Monday, August 13, 2018

গল্প:এইচ আই ভি

কম্পিউটাৰটো শ্বাট ডাউন কৰি অংগদ নিজৰ ফাৰ্মৰ পৰা ওলাই আহি বাইক ষ্টাৰ্ট দিলে । গধূলিটো বৰ মনোমোহা হৈ উঠিছে। নিয়ন লাইটৰ পোহৰত জোনাক সনা গুড়ি গুড়ি বৰষুণজাকৰ মাজত তাৰ অনাই বনাই ঘূৰি ফুৰিবলৈ মন গ’ল । পিছে এতিয়া সময় নাই। ৰাগিনী ৰৈ আছে তালৈ। সিহঁতে আজি একেলগে ৰেষ্টুৰেন্টত ডিনাৰ কৰাৰ কথা। তাৰ পিছে মন গৈছে ৰাস্তাৰ কাষৰ ধোঁৱা বলি থকা চাহ একাপ আৰু মুৰমুৰিয়া পপ এটাৰ সোৱাদ লোৱাহে । ৰাগিনীয়ে পপ খাবলৈ ভাল নাপায়, মুখৰ সমস্ত মেকআপ বেয়া হৈ যায় হেনো । ওঁঠৰ লিপষ্টিকবোৰ অবাধ্য হৈ চাৰিওফালে চিটিকি পৰে যেন । সি পিছে ভালেই পায় তাই তেনেদৰে থাকিলে । পুতলা এটিৰ দৰে লাগে তাইক ।
তাৰ আচৰণবোৰ দেখি তাই তাক অহৌবলিয়া বুলিয়ে ভাবে। তাইৰ বাহিৰে বাইকখনেই সংগী তাৰ । হওঁতে গাড়ী এখন নোহোৱা নহয় দেউতাকৰ । কিন্তু সেইখন সি নচলায়, নিজকে বহিৰ্জগতৰ পৰা বিছিন্ন পুৰুষ যেন লাগে বুলি কয় সি ।
ৰাগিনী ধনী ঘৰৰ দুলালী । অংগদৰ ঘৰৰ অৱস্থাও ভাল । কলেজৰ দিনৰ ভালপোৱাই সিহঁতৰ চূড়ান্ত ৰূপ লোৱাৰ পৰ্যায়ত । আজিকালি দুয়ো মুকলিকৈ ঘূৰে, ৰাতি দেৰিকৈ ঘৰ সোমালেও কোনো কওঁতা নাই । মাতৃহীন লৰাটোক কোনো কথাতে দুখ দিবলৈ নিবিচাৰে দেউতাকে । ৰাগিনীৰ ঘৰতো কোনো ঝামেলা নাই । তাইলৈ ভাল ভাল লৰাৰ প্ৰস্তাৱ আহিছিল, কিন্তু তাইৰ পছন্দক স্বীকৃতি দিলে ঘৰখনে ।
নিৰ্জঞ্জাল সম্পৰ্কটো একদম মসৃণ গতিত বৈ আছিল । এই প্ৰথম ৰাগিনীৰ মুখত ক’লা ডাৱৰে আৱৰি ধৰিছে ।কি হৈছে তাইৰ? কি হৈছে? সি ব্যতিব্যস্ত হৈ পৰে,
“গা ঠিকে আছেতো ৰাগিনী।”
“অলপ বেয়া লাগিছে”।
“ব’লা ডাক্তৰৰ ওচৰলৈ ব’লা।“
“নাই নালাগে। ঠিক হৈ যাব।”
“কি হৈছে তোমাৰ সোণ? মোক খুলি কোৱা।”
খিলখিলাই হাঁহি উঠে তাই, “এইচ আই ভি পজিটিভ ওলাইছে।“
“কি কয় তাই? ধেমালী কৰিছে ন”, সি নিজকে প্ৰবোধ নিয়ে তেনেকৈ । কিন্তু সঁচাকৈ যদি তেনে কিবা হৈ যায় কি কৰিব সি ? ৰাতি সাৰ পাই যায় সি, মেচেজ দিয়ে তাইলৈ, “গা কেনেকুৱা ৰাগিনী?”
আগতে হোৱা হ’লে ধেমালী কৰিলেহেঁতেন তাই, “ৰ’বা দেই আইনাখন চাই আহোঁ, মাগুৰবৰণীয়া, ঈষৎ শকত, উচ্চতা মধ্যমীয়া, ইত্যাদি ইত্যাদি।“
আজিকালি তেনে মেচেজৰ উত্তৰ নাহে । ৰাগিনী ক্ৰমাৎ দুৰ্বোধ্য হৈ পৰিছে । তাক এৰাই চলিছে নেকি তাই ? এইচ আই ভিৰ কথাটো তাই কিয় কৈছিল? সি নেট খুঁচৰে। যিমান ডাঙৰ সমস্যা আহিলেও তাইৰ পৰা আঁতৰি থকাটো তাৰ বাবে মুস্কিল কথা । এইচআইভিতো সৰু কথা । সেই অকণমান কথাটোকে নুবুজেনে তাই? তাৰ বহুত কাকূতি-মিনতিৰ মূৰত তাই মান্তি হৈছে তাৰ লগত আজি ডিনাৰ কৰিবলৈ । সেয়ে সন্ধ্যাটো বৰ ৰঙীন যেন লাগিছে । বৰষুণজাকে আমনি কৰিছে বাৰে বাৰে। কিনকিনীয়া বৰষুণজাকত দুয়ো মহানগৰীৰ অলিয়ে গলিয়ে বাইক লৈ ঘূৰি ফুৰা কথাটো মনলৈ আহিছে। আগৰ দৰেই সেই দীঘল হালধীয়া স্কাৰ্টটোৰ লগত হলৌ টি-চাৰ্ট এটা পিন্ধি পিছৰ চিটত বহি তাৰ পিঠিত সমস্ত শৰীৰৰ ভৰ জাপি দিবনে তাই? কোনোবা এবাৰত যে তাৰ চুলিখিনি জোকাৰি দিয়ে নতুবা কোনোবা এবাৰ যে পিছফালৰ পৰা তাৰ বুকুখনত আঙুলিৰে কিলবিলাই দিয়ে, তেনে দুষ্টামিবোৰ কৰিবনে তাই? তাইৰ দুষ্টালিয়ে তাৰ সুখৰ পাৰ ভগাৰ সময়তে সি যে গোমধান ভাজি থকা কেৰাহীখনৰ ওচৰতে বাইকখন ৰখাই তাইলৈ চাই কৈ উঠে,
“আহ। চাহ-পপ খাওঁ।”
“নাই দেই, মোৰ লিচটিক বেয়া হৈ যাব পপ খালে”, ওঁঠ দুখন মেলি থাকিয়ে কথা কবলৈ লয়। একদম সৰু ছোৱালীজনীৰ দৰে ছোৱালীজনীৰ লিপষ্টিক বেয়া হোৱাৰ শংকাত সি বৰ আলফুলকৈ ৰাখিছিল তাইক । ওঁঠত ওঁঠ থ’লে লিপষ্টিক বেয়া হ’ব, কঁকালত হাত থ’লে স্কাৰ্ট বেয়া হ’ব।
সেই তাইৰ লগতে সি আজি ডিনাৰ খাবলৈ যোৱাৰ কথা । বাইকখন থৈ সি ঘৰৰ পৰা গাড়ীখন ল’লে । গা বেয়া তাইৰ। তাইৰ আচৰণেই কয় যে তাই সুস্থ হৈ থকা নাই । ৰাগিনীক ঘৰৰ পৰা উলিয়াই আনি সি সন্মুখৰ চিটৰ দুৱাৰ খুলি তাইক বহুৱাই লয়। ওৰেটো সময় তাই নীৰৱ হৈ থাকে । তাইৰ প্ৰস্তৰ মূৰ্তিহেন অৱযবটোৱে তাক বৰকৈ সিঁয়াৰে। ক’ৰবাত কিবা ভুল হৈছে, হয়, সি অনুমান কৰে, ক’ৰবাত কিবা এটা ভুল হৈছে।
“ঊস মই পাগল হৈ যাম ৰাগিনী। তুমি কিয় এনেদৰে আছা? বিয়ালৈ কেইদিন আছে হা? কি কাৰণে তুমি ইমান মনে মনে আছা? বেমাৰ হৈছে, ঠিক হৈ যাব, ইমান ভাগি পৰাৰ কি প্ৰয়োজন ৰাগিনী?”, ৰাগিনীৰ হাত দুখন সাবটি ধৰে সি।
হাত দুখন এৰুৱাই ৰাগিনীয়ে গহীন সুৰেৰে কৈ যায়, “মই তোমাৰ সতে বিয়া হব নোৱাৰিম অংগদ।”
“হোৱাট! ধেমালি নকৰিবাচোন যেতিয়াই তেতিয়াই । এনেই মন বেয়া”, মাথাটো নষ্ট হৈ যায় তাৰ ।
“মই ধেমালি কৰা নাই”, তাই তলমূৰ কৰে।
“কি হৈছে তোমাৰ ? গা বেয়া হৈছে? ডাক্তৰে কিবা কৈছে? চোৱা পৃথিৱীৰ কোনো শক্তিয়েই আমাক বেলেগ কৰিব নোৱাৰে । আৰু এই অনুবীক্ষণ যন্ত্ৰতো দেখা নোপোৱা বীজাণুকেইটাৰ কথাতো নকবাই মোক”, উষ্মাৰে কৈ উঠে সি।
“মোৰ একো হোৱা নাই অংগদ। তুমি ইমান ডাঙৰ কথা এটা লুকুৱালা, সেইহে বেয়া লাগিছে। এতিয়া কোনো কথা নাই, মোৰ দেউতাও আমাৰ সম্পৰ্কটো নিবিচাৰে আৰু।”
“কি কৈ আছা তুমি ৰাগিনী? কি হৈছে মোক বুজাই কোৱা। মই কি লুকুৱালো তোমাৰ পৰা?”
“লুকুৱালা অংগদ। তোমাৰ পৰিয়ালৰ কথা লুকুৱালা । তোমাৰ মাৰ মৃত্যুৰ কাৰণ লুকুৱালা।“
“কি আছিল মোৰ মাৰ মৃত্যুৰ কাৰণ?”
“এইডছ আছিল তোমাৰ মাৰ মৃত্যুৰ কাৰণ। এইচআইভি পজিটিভ আছিল তোমাৰ মাৰ। তোমাৰ শৰীৰত তোমাৰ মাৰ তেজ। আৰু বেলেগকৈ ভাবিবলৈ মন যোৱা নাই মোৰ অংগদ”, চকুত চকু থৈ স্পষ্টকৈ কৈ উঠি গুচি গ’ল ৰাগিনী। ‘এম ৱান’ ৰেষ্টুৰেন্টৰ ওপৰ মহলাৰ কৰ্ণাৰ টেবুলখনৰ এচুকত সি অকলে বহি ৰ’ল । তলৰ ৰাস্তাত নিয়ন লাইটৰ পোহৰত সেয়া ৰাগিনী। সি তৰ্কিব পৰাৰ আগতেই ৰাগিনী অদৃশ্য হৈ পৰিল। তাৰ গাড়ীখন থমথমকৈ অকলে ৰৈ থাকিল। গাড়ীখনক বুঢ়া আঙুলি দেখুৱাই তাৰ অজ্ঞাতেই যেন দুপদুপাই পাৰ হৈ গ’ল এজাক উতনুৱা সময়, সিঁয়াৰি গ’ল তাক, “এতিয়া এইচআইভিৰ সময়। এইচআইভি।”
মাকৰ এইচআইভি পজিটিভ আছিল বুলি কোনোদিনে জনা নাছিল সি । দুৰাৰোগ্য বেমাৰত ভূগি থকা মাকজনীৰ মৃতদেহ বিমানেৰে ঘৰলৈ অনাৰ খবৰ পাইছিল সি। তাৰ পাছৰ পৰা দেউতাকে তাৰ মাকৰ ফটোত চাকি জ্বলাই তাক মাতৃত্বৰ মৰমেৰে আবৰি ৰাখিছে । সেই দেউতাকৰ ওচৰত ঠিয় হৈ প্ৰশ্ন কৰা যায়নে এইচআইভিৰ প্ৰসংগে , কোৱা যায়নে মাকৰ বিষয়ে সি নজনা কথা এটাই তাৰ হ’বলগীয়া নাৰীগৰাকীক ক্ষুণ্ণ কৰিছে।
কথাবোৰ কিবা পাকঘূৰণি খাইছে। অধৈৰ্য হৈ ফোনত ডায়েল কৰিছে ৰাগিনীৰ নাম্বাৰ, সুধি পেলাইছে তাইক,
“মোৰ মাৰ যদি এইচ আই ভি পজিটিভ আছিলেও, এতিয়া সেই কথাটো টানি অনাৰ কি প্ৰয়োজন?”
“প্ৰয়োজন আছে অংগদ, কাৰণ কোনো ভাল মানুহৰ শৰীৰলৈ এই ভাইৰাছ নাহে । অন্তত সেই সময়ত অহা নাছিল।”
“তুমি কি ক’ব খুজিছা ৰাগিনী? মোৰ মাৰ বিষয়ে তুমি কি ক’ব বিচাৰিছা?”
হাতৰ মুঠিটো টান হৈ আহে তাৰ। জিমত সোমাই কিকবেগত ঘূচিয়াই থাকে জোৰে জোৰে। সত্যটো জানিবৰ মন যায় তাৰ। মাকৰ সঁচাকৈ এইচআইভি পজিটিভ আছিল নেকি? দেউতাকে কিয় লুকুৱাই ৰাখিছিল সেই বেমাৰৰ কথা? সমাজে ভাল চকুৰে নাচাব বুলি? চেৰেকীৰ পাকত উত্তৰৰ সূতাডাল চিগি গৈছে । সদা ৰঙীন লৰাটো অকস্মাৎ অস্থিৰ হৈ পৰিছে । ৰাগিনী গুচি যোৱাতকৈ মাকৰ চৰিত্ৰৰ প্ৰতি উঠা আঙুলিটোৰ প্ৰতি সি বিহবল হৈ পৰিছে। সেই আঙুলিটো নমাব লাগে। সি জানে কোনো মাতৃয়েই অকাৰণে ভুল পথে নাযায় । কি কাৰণ ? কি কাৰণ বুলি ব্যাখ্যা কৰে সি? মাকৰ শৰীৰত এইচ আই ভিৰ বীজাণু থিতাপি লোৱাৰ কাৰণ দেখুৱায় স্বাস্থ্য বিজ্ঞানে?
আলমাৰীৰ চাবি খোলে সন্তৰ্পণে সি । মাকৰ পৰিত্যক্ত আলমাৰীটোত সি খুঁচৰি থাকে স্বাস্থ্যপৰীক্ষাৰ ৰিপৰ্টবোৰ। গোটেইবোৰ ৰিপৰ্টত দেখা পায় সি স্পষ্টকৈ, মাকৰ তেজত এইচ আই ভি পজিটিভৰ কোনো তথ্যই নাই।
তেন্তে? তেন্তে ৰাগিনীয়ে মিছা অজুহাতত তাৰ পৰা আঁতৰিব বিচাৰিছে নেকি? তথাপি স্বস্তিৰ নিশ্বাস এৰে সি, এতিয়া অন্ততঃ মাকৰ চৰিত্ৰৰ প্ৰতি কোনেও আঙুলি উঠাব নোৱাৰিব । ৰাগিনীয়ে কিয় উঠালে সেই আঙুলি? কোনে ক’লে ৰাগিনীক? তাক উত্তৰ লাগে । এতিয়াই উত্তৰ লাগে। সি বাইকখন ষ্টাৰ্ট দিয়ে ৰাগিনীৰ ঘৰলৈ।
ৰাগিনীয়ে লগ কৰিব নিবিচাৰে তাক। মুহূৰ্ততে সলনি কৰি দিছে তাইৰ সিদ্ধান্ত । সকলো মানি ললেও অন্তত সেই কলুষ তেজ বহন কৰা সন্তানৰ পত্নী নহয় তাই, সেয়া আছিল তাইৰ শেষ সিদ্ধান্ত।
তাইৰ সিদ্ধান্ত সলনি কৰিবলৈ এই ৰাতিখন সিও অহা নাই, সি আহিছে তাইৰ সিদ্ধান্তৰ প্ৰত্যুত্তৰ দিবলৈ, কৈছে চিঞৰি চিঞৰি,
“কি অজুহাতত তুমি আঁতৰিলা মই নুবুজিলো ৰাগিনী। কিন্তু মোৰ মাৰ প্ৰতি মিছা অভিযোগ অনাৰ কোনো অধিকাৰ তোমাৰ নাছিল। সেই অভিযোগক মই আইনৰ কাষলৈ লৈ যাব পাৰো এই মুহূৰ্ততে” ।
