কৰো । নহ'লে মই উদভ্ৰান্ত হ'ম । বুকুৰ জুইকুৰা দপদপাই জ্বলিছে । মনতে প্ৰাৰ্থনা কৰি থানাত খবৰ দিলো ।‘তাৰ দায়িত্ব মই ল’ম’, হস্পিতেল কৰ্তৃপক্ষক সেই কথা জনাই দিলো । এম্বুলেন্সখনত দুজন পুলিচৰ সৈতে সি শান্তভাৱে পিছৰ চিটত বহি আহিছিল । মই তালৈ মাজে মাজে ঘূৰি চাওঁ । নাই । পৃথিৱীখনৰ কাৰো ওপৰতেই যেন তাৰ কোনো ওজৰ -আপত্তি নাই ।

হস্পিতেলৰ এটা ৱাৰ্ডত নয়ন মোৰ বাবে অপেক্ষাৰত । সেই কথা জানিও মই সেই পগলাজনৰ চিকিৎসাৰ বাবে দৌৰি ফুৰিছো । নয়নক ৰিলিজ দিবৰ সময় হৈছে ।যাৱতীয় কামবোৰ শেষ কৰি আহি নয়নক সাৱটি ধৰিলো । মোক জ্বলাই থকা জুইকুৰা এতিয়া অলপ শাঁত পৰিছে । সেই জুইকুৰাই এতিয়া দুজনক উম দিব । মোৰ পথৰ পৰা কিছু কুঁৱলী আঁতৰি গৈছে ।

উপসংহাৰ :
----------

নয়নে ভ্ৰম বকিছিল । চিকিৎসাৰ প্ৰথম ৰাতি নয়নে বিৰবিৰাই আছিল, “হাত দুখন আছে নহয় মালা ? কিবা এটা কৰি চলিব পাৰিম নহয় আমি ?”, মোৰ দুহাতৰ মাজত শুকান হাতখন চেপি ধৰি নয়নক আশ্বাস দিছিলো, “চিন্তা নকৰিবা নয়ন ।মই আছোতো । মই আছো ।”

লাহে লাহে নয়ন সুস্থ হ’বলৈ ধৰিছিল । ঘৰলৈ গৈ নয়নক এক মিনিটৰ বাবেও এৰি নিদিলো । ক'ৰবাত আমি সকলোৱেই অসুস্থতাৰ চিকাৰ । মানসিক অসুস্থতা, শাৰিৰীক অসুস্থতা নতুবা বৌদ্ধিক অসুস্থতাৰ । ক্ষণিক সুস্থতাক লৈ অহংকাৰ কৰি কি লাভ ? নয়নৰ ভৰিৰ আঘাত খুব চিন্তনীয় নহয় । কিন্তু তেওঁৰ মনৰ ওপৰত গভীৰ চাপ পৰিছে, ড০ শ্বেতাই মোক সেই কথা কৈছিল । আৰু সমান্তৰালভাৱে সিজনৰো চিকিৎসা চলি আছিল । নয়নৰ অজ্ঞাতেই মই সেই দায়িত্ব লৈছিলো ।

মাজে মাজে নয়নক চেকআপত আনো। নয়নৰ ভৰিৰ ড্ৰেছিং কৰাওঁ । সেইখিনি সময়তে ড০ শ্বেতাৰ লগত নিৰিবিলিকৈ কথা হওঁ । তেনেদৰেই আজিও মানসিক ৰোগীৰ কক্ষলৈ গৈ থকা ড০ শ্বেতাৰ কাষে কাষে খোজ কাঢ়ি মই তাৰ হিষ্টৰী শুনিলো,
“বৰ ট্ৰেজিক ষ্টৰী মালা । এসময়ত ই খুব মেধাবী ছাত্ৰ আছিল । গৱেষণাৰ কামত নিয়োজিত হৈ থকা সময়তে তাৰ হোষ্টেলৰ ৰূমত জুই লাগিছিল । তাৰ থেচিচ জ্বলি গৈছিল।“

“অহ! চ’ চেড!”, মই হুমুনিয়াহ এৰিছিলো, “কিন্তু ড০ শ্বেতা ! সি মোৰ লগত কিয় তেনে আচৰণ কৰিছিল ?”, মোৰ উৎকন্ঠাৰ অন্ত পৰা নাছিল ।
“কাৰণ সি আপোনাক চিনি পায় । সি আপোনালোকৰে বেটচমেট আছিল । কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ আছিল।“

“মোৰ বেটচমেট ? কেমিষ্ট্ৰি ডিপাৰ্টমেন্টৰ ? নয়নেওতো কেমিষ্ট্ৰি ডিপাৰ্টমেন্টত এডমিছন লৈছিল। চিনি পোৱা নাই নেকি নয়নে ?”
“পায় মালা । নয়নে তাক চিনি ভালকৈয়ে চিনি পায় । সেইকাৰণেই নয়ন আজিও অপৰাধবোধত ভূগি আছে”, ভৰিত বেণ্ডেজ বন্ধা ভাগেৰেই নয়ন সোমাই আহে তাৰ ৱাৰ্ডলৈ ।

“কি কথা নয়ন ? কিবা লুকুৱাইছা মোৰ পৰা ?”, মই আচৰিত হওঁ ।
“অনিৰ্বাণ ! সি অনিৰ্বাণ । আমাৰ ডিপাৰ্টমেন্টৰ এজন চোকা ল’ৰা আছিল”, নয়নে কিবা কোৱাৰ আগতেই সি আহি নয়নক জপটিয়াই ধৰে । ৱাৰ্ডবয়কেইজনে  তাক আঁতৰাই নিয়ে ।সি খিটখিটাই হাঁহি হাঁহি ৰেলিঙত ধৰি আমাৰ ফালে চাই থাকে । তাৰ পাছত নয়নলৈ চাই সি নিজৰ ওঁঠত আঙুলি লগাই চিঞৰি উঠে,
“চুপ!”

নয়নৰ চকুহাল চলচলীয়া হৈ পৰে । চলচলীয়া চকুযোৰে প্ৰমাণ কৰে, নয়ন পুনৰ সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছে ।

ৰেলিঙৰ ফালে চাই পঠিয়াওঁ । চাফ-চিকুণ হৈ আছে সি । চেহেৰাত বুজা যায় সি কোনো ভাল ঘৰৰ ল'ৰা আছিল ।হাঁহিৰ মাজেৰেই সি নয়নক পুনৰ অনুৰোধ কৰে, “নয়ন ।চুপ!”

তাৰ হাঁহিটো আজি বিদ্ৰূপৰ হাঁহি নহয় । তাৰ হাঁহিবোৰত শ্লেষৰ ৰেশ নাই । তাৰ হাঁহিবোৰত যেন যীশুৰ দৰে ক্ষমাৰ বাণী জিলিকি উঠে ।

বিজুলী সঞ্চাৰিত আধানৰ দৰে তড়িৎ গতিৰে অনিৰ্বাণ নামৰ এটা নামে মোৰ মগজুত খুন্দা মাৰেগৈ । হয় হয় । মনত পৰিছে । মনত পৰিছে । বয়জ হোষ্টেলৰ আৱাসী আছিল অনিৰ্বাণ । কলেজৰ  কেমিষ্ট্ৰি ডিপাৰ্টমেন্টৰ আগেৰে পাৰ হৈ যাওঁতে হোষ্টেলৰ ল’ৰাবোৰে মোলৈ এখন চিঠি দলিয়াইছিল । কোনোবা এজনীয়ে বুটলি আনি সেইখনকে ক্লাছৰূমত আবৃত্তি কৰি শুনাইছিল । তাৰ কিছুদিন পিছত বিশ্ববিদ্যালয়ত ভৰি থৈছিল সিহঁতে । অনিৰ্বাণ গৈছিল নিজ পথে । নয়নৰ কক্ষপথ কিছু সুকীয়া । সি উৰ্ধমুখী গ্ৰাফৰ পক্ষপাতী ।

কথাবোৰ পাগুলি থকাৰ মাজতে ড০ শ্বেতাই আমাক এৰি ৱাৰ্ড পায়গৈ । ৱাৰ্ডত অনিৰ্বাণৰ চিকিৎসা আৰম্ভ কৰে । দুয়োৰে কথাৰ টুকুৰা টুকুৰা সুৰবোৰ আমাৰ কাণত পৰেহি  । নয়ন আহি মোৰ হাতখনত ধৰেহি, “মালা, মোক ক্ষমা কৰা”।
“ক্ষমাৰ কথা ক’ৰ পৰা আহিল নয়ন?”, মই কলেজৰ কেমিষ্ট্ৰি ডিপাৰ্টমেন্টৰ পৰা মনটো বুটলি আনো ।