অংগদৰ এই ৰূপ ৰাগিনীৰ ঘৰৰ কোনোৱেই দেখা নাছিল । দুদিনমানৰ পৰা ৰাগিনীৰ ঘৰতো গোমা পৰিবেশ। দুদিন পিছত হ’বলগীয়া বিয়াখন ভাগি দিয়াৰ সিদ্ধান্তটো কম কঠোৰ সিদ্ধান্ত নহয়। কিন্তু উপায় নাই। এজনীয়ে জীয়েক। লাহ বিলাহত ডাঙৰ হোৱা জীয়েক । টকা পইচাৰ অভাৱ মানি ল’ব পাৰি, কিন্তু এই অভিযোগ ? এই অভিযোগ মিছা নহয়। স্বয়ং ৰাগিনীৰ নিজৰ মোমায়েকেই আনিছে এই অভিযোগ। যিজন মোমায়েকে অতদিন ৰাগিনীৰ প্ৰেমৰ স্বাৰ্থত মাত মাতি আহিল, সেইজন মোমায়েকে অংগদৰ পৰিয়ালৰ বিতং তথ্য পোৱাৰ লগে লগে আপত্তি দৰ্শাইছে,
“অংগদৰ মাক লতা বৰুৱাৰ আছিল সহস্ৰজনৰ সৈতে শাৰিৰীক সম্পৰ্ক, যাৰ ফলত তেওঁ শেষলৈ এইডছত ভূগিছিল। এয়া স্বয়ং লতা বৰুৱাই নিজ মুখেৰে মোৰ ওচৰত ব্যক্ত কৰা কথা। লতা বৰুৱাই যিটো প্ৰতিষ্ঠানত কৰ্মৰত আছিল, সেই প্ৰতিষ্ঠানটোৰ প্ৰধান সঞ্চালক আছিলো মই। কেবাবাৰো মেডিকেল গ্ৰাউণ্ডত ছুটি লৈছিল লতা বৰুৱাই । আৰু খুৱ কম বয়সতে তেওঁ মৃত্যুমুখত পৰিছিল। কাৰণ যি সময়ত তেওঁৰ সেইটো বেমাৰ হৈছিল, সেই সময়ত অসমত ইয়াৰ কোনো ট্ৰিটমেন্ট নাছিল। বাংগালোৰৰ কোনোবা এটা এন জি অ’ৰ তত্বাৱধানত আছিল তেওঁ।”
মুখ মেল খাই গৈছিল ৰাগিনীৰ । দেহত হাজাৰটা এইচ আই ভি বীজাণুৱে যেন কিটকিটকৈ কামুৰিছিল ।অংগদক চুবলৈ সংকোচ হ’ল তাইৰ । বিচাৰ বুদ্ধি লোপ পালে তাইৰ । মাকৰ তেজ বহন কৰিছে সি, তাতকৈ আৰু একো ভাবিব নোৱাৰে তাই।
সৰুৱে পানী পেলালে বৰে পিছলি পৰেনে নপৰে? পৰে। তেনেদৰে বৰে পানী পেলালেও সৰুৱে পিছলি পৰিব। সেই যুক্তি খটাই তাইৰ সমস্ত প্ৰেম ভালপোৱা কৰ্পূৰৰ দৰে উৰুৱাই পেলালে। প্ৰেমৰ নামত ইমান ত্যাগ অন্তত তাইৰ পক্ষে সম্ভৱ নহয়। নালাগে অংগদৰ ভালপোৱা। সেই ভালপোৱাৰ নামত তাই দহজনমলৈ লেতেৰা তেজ কঢ়িয়াব নোৱাৰে ।
অংগদৰ সতে পাৰ কৰি অহা সৰু সৰু সুখবোৰে অলপ সময়ৰ বাবে বিচলিত কৰিলেও তাই কঠোৰ মনেৰে সেয়া দমন কৰে ।
“নুবুজিলি ৰাগিনী নুবুজিলি, তোৰ লিপষ্টিককণ বেয়া হ’ব বুলিয়েই সি আজিলৈ তোৰ ওঁঠ পৰ্যন্ত স্পৰ্শ নকৰিলে । তইনো মন চেৰাই শৰীৰক আগস্থান কেলেই দিলি?”, অংগদৰ সপক্ষে ৰাগিনীয়ে নিজকে প্ৰশ্ন তোলে।
“প্ৰেম আৰু বিবাহ দুয়োটা ভিন্ন কথা । প্ৰেমত শৰীৰৰ আগস্থান নাথাকিলেও বিবাহত শৰীৰেই আগস্থান পায়।“, কঠোৰ মন এটাই অংগদৰ বিপক্ষে সঁকিয়ায় তাইক।
“তেন্তে অংগদৰ দেউতাকৰ কথা চিন্তা কৰ। আজিলৈ সেইজন পুৰুষে পত্নীৰ পৰা মুখ ফিৰাই নিদিলে। তোৰ প্ৰেমতকৈ হাজাৰ গুণ উৰ্ধত তেওঁৰ প্ৰেম। হয়নে নহয় ক?”
আবেগ-বিবেকৰ যুক্তিত তাই ধৰাশায়ী হ’ল। কঠোৰ সিদ্ধান্ত এটা লৈ ৰাতিৰ ৰাতিটো উচুপি ৰৈছিল তাই। কিদৰে আকাশ ফাটি যোৱাৰ খবৰটো অংগদক কোৱা যায়, সেই অংক মিলাই থাকোতেই অংগদে এদিন একপ্ৰকাৰ জোৰ কৰিয়ে তাইক লৈ ডিনাৰলৈ বুলি ওলাই আহিল। আৰু ড্ৰাইভিং চিটৰ পৰা বাৰে বাৰে তাইলৈ চাই সুধি থাকিল,
“কি হৈছে সোণ তোমাৰ? গা কেনেকুৱা? গা কেনেকুৱা?”
নীৰৱ হৈ ৰোৱা ৰাগিনীয়ে ইমান শক্তি ক’ৰ পৰা পালে নাজানে, সমস্ত সিদ্ধান্ত জনাই তাই গুচি আহিল তাৰ কাষৰ পৰা। তাক অকলে এৰি আহিল চহৰৰ পোহৰৰ মাজত মুখ লুকুৱাব নোৱৰাকৈ। কি দোষ আছিল সেই ল’ৰাজনৰ? নুবুজে সি, নুবুজে তাই। এয়া তেজৰ দোষ বুলি কৈছে পৰিয়ালবৰ্গই।
আৰু অংগদে সিদিনাই মাজৰাতি তাইৰ ঘৰ তালফাল লগাই আছে, “মোৰ মাৰ ওপৰত মিছা অভিযোগ আনিবলৈ তুমি কিদৰে সাহস পালা ৰাগিনী?”
আসঃ!
অংগদৰ তুলাচনীত এতিয়া মাতৃ আৰু প্ৰেয়সীৰ আবেগৰ জোখ চলিছে। মাকতকৈ ৰাগিনীক সি বেছি ওচৰৰ পৰা পাইছে, মাকতকৈ ৰাগিনীক সি বেছি দিনৰ বাবে পাইছে। কিন্তু মাকৰ ভৰ বেছি, মাকৰ পাল্লাটো দোঁ খাই পৰিছে। ৰাগিনীক হেৰুওৱা দুখতকৈ সি বিহ্বল হৈ পৰিছে মাকৰ প্ৰতি উঠা মিছা অভিযোগটোক ।
পালছাৰৰ ধোঁৱা উলিয়াই সি দুৰন্ত গতিত ঘৰমুখী হয়। বাইকখন গেৰেজত ভৰাই চাবি বন্ধ কৰি সি তাৰ ৰূমৰ ফালে আগুৱাই যায়। ৰূমটো বাহিৰৰ পৰা তলা লগাই গৈছিল সি। দেউতাকক গম নিদিয়াকৈ সি আন্ধাৰে মুন্ধাৰে তলা খেপিয়াই চাবিপাত ভৰায়। বাৰে বাৰে তাৰ ভুল হয়। সি মোবাইলটো অন কৰি লয়, পোহৰকণাবোৰ বিচ্ছুৰিত হৈ তলাটোত পৰে, তথাপি হাতখন কঁপে তাৰ, চাবিটো ভৰাব নোৱাৰে সি, কান্দিবলৈ মন যায় তাৰ, কিহে তাৰ দুখ কমাব সেই উৎস বিচাৰি নাপায়, আনহে নালাগে, সংগ দিব পৰা বিছনাখনৰ ওচৰলৈ যাবলৈকো সি অপাৰগ হৈ পৰে ।
তেজৰ ইমান শক্তি! তেজৰ ইমান দাম! কোনোবাই তাৰ তেজক ভ্ৰুকুটি কৰিলে আৰু ফণা ধৰি উঠিল সি। উৰি গ’ল তাৰ প্ৰেম!
“মা ! মা! মা!, সি বাৰাণ্ডাৰ চিৰিটোতে বহি পৰে। আকাশৰ তৰাটো হৈ চাই আছেনে মাকে তালৈ? সেই যে “টুইংকল টুইংকল লিটল ষ্টাৰ” গোৱাৰ দিনতে মাকজনী নোহোৱা হৈ গৈছিল, তাৰ পিছতো ইমান বিষাদ তাৰ জীৱনলৈ অহা নাছিল। এই প্ৰথম মাকৰ অভাৱ অনুভৱ কৰিছে সি।
“কিবা কোৱা মা । কিবা এটাতো কোৱা”, বিৰবিৰাই উঠে সি।
দেউতাকক সুধিব সি, দেউতাকক সুধিব, এই কথাবোৰ দেউতাকৰ কাণত পৰিছে নে নাই, যদি পৰিছে দেউতাকে কিয় নিমাত হৈ আছে সেই কথা সুধিব দেউতাকক । উজাগৰী নিশাৰ সতে চুক্তি কৰি সি বাৰাণ্ডাৰ চোফাখনতে শুই পৰে। পুৱালৈ দেখে, দেউতাক বহি আছে তাৰ কাষতে, একে থৰে চাই আছে তালৈ,
“কি হৈছে বাবা তোৰ? ৰাতিটো ইয়াত পৰি থাকিলি, মোকো জগাই নিদিলি, চাচোন কালি ৰাতি টোপনি অহা ঔষধটো খাই কেতিয়াকৈ টোপনি গ’লো গমেই নাপালো। তইনো ইয়াত কিয় শুই থাকিলি?”
দেউতাকৰ কোমল মাত শুনি সি আবেগ সম্বৰণ কৰিব নোৱাৰে। চকুৰে ধাৰাসাৰ লোতক বৈ আহে । সি জুকিয়াই লয় কথাবোৰ, কিদৰে সুধিলে দেউতাকে কষ্ট নাপাব। দেউতাকে তাৰ জপৰা চুলিখিনিত হাত বুলাই দিয়ে,
“মোকো নকবিনে তই? ৰাগিনীৰ লগত কিবা লাগিলি?”
“নাই দেতা।”, চকুৰ কোণ বিৰিঙি উঠে তাৰ।
“ৰাগিনীলৈ ফোন লগা।”
“নালাগে দেউতা।”
“কি হৈছে মোক খুলি নকৱ কেলেই ? মোকে নক’লে কাকনো কবি তই? আগলৈ পিছলৈ ভাই ককাই এটাও নাই। মায়েৰেও অথাই সাগৰত মেলি থৈ গ’ল মোক”।
দেউতাকৰ হাতখন থাপ মাৰি ধৰে সি, কুচিমুচিকৈ সোমাই পৰে দেউতাকৰ বুকুত, কপি উঠা ওঁঠেৰে দেউতাকক মাতে, “দেউতা।”
দেউতাকে বুজে অংগদৰ কিবা হৈছে। দেউতাক এইবাৰ তাৰ বন্ধু হৈ পৰে। আশ্বাস পাই সি সুধি পেলায়,
“মাৰ কি হৈছিল দেউতা? মায়ে কিয় ইমান সোনকালে আমাক এৰি গ’ল দেউতা?”
“মাৰ জৰায়ুৰ সংক্ৰমণত ভূগিছিল সোণ । বহুত দেৰিকৈ ধৰা পৰিছিল সেই বেমাৰ। ধৰা পৰাৰ পিছত এবছৰো নাথাকিল।“
“কিন্তু মানুহে কয় যে………….”, কথাষাৰ আধৰুৱাকৈ এৰে সি।
“কি কয় মানুহে?”
“মাৰ হেনো এইচআইভি পজিটিভ আছিল।”
দেউতাক স্তম্ভিত হৈ পৰে, “তোক কোনে ক’লে?”
“প্ৰথমে মোৰ প্ৰশ্নৰ উত্তৰ দিয়া দেতা, কিয় কয় তেনেদৰে মানুহে।”
“তেনেদৰে ক’বলৈ এজন মানুহেই আছে। চূড়ান্ত লম্পট সি। সি তোক ক’ত লগ পালে?”
“মোক খুলি কোৱা দেউতা”, তাৰ ধৈৰ্যৰ বান্ধ খুলি যায়।
“সেই লম্পটটো আছিল মাৰৰ অফিচৰ বচ। মহিলা কৰ্মচাৰীখিনিৰ ওপৰত তাৰ বৰ চকু আছিল । এবাৰ চকু পৰিল তোৰ মাৰৰ ওপৰত । মোক সেইবাৰ ডেপুটেশ্যনত এবছৰৰ বাবে অসমৰ বাহিৰলৈ পঠিয়াইছিল । ঘূৰি অহাৰ পাছত মাৰে কৈছিল সেই লম্পটজনৰ কথা। সি কেবাবাৰো বেয়া ইংগিত দিছিল। আৰু এদিন অতিষ্ঠ হৈ মাৰে মিছা মাতিছিল, কৈছিল, মোৰ এইচআইভি পজিটিভ, সেই সময়তে মাৰৰ বেমাৰটোও ধৰা পৰিছিল আৰু আমি বাহিৰলৈ যাব লগা হৈছিল। গতিকে তেওঁ কি ভাবি থাকিল, আমাৰ সেইবোৰ লৈ মূৰ ঘমোৱাৰ দৰকাৰ নহ’ল।”
“তুমি সেই লম্পটজনক একো নকলা দেতা?”, হাতৰ পেশী টান হৈ আহে তাৰ।
“মাৰে কি কৈছিল জাননে, যিবোৰ কাম বুদ্ধিৰে কৰিব পাৰি, তাত বল লগোৱাৰ প্ৰয়োজনেই বা কি? মাৰ ঢুকুৱাৰ পিছত মই বৰ ভাগি পৰিছিলো, সেইবোৰ কথা গৌণ হৈ পৰিছিল, তই হৈ পৰিছিলি মুখ্য বিষয়, কাৰণ মাৰক মই কথা দি থোৱা আছিল, তোক মাৰৰ দৰেই সবল কৰিম”।
সৰু ল’ৰাৰ দৰেই উচুপি উঠে সি, “দেউতা, দেউতা, মোক ক্ষমা কৰা। মই মাৰ দৰে সবল হ’ব নোৱাৰিলো। কিন্তু কথা দিছো, মই সবল হ’ম” । চলচলীয়া হৈ উঠা চকু দুটা সি মোহাৰি লয়।
সেই লম্পটজনৰ পৰিচয় পাবলৈ তাৰ আৰু বাকী নাথাকে। ক’বলৈ মন যায় চিঞৰি চিঞৰি, “ৰাগিনী, মোৰ তেজ লেতেৰা নহয়, তোমাৰ তেজতহে লেতেৰা কীটাণু কিলবিলাই ফুৰিছে, সেইবাবেই তুমি প্ৰেমক শৰীৰৰ উৰ্ধত স্থান দিব নোৱাৰিলা। তোমাৰ ঠাইত মই হোৱা হ’লে কি কৰিলোহেঁতেন জানা, শৰীৰ খহি গলেও তোমাৰ মনটো গঢ়ি ললোহয়। তুমি কিন্তু মোৰ মনটোক আক্ৰমণ কৰি পংগু কৰিবলৈ উদ্যত হৈছিলা।”
মাকৰ ফটোখনত সি চাকি এগচি জ্বলাই দিলে । আৰু বিৰবিৰাই উঠিল, “মোক শক্তি দিয়া মা, সেই শক্তি মই কঢ়িয়াই নিম মোৰ প্ৰেয়সীলৈ। তেওঁৰ মনত যে এতিয়া এইচআইভিৰ সংক্ৰমণ”।

*****
গল্প: বগীবিল দলং আৰু এখন আধালিখা উপন্যাস

এটা চতুৰ্ভূজ সৃষ্টি কৰাৰ কথা আছিল । এল পি স্কুলৰ ল’ৰা এটাইও জানে যে চতুৰ্ভুজ এটা হ’বলৈ হ’লে অন্তত দুটা বিন্দুৰ লগত তৃতীয়টোৰ সামঞ্জস্য থকাটো খুবেই দৰকাৰী। চতুৰ্থটোৰ লগত অৱশ্যে প্ৰত্যক্ষ সংযোগ নহলেও চলিলহেঁতেন। তথাপি চতুৰ্ভুজটো সৃষ্টি নহ’ল। দুটা বিন্দু কিয়, এটা বিন্দুতো তাই মিলিত হ’ব নোৱাৰিলে। ওফৰি পৰিল সকলোবোৰ সৰলৰৈখিক সমীকৰণ। মুঠতে চতুৰ্ভুজটোত কেণা লাগিল।
কথাবোৰ ভাবি ভাবি অভিশ্ৰুতিয়ে বগীবিল দলংখনলৈ চাই থাকিল। অৰ্ধনিৰ্মিত বগীবিল দলং। এই যে দলংখনক লৈ তাইৰ কিমান হেঁপাহ আছিল। দলংখনৰ বুকুৰে বগুৱা বাই বাই হেঁপাহবোৰ অভিসাৰী ৰাতিটোত নগ্ন হৈ পৰি থাকে। একদম নিলাজ হেঁপাহ সেয়া। প্ৰিয়জনৰ সতে মিলনৰ হেঁপাহ।
কেৱল দলংখনেই নে ? উত্তৰ পাৰৰ গেৰুকামুখৰ পাৰ্শ্বৱৰ্তী এলেকাৰ কৈলাশপুৰৰ সেই পামখন, য’ত সেউজীয়া বিশ্বাস এডৰা লহপহকৈ বাঢ়ি ৰঙচুৱা সপোন চপাইছিল, সেইখনত ওমলাৰ হেঁপাহকণো জানো ক’ম আছিল!
আৰু আত্মাৰ সেই বাণীবোৰ? নৈপৰীয়া এখিনি মানুহৰ লগতে গোটেই অসমবাসীৰ ওচৰত দায়বদ্ধ হৈ যে তাই যে বাৰে বাৰে কলম হাতত তুলি লৈছিল, সেই কলমটোও এদিন দলিয়াই দিবলগা হ’ল এক অহেতুক অভিমানৰ বলি হৈ। সমস্ত অভিমান এই দলংখনৰ প্ৰতি। এই দলংখনে তাইক বাৰে বাৰে প্ৰলোভন দিলে আৰু প্ৰলোভনবোৰ পূৰাব নোৱাৰি তাই জুইৰূপী নৈত জাপ দিলে বাৰম্বাৰ ।
আৰু এটা সপোন আছিল। দিনান্তত চৰাইৰ বাহলৈ ওভটাৰ এটি দীঘলীয়া সপোন। খেৰকূটাবোৰ গোটাইছিল এথোন, বন্ধু শিৱাংগই পাৰে মানে সহায় কৰিছিল তাইক। সেইমতে সুদীৰ্ঘ দহবছৰৰ মূৰত নৈখনৰ স’তে চুক্তি কৰি সিপাৰত ভৰি থোৱাৰ পৰিকল্পনা কৰি পেলাইছিল তাই। আৰু সেই পৰিকল্পনা হোৱাৰ দিন ধৰি তাই তত নোপোৱা হৈছিল। বিউটি পাৰ্লাৰ, কাপোৰ, গহনাৰ লগতে বডি শ্বেপিঙৰ অজস্ৰ কাৰ্যসূচীৰে তাই প্ৰস্তুত হৈ উঠিছিল। মানসিক প্ৰস্তুতিত সহায় কৰিছিল শিৱাংগৰ স’তে থকা বন্ধুত্বই। দহবছৰৰ মূৰত নৈ পাৰ হৈ প্ৰেমিক চৰাইজনৰ ঠেহ ভগাৰ প্ৰস্তুতি। উত্তৰ পাৰৰ এক নিৰ্জন পামত যি এক নিঃসংগ জীৱন যাপন কৰি আছে। নাম তেওঁৰ শিল্পম। শিল্পম চহৰীয়া। অভিশ্ৰুতি নামৰ চৰাইজনীৰ নিগাজী ঠিকনা যি, সেই শিল্পম চহৰীয়া।
অৱশেষত সেই দিনটো আহি ওলাইছিল।
“ৰেদি হ’লগৈনে সকলো?”
“নাই অ’। পেকিং কৰি আছো।”
“তহঁতে ক’ৰবালৈ ওলালে কেইযোৰ কাপোৰ লাগে অ?”, ফোনটোত শিৱাংগৰ কণ্ঠ ভাঁহি আহে।
“হেই নহয়হে! চাদৰ-মেখেলা দুযোৰ আৰু জিনচ এটা, টিচাৰ্ট কেইটামান আৰু”
“হ’ব হ’ব তোৰ লেকচাৰ বন্ধ কৰ। জনা আছে ছোৱালীবোৰে কিমান কাপোৰ কঢ়িয়াব পাৰে। পিছে লাগেজ বেছি কৰিলে তোৰেই বিপদ। অকলে অকলে ফেৰীত অহাৰ কথা।“
“কি অকলে অকলে ? তই নাহিবি নেকি আগবাঢ়ি?”
“এইপাৰেতো মই আগবাঢ়ি যামেই। সিপাৰেহে তই অকলে আহিব লাগিব।“
“হ’ব দে। মই কামত লাগো । কাইলৈ প্ৰথম ফেৰীখনেই ধৰিব লাগিবতো। এতিয়া বহুত কাম আছে।“
ফোনটো থৈ তাই বেগত কাপোৰ ভৰোৱাত লাগিল। যিমানেই কমাব বিচাৰে, সিমানেই ডাঙৰ হৈ যায় বেগৰ আকাৰ। তাইৰ গাতনো কি দোষ, গোটেই নাৰীজাতিৰে বদনাম এইটো। এদিনৰ কাৰণে ক’ৰবালৈ গ’লেও কান্ধত এটা, হাতত এটা বেগ ওলমিবই যেন।
তাইৰ অৱশ্যে বেলেগ যাত্ৰা এইটো। অভিমানী লুইত পাৰ হৈ ডিব্ৰুগড়ৰ পৰা ধেমাজীলৈ বুলি ফেৰী যাত্ৰা।কিমানদিনৰ মূৰত যে হেঁপাহৰ ঠাইখনলৈ বুলি ওলাইছে তাই। কিমান দিন ? হয়তো দহবছৰ। কিদৰে যে পাৰ হৈ যায় দহবছৰৰ সুদীৰ্ঘ পৰিক্ৰমা?
এৰা দহবছৰেইতো! এই দহবছৰত কমখন ওলট পালট হ’লনে? সৰুফুটীয়া জেদী ছোৱালীজনী আহি সমাজখনৰ হকে, জাতিটোৰ হকে আন্দোলন কৰিব পৰা হ’ল । হাতৰ সৰু সৰু আঙুলিকেইটাৰে দহোটা দায়িত্ব দাঙিব পৰা হ’ল। তথাপি কিছু দায়িত্ব ৰৈ গ’ল । ৰৈ গ’ল কিছু কথা, কিছু সপোন, কিছু প্ৰতিশ্ৰুতি ।
অবুজ আবেগত শিহৰিত হৈ উঠিল তাই। তেওঁকেই লগ পাবনে তাই? অতবছৰৰ মূৰত লগ পালে তেওঁ কেনে প্ৰতিক্ৰিয়া কৰিব, সেইবিষয়ে তাই জ্ঞাত নহয়। তেওঁ আগৰ দৰেই আছেনে ? নে অন্য কোনো নাৰী তেওঁৰ কাষ চাপিছে। নাজানে তাই। তথাপি এবাৰ হ’লেও তেওঁক লগ পোৱাটো দৰকাৰ। ইমানবছৰলৈকে তাইওতো অপেক্ষাৰত তেওঁৰ বাবেই।
চকুৰ আগেৰে ভিন ভিন সময়ৰ কেবাখনো ছবি চকুৰ আগেৰে পাৰ হৈ গ’ল। নোৱনি তোলাৰ পৰা হায়াৰ চেকেণ্ডেৰীৰ কেমিষ্ট্ৰিৰ পৰীক্ষাৰ দিনা তাইক শুভেচ্ছা দিবলৈ আহি ওঁঠত আঁকি দিয়া প্ৰথম চুমাটোলৈকে।
“জাননে শিৱাংগ, সিদিনা মোৰ আটাইতকৈ টান বিষয়ৰ পৰীক্ষা। ইকুৱেচ্যনবোৰ মনত ৰাখিবলৈকে দিগদাৰ, আনফালে সি লগাই যোৱা অথন্তৰটো। কিয় তেনেকুৱা কৰিব লাগে সি? কোনোমতে পৰীক্ষাটো পাছ কৰিলো বুলিহে। একেবাৰে পঢ়িব পৰা নাছিলো সিদিনা। ৰাতি শুবও পৰা নাছিলো।”
“তই মানে সেই তেতিয়াই প্ৰেম কৰিবলৈ শিকিলি। কম ঘাগু নাছিলি দে”, শিৱাংগৰ কথাত লাজ পাইছিল তাই।
হয় বয়সতকৈ কিছু ক্ষেত্ৰত আগবঢ়া আছিল তাই। বয়সতকৈ আগতে দায়িত্ববোধ শিকা ছোৱালী, বয়সতকৈ আগতেই চঞ্চল মনটোক বশ কৰি জীৱনৰ বাটত খোজ লোৱাৰ পণ লোৱা ছোৱালীজনীৰ প্ৰথম প্ৰেমো অলপ আগতীয়াই আছিল। কলেজত ভৰি দিছিল কি নিদিছিল, সিফালৰ মেচৰ পৰা অহা সুঁহুৰিৰ আঁত ধৰি চকুযোৰ যিখন টেবুলত পৰেগৈ, তাতে থমথমকৈ বহি থাকে শিল্পম নামৰ তাইতকৈ দুবছৰ চিনিয়ৰ ল’ৰাটো। বায়লজিৰ প্ৰেক্টিকেলৰ বাবে গৰৈ মাছটো কাটি দিয়া নতুবা ভেকুলীটো-পঁইতাচোৰাটো বিচাৰি অনা, ব’টানীৰ প্ৰেক্টিকেলৰ বাবে পিঁয়াজৰ তৰপ এটা পাতলকৈ কাটি দিয়া, এই সৰু সৰু কথাবোৰতে তাই শিল্পমৰ ওচৰ পাইছিলগৈ। পঢ়াৰ কথাবোৰ মাত্ৰ এক অজুহাত। অকলশৰীয়া হ’লেই দুয়োৰে মনৰ ভিৰ লগা কথাবোৰত জোঁটপোট লাগে। সদ্যস্নাতা অভিশ্ৰুতিৰ শৰীৰৰ পাতল সুৱাস আৰু অনৰ্গল বকি থকা মুখখন জপাবলৈকে সি কেবাদিনো কামুৰি দিবৰ মন কৰিছিল। সুযোগ পোৱা নাছিল অৱশ্যে, কাৰণ খিৰিকীৰ সিপাৰে অগাদেৱা কৰি থাকে অভিশ্ৰুতিৰ মাকে । তাৰ মাজতে এদিন সি সুযোগ পাই গ’ল। শ্ৰুতিৰ মাক ক’ৰবালৈ বুলি ওলাই গৈছিল মাত্ৰ, পঢ়ি থকা তাইজনীৰ মুখখন দাঙি লাহেকৈ পৰশ এটা দি দিছিল সি। হাহাকাৰ লাগিছিল তাইৰ মন গহনত। কি পৰীক্ষা, কিহ’ৰ সমীকৰণ সকলো পাহৰি মৃদু ভৎসৰ্না কৰিছিল তাক।
“দুষ্টটো! মোৰ পৰীক্ষাটো বেয়া হওকচোন, গম পাবি তই”, ওঁঠযোৰ মোহাৰি মোহাৰি পৰীক্ষাৰ আগদিনা দিনৰ দিনটো গালি পাৰি থাকিল তাই।
পৰীক্ষাটো তাইৰ বেয়া নহ’ল। ইচ্ছা কৰা হ’লে মহানগৰীৰ কোনো ভাল কলেজত চিট পাই গ’লহেঁতেন তাই, অলপমান কষ্ট কৰা হ’লে মেডিকেলৰ বাচনিতো হয়তো উত্তীৰ্ণ হ’লহেঁতেন, কিন্তু তাইৰ নিজৰ সৰু চহৰখন এৰি যাবলৈ কোনো পধ্যেই মন নাছিল। শিল্পমক এৰিব নোৱাৰে তাই, কোনোমতেই নোৱাৰে, তাক এৰি দূৰৈত পঢ়িবলৈ যাবলৈ কোনোপধ্যেই ৰাজী নহ’ল তাই। শিল্পমৰ বুকুত ঘৰ সাজিলে তাই।
আবেগিক মুহূৰ্তত কৈ উঠিছিল সি, “ভাল পাওঁ তোক শ্ৰুতি।”
চম্ভালিব নোৱৰা সময়কণত চকু সেমেকি উঠে তাইৰ, “অই, বুকুৰে কৈছতো।“
কৃত্ৰিম খঙেৰে সিও কৈ পেলায়, “নাই, নাটকৰ ৰিহাৰ্চেল কৰি আছিলো।“
খিলখিলীয়া হাঁহি এটাৰ দৰে প্ৰেম-কোমল অনুভৱবোৰ বতাহত উৰি ফুৰে। সৰু চহৰখনৰ এটা যুটি হৈ পৰিছিল দুয়ো। মাকে সিঁয়াইছিল, পঢ়া-শুনা প্ৰথমে, তাৰ পাছতহে প্ৰেম।
দেউতাকৰ আকৌ শিল্পমলৈহে বেছি মৰম, “ঘৰৰ পৰা দূৰৈত থাকি পঢ়িছেহি ল’ৰাটো। তাৰ সময়বোৰ নষ্ট নকৰিবি শ্ৰুতি”।
সময় আৰু সপোনবোৰৰ মাজত কিবা পুত্ৰী-মাতৃৰ সম্পৰ্ক। সময় নষ্ট হ’লেও সপোনবোৰে জন্ম দিয়ে নতুন সময়ৰ। সময়বোৰে জন্ম দিয়ে জীৱনৰ আৰু জীৱনে প্ৰেমৰ। এনেকৈয়ে বৃত্ত এটাত সোমাই পৰে সিহঁতৰ কাহিনীবোৰ। সিহঁতৰ কাহিনী শুনি শিৱাংগৰ চকুহালো চলচলীয়া হৈ পৰে।
“ইমান প্ৰেম, ইমান ভালপোৱা এৰি কিয় গুচি গ’লি তই?”
“উপায় নেদেখিলো শিৱাংগ। দেউতা ঢুকোৱাৰ পিছত চাকৰি এটাৰ বৰ প্ৰয়োজন হৈছিল মোক। ঘৰৰ একমাত্ৰ ছোৱালী আছিলো মই। ইউনিভাৰ্ছিটিৰ চাকৰিটোত এপ্লাই কৰিলো, পাই গ’লো, গুচি আহিলো।”
“আৰু গুচি যোৱাৰ পাছত হাৱা লাগিল। পাহৰি থাকিলি কলেজীয়া ভালপোৱা।”
“নহয় অ’। এইবোৰ বহুত কথা। মোক নুসুধিবি তই।“
চকুত ভৰ বাৰিষাৰ লুইতখনে তল-ওপৰ কৰে। মনত পৰে তাইৰ, শিল্পমে কোনোপধ্যেই বিচৰা নাছিল, তাই ইউনিভাৰ্ছিটিত পঢ়িবলৈ নগৈ চাকৰি কৰিবলৈ যাওক। আৰু তাইক দৰকাৰ হৈছিল এটা চাকৰিৰ । অতৰ্কিতে ভাগি পৰা আকাশখন দাঙি ধৰিবলৈ চাকৰিটোৰ বাদে তাইৰ আন কোনো উপায় নাছিল। সেইখিনিকে সি নুবুজিলে। তালফাল লগাই দিলে, এপইণ্টমেণ্ট লেটাৰখনো ফালি পেলালে, বাৰে বাৰে কৈ থাকিল, “তুমি পঢ়াটো শেষ কৰা। ইউনিভাৰছিটিৰ ডিগ্ৰীটো লৈ আহা। ইয়াত কলেজত লৈ ল’ব তোমাক, মাত্ৰ দুবছৰ কষ্ট কৰা।”
এফালে দেউতাকৰ মৃত্যু আৰু আনফালে প্ৰিয়জনৰ অবুজ আচৰণ, শেষ সিদ্ধান্ত জনাই দিলে তাই, “মই যামেই চাকৰি কৰিবলৈ।”
স্পষ্টকৈ মনত পৰে তাইৰ, স্বাধীনতা দিৱসৰ দিনা সংঘটিত হোৱা বোমা বিস্ফোৰণৰ কাৰণে কেবাটাও সংগঠনে অসম বন্ধ ঘোষণা কৰিছিল সেই তিনিদিন। চৰকাৰী ৰঙা বাছখনৰ বাদে বেলেগ বাছ চলা নাছিল। বেংক বন্ধ হৈ যোৱাত তাইৰ হাতত ফুটাকড়ি এটাও নাছিল। আৰু মুখ ফুলাই ৰূমত আবদ্ধ হৈ থকা শিল্পমক মাত নলগোৱাকৈ তাই উচুপি উচুপি ৰঙা বাছখনত বহিছিল।
“তোৰ সাহস মই মানিছো দেই। অকলেই গুচি গ’লি? তাকো অসম বন্ধৰ দিনত?”
“ওমম। তাকো হাতত এটকাও নোহোৱাকৈ।”
“কি কৰিলি তাৰ পাছত? কেনেকৈ মেনেজ কৰিলি টকা?”
“সেইবোৰ বহুত কথা, বেলেগ এদিন ক’ম দে। এতিয়া মনটো গধুৰ হৈ পৰিছে মোৰ।“
ডিব্ৰুগড়-ধেমাজী। মাজত এখন দলং। বগীবিল দলং। খং অভিমানৰ মাজতো সপোনটো আকৌ গজিবলৈ ধৰিছিল। ঘৰখন এৰি নিদিয়ে তাই। শিল্পমক এৰিব নোৱাৰে। শিল্পমেও ধেমাজী নেৰে। হয় তাতে সি কলেজ খুলিব, নহয় দেউতাকৰ মাটিখিনিত কুঁহিয়াৰৰ খেতি কৰিব। তাইও চাকৰিটো নেৰে। দক্ষিণ পাৰৰ পৰা নৈ পাৰ হৈ উত্তৰ পাৰলৈ অহা যোৱা কৰিব শনিবাৰে শনিবাৰে। কিমান দূৰৰনো বাট? বগীবিল দলংখন হ’লেতো মুঠেই ডেৰ ঘণ্টাৰ বাট।
অংকবোৰ মিলি উঠে। অভিমানবোৰ নিমিলে। শিল্পমে নিৰুদ্দিষ্ট পথিকৰ ভাও লয়। পঢ়া-শুনা শেষ হোৱাৰ পাছতে সি হেৰাই যায় ক’ৰবাত। চাকৰিৰ মাজে মাজে তাই মাছ কমিউনিকেশ্যনত পোষ্ট-গ্ৰেজুৱেট কৰি চাকৰি সলালে। তথাপি ডিব্ৰুগড় এৰা নহ’ল। ডিব্ৰুগড়ে তাইৰ পেটৰ ভোক মোকলালে। ডিব্ৰুগড়লৈ মোহ সোমাল তাইৰ। ধেমাজীও নেৰো বুলি কথা দিছিল। শিল্পমক নেৰো বুলি ভগৱানৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। দলংখন হৈ উঠা নাই এতিয়াও। দলংখনৰ ওপৰত নিৰ্ভৰ কৰিয়ে যে তাই এইখিনি পাইছিলহি, সেই কথা তাইতকৈ ভালকৈ কোনে জানে। দলংখন হওক। সপোনবোৰ বাস্তবায়িত হ’ব। সি নকলেও তাই মুখ ফুটাই ক’বগৈ যে, অকলে অকলে থাকি তাইৰো আমনি লাগিছে, অহা বহাগতে সি কিবা এটা কৰক।