নয়নে তলমূৰকৈ কৈ পেলায়, “কাৰণ সি মোৰ জ্বলন হৈ পৰিছিল। এই জ্বলনৰ ফলস্বৰূপেই এদিন অনিৰ্বাণৰ লগত কাজিয়া কৰি তাৰ পঢ়া-টেবুলত জুই লগাই দিছিলো ।”

আসঃ ! বুকুৰ চৰাইজনী ধৰফৰাই উঠে । মূক হৈ পৰো মই । হৃদয়ৰ মণিকোঠত অনিৰ্বাণ নামৰ লৰাজনৰ চিঠি এখনে কুণ্ডলী পকাই থাকে । সেই কুণ্ডলীটোত ক্ৰমে পাক খাই পৰে অনিৰ্বাণৰ জ্বলন্ত গৱেষণাপত্ৰৰ এমুঠি ক’লা ছাইৰে কিনা নয়নৰ ভোগ-বিলাসেৰে পূৰ্ণ এখন উদভ্ৰান্ত পৃথিৱীৰ এটা নিমিলা অংক ।

(সমাপ্ত)

গল্প:  আই কুইট

“প্লিজ বশিষ্ঠ, মোক এই অৱস্থাত এৰি নাযাবা । মই অকলে কি কৰিম বশিষ্ঠ ? কেনেকৈ জীয়াই থাকিম বশিষ্ঠ ? প্লিজ তুমি মোক এৰি নাযাবা ।“

বশিষ্ঠৰ ভৰি দুখনত খামুচি ধৰি বিশ্ৰুতিয়ে উচুপি উঠিল ।
বশিষ্ঠ গলগৈ ।

সি হতাশ আছিল । এফালে তাৰ ঘৰৰ দেধাৰ সমস্যা, আনফালে আকোঁৰগোজ প্ৰেয়সী বিশ্ৰুতিৰ চিঞৰ বাখৰ । মূৰটো গৰম হৈ আহে তাৰ । যি কৰে কৰক বুলি সি ট্ৰলীবেগটো চোঁচৰাই দুকোঠলীয়া ফ্লেটৰ পৰা ওলাই আহে ।

ক্ৰন্দনৰতা বিশ্ৰুতি মজিয়াত বহি পৰে । চকুপানীবোৰ শুকাই কৰাল বান্ধে । আউল বাউল চুলি । বিধ্বস্ত মুখ, ধূসৰ চকু ।মূৰৰ ওপৰত ভাঙি পৰা আকাশ, ভৰিৰ তলৰ পৰা আঁতৰি যোৱা মাটি আৰু হেৰাই যোৱা আপোনজনৰ কান্ধ ।

“মোৰ কি দোষ আছিল বশিষ্ঠ ? কি ভুল আছিল মোৰ ?”, বশিষ্ঠ ওলাই যোৱাৰ ফালে চাই চাই চিঞৰি চিঞৰি তাই মজিয়াত বাগৰি পৰিল ।

এৰা । তাইৰ কি ভুল আছিল ? ভুল আছিল তাইৰ । ভুল আছিল তাই মেট্ৰ চহৰৰ যান্ত্ৰিকতাক আঁকোৱালী ল’ব পাৰিম বুলি ভবাটো । ভুল আছিল তাইৰ নিতান্তই শাৰিৰীক সম্পৰ্ক এটাক প্ৰেম বুলি ভবাটো ।

এই চহৰ তাইৰ ঘৰৰ পৰা বহুত দূৰৰ চহৰ । হাজাৰ মাইল দূৰৰ চহৰ । মাক দেউতাকৰ বৰজীয়েক তাই ।দুয়োজনী ছোৱালীকে মাক দেউতাকে টোপ নপৰাকৈ ডাঙৰ কৰিলে । নিজে খুঁটি খাব পৰা কৰিলে । চাকৰিৰ সন্ধানত তাই এইখিনি পালেহি । লগ পালে বশিষ্ঠ কাকতিক । সুন্দৰ সুঠাম, মুহূৰ্ততে ছোৱালীৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা ব্যক্তিত্বৰ অধিকাৰী বশিষ্ঠ ।

খৰচী চহৰৰ খৰচ কমাবলৈকে হওক বা সোঁতৰ সতে মিলিব পাৰিম বুলিয়ে হওক, তাই বশিষ্ঠ কাকতিৰ সতে একেলগে থাকিবলৈ ললে ।

লিভিং টুগেদাৰ বুলিয়ে কওক বা কি বুলিয়ে কওক । ঘৰৰ অজ্ঞাতে ।
বিয়া নহব ।
নহব সন্তান ।
দুয়োৰে সিদ্ধান্ত ।

এনেকৈয়ে এদিন,
“বশিষ্ঠ, গাটো ভাল লগা নাই । বৰ গধূৰ গধূৰ যেন লাগিছে” ।
“এক্সাৰচাইজ কৰা ।স্কিপিং কৰা”
“বশিষ্ঠ, মই খাব নোৱাৰা হৈছো” ।
“পেটত গেছ হৈছে চাগে। এন্টাচিড লোৱা” ।
“বশিষ্ঠ, মোৰ পিৰিয়ডচ  লেট হৈছে” ।
“হৰমনেল টেষ্ট কৰিব লাগিব ৰ’বা ।থাইৰয়ড প্ৰবলেম হব পাৰে” ।
ঠিকেই, হৰমনৰ সমস্যাত ভূগিব পাৰে । অলপ শকতো হৈছে বিশ্ৰুতি । বিপৰীতে বাঢ়ি অহা অলসভাৱ ।টেষ্ট কৰাবলৈকে দুয়ো ডাক্টৰৰ ওচৰ পালেগৈ ।

ডাক্টৰ :“বিয়া হোৱা কিমান দিন হ’ল ?
দুয়ো দুয়োৰে মুখলৈ চালে ।
তাই পৰিস্থিতি চম্ভালি ললে, “তিনিমাহ হ’ল মেম। “
“ও তেতিয়াহলে ভাল খবৰ দেখোন । ইউৰিন টেষ্ট এটা কৰি ৰিপৰ্ট লৈ আহিব” ।
“মানে ? মানে মেম ? কি ভাল খবৰ ?”, বশিষ্ঠ যেন অধৈৰ্য হৈ পৰিল ।
“ইউৰিন টেষ্টত ওলাব যাওক । ইউ আৰ গয়িং টু বি এ প্ৰাউদ ফাদাৰ” ।
“হোৱাট!”

গোটেই ৰাস্তাটো বশিষ্ঠৰ মুখৰ 'হোৱাট' শব্দটো তাইৰ মূৰত পাকঘূৰণি খাই থাকিল ।

“এয়া কেনেকৈ হবলৈ পালে বিশ্ৰুতি ?”
“মোৰ টেবলেট মিছ হৈছিল” ।
“টেবলেট মিছ হৈছিল ? ইমান ইজিলি কৈছা । এতিয়া কি কৰিবা ? এবৰচন ? কি যে ঝামেলা নহয় !”
“এবৰচন নকৰো বশিষ্ঠ । কিবা এটা কৰিম । তুমি মোৰ ঘৰৰ লগত কথা পাতা বশিষ্ঠ ।
“হোৱাট ! এবৰচন নকৰা ?ঘৰৰ লগত কথা পাতিব লাগে ? ক্লিয়েৰলি কোৱাচোন কি ক’ব বিচাৰিছা ।”
“বিয়ালৈ আগবাঢ়া বশিষ্ঠ ।“
“ইমপছিবল । এই সময়ত বিয়া ইমপছিবল ।বিশ্ৰুতি, মই ভালেৰে কৈছো সময় থাকোতেই এবৰচন কৰা । পিছলৈ দিগদাৰ হ’ব কিন্তু ।”
“নকৰো নকৰো বশিষ্ঠ । মই এবৰচন কৰিবলৈ নিদিওঁ । মোৰ প্ৰথম সন্তানৰ মৃত্যুৰ কথা নক’বা”, তায়োতো কম জেদী  নহয় ।

গোটেই ৰাতিখন ওখনা ওখনি চলিল সিঁহতৰ । তৰ্ক-বাদ-বিবাদ, চূড়ান্ত মতবিৰোধ, আধুনিকতা বনাম প্ৰত্নতাত্বিক যুগৰ মানসিকতা, প্ৰাচ্য বনাম প্ৰতীচি চালচৰণ , চিগাৰেটৰ পিছত চিগাৰেট, ধোঁৱাময় বন্ধ ৰূম, বাৰে বাৰে উকালি আহিব খোজা ভাব সকলোৰে মাজত তাইৰ গৰ্ভস্থ সন্তানটো সিনিশা মৃত্যুৰ ৰায় শুনাৰ শংকাত নিশ্চুপ হৈ ৰ’ল ।