সময় কি যে খৰস্ৰোতা নদী! যেন সৌ সিদিনাৰহে কথা। মুখ ওন্দোলাই বহি থকা লৰাটোক চাৰপ্ৰাইজ দিমগৈ বুলি ভাবি থাকোতেই দহবছৰ পাৰ হ’ল। আঙুলিৰ মূৰত দিনবোৰ গণে তাই। তেনে সময়তে শিৱাংগই লগ পাইছিল তাইক। তেতিয়া তাই আগশাৰীৰ সাংবাদিক হিচাপে নাম কৰি উঠিছে। আৰু শিৱাংগ নদীবান্ধ বিৰোধী সংগঠন এটাত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। দুয়োৰে চিনাকী খুব নাটকীয়ভাৱে হৈ ঘনিষ্ঠ সম্পৰ্ক এটাই গঢ় ল’লে।
প্ৰথম চিনাকীতে শিৱাংগই ওভতি ধৰিছিল তাইক,
“এই যে এইবোৰ লিখি আছে, কোনে পঢ়িব এইবোৰ? অসমখনৰ চিনচাব নোহোৱা হ’ব কিছুদিনৰ পিছত । নদীবান্ধবোৰে বাহিৰলৈ শক্তি কঢ়িয়াই নিব, অসমীয়া জাতিটো বানপানীত ডুবি মৰিব। আপোনালোকৰ এই আখৰবোৰ পঢ়িবলৈ কোনো নাথাকিব জীয়াই”, উষ্মামিহলি কণ্ঠৰে কৈ গৈছিল সি।
কেন্দ্ৰীয় চৰকাৰৰ স’তে মতবিৰোধ চলিছিল সিহঁতৰ সংগঠনৰ, “এই যে লুক ইষ্ট পলিচী-এইবোৰ সৱ ভেঁকোভাওনা। পশ্চিমবংগৰ চি-নেক পথেৰে এই বিশাল শক্তি কঢ়িয়াব নোৱাৰিব বুলিয়েই এইবোৰ চালিবাজী। চাই থাকক চকুৰ আগতে অসমখন কিদৰে ধ্বংস হ’বলৈ গৈ আছে। পূঁজিপতিয়ে কিনি পেলাইছে অসম। দুদিনতে প্ৰমাণ পাই যাব অসমবাসীয়ে।“
সঁচাইনে? শিৱাংগই কোৱা কথাবোৰৰ সত্যতা আছেনে? সাংবাদিক হোৱাৰে পৰা সত্যতা নোহোৱা কথাবোৰ মানি লবলৈ সন্মত নহয় তাই। তাতকৈ তাই অধ্যয়ন কৰিব। তাই নিজৰ বিবেকেৰে বিচাৰ কৰিব, কোনবোৰ সঁচা, কোনবোৰ ছলনা।
কোনোবাই কৈছিল নদীবান্ধৰ বিপক্ষে, কোনোবাই সপক্ষে। তাইৰ দৰে ছোৱালীজনী কাৰো উত্তৰত সন্তুষ্ট হোৱা নাছিল। অধ্যয়ন কৰিছিল কিছু। তথাপি যেন বহুত বাকী। শেষত শিৱাংগৰ ওচৰত ব্যক্ত কৰিছিল মনোভাৱ, নদীবান্ধৰ ওপৰত মই এখন কিতাপ লিখিব বিচাৰো।
তাইৰ সমানে সুখী হৈছিল সি, “এয়াতো খুব ভাল কথা। আহকনা এদিন গেৰুকামুখলৈ।“ সি তাইলৈ মেইল কৰিছিল কিছু তথ্য, তাই ৰাতি এপৰলৈকে সেইবোৰকে ফঁহিয়াই আছিল,
“মধ্যপ্ৰাচ্যৰ দেশবোৰৰ দৰেই ভাৰতকো ধনী হ’বলৈ শক্তি লাগে। ভাৰতত যিহেতু তেনে কোনো বিশেষ শক্তি নাই, গতিকেই চকু পৰিছে অসমৰ নদীবোৰৰ ওপৰত। উত্তৰ-পূবক ভাৰতৰ পাৱাৰহাউচ হিচাপে উপস্থাপন কৰিবলৈ বিচৰা হৈছে। কোৱা হৈছে, এই জলবিদ্যুৎ শক্তিসমূহ একেবাৰে ক্লীন শক্তি, ইয়াত কোনোধৰণৰ প্ৰদূষণৰ সৃষ্টি নহয়। কিন্তু আওপকীয়াকৈ চাবলৈ গ’লে কি দেখিম? এই বান্ধসমূহৰ স্বাৰ্থত গছ-গছনি কাটি তহিলং কৰিছে। বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বঢ়াৰ উপৰিও বৃহৎ জলাশয়বোৰত সেউজ পাহাৰবোৰ ডুব যোৱাৰ ফলত গ্ৰীণহাউচ গেছৰ উৎপত্তি হৈছে। এই গেছসমূহে তাপমাত্ৰা বৃদ্ধি কৰিছে। অজন স্তৰ ক্ষতিগ্ৰস্ত হৈছে। আমাৰ ভৱিষ্যৎ প্ৰজন্মলৈ বৃহৎ ভাবুকি আহি পৰিছে।“
অভিশ্ৰুতিয়ে আধালিখা ডায়েৰীখন বন্ধ কৰি থৈ শুবলৈ যায়, ৰাতি শেঁতেলীতো বাগৰে কথাবোৰ, এইবাৰ হেনো য’তে ত’তে বানপানী হৈছে, হ’বই, শিৱাংগই কৈছিল, “অসমৰ ভৌগোলিক অৱস্থানটোৱে ইমান ডাঙৰ নদীবান্ধ কোনোপধ্যেই চাপৰ্ট নকৰে”। চৌপাশে পাহাৰেৰে আৱৰা ৰাজ্যখনলৈ পাহাৰৰ সমূহ আৱৰ্জনা নামি আহি অসমখন তৰাং কৰি তুলিছে। তেনেস্থলত ডেৰশৰো অধিক বান্ধ অসমৰ মূৰৰ ওপৰত। লখিমপুৰৰ ৰঙানদীৰ ওপৰৰ বান্ধটোৰ কথাই কয়নে, গোলাঘাটৰ ধনশিৰিৰ ওপৰৰ বান্ধটোৰ কথা কয়, নে চিয়াং নৈৰ বান্ধটোৰ কথাই কয়, নামনি অসমৰ আকৌ ভূটানৰ প্ৰকল্পকেইটা আছেই, মেঘালয়ৰ উৰিয়াম নৈৰ বান্ধটোও কম চিন্তনীয় নহয়। মুঠতে কথাবোৰ বৰ চিন্তনীয়।
শিৱাংগই গেৰুকামুখলৈ মাতিছে তাইক। উদ্দেশ্য, সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্প। চাই যাওক তাই, কি পৰিকল্পিতভাৱে নদীক নিয়ন্ত্ৰণ কৰে প্ৰযুক্তিয়ে, আৰু সেই প্ৰযুক্তিত জলজ প্ৰাণীসমূহৰ কিদৰে ক্ষতিসাধন হয়।
“দিনৰ ভাগত নদীসমূহত খুব কম কমকৈ পানী এৰি দিয়া হয়, কাৰণ দিনৰ ভাগত শক্তিৰ প্ৰয়োজন কম। কিন্তু পিক আৱাৰ্চত, আই মিন সন্ধিয়াৰ ভাগত খুব দ্ৰুতবেগত পানীৰ সোঁত বঢ়াই দিয়া হয়, যাৰ ফলত জলজ জীৱসমূহৰ বিস্তৰ ক্ষতিসাধনেই নহয় কেৱল, প্ৰাকৃতিক ভাৰসাম্যহীনতাৰ সৃষ্টি হয়।“
কৈ যায় শিৱাংগই। প্ৰত্যেক দিনাই অন্তত দুঘন্টাৰ বাবে হলেও তাইৰ লগত কথা পতাটো তাৰ দায়িত্ব হৈ পৰিছে। প্ৰত্যেকদিনাই সি ন ন তথ্যৰে আশ্চৰ্যত ডুবাই পেলায় তাইক। কোনোটো তথ্য তাই মেইলত বিচাৰে, কোনোটোৰ বাবে হয়তো প্ৰজেক্টৰ চাইট চাবলৈ যোৱাৰ মতপোষণ কৰে।
হয় । কিতাপখন লিখাৰ বাবে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ প্ৰয়োজন আছিল। তাই আৰু শিৱাংগ মিলি সেই পৰিকল্পনা কৰি পেলাইছিল। গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্পৰ নাতিদূৰত অৱস্থিত কৈলাশপুৰ গাঁওতে শিল্পমৰ শ্যামলী-পাম। তালৈ গ’লেই লগ পাবনে তাই? পাব হেনো। শিৱাংগই তলে তলে সেই খবৰো লৈছিল।
সপোন এটাই উৰুলি দিয়ে। শিৱাংগৰ লগত ভাল ঘনিষ্ঠতা হৈ উঠিল তাইৰ। আপুনিৰ পৰা তুমি, তুমিৰ পৰা তই। কেতিয়াবা সুধি পেলায় তাই,
“তাৰ খবৰ পাৱনে শিৱাংগ?”
শিৱাংগই নকয় তাইক, তাই টিভিত ওলালে যে শিল্পমে টিভিটো বন্ধ কৰি দিয়ে। কিয় বন্ধ কৰি দিয়ে? কিয় সেইখন মুখ চাবলৈ অত অভিমান? শিল্পমৰ চকুলৈ চাই সেই উত্তৰ সি যুগুতাই লয়, অভিমানৰ আন নাম ভালপোৱা।
সকলোবোৰ সাজু হৈ উঠিল। পুলকিত হৈ পৰিছে তাইৰ মন, তথাপি মিহি মিহিকৈ টেনচন এটা, যদি তাৰ জীৱনত আন নাৰীৰ প্ৰৱেশ ঘটিল, তেতিয়া? কি হ’ব তেতিয়া?
তিতা চুলিখিনি টাৱেলেৰে মচি মচি বিচনাখনত বাগৰ দিয়ে তাই। পাঁচঘন্টাৰ গভীৰ টোপনি লাগে তাইক এতিয়া। কাইলৈৰ পৰা দুটা নতুন যাত্ৰাৰ আৰম্ভণি। গতিকেই বহুত কাম। ব………হু………ত…..
কেতিয়ানো টোপনিত ঢলি পৰিল গমকে নাপালে তাই। ৰাতিপুৱালৈ দেখিলে এগালমান মিছকল। অচিনাকী নাম্বাৰৰ মিছকল। কোন হ’ব পাৰে? পেছাটোৰ বাবেই তাইলৈ বহুত ধৰণৰ ফোন আহে। কিন্তু একেটা নাম্বাৰৰ পৰা ইমানবোৰ ফোন, তাকো মাজৰাতি। আচৰিত হ’ল কিছু। উৎকণ্ঠিতও হ’ল বেচকৈ। বানপানীয়ে নদীৰ মথাউৰি ভঙাৰ সময়ত তাই ফেৰীৰে ভৰা লুইত পাৰ হ’বলৈ ওলাইছে। কি বা খবৰ? ভ্ৰূ কোচাই নাম্বাৰ টিপে,
“হেল্লো।”
মাত নাই সিফালৰ।
আকৌ মাতিলে তাই,
“হেল্লো।”
“হেল্ল হেল্ল, কোনে ক’লে? মই বহুত মিছ কল পালো এই নম্বৰটোৰ পৰা। কোনে কৈছে আপুনি?”
সিফালৰ পৰা এটা ফোঁপনিৰ শব্দ ভাঁহি আহিল।
“শিৱাংগৰ লগত আপোনাৰ কিহ’ৰ ইমান হলিগলি?”
“শিৱাংগৰ লগত?”
“হয় । শিৱাংগৰ লগত।“, সিপক্ষই জোৰ দি ক’লে।
“মই একো বুজা নাই। কোন হয় আপুনি?”
“আপুনি বুজিবলৈ চেষ্টা নকৰিব। আৰু আমাৰ মাজত সোমাবলৈকো চেষ্টা নকৰিব । মাত্ৰ এটা কথা কৈ দিছো, মোৰ পেটত শিৱাংগৰ সন্তান আৰু সেই সন্তানৰ শপত, যিদিনাই আপুনি গেৰুকামুখত ভৰি দিব, সিদিনাই মই সোৱণশিৰিত জাপ দিম।”
ঠাককৈ কাটি গ’ল ফোনটো। তাইৰ অণ্ঠ কণ্ঠ শুকাই গ’ল। কোন হয় এওঁ, যাৰ গৰ্ভত শিৱাংগৰ সন্তান। শিৱাংগই তাৰ ব্যক্তিগত জীৱনৰ বিষয়ে কোনোদিনেই নক’লে, তাঁৱো নুসুধিলে অৱশ্যে, কিন্তু এয়াতো ভুল অপবাদ। তাই আকৌ ফোনটো লগালে,
“আপুনি মোক ভুল বুজিছে।”
“মোক একো স্পষ্টীকৰণৰ দৰকাৰ নাই। মই ক’বলগাখিনি ক’লো। ইয়াৰ পিছত আপুনি কি কৰে সেয়া আপোনাৰ কথা।“
“আপুনি ভুল বুজিছে।”
“ন’। মোক বুজাবলৈ আপুনি চেষ্টা নকৰিব।”
ইমান ৰুক্ষ মাত, ইমান ঔদ্ধতালি তাই জীৱনত পোৱা নাছিল। তাই গেৰুকামুখত যিদিনাই ভৰি দিব, সেইদিনাই হেনো তাইৰ শেষ দিন হ’ব। শিল্পমক লগ পোৱাৰ সপোনটোৱে হঠাতে যেন ভৰ লুইতত জাপ দিলে। দলংখনক আঁকোৱালি লৈ ইপাৰ সিপাৰ হোৱাৰ দৃশ্যটোও যেন মুহূৰ্তৰ ভিতৰতে এৰা-পৰলীয়া হৈ গ’ল।
আৰু নদীবান্ধৰ ওপৰত লিখিব বিচৰা কিতাপখন? সেইখন যে কাহানিও আৰম্ভই নহ’ব।
ইফালে শিৱাংগই তালফাল লগালে, কটাক্ষ কৰিলে, “সাংঘাটিক ইনডিচিচিভ মাইণ্ডৰ ছোৱালী হয় তই। তোক বুজাটোৱেই মোৰ ভুল হৈ গ’ল”।
তাই মনে মনে থাকিল।
“তোৰ বাবে সৱ এৰেঞ্জমেন্ট হৈ গৈছিল। গেষ্ট হাউচ, গাড়ীৰ কথাটো বাদেই, এন এইচ পি চিৰ জি এমৰ এপইন্টমেন্টলৈকে, পাঁচখনকৈ গাঁওৰ ৰাইজমেল, সকলো ঠিক হৈ গৈছিল শ্ৰুতি। তই কি কাৰণে সিদ্ধান্ত বদলাই দিলি?”
তাই মনে মনে থাকিল।
“আৰু কি জাননে? মোৰ হ’বলগা বিয়াখনো তই অহালৈকে ৰৈ দিছিলো, তই আহিলেহে তাইক সেন্দুৰ পিন্ধাম বুলি ভাবি থৈছিলো। লগতে ভাবিছিলো, শিল্পমৰ কাৰণেও সেন্দুৰ এটেমা কিনিম বুলি। কিয় ৰ’লো তোলৈ মই? মানুহৰ চকুত ধৰা পৰাকৈ তাইৰ গৰ্ভ বাঢ়ি আহিছে, তথাপি তথাপি………..”, কথাখিনি সম্পূৰ্ণ কৰিব নোৱাৰিলে সি।
ফোনটো কাটি দিয়ে তাই। হাজাৰ জটিল সমস্যাৰে জৰ্জৰিত মানুহৰ জীৱন। আৰু কিছুমানৰ জীৱন সন্দেহ নামৰ বেমাৰত জৰ্জৰিত। তাইৰ পেটত হেনো দেৱশিশু-এই সময়ত সেই মাতৃক মানসিকভাৱে অসুস্থ কৰি তুলি পাপকাৰ্য নকৰে তাই।
নৈখনৰ যি পাৰে তাইৰ প্ৰিয়জনে বাহৰ পাতে, সেই পাৰে হেনো তাই ভৰিখনকে থবগৈ নোৱাৰে, ইমানেই অস্পৃশ্য তাইৰ ভৰি, ব্যংগমিহলি হাঁহিৰ মাজেৰে দুচকু সেমেকি উঠে তাইৰ।
“মোৰ খোজবোৰো এতিয়া আনৰ দ্বাৰা পৰিচালিত হয়। ক’ত ভুল আছিল মোৰ?”, দিনে নিশাই নিজক প্ৰশ্ন কৰে শ্ৰুতিয়ে। তাইতো নুবুজে যে, বেছিভাগৰে এনেকুৱাই হয়, অজান কীটে ধ্বংস কৰি পেলায় সপোনৰ কাঁচঘৰ।
বৰ জেদী তাই। হাতত ফুটাকড়ি এটাও নোহোৱাকৈ শতমাইল দূৰলৈ অকলে কাম কৰিবলৈ ওলাই অহা ছোৱালী তাই। সাধাৰণ কথা এটাত লাগিয়েই দহবছৰৰ বাবে প্ৰিয়জনৰ পৰা আঁতৰি থকা ছোৱালী তাই। কিতাপ লিখাৰ সপোনটোতো বহুত সাধাৰণ কথা।
শোকটো বুকুত বহি বৰফ-কঠিন হোৱাৰ পৰতে এদিন শিৱাংগ আহি গ’ল তাইৰ ওচৰলৈ।
“হুঁ ল।“
“কি?”
“মিঠাই। ছোৱালী এজনী হ’ল। নামটো তই দিব লাগিব কিন্তু।“
“বাঃ কংগ্ৰেচুলেচন! কি যে ভাল খবৰ! পিছে নামটো মই কিয় দিম আক? সন্তানৰ নামটো মাক-দেউতাকৰে অধিকাৰ, দুয়োজনেই আলোচনা কৰি ল’বি।“
“তায়েই বিচাৰিছে অ’, নামটো তই দে বুলি।”
কি! এইগৰাকীয়ে সেইগৰাকী, যাৰ এটা হুমকিত তাই জীৱনৰ বাট সলাই দিছিল। সঁচাকৈয়ে নাৰীৰ ছলনা বুজা টান বুলি মহা মহা পণ্ডিতে এনেই কৈ যোৱা নাছিল।
“কি খবৰ তাইৰ?”
“ভাল, একদম সুস্থ। ডিব্ৰুগড় মেডিকেলতে এডমিট হৈ আছে তাই।” শ্ৰুতিয়ে একো নক’লে। লগ কৰাৰ সৌজন্যতাকণো দেখুৱাব নোৱাৰিলে।
“আৰু এটা উপহাৰ আছে তোলৈ।”
“কি অ?”, ভৰ বাৰিষাৰ নৈখন চকুৰ পৰা লুকুৱাব নোৱাৰে তাই।
“সেন্দুৰ।”
“হোৱাট!”।
“য়েচ, শিল্পমৰ নামৰ।”
“কি ধেমালি কৰিছ তই শিৱাংগ?”
“এয়া চা।”
বান্ধ ভাঙি লোতক নামে ওফন্দি উঠা নৈখনৰ।
“সি ক’ত?”
“লৈ যাবলৈ কৈছে তোক?”
“নাযাওঁ মই।”
“তই ইমান জেদী কিয় কচোন।”
“সি কিয় আহিব নোৱাৰে কচোন।”
উচাৎ মাৰি তাই আঁতৰি যায়। তাইলৈ চাই পঠিয়ায় সি, দেখে, অভিমানী নৈখনৰ ওপৰেৰে লোতক বাগৰিছে। মুহূৰ্ততে সিদ্ধান্ত লৈ পেলায় শিৱাংগই, সি সেই নৈখনৰ দলং হ’ব, বগীবিল দলংখনৰ দৰেই যিমান সময় নালাগক কিয়, এদিন সিও দুখন হিয়া জোৰা লগাব।
আৰু আধালিখা উপন্যাসখনৰ কাম সিদিনাই হয়তো তাই হাতত ল’ব।
(সমাপ্ত)

Thursday, March 22, 2018


দাপোনৰ সন্মুখত (১)
_________________

যেতিয়া এখন কিতাপে বা এটা গানে, এটা কবিতাই বা এটা সুৰে মোক নিচুকাবলৈ অসমৰ্থ হৈ পৰে, তেতিয়াই নিসংগতাৰ মদিৰাত বাকি লওঁ নীলা বিষাদ । নীলা মমৰ পোহৰত নিজে জ্বলিও চৌদিশ উজ্বলাওঁ আৰু গলাই পেলাওঁ উষ্ণ হেঁপাহ ।

অহাৰ বাটেৰেই তুমি উভটিবলৈ ওলালা । এয়াই হোৱাৰ কথা আছিল । ইতিহাস জানো সলনি হয় এটা কবিতাৰ শব্দত ? মইতো প্ৰস্তুত কোন কাহানিবাই ।

সন্মুখত সৰ্পিল ৰাস্তা । ভয় নাই একেবাৰে । ইমানখিনিলৈকে তুমিয়ে হাতত ধৰি আগবঢ়াই দিলা । আচলতে কি জানা ? আমিবোৰ বৰ লেহুকা । লতা হৈ বগাবলৈ  পালে নিজৰ অস্তিত্বকো পাহৰি যাওঁ ।

গানে নিচুকাব নোৱাৰা ৰাতিবোৰত নিজৰ স'তে কথা পাতো অনৰ্গল । নোপোৱাৰ বেদনাই মুকুতা হৈ চকুৰ পতাত জিলিকে । সাঁচি ৰাখো, সাঁচি ৰাখো । নিজক বুজোৱাৰ পৰিণতিৰ মূল্যবান মুকুতা সেয়া । দুটোপালেই যথেষ্ট ।

এই যে তুমি কৈছিলা, তুমি মোক নিজতকৈও ভাল পোৱা বুলি । ভুল সেইখিনিতেই । আমি আচলতে নিজক বুজি নাপাওঁৱেই । নিজতকৈ কোনেও আনক ভাল পাব নোৱাৰে । আমি অতিপাত ভাল পোৱা নিজৰ সত্বাটোক সিজনে কেনেকৈ অৱমাননা কৰিব পাৰে সেই কথাইহে আমাক বিচলিত কৰে । বিৰহৰ জন্ম সেইখিনিতেই । বৰ জটিল এই অনুভূতি ।

চুটি ৰাস্তাটো ক্ৰমাৎ দীঘল হৈ পৰিছে । সিপাৰ মনিব নোৱাৰাকৈ দীঘল । তোমাৰ হাতত ধৰি যে চাইছিলো জোনাক ! কৰবাত এই জোনাকে তোমাকো চুব, হয়তো চুইছেই ।মোৰ চকুৰ পতাত ওলমি ৰোৱা মুকুতা দুটিয়ে তাৰ প্ৰমাণ ।

বিষাদৰ নীলা পোহৰবোৰ হঠাতে নোহোৱা হৈ গ'ল । শৰতৰ বতৰা কঢ়িয়াই অনা শীতল বতাহ এছাটিয়ে দেহা মন শাঁত পেলাই গ'ল । পোহৰৰ ৰেঙনি চৌদিশে । ৰাতিপুৱাল । ৰাস্তাটো দীঘল , কিন্তু সিপাৰ মনিব পাৰিছো এতিয়া  । চকুৰ পতাত তোমাৰ ৰূপছাঁয়া । প্ৰাপ্তিতে যে কেৱল সুখ নাথাকে , কেতিয়াবা অপেক্ষাতো যে কত সুখ!

দাপোণৰ সন্মুখত (২)…
--------------------------------

দাপোণৰ সন্মুখত নীলা মমৰ এমুঠি নীলা পোহৰ । মম জ্বলিছে , মই জ্বলিছো । মমৰ পোহৰত চাইছো তোমাক , জুখিছো নিজক । বুকুৰ গভীৰতাৰ জোখ লৈছো পুনৰবাৰ, যলৈকে তুমি শিপাইছিলা … শিপাইছিলা সমগ্ৰ সত্বা আৱৰি … মই মানে তুমি… তুমি মানে মই হোৱালৈকে যি শিপাৰ গভীৰতা, সেই গভীৰতাৰ জোখ লৈছো পুনৰবাৰ ।

স্মৃতিয়ে এইবাৰ ঢাপলি মেলিছে টেকেলী ভগা খেলটোলৈ । এই যে তুমি মোৰ চকু বান্ধিলা , হাতত লাঠি এডাল তুলি দিলা , সাতোপাক ঘূৰাই দিলা । মই আগবাঢ়িছো টেকেলীটোলৈ , ইয়াতেই নেকি টেকেলীটো বুলি সাৰোপকৈ কোব এটা দিছো । বৃথা চেষ্টা । তোমাৰ উল্লাসিত হাঁহি । আকৌ আগবাঢ়িছো । চকু বন্ধ । অনুমানিক উমান । অব্যৰ্থ চেষ্টা । টেকেলী ভগাৰ শব্দটো ৰজনজনাই গ'ল । চকুৰ পৰা কাপোৰ মোকোলাই হাঁহি  হাঁহি চালো তোমালৈ । চালো চৌদিশে । তুমি নাছিলা যে কতোৱেই …

কিশোৰী মনৰ সলাজতা । অৰ্ধপ্ৰস্ফুটিত ফুলকলিটোৰ আহে পাহে যেন লুকাই আছিল সদ্যস্নাতা নাৰীৰ সুগন্ধি । স্মৃতিৰ পথাৰত এইবাৰ নৃত্যৰতা মই, নৃত্যৰ মঞ্চত মোৰ কথক নৃত্য । ধিততিকি ধিততিকি থেই………… পতাক হস্ত মুদ্ৰাৰে মই …… অদূৰত অনুভৱৰ কোলাত তুমি……… ধিততিকি ধিততিকি থেই…………পুস্পবৃষ্টিৰ ভংগীমাৰে মই ………অবুজ ভাৱনাত তুমি । নৃত্যৰতা মই …বিমুগ্ধ নয়নেৰে তুমি । মোৰ শৰীৰত সেউজীয়া সাজ …তোমাৰ চকুত সেউজী বিশ্বাস । মোৰ আঙুলিত আলতাৰ ৰং… তোমাৰ চকুত প্ৰেমৰ বৰণ । মোৰ ভৰিত জুনুকাই নাচে ……তোমাৰ হৃদয়ত নূপুৰ বাজে । ধিততিকি ধিততিকি থেই । কাজলৰ ৰং এবাৰ তোমালৈ , এবাৰ মঞ্চলৈ , এবাৰ তোমালৈ , এবাৰ দৰ্শকলৈ । দুগাল ৰাঙলী । ধিততিকি ধিততিকি থেই । কপালৰ টিকলীয়ে হালে ।ধিততিকি ধিততিকি থেই । হাতৰ কংকণ নাচে । তিগধা দিগ দিগ থেই …পাক মাৰি মাৰি ঘূৰিছিলো…… তিগধা দিগ দিগ থেই …… ঘূৰিছিলো ………তিগধা দিগ দিগ থেই …………ঘূৰিছিলো মাথো…… নাচোনৰ তালে তালে ঘূৰি ঘূৰি … ঘূৰি ঘূৰি …ঘূৰি ঘূৰি … মজিয়াত দুহাতেৰে ভেজা দি মঞ্চত বহি পৰিছিলো …অলপ পৰ নীৰৱতা … নিস্বৰ সময় …… হাত চাপৰিৰ জোৱাৰ ……… চাই পঠিয়ালো দৰ্শকলৈ ……… এইবাৰ মূৰ তুলি তোমালৈ …… নাছিলা যে তুমি কতোৱেই ……

জীৱনৰ কঠোৰ সংগ্ৰাম সিদিনা । ঔপলা সময় । উন্নাভি জখলা হৈ কান্ধ পাতি ললা তুমি  । আকাশ চুবলৈ দিয়াৰ সপোনটো বগুৱা বাই বৈ যাবলৈ দিলা তুমি  । সপোনৰ ডৌকাত তুলিকাৰে ৰং আঁকিলা তুমি । সপোন । জখলা। পাখি । ৰং । আকাশ । উৰিবলৈ শিকিলো মই…  ওপৰলৈ… মাথো ওপৰলৈ । আত্মবিভোৰ হৈ  চকু মুদি উৰিয়ে আছিলো নশিকাৰুৰ উন্মাদনা গাত সানি  । উন্মাদনাৰ সাজ সোলোকাই যেতিয়া চকু মেলি চাইছিলো , দেখিলো , লক্ষযোজন উচ্চতাৰ বিশাল  শূণ্যতাত মাথো মই অকলে …… তুমি যে নাছিলা কতোৱে …

নাথাকিলা সিদিনাও…………
নাথাকিলা আজিও…………
বিশাল জনঅৰণ্যত মই অকলে………
বিশাল শূণ্যতাতো মই অকলে ………

নিঃসংগতাৰ সতে কটোৱাৰ আখৰা আচলতে সিদিনাই আৰম্ভ হৈছিল । নিঃসংগতাই আলাপ কৰিছিল প্ৰতি খোজতে … টেকেলী ভগাৰ শব্দৰেই হওক বা কথকী নৃত্যৰ বোলতে হওক, মেঘৰ গৰ্জনতে হওক বা সাগৰৰ তৰ্জনতে হওক … নিঃসংগতাই মোৰ সংগী … নাথাকিলা যে কতোৱেই তুমি ।

(বি.দ্ৰ: জীৱনৰ বাটত আঙুলিত ধৰি আগবঢ়াই দি যিসকলে আঁতৰি গ'ল তেওঁলোকৰ হাতত……)

দাপোণৰ সন্মুখত(৩)…
-------------------------------

যাত্ৰাবোৰ বৰ মধুৰ । আচলতে গোটেই জীৱনটোৱেই মধুৰ। তাৰ মাজতো যি এটা দুটা যাত্ৰাই মন গধুৰ কৰি তুলে, সেয়া হ'ল বিশেষ কেইটামান ষ্টেচনৰ শেষ বিদায় । লক্ষীমপুৰৰ এ.এছ.টি.চি. বাছষ্টেণ্ডৰ শেষ বাছখন, যিখনে বিদায় দিছিল মোক চকুলো টুকি টুকি  আৰু লগতে গুৱাহাটী পল্টনবজাৰ ৰেলৱে ষ্টেচনৰ সেই ট্ৰেইনখন, যিখনত বহি বহি এটা শুদ্ধ অংক ভুল হৈছিল আৰু এটা ভুল অংক মই আধৰুৱা কৰি এৰি দিছিলো শূণ্য উত্তৰ এটাৰ আশংকাত , দুয়োটা যাত্ৰাই মোৰ বাবে গধুৰতম গধুৰ ।

যাত্ৰাবোৰ উপভোগ্য কৰিব বিচাৰিলেও কেতিয়াবা কঠিন সময়ে নষ্ট কৰি তুলে ইয়াৰ মধুৰতা । ভীৰৰ মাজত সিদিনা অকলশৰীয়া হৈ পৰো । ঠিক আজিৰ দৰেই । সেই যে তুমি মোক সন্দেহৰ চাবুকেৰে কোবালা । শাসনৰ শিকলিৰে বান্ধিব বিচাৰিলা মোক । তুমিতো জানাই দেখোন মই যে উৰণীয়া মৌ !