------
“নাই নাই বশিষ্ঠ । মই নিজ মুখেৰে নিজ সন্তানৰ মৃত্যুৰ ৰায় দিব নোৱাৰো । মই জন্ম দিম বশিষ্ঠ । মোৰ তেজেৰে পালন কৰিম তাক”, আঁঠু দুটাৰ মাজত মুখ গুজি তাই বহি ৰয় । যোৱাকালিৰে পৰা পেটত একো পৰা নাই । বশিষ্ঠ গ’লগৈ । আন্ধাৰ হৈ পৰা খোজ কেইটাত কজলাৰঙী আন্ধাৰ সানি সি গ’লগৈ ।

“কি কৰিম মই ? কি কৰিম মই ? বশিষ্ঠ কিয় গুচি গ’লা ? কিয় গুচি গ’লা ? চোৱা মোৰ পেটত তোমাৰেই সন্তান । বিশ্বাস হোৱা নাই । তোমাৰ অংগ পাব মোৰ সন্তানে । গুচি আহা । ঘূৰি আহা । আসঃ মোৰ বৰ ভোক লাগিছে । মোৰ বৰ ভাগৰ লাগিছে । কিবা খাবলৈ দিয়া বশিষ্ঠ” ।

উঠি যাব নোৱাৰি তাই আকৌ মজিয়াত বহি পৰিল ।

বিস্কুটৰ টেমাটোলৈ চালে বিশ্ৰুতিয়ে । দেখাতে আছে ।অথচ আনিবলৈ শক্তি নাই ।
“মোক অকলশৰীয়া কৰিলা বশিষ্ঠ । কেনেকৈ অকলে থাকিম মই ? বৰ কষ্ট পাইছো । বৰ কষ্ট পাইছো বশিষ্ঠ” ।

ফেনখন ঘৰঘৰকৈ চলি আছিল । বৰষুণ পৰিছে । ঠাণ্ডা লাগিছে । উঠি গৈ অফ কৰিবলৈ গাত শক্তি নাই ।বিছনাখনৰ পৰা চাদৰখন টানি গাত মেৰিয়াই মজিয়াতে কুচিমুচি বহি থাকিল । চকুৰ পানীৰ সতে কাজলবোৰ বৈ আহি গালত ক’লা সুঁতি দুটিৰ জন্ম দিলে । শুকান সুঁতি । বিছনা চাদৰখন টানি আনোতে মবাইলটো মজিয়াত পৰিল  । মবাইলটো বাজি উঠিল । চালে তাই । ভনীয়েক প্ৰস্তুতিৰ ফোন । মৰমৰ ভনীয়েকৰ ফোনটো ৰিচিভ কৰিবলৈ তাইৰ মন নগল । সংসাৰৰ আওভাও নুবুজা এজনীয়ে মাথো ভনীয়েক । ভনীয়েকৰ অতি মৰমৰ বায়েক তাই । তাইৰ মাতটো শুনিয়ে ভনীয়েকে হুলস্থুল লগাই দিব । লগে লগে বুজি পাই যাব যে বায়েক ভালে নাই । তাৰ পাছত মাকৰ ফোন আহিব । দেউতাকে খবৰ লব । নাই নাই । তাই ভনীয়েকৰ লগত এতিয়া কথা পাতিব নোৱাৰে । তাই ধৰা পৰি যাব । তাই তাইৰ বিধ্বস্ততাৰ খবৰ কাকোৱে দিব নোৱাৰে ।

পেটটো কলমলাই উঠিল । বিছনাখনত ধৰি কোনোমতে উঠিলে তাই । বেচিনৰ ওচৰলৈ গৈ মুখখন ধুব লওতেই টেঙাপানী এখিনি ওলাই আহি বেচিন ভৰাই পেলালে । মূৰটোত প্ৰচণ্ড বিষ । পেটত বিদ্ৰোহ । সন্তানৰ বিদ্ৰোহ । এখন ৰুটিৰ বাবে বিদ্ৰোহ । তাই এই সন্তানক কেনেকৈ পালিব ? কেনেকৈ পালিব ? বিদ্ৰোহৰ আৰম্ভণিচোন এতিয়াৰে পৰা । আৰু যে কিমান যোজন বাট ? আৰু যে কত কঠিন বাট ।

ফ্ৰীজটো খুলিলে । কি আছে চালে তাই । তাৰ পিছত ব্ৰেড দুচকল উলিয়ালে । ঠাণ্ডা গাখীৰকণো গৰম কৰিবলৈ মন নগ’ল । ঘোটঘোটকৈ পি দিলে । ভোকৰ ঔষধ লাগে । সোৱাদ কেতিয়াবা নিৰৰ্থক  । ব্ৰেড এটুকুৰা মুখলৈ নিওতেই আকৌ হকহকাই বমি কৰি দিলে । বেচিনটো এইবাৰ বগা হৈ পৰিল ।

এইবাৰ তাই উঠিব নোৱাৰাকৈ ভাগৰি পৰিল । কোনোমতে চুঁচৰি চুঁচৰি দুৱাৰৰ হুক বন্ধ কৰিলে । তাৰ পাছত বিছনাখনত বাগৰ দিলে । বিছনাৰ চাদৰখন মজিয়াত । থাকক । নোৱাৰে ।

“বৰ কষ্ট পাইছো মা । মই জীয়াই থাকো কেনেকৈ ? তোমাকেনো কেনেকৈ কওঁ মোৰ অবৈধ গৰ্ভধাৰণৰ কথা ? চোৱাচোন পৃথিৱীখনত ইমানবোৰ মানুহ । মোৰ কাষত কোনো নাই । তুমিও আঁতৰি দিবানেকি মা ? মোক ঘিণ কৰিবনেকি দেউতা ?”

কান্দিবলৈ শক্তি নাই বিশ্ৰুতিৰ । ওলাই যাবলৈ শক্তি নাই । শৰীৰতকৈ মন দুৰ্বল । প্ৰেগনেন্সি কিটৰ দুডাল ৰেখাই কঢ়িযাই অনা উত্তেজনা বশিষ্ঠৰ প্ৰত্যাৱৰ্তনে চূৰমাৰ কৰি দিলে । ডাক্টৰৰ ওচৰলৈ যোৱা নহ’ল । সুস্থ হৈ থকাৰো প্ৰযোজন নহ’ল তাইৰ । তাইৰ পেটত এতিয়া অনাকাংখিত অতিথি ।

ছায়াবালৈ মনত পৰিল । জৰায়ুৰ বিসংগতিৰ বাবে চিকিৎসাৰ ওপৰি চিকিৎসা কৰি থকা ছায়াবাৰ হতাশাভৰা মুখখনলৈ মনত পৰি তাই হুমুনিয়াহ এটি এৰি দিলে । চকুলোৱে সেই হুমুনিয়াহটো সামৰি থলে ।

এইবাৰ তাই উগ্ৰ হৈ পৰিল ।

“মই মৰি যাম বশিষ্ঠ । মই শেষ হৈ যাম । তোমাকো …তোমাকো মই শান্তিত থাকিবলৈ নিদিওঁ । মই যামগৈ চাবা । মোৰ পষ্টমৰ্টেম ৰিপৰ্টত তোমাৰ সন্তানৰ কথাও থাকিব বশিষ্ঠ । মই মৰিলেও তুমি জী উঠিব নোৱাৰিবা” ।

অফিচলৈ নগ’ল তাই । যাব পৰা অৱস্থাতে নাই তাই । ফোনবোৰ আহিছে । ঘৰৰ পৰা । মাকৰ পৰা । ভনীয়েকৰ পৰা । এইবাৰ তাই ফোনটোকে খঙত দলি মাৰি দিলে । ভাঙিল নে নাই নাচালে ।চুলিখিনি দুহাতেৰে আজুৰি ললে ।

“আসঃ দুখ পাইছো” । কোনে মাতিলে সেয়া ? কোনে মাতিলে ? পেটৰ পৰা আহিল নেকি মাতটো ?”

“মোক ইমান দুখ দিবলৈ কিয় আহিলি, কচোন তই”, পেটটো খামুচি তাই চুৰীখন ডাঙি ললে ।

“নাঃ , ইমান সাহস নাই মোৰ । সিদিনা আলু কাটোতে অকণ তেজ ওলাওতেই মই তিনিদিনলৈ ঠেনঠেন কৰি আছিলো । পেটটোত এই চুৰীখন কেনেকৈ ভৰাম মই ?“

“পাৰিব লাগিব শ্ৰুতি । ইয়াতকৈ তোৰ বেলেগ উপায় নাই । জীয়াই থকাৰ পথ ৰুদ্ধ । হাতত চুৰীখন ডাঙি ল । পেটত সোমোৱাই দে । নহলে হাতৰ সিৰা কাটি দে । কিবা এটা কৰ” ।

“হাঃ হাঃ হাঃ । কি আচৰিত চোৱা বশিষ্ঠ । সন্তানটোক জীয়াই ৰখাৰ সিদ্ধান্তত মই তোমাক হেৰুৱালো । এতিয়া তোমাক হেৰুৱাৰ জেদত মই জীৱন হেৰুৱাম । মোৰ মৃত্যুৱে তোমাৰ শাস্তি হওক । মই যামগৈ ।

চুৰীখন লৈ তাই ৱালৰ ফালে আগবাঢ়িল, ডাঙৰকৈ বেৰত ঘঁহি ঘঁহি লিখিলে,
“I quit”
আকৌ লিখিলে, “I quit”, দহবাৰ লিখিলে, তাৰ পাছত গোটেই ৱালতে লিখিলে । অযুত শক্তিয়ে ভিৰ কৰিলেহি তাইক ।

বন্য হাঁহি এটিৰে তাই দেৱালৰ লিখনকাৰ্য সমাপন কৰিলে ।

“বশিষ্ঠ, পৃথিৱীক জনোৱা হৈ গ’ল মোৰ বিদায়ৰ খবৰ। মই যামগৈ । বিনিময়ত তোমাক দি থৈ যাম জীৱনজোৰা অনুশোচনা । হয়তো জেলৰ নতুবা বদনামৰ “ ।
কলিংবেলটো বাজি উঠিল ।

“কোন ?”,বুলি ক’ব লৈও তাই ৰৈ দিলে । নাই নাই কাকো সোমাব নিদিয়ে এতিয়া । তাই মনে মনে থাকিব । “চুপ”, বুলি নিজৰ ওঁঠত আঙুলি থলে ।

কলিং বেল বাজিয়েই থাকিল । বাজিয়েই থাকিল । তাই চুপচাপ বহি থাকিল । সন্ধ্যা লাগিল । লাইট নজ্বলালে । আন্ধাৰতে গম পালে, দুৱাৰৰ তলৰ ফাঁকেৰে কোনোবাই এনভেলপ এখন সোমোৱাই দিছে ।

অহ ৰক্ষা । ফ্লেটৰ চিকিউৰিটি গাৰ্ডজন হ’ব । কুৰিয়াৰবোৰ আহিলে সি চিঠিবোৰ ৰিচিভ কৰি সৱৰে ৰূমলৈ পঠিয়াই দিয়ে । মানুহ নাথাকিলে দুৱাৰৰ তলেৰে সোমোৱাই থয় ।

চিকিউৰিটি গাৰ্ডজন গ’লগৈ । মোবাইলটোৰো মৃত অৱস্থা । বেটেৰী কৰবাত পৰি আছে ,চিমকাৰ্ড কৰবাত উফৰিল ।

উসঃ এতিয়া শান্তি । এতিয়া কোনো নাহে তাইক দিগদাৰ দিবলৈ ।

পেটলৈ হাতখন গ’ল, “চাচোন তোক অনাৰ স্বাৰ্থত মই বশিষ্ঠক হেৰুৱালো, এতিয়া বশিষ্ঠক হেৰুৱাৰ দুখত মই জীৱন হেৰুৱাম । এইই, তয়ো বাচি নাযাৱ । আহিছিলি কেলেই অনাহুত হৈ ? আহিছিলি কেলেই অ?”

হুকহুকাই কান্দি উঠিল । "মোৰ মৃত্যুতো মোৰ বদনাম ৰৈ যাব । মোৰ শৱদেহ শগুনে খাব । মোৰ আত্মাই মুক্তি নাপাব । মা-দেউতাৰ কি হ’ব ? ভন্টিয়ে চাব  ।"

“আচ্ছা শ্ৰুতি, এটা কথা নহয় ? তোৰ মৃত্যুত যে বদনাম ৰৈ যাব । তোৰ ভন্টিক কোনে বিয়া কৰাব ?” ।

“ঠিকেইতো । কি যে পাগল মই ! মই এনেকৈ মৰিব নোৱাৰো । মোৰ বডিটো হানিব খুঁচিব , সমাজে বদনামৰ গোন্ধ ছটিয়াব । নাঃ । একদম নহ’ব । মই মৰিম । কোনেও মোৰ শটো বিচাৰি নোপোৱাকৈ মই মৰি যাম । এদিনলৈ ধৈৰ্য ধৰ শ্ৰুতি । আজি কিবা খাই ল । কাইলৈ ৰাতিপুৱাই ৰূম লক কৰি বহুত দুৰলৈ গুচি যাবি । কোনোবা জলদেৱতাই সাৱটি লব তোৰ দেহা ।"

পষ্টমৰ্টেম, বশিষ্ঠৰ ওপৰত প্ৰতিশোধ, ঘৰৰ বদনাম, ভন্টিজনীৰ জীৱনটো সকলো কুণ্ডলীকাৰে ঘুৰি থাকিল ।

“পেটত গেছ হৈছে চাগে । এন্টাচিড খাই ল’বা”, বশিষ্ঠই কৈছিল । তাই খাই ললে ।

“আজিৰ ৰাতিটো মোৰ শেষ ৰাতি । কাইলৈ পুৱাই মই পৃথিৱী এৰি যামগৈ”, নিজকে নিজে ক’লে বিশ্ৰুতিয়ে । দুৱাৰৰ তলৰ মজিয়াত এনভেলপ এখন পৰি আছিল ।

“চাই ল’ শ্ৰুতি । এইখন তোৰ শেষ চিঠি” ।

এনভেলপটো খুলিলে । প্ৰস্তুতিৰ চিঠি । “মৰমীজনী । তোৰ চিঠিৰেই মই জীৱন সামৰিম । চাচোন মই কিমান লাকী” ।

চিঠিখন খুলিলে ।

চকু দুটা মেলি ভালকৈ পঢ়িলে,
“I quit”
কি ! চকুদুটা মোহাৰি ল’লে । আকৌ পঢ়িলে ।
“I quit”
হোৱাট ! কি হৈছে তাইৰ ? ৱালত লিখোতে লিখোতে বাৰে বাৰে সেই বাক্যটোৱেই মনলৈ আহি আছে । নহয়তো । এইখন কাগজহে । ইয়াতে লিখা আছে । টেবুল লাইটটো জ্বলাই ললে । পোহৰৰ ওচৰলৈ নি চালে,
“I quit”
এইবাৰ তাই বেচিনৰ ওচৰলৈ দৌৰ মাৰিলে । চকু দুটা ভালকৈ ধুলে ।
তাৰ পাছত ভালকৈ পঢ়িলে,
একেই ।
“I quit”
"এইখন মই লিখিছিলোনে ? নহয় নাইলিখা । মইতো কলম লোৱাই নাছিলো । কোনে লিখিলে ? ভন্টিয়ে ?"
ভনীয়েকৰ নাম আছে তলত ।
তাইৰ হুঁচ আহিল ।
“ভন্টী ঐ । কি হ’ল অ তোৰ? কি হ’লনো তোৰ ? মই মৰি গলো বুলি ভাবিলিনেকি ?”

ফোনটো বুটলিলে । নাই । ফোনটো মৃত । ভাঙিল ।
"কি কৰো মই ? কালৈ ফোন কৰো ? মা দেউতা অ’,  ভন্টীৰ ওচৰলৈ যোৱাচোন । চোৱাচোন চোৱা আঁকৰীজনীৰ কি হ’ল চোৱাচোন । মই গৈ আছো", দৌৰি দৌৰি তাই ওলাই গ’ল । বহুত কাম এতিয়া । টেক্সি, ফ্লাইটৰ টিকেট, ফোন ইত্যাদি ইত্যাদি ।

প্ৰস্তুতিক লাগে এইমুহূৰ্তত । মৰমৰ ভনীয়েকক লাগে । ফোনত হলেও তাইক লাগে ।

উপসংহাৰ :
------
“এই পাগলী, কিয় কৰিলি এনেকুৱা ? ইমান ধুনীয়া হাতখন কাটি লবলৈ তোৰ দুখ নালাগিল ? মই মৰি গ’লো নেকি হা ? কচোন কি বিচাৰি সিপুৰীলৈ যাবলৈ ওলাইছিলি ? তাত তোৰ কাৰণে এগালমান সুখ ৰৈ আছে নেকি ? ” , হস্পিতেলত পৰি থকা ভনীয়েকক উদ্দেশ্যি বায়েক বিশ্ৰুতিয়ে মৃদু ধমকেৰে কৈ উঠিল ।

ভনীয়েক প্ৰস্তুতিয়ে তাইলৈ চাই ৰৈছে । হাতখন কাটোতেই কষ্ট পোৱা বায়েকজনী । মৰি থকা হ’লে কিমান যে কষ্ট পালেহেঁতেন ।

আৰু তাই ? তাই এখন ছাঁদ হৈ ভাগি পৰা আকাশখনক বাধা দিয়াৰ শক্তি পালে, ভৰিৰ তলৰ পৰা খহি আঁতৰি যোৱা মাটিখিনি খামুচি ৰখাৰ শক্তি পালে । দুই কান্ধত যে দুখন মুখ – এখন ভনীয়েকৰ, এখন তাইৰ আহিবলগীয়া সন্তানৰ ।