জীৱনে সদায় সোণালী গোলাপৰ দলিচাত খোজ নিদিয়ে, কেতিয়াবা ই  কাছৰ চলংখনৰ দৰেই খহটা হৈ পৰে । সেই তেতিয়াই বুকুৰ মাজৰ শিপাডাল মই  খেপিয়াই চাওঁ… শিপাডাল এই যেন খোপনি পুতি ৰয় , এই যেন খোপনি এৰে । যন্ত্ৰণাত কোঙা হৈও মই নিজৰ বাটৰ লন্ঠন নিজে জ্বলাব লগীয়া হয় । এই জগতত কোন কাৰ নিজৰ ? মোৰ সমস্যাসমূহ কেৱল মোৰেই । সুখ ভগাব পৰা যায়, দুখ কেৱল সাঁচি থোৱা যায় । সুখ কমি কমি শূণ্যাৱস্থান পায়, দুখ অসীমলৈ গতি কৰে । অসীমত জীৱনৰ লক্ষ্য হেৰায় ।  সীমাহীন যাতনাত ছটফটাইও মই অনুভৱ কৰো, লক্ষ্যহীনতাও যে জীৱনৰ আন এক লক্ষ্য ।

দাপোণৰ সন্মুখত(৪):
-----------------------------

জোনজনী আজি সম্পূৰ্ণা ,আভৰণা , গুণাৰ চানেকিৰ কিংখাপৰ কাপোৰযোৰ মেৰিয়াই লোৱা ন-কইনাৰ দৰেই উজ্জ্বল । কলংকবোৰ ঢাকিব পৰাকৈ উজ্জ্বল তাই আজি ।

দিনৰ চিপচিপ বৰষুণৰ টোপালেৰে পৰশিত চহৰখনো জীপাল । ৰূপে ৰসে পৰিপূৰ্ণ এটি নিশা । চকুৱে মুখে বিষন্নতা এমুঠি গুজি দিয়া নিশাটোত আজি মই মোৰ স'তে অকলে। শিতানৰ গাৰুত মুখ গুজিৱে কটাওঁ নে টেবুলত কলমেৰেই কথা পাতো সেয়া সময়ে কব ।

বিষাদসুৰীয়া গজল এটা বুকুত সাৱটি ৰাতি কটোৱাটো বাৰু কোন প্ৰেয়সে সহিব ? তুমি যে উদাৰ তথাপি । অভিমান কৰিও সেয়ে কাষত ৰৈ দিয়া সদায় । তোমাৰ অভিমানবোৰ কণমাণি শিশু এটিৰ দৰেই চঞ্চল । ক্ষন্তেকীয়া বুলি জানিও সেই কণমানি অভিমানে মোৰ বুকু খান্দে । বুকুত সাঁচি থোৱা চকুলোটোপালক টুকুৰিয়াই মাতে । তুমি যে কৈছিলা চকুপানীবোৰ সাঁচি থবলৈ । সমাধিতলীত বনৰীয়া ফুল ফুলাবলৈ চকুপানীবোৰ সাঁচি থবলৈ কোৱাৰ দিনাৰ পৰাই যে চকুপানীৰ স্থান মোৰ চকুৰ পৰিধিৰ বাহিৰত ।

শৰতৰ বতৰ । কঁহুৱাৰ গোন্ধত আমোলমোল মোৰ মনৰ দুপৰ । নদীৰ পাৰ অথবা ঝাঁও বনৰ উপত্যকা , শেৱালি তল অথবা নিসংগ পদূলি, কতোৱেই নাইনে মোৰ অনুভৱৰ সুগন্ধি ? নৰাণিৰ মাজে মাজে দৌৰি ফুৰা চেমনীয়া মনটো এদিন পূৰঠ হয় , গজলৰ মেহফিলত মদিৰাৰ গিলাচ হাতত তুলি লয় আৰু চুফী গানৰ তালত কাৱালী নৃত্য কৰে , জপিয়াই জপিয়াই বুকুৰ দুৱাৰ পায়গৈ । মনৰ দিগন্তত হেৰায় মোৰ যাযাবৰী প্ৰেমিক । কেনেকৈ খুলো মোৰ বুকুৰ অৰ্গল ? নিৰুদিষ্ট প্ৰেমিক মনে এৰাবাটৰ সুৰ বিচাৰি হাবাথুৰি খায় , ইফালে সিফালে ।

দাপোণৰ সন্মুখত(৫)
----------------------------

সোণ হ'বলৈকে ইমানদিন তপত জুইৰ মাজত নিজকে এৰি দিলো…………এতিয়াহে দেখিলো এমুঠি ছাইৰ বাদে একোৱেই ৰৈ যোৱা নাই …………জীৱনৰ কঠোৰতম সময় ………… বিশ্বাসৰ দোলনাত দুলি আছে ভালপোৱা আৰু আস্থাহীনতা ………

কাইঁটৰ খোচ চাৰিওফালে । নিজৰ বুলি একোৱেই নৰ'ল । ধৈৰ্যপৰীক্ষা  ???? সেইবুলি সান্ত্বনা লোৱাৰ বাদে কিয়েইবা কৰিব পাৰো ? যিফালে চকু যায় সেইফালেই তৰোৱালহেন দৃষ্টি ।

ভুল মোৰেই । ভুল মোৰেই । কবিতাৰ শব্দত ৰাতি নুপুৱায়, এই কথাটোকে বুজি নাপালো আজিলৈকে । এছটা শিল হবও নোৱাৰিলো যে আঘাতবোৰত স্থিতপ্ৰজ্ঞ হৈ ৰোৱাৰ শক্তি পাম । শামুকৰ খোলা হৈ আৱৰিম নিজকে , কথা দিলো ।

দাপোণৰ সন্মুখত (৬)
-----------------------------

ভাঁজ লগা চুলিখিনিৰে দাপোণৰ সন্মুখত ঠিয় হৈ কথা পাতো নিবিড়ভাৱে । চুলিখিনি অটাই থাকোতে ভাব হয় , জলকুঁৱৰীৰ চুলিখিনি যদি পালোহেঁতেন মই । গালখন পিহি পিহি ভাব হৈছিল , গৌৰীৰ ছালখনৰ বৰণ পালোহেঁতেন যদি । নিজৰ চেহেৰাটো লৈ অসন্তোষীয়া মুখখনেৰে দাপোণখনেৰে কথা পাতি থাকোতে মনৰ ৰাজকুমাৰজন পাছফালৰ পৰা আহি কান্ধত আলফুলকৈ মুখ গুজি কৈ উঠে, " পাগলী ! ৰূপে কি কৰে , গুণেহে সংসাৰ তৰে ।"

কমোৱা তুলাৰ দৰে উৰি ফুৰা মনজনী বতাহত ওপঙি ওপঙি কোনোবাখিনি পায়গৈ । ডাৱৰৰ আঁৰত লুকা ভাকু খেলে । কঁহুৱাৰ মাজত শুই পৰে । জলকুঁৱৰীয়ে হাঁহে । পানী অনা ঘাটলৈ  অহা কনেংহতঁৰ জাকৰুৱা হাঁহিত কহুৱা কোমল মনজনীয়ে ধহমহকৈ উঠি বহে । ৰাজকুমাৰৰ অভিমান, " পাখি থাকে মানেহে উৰিবা"  । লাহে লাহে আন্ধাৰ নামে ।  দিগন্তৰ সিপাৰৰ পৰা বিষাদৰ বৰষুণ এজাক আহি মনৰ চোতাল বুৰাই পেলায় । কমোৱা তুলাৰ দৰে উৰি ফুৰা মনজনী শিলত পৰি থেকেচা খায় । ভালপোৱাৰ বহুত দাম । ভালপোৱাৰ অজস্ৰ দাবী । ভালপোৱাৰ দাবী আৰু দামৰ সূত্ৰটো অৰ্থনীতিৰ সূত্ৰটোৰ দৰে সৰল নহয় । কোনোটোতেই সুস্থ হৈ নুঠে থেকেচনিত আঘাত পোৱা মনজনী ।  অনুভৱৰ সুগন্ধি শেষ হৈ অহা মন মোৰ । দামী পাৰফিউম , দামী কাপোৰ, দামী অলংকাৰৰ মাজত কিমানদিনলৈ লুকাই থাকিব কীট এটাই খুলি খুলি খোৱা মনজনী ? দাপোণৰ ওচৰত থিয় হ'লো পুনৰবাৰ, প্ৰতিশ্ৰুতিৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'লো, শিল-বায়ু-জুই-পানীৰ শপত খালো, " নালাগে মোক  গৌৰীৰ বৰণ । নালাগে মোক জলকুঁৱৰীৰ চুলি । মাথো মোক মোৰ ওচৰত সামৰিবলৈ শিকাই যোৱা "  ।

ৰাজকুমাৰৰ চকুত চকু থৈ শ্লেষ টানিলো, " বজাৰত  বহিলেও হয়তো দাম পালোহেঁতেন । তোমাৰ ওচৰত মোৰ ভালপোৱাৰ মূল্য শূণ্য ।"

ৰাজকুমাৰৰ  বুকু আজুৰি প্ৰশ্ন তুলিলো, "উশাহৰ ভৰ পোৱা নাছিলা সিদিনা ? সময়বোৰ কিদৰে গধুৰ হৈ পৰে তোমাৰ অবিহনে, গম নাপালা তুমি?"

ৰাজকুমাৰক বিদায় দিলো, " তোমাৰ ওচৰত ডায়েৰীৰ এখিলা পাত মেলিবলৈ গৈ যে নিষিদ্ধ হ'ল মোৰ অতখিলা ডায়েৰীৰ পৃষ্ঠা ! বিদীৰ্ণ সময়ৰ বিৱৰ্ণ পৃষ্ঠাৰ মাজত সোমাই থকা ৰঙা কলিজাৰ কেচেমা কেচেম গোন্ধত মোৰ অনুভূতি দুৰ্গন্ধময় । সুখী নহ'বা মোৰ স'তে । যোৱাগৈ যোৱা।"

সেইদিনাই , ঠিক সেইদিনাই কাকতত সেই বিজ্ঞাপনটো ওলাইছিল , যাৰ শিৰোনামা আছিল,

          ::::::::::::" হৃদয়ৰ বজাৰত নিলাম । ":::::::::::::

সাতোৰঙী সাজযোৰ শৰীৰত মেৰিয়াই ময়ো সেই ঠিকনাত ভৰি দিলোগৈ । প্ৰতিশ্ৰুতিৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ মই । যিমান দাম দি হলেও ওভটাই আনিম নিলামত বিক্ৰী যোৱা মোৰ হৃদয়খন ।
দাপোণৰ সন্মুখত( ৮)
-----------------------------

হৰলাং এবাতিত আকন্ঠ ডুবি থকা গধূলিটোৱে দুখৰ বেহেলাটো সংগত কৰি সন্ধ্যাৰাগ এটাৰে উচুপি উঠিল । উচুপনিটো ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিল । ঘূৰি ঘূৰি মোৰ বুকুৰ দুৱাৰডলিত নিগাজীকৈ বহি ললে ।

বুকুৰ বৰঘৰটো বৰ আতোলতোলকৈ সাজিছিলো । খুঁটাবোৰো শিলৰ ৰচীৰে গাঁথিলো ।  গোটেইকেইখন দুৱাৰেই নিকপকপীয়াকৈ বন্ধ কৰি থলো । তাৰ মাজতো তোমাৰ জোখাৰে বাট এটি মোকোলাই থলো । অকণমানি বাট এটা ।  চাপৰ মুধচ । তুমি কোনোমতে হাউলি ভিতৰলৈ সোমাব পৰা এখন দুৱাৰ আনে নেদেখাকৈ মেল খাই থাকিল । মোৰ বুকুলৈ তোমাৰ বুকুৰ সুৰংগ ।

"ভালপোৱাৰ কিমান দাম অ? কিমান দাম? কোৱা মোক । দিম মই সেই দাম । " , বুকুৰ বৰঘৰত সেইদিনা হৃদয়ৰ অৰিয়া অৰি চলিছিল ।

" বহুত দুৰ আহিলো তোমাৰ হাতত ধৰি । এতিয়া হাত এৰি বাট সলাওঁ কিদৰে ? ",, শান্ত হৈ নিচুকনিয়ে উচুপিছিল  শেষৰাতিলৈ।

এজাক বৰষুণতে বৰঘৰৰ মুধচ ভাঙিছিল । তুমি ওলাই আহিলা । বিষাদৰ বৰষুণজাকে চোতাল বুৰালে । সাগৰ হেন পানী । হৰলাংৰ লোভত জোনটি আহি সেই পানীতে উবুৰি খাই পৰিছে । চাই ৰলো তাইলৈ । তোমাৰ জোখাৰে কটা বাটটিৰে জোনজনী সোমাই আহি পোহৰ এছাটি ছটিয়াই থৈ গল । জোনজনীয়ে নিজেই ধাৰত লোৱা পোহৰ । মোৰ আক' ধাৰ জোনৰ পৰা । ধাৰৰ ওপৰত ধাৰ । ভালপোৱাৰ কিমান দাম অ' বুলি ডাংকোপ মৰা ছোৱালীজনী এধানিমান পোহৰৰ ধাৰত চেপা খাই উধাব নোৱাৰা হ'ল  । ভালপোৱাৰ দাম দিব নোৱাৰাকৈ তাই কোঙা হৈ পৰিল । চকবজাৰৰ হাজাৰ হাজাৰ মানুহৰ ওচৰত জুইৰ ওপৰেৰে খোজকাঢ়িও, কাঁচৰ ভগা টুকুৰাৰ ওপৰেৰে নাচিও তাই সংগ্ৰহ কৰিব নোৱাৰিলে ভালপোৱাৰ দাম ।

হৰলাংৰ নিচাত সন্ধ্যাৰাগৰ তালত দুৱাৰখন এবাৰ মেল খালে, এবাৰ জাপ খালে , এবাৰ মেল খালে , এবাৰ……………

দাপোণৰ সন্মুখত (৯):
------------------------

সৰাপাতৰ খৰমৰনি এটাক সুৰৰ ৰূপ দিবলৈকে কলমেৰে খান্দিছিলো বুকু । তাৰ মাজতে ৰঙোৎসৱ পাৰ হ’ল মোৰ উকা সাজত । উদযাপন নহ’ল বসন্তোৎসৱ । বুকুত বাজিল চেনাইৰ ঢোলৰ চাপৰ । আশ্ৰয় ললো নিৰ্জন মৰুভূমিত, য’ত নাছিল সৰাপাতৰ খৰমৰনি কিম্বা বিহুৱতীৰ উচপিচনি । সেয়াও শতযুগৰ আগৰ কথা ।

মৰুভূমিৰ পৰা প্ৰত্যাৱৰ্তনৰ পাছতে ভৰ বাৰিষাৰ ভৰা লুইতৰ কাষত তোমাক পালো । “বৰ্ষা ঋতু ভাল পাওঁ মই, প্ৰতিশ্ৰুতি আছে তাত”, মোৰ প্ৰিয় গায়কে গাইছিল । বিশ্বাস নকৰাৰ প্ৰশ্নই নাহে । নতুন প্ৰতিশ্ৰুতিৰে নিজক বান্ধি ৰখাৰ প্ৰতিশ্ৰুতিবোৰ ধূসৰ কৰিলো । তুমি যে উলিয়াই আনিলা মোক মোৰেই পৰা !

এটা গান শুনি আছো জানানে কেইদিনমানৰ পৰা ? এটা গানেই……….ঠিকেই ধৰিছা…...এটা গানেই । ৰাতি এপৰলৈকে শুনিলো, “ জব জব চাহা তুনে ৰজ কে ৰুলায়া, জব জব চাহা তুনে খোল কে হসায়া" ।

গোটেই ৰাতিটো মূষলধাৰে বৰষুণ দিছিল । ঘৰৰ ছালত ফেঁচা এটাই নিউ নিউকৈ মাতিছিল । মোৰ মৃত্যুৰ খবৰে আকাশখনক বাউলা কৰিছিল । মোৰ সতে আকাশৰ বিলাপৰ ৰাগ আৰম্ভ হৈছিল শেতেলী পৰত তেতিয়াই ।

শিতানৰ গাৰুটোৱে চকুহাল মচি দিলে । তোমাৰ হাতখনিলৈ মনত পৰিল । কিমান দিনৰনো যাত্ৰা আছিল আমাৰ  ? অনন্তকালৰ সপোন দেখিছিলো মই…….পাগলী যে !

ৰাতি পুৱাইছিল । আকাশখনে বিনাইয়েই আছিল । ওচৰৰে মন্দিৰৰ পৰা ভাহি আহিছিল, “ৰূপম দেহি…… জয়ম দেহি……..যশো দেহি” । মহালয়াৰ খবৰ পালো বিছনাতে ।  দুৰ্গা দেৱী নামি আহিছে নিজৰ ঘৰলৈ…… মইও নামি গৈছো নিজৰ ঘৰলৈ…… তোমাৰ বুকুৰ পৰা নিজৰ বুকুলৈ ……সাতদিনৰ পাছত পূজাৰ আয়োজন হ’ব…… ৰামে সীতা-উদ্ধাৰৰ বাৰে লংকাযাত্ৰা আয়োজন কৰিব …… মোৰো প্ৰস্তুতি নিজক উদ্ধাৰ কৰাৰ ।

আৰু কেইদিনমানলৈ তোমাৰ বুকু খান্দিম……যিমানখিনিলৈ শিপাইছিলা মোৰ বীজ, সিমানখিনিলৈকে খান্দিম মই ……গংগাত পিণ্ডদান কৰিম সমূহ স্মৃতি …… আৰু অলপ দিনলৈ তোমাৰ বুকু খান্দিম মই ।

দাপোণৰ সন্মুখত (১০)
------------------------------

সফলতাৰ প্ৰশান্তি মনৰ মাজত । যদিওবা মনৰ অনন্ত উদ্যমৰ লগত শৰীৰৰ অসহযোগিতা ।

"তুমি ইমান দুখৰ কবিতা কিয় লিখা ? তোমাৰ কিহৰ ইমান দুখ ?" - যলৈকে যাওঁ এনেকুৱা প্ৰশ্নৰ সন্মুখীন হোৱাটো মোৰ বাবে স্বাভাৱিক কথা । সেয়া যে মই নিজক লৈ লিখা নাই,, আন কাৰোবাকহে প্ৰতিনিধিত্ব কৰো- এনেধৰণৰ অসংখ্য উত্তৰেও সকাহ দিব নোৱাৰাসকলক শেষত কওঁ, মোৰ ছবিবোৰ চাবা, দেখিবা মোৰ চকুৱে হাঁহে , মোৰ হাঁহিয়ে হাঁহে । মোৰ আত্মাৰ পূৰ্ণতা মোৰ প্ৰতিখন ছবিতে সোমাই আছে ।

কাম কৰি কৰি ভাগৰি নপৰা ছোৱালীজনীক মাথো এটা গানৰ দৰকাৰ, জীৱনৰ সকলো সুধা তাই সেই গানতে বিচাৰি পায় । কলমটোও যে কি অভং ! সুখৰ মূহুৰ্তবোৰত শুই পৰে , দুখৰ সময়তহে ধাৰাসাৰ বয় ।

তোমাক লগ পালো হঠাতে । এয়া মোৰ পৰম প্ৰাপ্তি । শূণ্যতাৰে ভৰি থকা বুকুখনলৈ ভীৰৰ মাজৰ পৰাই মোৰ চকুলৈ নামি অহা তোমাৰ দৃষ্টিটোৱে ৰজনীগন্ধাৰ দৰেই সুবাস কঢ়িয়াই আনিলে । মূহুৰ্তৰ ভিতৰতে জহি গ'ল অভিমান , গলিল শিলাময় বুকু । তোমাৰ বুকুৰ পৰা মোৰ বুকুৰ সুৰংগ আলোকিত হৈ পৰিল । শিপাডালৰ খোপনি আগতকৈও গজগজীয়া হৈ পৰিল । সকলো ক্লান্তি যেন  নিমিষতে নাইকীয়া হৈ গ'ল । ন উদ্যমেৰে সকলো দায়িত্ববোধ শিৰ পাতি ললো । যতেই নাথাকো কিয়, মোৰ নামৰ আগত বিয়োগ চিন বহিবলৈ নিদিওঁ …কথা দিলো তোমাক । কথা দিলো তোমাৰ অফুৰন্ত উচ্ছাসক । ……পিছে তোমাৰ অঁকৰা খঙটোলৈ মনত পৰি মৰমহে লাগিছে দেখোন তোমালে ।

উৰণীয়া মৌজনীৰ এটা বদঅভ্যাস আছে, " ক্ষণে তুষ্ট ক্ষণে ৰুষ্ট" । অতি সংবেদনশীল মনটো অলপ ৰুষ্ট হলেই এসাগৰ দুখত ককবকাবলৈ ধৰে । জীৱনবোধৰ গানেৰে বলীয়ান হৈ উঠো তেতিয়া ।
                             
                                উৰন্ত মনে মোৰ নামানে হেঙাৰ
                                হেঙাৰেই কৰে মোক মিঠা উপকাৰ
                                সুন্দৰ সূৰ্য্য ধিয়াই
                                নাচে মন নাচে প্ৰাণ
                                আশংকাবিহীন………

                                ( ভূপেনদাৰ …সময়ৰ অগ্ৰগতি )

দাপোণৰ সন্মুখত (১১)
-------------------------------

দুদিন পাৰ নৌহওঁতেই দুখৰ পিয়লাটো আকৌ পূৰ্ণ হৈ  পৰিল । মানুহৰ বুকুত যে কিমান জীয়া কবৰ লুকাই থাকে , যিবিলাক কেতিয়াও খন্দা নাযায় ! আনকি অতি প্ৰিয়জনৰ ওচৰতো ।

প্ৰিয় চহৰৰ অতি প্ৰিয় মানুহগৰাকীয়ে পৃথিৱীৰ পৰা মেলানি মাগিলে । নিষিদ্ধ গলিৰ দৰে মোৰ তাত প্ৰৱেশ নিষেধ । জীৱনৰ সূত্ৰত সেইবোৰ নিমিলা অংক । লুকাই চুৰকৈ চকুলো এটোপাল নিগৰাৰ বাহিৰে কি কৰিব পাৰো মই ? প্ৰিয় চহৰৰ দাঁতিয়েদি বৈ যোৱা প্ৰিয় নদীয়ে হাত বাউলি মাতিলেও নিৰুপায় মই । নিজৰ পৰা নিজলৈ যাত্ৰা কৰাৰ দিনাই এৰি আহিছিলো ইউকেলিপ্তাছজোপাৰ উচুপনি । সিদিনা মোৰ চহৰখনে ৰেলৰ গতিত গতি মিলাব নোৱাৰি পিছ পৰি আহিছিল ক্ৰমান্বয়ে । মোৰ ভিতৰখন টুকুৰা টুকুৰ হৈ চকুযোৰক হায়ৰান কৰাৰ পৰত সেই চহৰেই নিচুকাইছিল পুনৰ মোক, "ৰিং এটাৰহে বাট " বুলি ।

তুমি ভালে নাথাকিলা । মইও নাথাকিলো । দাপোণখনে বাৰে বাৰে সেই কথাকে কৈ আছে । ঘূৰি ঘূৰি এৰাবাটৰ সুৰটিকে গুণগুণাই থাকো । ভালপোৱাৰ শিপাডাল উভালিব পৰাকৈ এতিয়াও আধুনিকা হৈ নুঠিলো । হাঁহিছা নহয় ? জ্যামিতিকেল আকৃতিৰ মাজত আকৌ হৃদয়ৰ কি কাম বুলি  উপহাস কৰিছা ?

শেঁতা শেতেলীখনে এঙামুৰি দি বহিল । জালি কটা খিৰিকীৰে জোনাক এচেৰেঙা সোমাই আহিছিলহে মাথো । সময়ৰ আঙুলিত ধৰি পখিলা খেদি দৌৰি ফুৰা উতনুৱা শিশুৰ চঞ্চলতাৰে হাতৰ পৰা সেইখিনিও পিছল খাই পৰিল । ৰ'দকাঁচলিত বহি কলিজাটো শুকুৱাই থকাৰ পৰতো গঙাচিলনী এজনীয়ে তেজৰ গোন্ধ পাই কেঁচা কলিজাটো থপিয়াবলৈ একেবাৰে কাষলৈকে আহিলে । মৃত্যুভয় এটাই জোকাৰি গ'ল সেই সময়তে । আৰু কিমান দিনলৈ ? কিমানদিনলৈ হৃদয়ৰ এই টনাটনি ? অস্থিৰ বুকুখনে বাগৰ সলালে । সেন্দুৰখিনি বিয়পি পৰাৰ সময়তো ইউকেলিপ্তাছজোপাৰ গোন্ধটোৱে ৰূমটো আমোলমোলাই থাকিল । কান্দোনটো বুকুলৈকে উজাই আহিল । মাতৃসম সেই নাৰীৰ ওচৰত  কিদৰে ক্ষমা বিচাৰো মই ? নিষিদ্ধ জগতৰ বন্দিনী নাৰী এতিয়া মই । উৰণীয়া মৌজনীয়ে দুহাতেৰে মুখ ঢাকি উচুপিলে । ইউকেলিপ্তাছে নিচুকালে । 'মোক ক্ষমা কৰি দিবা আই ', বুলি চিতাৰ জুইকুৰা তাই বুকুত থাপি ল'লে ।

তুমি নুবুজিলা । কলমৰ খোঁচত সৰি পৰিল দুখৰ আঁচল । তথাপি তুমি নুবুজিলা । তোমাৰ ওচৰত মোৰ কোনো প্ৰশ্ন নাই । মোৰ ওচৰতো তোমাৰ কোনো উত্তৰ নাই । দুয়ো যেন নিজ নিজ কক্ষপথত আৱৰ্তিত দুটি বহেমীয়ান জ্যোতিষ্কহে । দুখৰ আঁচলত ধৰি তথাপিতো তোমাৰ জপনামুখলৈকে ঘূৰি আহো মই সদায় । কি নাম দিবা মোক ? পাগলী নে নিলাজী ?

দাপোণৰ সন্মুখত (১১)
-------------------------------

দুদিন পাৰ নৌহওঁতেই দুখৰ পিয়লাটো আকৌ পূৰ্ণ হৈ  পৰিল । মানুহৰ বুকুত যে কিমান জীয়া কবৰ লুকাই থাকে , যিবিলাক কেতিয়াও খন্দা নাযায় ! আনকি অতি প্ৰিয়জনৰ ওচৰতো ।

প্ৰিয় চহৰৰ অতি প্ৰিয় মানুহগৰাকীয়ে পৃথিৱীৰ পৰা মেলানি মাগিলে । নিষিদ্ধ গলিৰ দৰে মোৰ তাত প্ৰৱেশ নিষেধ । জীৱনৰ সূত্ৰত সেইবোৰ নিমিলা অংক । লুকাই চুৰকৈ চকুলো এটোপাল নিগৰাৰ বাহিৰে কি কৰিব পাৰো মই ? প্ৰিয় চহৰৰ দাঁতিয়েদি বৈ যোৱা প্ৰিয় নদীয়ে হাত বাউলি মাতিলেও নিৰুপায় মই । নিজৰ পৰা নিজলৈ যাত্ৰা কৰাৰ দিনাই এৰি আহিছিলো ইউকেলিপ্তাছজোপাৰ উচুপনি । সিদিনা মোৰ চহৰখনে ৰেলৰ গতিত গতি মিলাব নোৱাৰি পিছ পৰি আহিছিল ক্ৰমান্বয়ে । মোৰ ভিতৰখন টুকুৰা টুকুৰ হৈ চকুযোৰক হায়ৰান কৰাৰ পৰত সেই চহৰেই নিচুকাইছিল পুনৰ মোক, "ৰিং এটাৰহে বাট " বুলি ।

তুমি ভালে নাথাকিলা । মইও নাথাকিলো । দাপোণখনে বাৰে বাৰে সেই কথাকে কৈ আছে । ঘূৰি ঘূৰি এৰাবাটৰ সুৰটিকে গুণগুণাই থাকো । ভালপোৱাৰ শিপাডাল উভালিব পৰাকৈ এতিয়াও আধুনিকা হৈ নুঠিলো । হাঁহিছা নহয় ? জ্যামিতিকেল আকৃতিৰ মাজত আকৌ হৃদয়ৰ কি কাম বুলি  উপহাস কৰিছা ?

শেঁতা শেতেলীখনে এঙামুৰি দি বহিল । জালি কটা খিৰিকীৰে জোনাক এচেৰেঙা সোমাই আহিছিলহে মাথো । সময়ৰ আঙুলিত ধৰি পখিলা খেদি দৌৰি ফুৰা উতনুৱা শিশুৰ চঞ্চলতাৰে হাতৰ পৰা সেইখিনিও পিছল খাই পৰিল । ৰ'দকাঁচলিত বহি কলিজাটো শুকুৱাই থকাৰ পৰতো গঙাচিলনী এজনীয়ে তেজৰ গোন্ধ পাই কেঁচা কলিজাটো থপিয়াবলৈ একেবাৰে কাষলৈকে আহিলে । মৃত্যুভয় এটাই জোকাৰি গ'ল সেই সময়তে । আৰু কিমান দিনলৈ ? কিমানদিনলৈ হৃদয়ৰ এই টনাটনি ? অস্থিৰ বুকুখনে বাগৰ সলালে । সেন্দুৰখিনি বিয়পি পৰাৰ সময়তো ইউকেলিপ্তাছজোপাৰ গোন্ধটোৱে ৰূমটো আমোলমোলাই থাকিল । কান্দোনটো বুকুলৈকে উজাই আহিল । মাতৃসম সেই নাৰীৰ ওচৰত  কিদৰে ক্ষমা বিচাৰো মই ? নিষিদ্ধ জগতৰ বন্দিনী নাৰী এতিয়া মই । উৰণীয়া মৌজনীয়ে দুহাতেৰে মুখ ঢাকি উচুপিলে । ইউকেলিপ্তাছে নিচুকালে । 'মোক ক্ষমা কৰি দিবা আই ', বুলি চিতাৰ জুইকুৰা তাই বুকুত থাপি ল'লে ।

তুমি নুবুজিলা । কলমৰ খোঁচত সৰি পৰিল দুখৰ আঁচল । তথাপি তুমি নুবুজিলা । তোমাৰ ওচৰত মোৰ কোনো প্ৰশ্ন নাই । মোৰ ওচৰতো তোমাৰ কোনো উত্তৰ নাই । দুয়ো যেন নিজ নিজ কক্ষপথত আৱৰ্তিত দুটি বহেমীয়ান জ্যোতিষ্কহে । দুখৰ আঁচলত ধৰি তথাপিতো তোমাৰ জপনামুখলৈকে ঘূৰি আহো মই সদায় । কি নাম দিবা মোক ? পাগলী নে নিলাজী ?

দাপোণৰ সন্মুখত (১৩)
------------------------------

'আমালৈ মনত নপৰে তোৰ ? ' ,, ফোনৰ সিপাৰে সেয়া বৰ্ণালী ।

বিশ বছৰৰ মূৰত হেৰুৱা সম্পৰ্কৰ আঁত এটা বিচাৰি পাইছিলো । খবৰ লৈছিলো মোৰ প্ৰিয় চহৰৰ । ইমানদিনলৈ  অহা নাই বুলি সকলোৰে অভিমান । মই মোৰ ভৰিৰ শিকলিডাল কেনেকৈ খুলিব পাৰি বিচাৰি ফুৰিছিলো মাথোঁ । তেনে এটা দিনতে ব্যংগাত্মক শ্লেষ টানিছিল  আপোনজনে, "ইমানেই যদি প্ৰিয় সেই চহৰ, সেই চহৰে তোমাক চিৰদিনৰ বাবে আপোন কৰি নাৰাখিলে কিয় ?"