(সমাপ্ত)

পৰী পাৰবীন
ডিব্ৰুগড়
১১ মে, ২০১৭








গল্প: পৰচৰ্চা বনাম টাইম পাছ

-----------------------------------------------------------------------------------------------------------------------

দৃশ্যপট ১:
অনিমেষ চহৰীয়া । ব্যক্তিত্বভৰা মুখখনিৰে ত্ৰিশৰ দেওনা পাৰ নোহোৱা এজন সুদৰ্শন যুৱক । লগতে মোটা দৰমহাৰ এটা চাকৰি । কাজেই বিবাহযোগ্যা অলেখ ছোৱালীৰ চকুত পৰিছিল তেওঁ ।তেওঁ বদলি হৈ আমাৰ কাৰ্যালয়ত যোগদান কৰাৰ পিছতে তেওঁক লগ পালো । ভদ্ৰ মাৰ্জিত ব্যৱহাৰ, কামৰ প্ৰতি যোগাত্মক ধাৰণাৰ বাবে তেওঁ সকলোৰে প্ৰিয়পাত্ৰ হৈ পৰিল । তেনে সময়তেই মোৰ মাতৃত্বকালীন ছুটি লোৱাৰো সময় আহি পৰিছিল । গতিকেই উপযুক্ত তথা বিশ্বস্ত সহকৰ্মী হিচাপে তেওঁৰ ওপৰত মোৰ আধৰুৱা কামবোৰ ন্যস্ত কৰি মই নতুনকৈ আহিবলগীয়া আলহীটোৰ বাবে ব্যস্ত হৈ পৰিলো । সন্তানটি জন্ম হোৱাৰ পাছৰ বেছ কিছুদিন কাৰ্যালয়ৰ লগত মোৰ যোগাযোগ একেবাৰেই বিছিন্ন হৈ পৰিল । কণমানিটোৰ লগতে উঠা-বহা, হঁহা-কন্দা এইবোৰ কৰি থাকোতেই সীমিত ছুটিটোও শেষ হ’বৰ হ’ল ।
ঘৰত চাৰিমহীয়া কেঁচুৱা এৰি আকৌ অফিচত জইন কৰিলো । জইন কৰিয়ে দেখিলো, অফিচৰ টেবুলবোৰত ফুচফুচীয়া মেল । কিবা এটা নতুনকৈ অহা ‘হাৱা’ই জোকাৰিছে চৌদিশ । খুঁচৰিবলৈ সময় নাছিল, কিন্তু বতাহজাকে কাণত ফুচফুচাই গৈছিল,
“এই যে অনিমেষ বোলাজন, বচৰ পত্নীৰ সৈতে খুব ভাল । প্ৰায়ে বচৰ পত্নীয়ে তেওঁক ডিনাৰ কৰিবলৈ মাতে ।”
“অনিমেষৰ লগত আমাৰ প্ৰতীক্ষাৰ খুব হলি-গলি নহয়, দেখিছে নাই?”
“ফিল্ডত কাম কৰা দেৱশ্ৰী যে, তাইক হেনো অনিমেষে বিয়া পাতিম বুলি কৈছে।“
এজন মানুহৰ বিষয়ে ইমানবোৰ মন্তব্য । কোনটো সঁচা, কোনটোৱেইনো মিছা ? মোৰ পিছে সময় নাছিল । সময় নাছিল এই ফুচফুচীয়া মেলবোৰত অংশ ল’বলৈ । ঘৰত নৱজাত শিশুৰ প্ৰতিপালন, আৰু অফিচত নিতান্তই এৰিব নোৱৰা সমস্যাসমূহতহে মোৰ পৃথিৱীখনৰ কথাবোৰ সীমাবদ্ধ হৈ পৰিছিল ।
দৃশ্যপট ২:
মাৰ্চ মাহৰ কোনোবা এদিনত জৰুৰীভাৱে আমাৰ জিলাৰ চাৰিজনীয়া দল এটা গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়লৈ মাতি পঠিয়ালে । খুব কম সময়ৰ ভিতৰতে ভাৰত চৰকাৰক দাখিল কৰিবলগা বাজেট প্ৰস্তুতিৰ বাবেই আমালৈ সেই আমন্ত্ৰণ । সেই কেইদিন আমি দিন ৰাতিৰ হিচাপ নোহোৱাকৈ কাম কৰিব লগা হ’ল । চাৰিজনীয়া দল মানে মই, অনিমেষ চহৰীয়া, দিলোৱাৰ হুছেইন আৰু গুণীন ফুকন । বাজেটখন তথ্যভিত্তিক হোৱাৰ বাবে মই নেৰানেপেৰাকৈ লাগি থাকিব লগা হ’ল । দিলোৱাৰ হুছেইন আৰু গুণীন ফুকনে অ’ৰ টেবুলত ত’ৰ টেবুলত আড্ডা মৰাৰে পৰা তামোল-চিগাৰেটলৈকে ব্যস্ত হৈ থকাৰ সময়ত অনিমেষে মোৰ কাষে কাষে থাকি কামবোৰ সুচাৰুৰূপে সম্পন্ন হোৱাত সহায় কৰিছিল । পুনৰবাৰৰ বাবে তেখেতৰ ব্যক্তিত্বলৈ সন্মান জাগিছিল ।
বাজেটৰ কাম শেষ কৰি ঘৰ সোমালোহি মাত্ৰ, জিৰণি নোহোৱা কামৰ প্ৰকোপতে হওক নতুবা অন্য কোনো কাৰণতে হওক, এসপ্তাহৰ কাৰণে হস্পিতেলৰ বেড শুৱনি কৰি পুনৰ নিজ কাৰ্যালয়ত কাম আৰম্ভ কৰিলো । এইবাৰ দেখিলো, অনিমেষ চহৰীয়া বেচ গহীন । কিবা সমস্যা ? সুধিলো । সুদুত্তৰ নাপালো । আনৰ ব্যক্তিগত সমস্যাক লৈ বহুত উৎসুকতা এনেও মোৰ নাছিল, তাতে নৰিয়া পাটি এৰা দেহা, লগতে ঘৰত কণমানি কেঁচুৱা, গতিকে বেছি মাথা নঘমাই দৈনন্দিন ৰুটিনত ব্যস্ত হৈ পৰিলো ।
দৃশ্যপট ৩:
সেই অনিমেষৰে বদলিৰ নিৰ্দেশ আহিল । অনিমেষে আমাৰ কাৰ্যালয়ৰ পৰা ৰিলিজ লোৱাৰ দিনাই শিক্ষক নিযুক্তিৰ কামত মোক পুনৰবাৰৰ বাবে হেড অফিচলৈ মাতি পঠিয়ালে । শিক্ষা বিভাগৰ কেবাটাও গুৰুত্বপূৰ্ণ কাম সমান্তৰালভাৱে চলি থকাৰ পৰিপেক্ষিতত আমাৰ কামবোৰ সৈনিকৰ দৰে হৈ পৰিছিল । যেন, হীৰুদাৰ মতে, ‘দেশ বুলিলেই আদেশ নালাগে’ । ওপৰৰ পৰা চমন অহাৰ লগে লগেই য’ৰে বস্তু ত’তে এৰি ঢপলিয়াব লগীয়া হয় ।
যিয়েই নহওক, গুৱাহাটীলৈ বুলি যাবলৈ সিদিনা সোনকালে অফিচ এৰিছো, কণমানিটোক মাৰ ওচৰত থৈ যাবলৈ বেলেগকৈ টোপোলা বান্ধিছো, এনে ব্যস্ততাপূৰ্ণ সময়ত অফিচত চলি থকা অনিমেষৰ বিদায়ী সভাৰ কথা তিলমানো মনলৈ নাহিল, আনহে নালাগে, গুৱাহাটীৰ পৰা ঘূৰি আহি পুনৰ অনিমেষক লগ নাপাম বুলিও যে তেখেতক মাত এষাৰ লগাই থৈ অহাৰ প্ৰয়োজন আছিল, সেই কথাও মনলৈ নাহিল । ট্ৰেইনৰ টিকেটটোও কনফাৰ্ম হোৱা নাছিল । টিকেটটো চেক কৰিবলৈ বহোঁতেই হঠাতে ফোনটো বাজি উঠিল, অচিনাকী নাম্বাৰৰ ফোন, সিপাৰৰ পৰা নাৰীকণ্ঠ ভাঁহি আহিল,
“মেডাম, মই দেৱশ্ৰীয়ে কৈছো।”
মানে আমাৰ ফিল্ড ৱৰ্কাৰ দেৱশ্ৰী, তাইৰ লগত মই কোনোদিনেই কথা পতা নাছিলো, গতিকে কি সংক্ৰান্তত ফোন কৰিছে জানিবলৈ সুধিলো । তাই কিছু আড়স্ততা সানি মাত লগালে,
“মেডাম, আপোনাৰ ঘৰত অনিমেষ ছাৰ আছে নেকি ?”
মই আচৰিত হোৱাৰ পাল । অনিমেষ আকৌ মোৰ ঘৰত কিয় থাকিব ? তাই এইবাৰ কিছু জোৰ দি ক’লে,
“নহয় মানে হুছেইন ছাৰে কৈছিল, অনিমেষ ছাৰ আপোনাৰ স’তে গুৱাহাটীলৈ যাব বুলি ।”
“হোৱাট!”
“হয় মেডাম, দিলোৱাৰ হুছেইন ছাৰে কোৱাৰ বাবেহে মই ফোন কৰিলো আপোনাক । অনিমেষ ছাৰক লগ পাবলগীয়া আছিল ।খুব জৰুৰী আছিল ।”
টিঙিচকৈ খঙটো উঠি আহিল । অনিমেষ যে মোৰ ঘৰত নাই, সেই কথাটো তাইক ভালদৰে বুজাই ফোন থ’লো । কি যুক্তিত হুছেইনে তেনেদৰে ক’লে নুবুজিলো । কিন্তু এই সময়ত সেইবোৰ ভাবিবলৈ মুঠেই সময় নাই । চেৰেলেকৰ বাতিটোৰ পৰা চামুচখন আনি কণমানিটোৰ মুখলৈ নিব লওঁতেই পুনৰবাৰৰ বাবে ফোনটো বাজি উঠিল, সিফালে দেৱশ্ৰীৰ কাতৰ কণ্ঠ,
“প্লিজ মেডাম, অনিমেষ ছাৰক এবাৰ লগ কৰিবলৈ দিয়কনা ।”
ঊফ! অনিমেষ! অনিমেষ! অনিমেষ !
“ভাৰ মে যাৱে অফিচ, জহান্নামে যাওক অনিমেষ”, কি যুক্তিত, কি কাৰণত মই অনিমেষক বন্দী কৰি থ’ম, লৰাক আহাৰ খুৱাই থকাৰ সময়ত মই কিয় তাৰ বাবে চিন্তা কৰিম এনেকুৱা এগাল প্ৰশ্নই জুমুৰি ধৰিলেও দেৱশ্ৰীৰ কাতৰ কণ্ঠত মই বিগলিত হৈ পৰিলো, সেয়ে সুধিলো তাইক,
“তোমাৰ কি হ’ল মোক বুজাই কোৱাচোন দেৱশ্ৰী ।“
“মেডাম, আজি অফিচত কি হ’ল গম পালে নহয়?”
“কি হ’ল অ?”
“অনিমেষ ছাৰ আৰু প্ৰতীক্ষাক অসংযত অৱস্থাত দেখিলে কোনোবাই” ।
“হা ?”
“হয় মেডাম ।তাৰ পাছৰে পৰা অনিমেষ ছাৰক কোনেও পোৱা নাই । হুছেইন ছাৰে ক’লে আপোনাৰ ঘৰত আছে তেওঁ ।“
“চোৱা দেৱশ্ৰী, মই আজি গুৱাহাটীলৈ গৈ আছো । ৰাতি আঠবজাত মোৰ ট্ৰেইন আছে । তুমি আহি যোৱা মোৰ ঘৰলৈ । নিজ চকুৰে চাই যোৱা।“
“নাই মেডাম । আপুনি কৈছে যদি বিশ্বাস কৰিছো”, বুলি তাই ফোনটো থ’লে ।
মোৰ এইবাৰ ফোনৰ নাম্বাৰ ডায়েল হ’ল দিলোৱাৰ হুছেইনলৈ । কুকুৰে কাঁইট নোখোৱা গালি কেইটামানেৰে থকা সৰকা কৰি মাৰ ঘৰত কণমানিটো থৈ গুৱাহাটীলৈ বুলি ট্ৰেইনত উঠিলো ।
দৃশ্যপট ৪:
অফিচত আকৌ ফুচফুচনি মেল,
“অ বাইদেউ, আপুনি যোৱাৰ দিনাখন যে কি অঘটন ঘটি গ’ল জানে নে নাই? অনিমেষ ছাৰক খুব পিতিলে নহয় ?”
“কোনে পিতিলে ? কিয় পিতিলে ?”, মই দুদিন অফিচত নাথাকোতেই ক’ত কি হৈ গ’ল গমেই নাপালোচোন ।
“হয় বাইদেউ, লোকেল ল’ৰা কেইটামানে পিতিলে”, অফিচৰ চাফাইকৰ্মীগৰাকীয়ে মোৰ কম্পিউটাৰটোৰ ধূলিখিনি মচি মচি কৈ থাকিল ।
বিজুলীবেগেৰে চকুৰ আগেৰে ভাঁহি গ’ল, সিদিনা অনিমেষক বিচাৰি বাৰে বাৰে দেৱশ্ৰীৰ কাতৰ কণ্ঠ, দিলোৱাৰ হুছেইনৰ লগত মোৰ তৰ্কাতৰ্কি, প্ৰতীক্ষাৰ সৈতে অনিমেষক সাঙুৰি অবিশ্বাস্য অপবাদ । বুজিলো, মানে, ষষ্ঠ ইন্দ্ৰিয়ই ক’লে, লৰাজন ক’ৰবাত কাৰোবাৰ আক্ৰোশৰ বলি হ’ল । দুখ লাগিল কিছু । ভাল মানুহ এজনৰ লগত বেয়া হ’ল । সেই সময়ছোৱাত মই সহায় কৰিব নোৱাৰিলো ।
ফোন লগালো অনিমেষলৈ,
“চুইচ অফ” ।
আকৌ এদিন কৰিলো,
“নাম্বাৰ ডাজ’নট এক্সিষ্ট” ।
প্ৰতীক্ষাৰ গহীন মুখখনে কষ্ট দিয়ে । তাইও বদনামৰ ভাগ পালে । হয়তো অনিমেষৰ বাবেই তাই সেই বদনামৰ ভাগ ল’ব লগা হ’ল । মানুহবোৰে কথাৰ নদী বোঁৱায় । মুখৰোচক কথাত নদীত বান আহে । এনে নদীৰ বলীয়া বানত উটি যায় প্ৰতীক্ষাহঁতৰ দৰে সৰলমনা ছোৱালীবোৰ ।একোকে সোধা নহ’ল তাইক ।মাথোঁ ফুচফুচনি মেলবোৰত সদম্ভে ঘোষণা কৰি আহিলো, “মনেসজা কাহিনীবোৰ পৰিপক্ক হাতেৰে সজোৱা হোৱা নাই । সেয়ে মনঃপুত হোৱা নাই মোৰ” ।
“মনেসজা কাহিনী বুলি কিয় ভাবিলা?”, কোনোবা এজনৰ টিপ্পনী ।
“তাৰ মানে তোমাৰ লগতো কিবা আছে তেওঁৰ”, নিকৃষ্ট পৰ্যায়ত আন এজনৰ টিপ্পনী ।
উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলো । কোনোবাই কৈছিল, সহকৰ্মী কেতিয়াও বন্ধু হ’ব নোৱাৰে । সঁচাকৈ এনে নিকৃষ্ট মনৰ সহকৰ্মীৰ লগত বন্ধুত্ব নকৰাই মংগল । আকৌ নিজৰ বেহুত সোমাই পৰিলো । ঘৰ, অফিচ, সন্তান, হেড অফিচ ইত্যাদিৰ মাজত লাগি থাকোতে অনিমেষ চহৰীয়াৰ নামটো লাহে লাহে তল পৰিল ।
দৃশ্যপট ৫:
বন্ধু প্ৰশান্তৰ আমন্ত্ৰণমৰ্মে গুণোৎসৱৰ কাম কাজ চাবলৈ কাৰ্বি আলং পালোগৈ । কাৰ্বি পাহাৰৰ মাজে মাজে আমাৰ স্কৰপিঅ’খন ঘূৰি ফুৰিছে । এফালে সেউজীয়া পাহাৰৰ সৌন্দৰ্য, আনফালে নীলা চাৰ্টৰ ইউনিফৰ্ম পিন্ধা এজাক শিশুৰ কলৰৱ । স্কুলখনৰ মনোমোহা দৃশ্যই টানি নিলে । পৰিপাটী চৌহদ, শাৰী শাৰী নাহৰৰ গছ, বিজ্ঞানসন্মত ৰান্ধনীঘৰৰ পৰা আৰম্ভ কৰি পুথিভঁৰাললৈকে এক উচ্চমানৰ বিদ্যালয় । প্ৰধান শিক্ষকে আমাক আগবঢ়াই নি এজন এজনকৈ সকলোবোৰ শিক্ষকৰ লগত চিনাকী কৰাই দিলে । মোক আচৰিত কৰি সেই স্কুলখনৰে এজন শিক্ষক আছিল অনিমেষ চহৰীয়া ।
কেনেকৈ সম্ভৱ ? কেনেকৈ সম্ভৱ ? এজন দক্ষ শিক্ষা বিষয়া আহি এখন অখ্যাত অঞ্চলত বাহৰ পাতিছেহি । আচৰিত ! আচৰিত! মনৰ অযুত প্ৰশ্নক ৰোধিব নোৱাৰি বন্ধু প্ৰশান্তক অনিমেষৰ সবিশেষ সুধিলো, লগ পাবলৈ বিচাৰিলো । সেইমতে আহি অনিমেষৰ সন্মুখত বহি ল’লো ।
“কওকচোন ।”
“কি কওঁ ?”
“কৈ যাওক, কি, ক’ত, কেনেকৈ ইত্যাদি ইত্যাদি”
“মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছিল জানেনে? প্ৰতীক্ষাৰ কেচটো তেনে ষড়যন্ত্ৰৰে ফল ।“
“আৰু দেৱশ্ৰী ?”
“দেৱশ্ৰী, আপুনি এইবোৰ এটা এটা কাৰক মাথোঁ । কাৰণবোৰ বেলেগ । হয়তো ঈৰ্ষা । কাৰণ মোক ওপৰমহলে, বিশেষকৈ বচে খুব ভাল পাইছিল”।
“মোকো কাৰক বুলিলে যে ?”
“আপুনি নাজানে । মই জানো । আপোনাৰ শুনিবলৈ সময় নাছিল নতুবা আপুনি বুজি পোৱা নাছিল, অফিচৰ ফুচফুচীয়া মেলৰ এটা অংশ আপোনাৰ নামতো আছিল । সেই বাজেটৰ সময়খিনি মনত আছেনে, ৰাতি দেৰিলৈকে অফিচত থাকিব লগা হোৱাৰ বাবে যে মই আপোনাক আগবঢ়াই থৈ আহিছিলো । হুছেইনহঁতে কথাবোৰ বেলেগকৈ কৈছিল”।
“কি কৈছিল হুছেইনহঁতে?”, আকৌ মোৰ আচৰিত হোৱাৰ পাল ।
“বাদ দিয়ক সেইবোৰ । যোৱা কথা গ’ল ।“
“বাৰু বাদ দিলো । কিন্তু আপুনি চাকৰি এৰি ইয়ালৈ আহিল কিয়” ?
“ইয়াত শান্তি আছে মেডাম । ডাঙৰ মানুহৰ ঠেক চিন্তাবোৰ নাই ইয়াত” ।
উপসংহাৰ:
কাৰ্বি আলঙৰ পৰা ঘূৰি আহিলো । অনিমেষলৈ বৰকৈ মনত পৰিল । গুণীন ফুকন আৰু দিলোৱাৰ হুছেইনহঁত তাৰ সফলতাৰ বাবেই শত্ৰু হৈ পৰিছিল । সেই গুনীন ফুকন এতিয়া ঘোচ লোৱাৰ অপৰাধত নিলম্বিত হৈ আছে । দিলোৱাৰ হুছেইনৰ শাৰিৰীক অসুস্থতা । ঋণাত্মক চিন্তাধাৰাৰ কোবত মানুহজনৰ বয়স যেন খুব সোনকালে বাঢ়ি গৈছে তেনে লাগে । প্ৰতীক্ষাৰ বিয়া হ’ল । এটি সন্তানেৰে তেওঁৰ সুখৰ সংসাৰ । দেৱ্শ্ৰীৰো বিয়া হ’ল । অনিমেষ মানৱ গঢ়াৰ আশ্ৰমত বন্দী থৈ থাকিল । ফুচফুচনিবোৰৰ ঠিকনাই বাট সলালে । সেই ফুচফুচনিবোৰৰ কোনো স্থায়ী ঠিকনা নাই । এদিন এনেকৈয়ে সেই ফুচফুচনিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনীত ঠাই ল’লে । অসম উজলিল ‘চেক্স চাৰ্ভে’ৰ সমীক্ষাত ।
তাৰ বাবে অসমীয়া মানুহক গালিনো কেলেই পাৰিম ? কোনোবা এদিন কোনোবা অচিন সাংবাদিকে সমীক্ষা চলাইছিল হয়তো । মুখৰোচক কাহিনীৰে সেই সাংবাদিকৰ পৃষ্ঠা ভৰাইছিল এই গুণীন ফুকনহঁতেই । অফিচে অফিচে এনে দেধাৰ গুণীন ফুকন, অফিচে অফিচে দেধাৰ দিলোৱাৰ হুছেইন, অফিচে অফিচে এনে হাজাৰটা ফুচফুচীয়া মেল । ওপৰলৈ থু মাৰি পঠিয়াওঁ আমি । নিজৰ গাত পৰিলেহে হুঁচ আহে । তেতিয়ালৈ আমি নিকা হৈ নাথাকো । থু আহি আমাৰেই গাত পৰে ।
এৰা । আমি নিকা হৈ নাথাকিলো । এনে অসংখ্য গুণীন ফুকনেৰে সমাজ ভৰাই পেলালো । আৰু আমাৰ গুণগত সময়বোৰত মুখৰোচক পৰচৰ্চাবোৰ গলিয়াই থাকিলো , ঠিক যেন টাইম পাছৰ দৰে, মুখৰোচক কিন্তু স্বাস্থ্যৰ পক্ষে অপকাৰী । সমাজৰ স্বাস্থ্য হানিকাৰক এই সৰু ৰোগটোৱেই এদিন গৈ জটিল ৰূপ ধাৰণ কৰিব, য’ত ভাল মানুহবোৰ হেৰাই যাব , বেয়াবোৰে সমাজ প্ৰতিনিধিত্ব কৰিব ।
বোলো হেৰ’ ভাই-ভনীহঁত । ভালবোৰক বেয়া সজোৱাতকৈ বেয়াবোৰক ভাল কৰিবৰ হ’ল । মনটোক কৰ্ষণ কৰি সমাজখন সুস্থ কৰিবৰ হ’ল । ভূপেনদাৰ বাণীবোৰ খুঁটিয়াই চাবৰ হ’ল । নিজকে প্ৰশ্ন কৰিবৰ হ’ল,
“তুমি বিশ্বৰ শৰীৰত পংগু অংগ হ’লে বিশ্বই জানো ভাল পাব?”

পৰী পাৰবীন,
ডিব্ৰুগড়
২০ মাৰ্চ, ২০১৮
গল্প: মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম
(পৰী পাৰবীন, ডিব্ৰুগড়)

-----------------------------------------------------------------------------------------------------------------------------

স্নেপশ্বট ১:

"তুমি চাকৰিটো কৰিবলৈকে ইমান দু্ৰ্গম ঠাইলৈ যাব নোৱাৰা । "

"আৰে । কিয় নাযাম ? কিমান কষ্ট কৰি লৈছো চাকৰিটো , কিমান দিনৰ প্ৰিপেৰেচন আছিল তুমি নাজানানে ? "

"মই সকলো বুজো । কিন্তু তুমি এইবাৰলৈ মোৰ কথা মানি লোৱা । কোনোবা কলেজত চাকৰি পাই যাবা তুমি । নৰ্মচ আছে তোমাৰ । "

"নৰ্মচ আছে মোৰ । তুমি বিচৰাধৰণেৰে সেয়া আৰামদায়কো হব নতুবা সন্মানীয়ও হব । কিন্তু মোৰ  লক্ষ্য সেয়া নহয় । "

এপিএচচি বাচনিত চাকৰিটো পাই উগ্ৰপন্থীৰ ঘাটি বুলি জনাজাত ঠাইডোখৰত তাইৰ পষ্টিং হোৱাৰ লগে লগে থৰকাচুটি হেৰাইছিল নিলীময়ৰ  । কোনোপধ্যেই সি তাৰ হবলগীয়া পত্নী সন্ধ্যাশ্ৰীক তালৈ যাবলৈ দিব নোৱাৰে । তাইক বলাব নোৱাৰি তাইৰ মাকৰ ওচৰ পাইছিলগৈ, "চাওকচোন খুড়ী । বুজাওক তাই । ঠাইডোখৰ ছোৱালীৰ কাৰণে একেবাৰে চুইটেবল নহয় । "

এপইন্টমেন্ট লেটাৰখন সি কাঢ়ি লৈ থৈছিল ।



ইফালে সন্ধ্যাশ্ৰী ?

আকাশত উৰাৰ সপোনটোক কোনোপধ্যেই এটা কোঠালীত বন্দী কৰিব নোখোজে তাই ।

স্নেপ:শ্বট ২

সপোনটো কেতিয়াকৈ যে জোলোঙাৰ ফুটাইদি সৰি পৰিল তাই নাজানে । বৰ জেদী হৈ পৰিছিল সিদিনা । এপইন্টমেন্ট লেটাৰখন সি লৈ যোৱাৰে পৰা তাই কান্দি থাকিল । ভিতৰি ভিতৰি কঠোৰ হৈ পৰিল । "নীলিময় তুমি মোক হেৰুৱালা ' , বাৰে বাৰে উচুপি উচুপি দোহাৰি থাকিল ।

স্নেপশ্বট ৩:

"সি আজিকালি বহুত ড্ৰিংকচ কৰে অ' মাজনী । তই  পাৰিলে ফোন এটা কৰিবি । " , ঘৰলৈ আহিলেই মাকে তাইক অনুৰোধ কৰে । তাই আঁতৰি আহে নীৰৱে । কিছুমান কথাৰ সমাধান নাই তাইৰ ওচৰত । এই যে নীলিময়ৰ তাইৰ ওপৰত আধিপত্য , এই যে হকে বিহকে বাদ বিবাদ -এইবোৰে বৰ অশান্তি দিয়ে তাইক । স্বাধীন মনটোক সন্মান জনাইয়ে সি তাইৰ প্ৰেমত বলীয়া হৈছিল । পিছলৈ সেই স্বাধীন মনটোকে শাসনৰ জৰীৰে বান্ধিব বিচাৰিছিল সি ।

পুৰুষজাতিটোলৈ অহেতুক খং এটা উজাই আহে তাইৰ । নিজকে তছলিমা নাছৰিনৰ লগত ৰিজায় তাই । তেওঁকো দেখোন দমাবলৈ কতই কত ব্যৱস্থা লৈছিল ।

স্নেপশ্বট ৪:চাকৰিৰ জখলাডালত দোপতদোপে আগুৱাই গৈছিল তাই । সৎ , নিৰ্ভয়া ছোৱালীজনীৰ কৃতিত্বই তাক সুখ নিদিয়াকৈ থকা নাছিল । মাথোঁ সি তাৰ হবলগীয়া পত্নীৰ এই ৰূপ মানিব নিবিচাৰে । ৰাতি দুপৰলৈকে কৰ্তব্যৰ নামত সেনাৰ ছাউনীত কটাওক নতুবা অন্ধকাৰ গলিয়ে গলিয়ে টহল দিয়ক, সেই কথা সি মানিব নোখোজে । আৰু তাই মানিব নিবিচাৰে তাৰ অনুশাসন ।

স্নেপশ্বট ৫:
"সমস্যাটো ক'ত তহঁতৰ ? " , মধ্যস্থতাকাৰীৰ ভূমিকা লৈছিল স্বপ্নীলে ।


ইটোৱে সিটোক বুজাব নোৱাৰা এক গভীৰ অৱসাদেৰে সম্পৰ্কটোৱে মেলানি মাগিছিল ।

'তুমি ইমানকণো মানি লব নোৱাৰিলানে নীলিময় ? মোৰ অস্তিত্বৰ কিমান দাম আছিল তোমাৰ ওচৰত নীলিময় ? "

'তুমি মোৰ বাবে ইমানকণ ত্যাগ কৰিব নোৱাৰিলানে সন্ধ্যাশ্ৰী ? মোৰ মৰমৰ কিমান দাম আছিল তোমাৰ ওচৰত ?"

অব্যক্ত অভিমান । অলিখিত ইতিহাসৰ সমাপ্তি ।

স্নেপশ্বট ৬:তাৰ পাছৰ কথাবোৰ আধৰুৱা ।

"তোমাৰ ঘৰৰ গলিৰে মই যাব নোৱাৰো সন্ধ্যা । কৃষ্ণচূড়াজোপাই মোক সিঁয়াৰে ।"

"তুমি হেনো আহিছিলা ঘৰলৈ । মই তোমাক এবাৰ চাবলৈকো যাব নোৱাৰো সন্ধ্যা । তোমাৰ সন্তানে মোক মামা বুলি ক'ব, মই কিদৰে সহিম কোৱা।"

"সন্ধ্যা । সন্ধ্যা । তুমি বৰ সুখেৰে আছা । তোমাৰ সুখৰ সংসাৰ । তোমাৰ সুদৰ্শন স্বামী । তোমাৰ চকুত লগা চচিয়েল ষ্টেটাচ । "

"এই পাগলী । তুমি হেনো শকত হলা । মোৰ বৰ মন যায় অ' । তোমাক এবাৰ চাবলৈ বৰ মন যায় মোৰ। বেছিদিন জীয়াই নাথাকিম । আহিবানে এবাৰ মোক দেখা দিবলৈ ? "

ৰঙীন পানীয়ৰ গিলাচ লৈ নীলিময়ে সন্ধ্যাশ্ৰীৰ পৰ্ট্ৰেইটৰ সন্মুখত অনৰ্গল কথা পাতি থাকে  । তাৰ পাছত চিঞৰি চিঞৰি গাবলৈ ধৰে,

"মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম ।
আশাকৰো মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম । "

স্নেপশ্বট ৭:

বলীয়া হ'ল সি । স্বপ্নীলে আনিছিল খবৰটো  ।

"বাৰৰ পৰা ওলাই ওৰেটো ৰাতি সি গাড়ীতে শুই থাকে । গাড়ী চলাবলৈকো শক্তি নাথাকে তাৰ । "

কিয়?  কিয় ? কিয় ?", এগাল প্ৰশ্নই জুমুৰি ধৰে তাইক ।
স্নেপশ্বট ৮:
"কিডনী ফেইলাৰ হ'ল তাৰ । সি বেছিদিন নাথাকে ।" কোনে কলে ? কোনে কলে ? কাৰ ইমান সাহ সেই কথা কবলৈ ? বতাহীয়ে কলে ? 'এই বতাহী তোৰ ইমান সাহ ! মোৰ আগত মিছা মাতিবলৈ আহ । '
স্নেপশ্বট ৯:"মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম
আশাকৰো মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম । "

কোনে গালে এই গান ? কোনে গালে ? বতাহে গালে ?ইমান সাহ বতাহৰ ? "মোক আঁভুৱা ভৰিবলৈ আহে  । "

স্নেপশ্বট ১০:

খিৰিকীমুখৰ ছবিখন ধূসৰ হৈ আহে । কথাবোৰ অস্পষ্ট । ভুল কাৰ আচলতে তাই নুবুজে । ভাল হওক, অশান্তি নহওক বুলি লোৱা সিদ্ধান্তটোৱে এটা  জীৱন ধ্বংস কৰি দিলে ।

"এই ছোৱালী । 'আই লভ ইউ' বুলি কলেহে তই গম পালিহেঁতেননেকি তোক মই কিমান ভাল পাওঁ । ভালেৰে থাকচোন পাগলী ।  মোৰ কথা ইমানকৈ চিন্তা নকৰ । "

সপোনটোৱে খেদি ফুৰে । তাৰ মাতটো বতাহত ভাঁহি আহে । ফাগুণৰ ৰংখিনিয়ে খিকখিকাই হাঁহে । " নীলিময় ক্ষমা নকৰিবানে মোক ? এবাৰলৈ । মাথোঁ এবাৰলৈ । ", সন্ধ্যাশ্ৰীয়ে মনতে পাগুলে ।

বন্ধ কোঠা । ৰুদ্ধ বতাহ । স্বামীৰ বাহুবন্ধনৰ পৰা ওলাই শ্বলখন মেৰিয়াই লৈ সন্ধ্যাশ্ৰী চাঁদৰ ওপৰ পায়গৈ । পাহাৰৰ সিপাৰে সেয়া চেনাইৰ ঘৰ । চেনাই  ???? কৰবাত কলিজাৰ এটুকুৰা চেনাইৰ নামত বন্ধকী হৈ গৈছিল নেকি অ' ?  হৈছিল চাগৈ । নহলে তাইৰ দৰে বাস্তৱবাদী ছোৱালী এজনীৰ ইমান কষ্ট কিয় ?

স্নেপশ্বট ১১:

"তুমি আহিলা সন্ধ্যা ? তুমি আহিলা । মই জানো তুমি আহিবা ।"  কাগজৰ টুকুৰাটো পঢ়িলে তাই ।

চকুলো নুটোকে । নহয় । চকুলো নোলায় আচলতে । বৰফ বৰফ অনুভূতি  । হিম হিম কলিজাৰ ৰসটুপি । চিতাৰ কাষত তাইৰ সঁহাৰি । কৰবাত ঘৰমুখী পখীৰ কলকলনি, "ভালে নাথাকিল অ' আইজনী । ভালে নাথাকিল সি ।"

(সমাপ্ত)

গল্প:এইচ আই ভি কম্পিউটাৰটো শ্বাট ডাউন কৰি অংগদ নিজৰ ফাৰ্মৰ পৰা ওলাই আহি বাইক ষ্টাৰ্ট দিলে । গধূলিটো বৰ মনোমোহা হৈ উঠিছে। নিয়ন লাইটৰ প...