"আপোন কৰি নাৰাখিলে কিয় অ' বৰ্ণালী ?", দুনাই সুধিছিলো তাইক,
"তই যে তাতে বিয়া বাৰু হৈ দিন কটাইছ , মোকনো কিয় দূৰলৈ পঠিয়াই দিলি অ' বৰ্ণালী?" , তাৰ পাছত হাঁহি উঠিলো দুয়োজনীয়ে ।

মোৰ চকু কৰুণ ,  কোনো অজান কাৰণত ।  মোৰ মাত গধুৰ, কোনো অচিন ক্লান্তিত ।

ফোনটো থৈ চাঁদৰ ওপৰলৈ উঠি গ'লো । খোজকাঢ়িলো ৰেলিংৰ পাৰে পাৰে । টাবৰ ফুলখিনি আৰু মোৰ চূৰ্ণীখনৰ ৰংটো মিলি গ'ল । এৰিকাপামৰ পাতখিনিৰ মাজেৰে ৰাস্তাটোলৈ চাই পঠিয়ালো । বগা গাড়ীখনত ভেঁজা দি নাওমান দূৰত্বত তুমি । শীতৰ পুৱাৰ কোমল ৰ'দৰ আমেজ লৈ মই । কাণত ফোন । তোমাৰো । মোৰো । দেখি  থকা দূৰত্বতো ফোনত কথা পতাৰ মজাই সুকীয়া । কথা মাথোঁ কথা … জীৱন জীবলৈ শিকিলো মই । ঘৰত সিদিনা কোনোৱেই নাছিল , অথচ ভৰি আছিল মন । অকলশৰীয়া মুহূৰ্তবিলাকতো হাতত হাত ধৰি কাষে কাষে গৈ আছিলা তুমি ।

হঠাতে এৰিকাপামজোপাৰ মাজেৰে ধূসৰ হৈ গ'ল তোমাৰ অৱয়ব । বগা গাড়ীখন আহিনৰ কুৱঁলীয়ে ঢাকি পেলালে । চাঁদৰ পৰা নামি দৌৰি দৌৰি সেই ঠাইখিনি পালোগৈ , যত তোমাৰ  সুবাসেৰে সুবাসিত হৈ ৰৈছিল চৌদিশৰ বতাহ । কুঁৱলীৰ জাল ফালি তোমাক বিচাৰিলো । নাছিলা তুমি , কুঁৱলীৰ সিপাৰে অনন্ত শূণ্যতা । বতাহীয়ে উকিয়ালে , বতাহীয়ে সঁকিয়ালে, বতাহীয়ে নিচুকালে । ফাগুণৰ পছোৱাৰ দৰে উৰি ফুৰা মনটো সেইজাক বতাহতে থেকেচা খালে । উচুপি উঠিলো নীৰৱে । থেকেচনিত অসুস্থ হৈ পৰা হৃদয়খনৰ চিকিৎসা ক'ত ? ক'ত? প্ৰশ্নটো এৰি দিলো বতাহীলৈ ।

' জঝবা' চিনেমাখনৰ 'বন্দেয়া তু মুহ ম'ৰ কে নাযা' গানটোত ডুবি থাকিলো বহুতদিন । গান নহয় যেন তোমাৰ ওচৰত মোৰ আকুল প্ৰাৰ্থনাহে । আকাশে বতাহে বিয়পাই দিলো সেই খবৰ । তোমাৰ নিৰুদ্দেশৰ খবৰ । ঘৰ ভৰি পৰিল সিদিনা । ভিৰৰ মাজত অকলশৰীয়া হৈ উচুপিলো পুনৰবাৰ  ।

' পোৱা-নোপোৱাৰ হিচাপেৰে জীৱন নচলে । তোমাতকৈও নোপোৱা মানুহৰ সংখ্যা বহুত আছে ' , অনেকজন শুভাকাঙ্খীয়ে বুজালে । বুজিলো , সুখৰ আপেক্ষিকতাবাদত বিশ্বাসী তেওঁলোক । সুখৰ পাছত দৌৰা নাই মই কোনোদিন ।  সুখ মানেই মৰীচিকা । সুখ মানেই ক্ষন্তেকীয়া । দুখবোৰ চিৰস্থায়ী । নিসংগতাৰ পৰা আঁতৰিবলৈ কোনোবা নৈৰ জনশূণ্য পাৰত অকলে বহি ৰওঁ, তাতো দুখবোৰে ভৰাই ৰাখে বুকু । তুমি দি থৈ যোৱা নিসংগতাখিনিকে বুকুত সাৱটি পাৰ কৰি দিওঁ উজাগৰী ৰাতি । তোমাক হেৰুৱাই পেলোৱাৰ অভিমানত নিজে হেৰাই যাওঁ । তেতিয়াও দুখবোৰে বুটলি আনে মোক নিসংগতাৰ পাটিৰ পৰা ।

দুখবোৰে ভৰাই ৰাখে মোক । দুখবোৰে ভৰাই তোলে উশাহ । সেয়ে গধুৰ মোৰ উশাহ । গধুৰ  মোৰ চৌদিশ । তোমাক হেৰুওৱাৰ কষ্ট মোৰ আৰু নাই । নিজকে বিচাৰি পালো সিদিনা । তোমাৰ মৃত্যুৰ দিনাই জী উঠিলো মই ।


দাপোণৰ সন্মুখত (১৪) :
--------------------------------

ডাৱৰ আৰু নাই । মেঘাছন্ন আকাশত লমালমে লাগি থকা কজলাবৰণীয়া মেঘবোৰ সৰি পৰিল । সুৰুযৰ কিৰণে দিনবোৰ উদ্ভাসিত কৰি তুলিলে । ৰাতিবোৰো যেন স্ফটিকৰ টুকুৰাহে ।

সিদিনা ক্ষোভ অভিমানত তোমালৈ কটু বাক্য এৰিলো । আহত কন্ঠেৰে তুমি মাথোঁ সুধিলা, "তোমাৰ মুখখনৰ লগত শব্দকেইটা মিলিছে জানো ?"

দাপোণৰ সন্মুখত থিয় হ'লো পুনৰবাৰ । মোৰ মুখখনৰ লগত কটু শব্দ নিমিলে?? আচৰিত ! এই কথাটোকে মোক আজিলৈকে কোনেও নক'লে । জীৱনৰ কিমান সম্পৰ্ক অৱনমিত হ'ল মাথোঁ কেইটামান শব্দৰ কাৰণে !………………তোমাৰ সতে সম্পৰ্কটোৱে গোজেই গজালি মেলিলে । খোপনিটো দৃঢ় হৈ পৰিল । কুঁহিপাতবোৰ পৈণত হৈ ডাল পাতেৰে মোক মেৰিয়াই ধৰিলে । সেউজীয়া বৰণ , সেউজীয়া  সুবাস । উমলিছো , জামলিছো । মূৰৰ ওপৰত তোমাৰ হাতৰ ছাঁ …

দূৰৈত থকা প্ৰিয়ভাজন দাদাই লিখিলে, "তোমাৰ অনুষ্ঠান বুলিলে গুৱাহাটীলৈ কিয়, তাতোকৈ দূৰলৈ যাবলৈ সাজু আছো, যদিহে অফিচৰ পৰা ছুটী দিয়ে।" ……………হৃদয়তা কি মাধ্যমেৰে বয় ? কি মাধ্যমেৰে ? কলমেৰে ? অনুভৱেৰে ? নহয় । আত্মাৰে । কোনোদিন নেদেখাকৈয়ে তেওঁ মোৰ আত্মাৰ বাণী শুনিলে । ময়ো ………। আমি যে একে পথৰে পথিক ।

অফিচিয়েল কোনো সমস্যাত ডুবি থাকোতে বন্ধুবৰে পৰামৰ্শ দিলে, " কামত অলপ স্ট্ৰিক্ট হ'বি। নহলে অসুবিধা পাবি ।" ……………মই ক'লো , " বৃটিছ মানসিকতাৰে শাসন মাথোঁ দুশবছৰৰহে । ভাৰতীয় উদাৰ মানসিকতাৰে কিন্তু হাজাৰ বছৰ।আজিৰ মেনেজমেন্টে শাস্তিমূলক বিধান নিদিয়ে,  উদ্গনিমূলক বিধানৰহে পক্ষপাতী ।"

হতাশ বান্ধৱীয়ে জীৱনৰ মোহ হেৰুৱালে । ক'লে মোক, "জীৱনত একোকে নাপালো । জীয়াই থাকিবলৈ মন নাই আৰু ।" মই শ্লেষ টানিলো তাইক,  " ইয়াত নোপোৱাবোৰ মৰাৰ পাছত পাম বুলি গেৰান্টি পালি নেকি অ?" ……………হতাশ বান্ধৱীৰ হতাশা আঁতৰিল । হাঁহি এটিৰে ডায়েৰীত লিপিবদ্ধ কৰিলে হেনো পুনৰ্জন্মৰ চন-তাৰিখ-বাণী । ঠিক মোৰ দৰেই । যিদৰে মোৰ হতাশাৰ সময়বোৰত তোমাৰ ধনাত্মক আধানবোৰে মোক জীৱনবোধৰ শিক্ষা দিলে ।

…………ডাৱৰ আৰু নাই । ভালে আছো মই । ভালে থাকক পৃথিৱী ।…………

দাপোণৰ সন্মুখত (১৫)
…………………………………

আজি ৰাতিটোৰ বাবে চুক্তি হ'ল চকুযুৰিৰ স'তে । গোটেই ৰাতি হেনো কঢ়িয়াব পানী, তিয়াব দুগাল । মন আৰু মগজুৰ কাজিয়া দুৰ্বাদল । মইজনী নিৰ্বাসিত হ'লো নিৰ্জন দ্বীপত । আকাশত পপীয়া তৰাৰ আস্ফালন । ভয়াৰ্ত জোনজনীক নিচুকাব পৰা নাই সাগৰখনেও । আগ্নেয়গিৰিৰ তপত লাভাই দুভৰি চুমিছে । ক্ষত - বিক্ষত ভৰিত গঙাচিলনীৰ চকু । সিফালে মোৰ হাতত তুমি পৰাজিত সৈনিক । অথচ উল্লসিত হ'ব পৰা নাই মই আদিম মানৱৰ বন্যতাৰে । শিৰত কঢ়িয়াই ফুৰো তোমাৰ মৰমৰ ৰং … বুকুত বিষাদৰ চিম্ফনী … চৌৰাচিয়াৰ বাঁহীৰ সুৰৰ গুঞ্জন ।

আজি ৰাতিটোৰ বাবে চুক্তি হ'ল চকুযুৰিৰ স'তে । সমভাগী হ'ব হেনো বুকুখনিৰ স'তে ।

দাপোণৰ সন্মুখত(১৭):
---------------

বিপদৰ সতে খেলি ভাল পোৱা ছোৱালীজনীয়ে হৈছে তাই । সাপৰ স’তে খেলাৰ দৰে নিচা সেই খেলৰ । “জিন্দেগী এক জুৱা” আদৰ্শত বিশ্বাসী ছোৱালীজনী এযোৰ মাথোঁ চকুৰ দিশেৰে খোজ লৈছিল ।আনে যোৱা বাটেৰে নাযায় তাই । কিয় গৰকিব সেই পদূলি, যি পদূলিত মৰহে খৰিকাজাঁইৰ সুগন্ধি ।

নিচা ফাটি জোনজনী দুফাল হৈ কৰ্ফাল খাই পৰিছিল বাঁহীসুৰীয়া নৈখনত । বুকুত ডায়েৰী এখন উদ্ধাৰ কৰিছিল তাই । লিপিবদ্ধ কৰিছিল দুখবোৰ, সুখবোৰ, অস্থিৰতাবোৰ । পোহৰৰ বাটত অগণন হাত । আন্ধাৰ বাটত ডায়েৰীখনেই সাক্ষী । ডায়েৰীখনে তাইৰ স্বীকাৰোক্তিবোৰ শুনে, হয়তো মুখ টিপি হাঁহে, কোনোবাদিনা ককৰ্থনা কৰে ।

গাৰ্লচ হোষ্টেলৰ প্ৰথম মহলাৰ চুকৰ ৰূম এটাত তাই অকলে ৰামি খেলিছিল । দেৱদাৰুজোপাৰ পৰা নীৰৱে নিগৰা সুষীমাইও শাঁত কৰিব পৰা নাছিল অন্তৰৰ দহন । জীৱনৰ ঠিকনাবোৰ বে-ঠিকনা হৈ পৰাৰ সময় আছিল সেয়া । ডাষ্টবিনৰ এচুকত সপোনবোৰে উচুপিছিল । হয় । চাৰ্টিফিকেটবোৰ নিজ হাতে ফালি ছিৰি ডাষ্টবিনলৈ দলিয়াই দিছিল তাই ।

জীৱনৰ স’তে চুক্তি হৈছিল হঠাতে । তাচপাতৰ হৰতনৰ পাতখিলা নেমেলাকৈয়ে জুৱা খেলিবলৈ উদ্যত হোৱা জীৱনটো ৰো-ৰোৱাই সৰি পৰিছিল প্ৰতিশ্ৰুতিৰ বন্যাত । প্ৰতিশ্ৰুতিবোৰে তুলি ধৰিছিল হাতখন, জীপাল কৰি তুলিছিল মৰহিবলৈ ধৰা খৰিকাজাই ।

সিদিনা আকাশত মেঘে গাজিছিল । তাইৰ বুকুত মাদল বাজিছিল । হাড়িয়াৰ ৰাগীৰে উত্তাল মনটোৰ ঝুমুৰৰ তালে তালে অবাধ নৃত্য । দলদোপ হেন্দোলদোপ বুকুৰ বাটচৰা ।



দাপোণৰ সন্মুখত (১৮):

ক'ৰবাৰ এৰাসুঁতি এটাত মই নিজকে হেৰুৱাই পেলালো । এধানিমান আশাৰ ৰং সানি ছবি আকিঁছিলো । ৰামধেনুৰ ৰূপ লৈছিল সেইখনেই । সুখৰ দিনত টোঁৱাই থকা হাজাৰযোৰ চকুৱে দুখৰ দিনত দেখুৱাই দিলে সেইখন মাথোঁ এখন জলছবিহে আছিল, জীৱনৰ এছাটি বতাহে মনিব নোৱাৰা কৰা সেই ছৱি । বিছিন্ন হৈ পৰা জাহাজখনৰ দৰে বিছিন্ন হৈ পৰিছে সম্পৰ্কবোৰ । নিৰ্জন দ্বীপ কিম্বা মৰিশালীৰ নিস্তব্ধতা , নহয় নহয় , এটা এৰাসুঁতিহে মাথো…………

জীৱনবলীয়াজনীৰ প্ৰলাপত "তোমাৰ মূৰটো" বুলি গালি দিবলৈও তুমি আজি মোৰ গল্পৰ এটা নিৰ্বাসিত স্তৱক ।

শীতকাল ভাল লাগে কোনোবাই ক'লেও কাণ বন্ধ কৰি থওঁ …সেই যে তোমাৰ ৰঙা চুৱেটাৰটো । ৰঙা ভাল পাওঁ বুলিয়েই বজাৰৰ পৰা খেদি খেদি ৰঙাবোৰ থপিয়াই আনি মোৰ দুমোনা ভৰাবলৈ কিহে পাইছিল তোমাক ?








Tuesday, March 20, 2018


গল্প: মধুচন্দ্ৰিকা



দৃশ্যাংশ ১:

“পিঠিত এইটো কি দাগ লগাই ল’লি উৰ্ণী?”, উৰ্ণীৰ ডিঙিৰ পিছফালৰ ব্লাউজৰ ৰচীডালত গাঁথি মাৰি দি মাহীয়েকৰ ছোৱালী ঝৰ্ণাই টিপ্পনি মাৰিলে ।
“কি লাগিলনো অ’? চাওঁ মোহাৰি দেচোন”, উৰ্ণীয়ে আইনাখনত পিঠি দি ঘূৰি ঘূৰি চাবলৈ ধৰিলে । একোকে দেখা নাই তাই ।
“মোহাৰি দিলে নাযায় অ’ সোণজনী ।হ’ব দে ওৰণি লৈ থাকিবি”, কাণসমনীয়া সখীজনীয়ে বাকীকেইজনীলৈ চাই চকু টিপিয়াই দিলে । লগে লগে ড্ৰেছিং ৰূমটো হাঁহিৰে গিৰ্জনি মাৰি উঠিল ।
“পিছে উৰ্ণীবা, হনিমুন কৰিবলৈ ক’লৈ যাম বুলি ভাবিছা ?” সেন্দুৰ এচিকুট পৰি ৰঙা পৰা নাকটোত চিকুটি দি ভনীয়েক দিশাই মাত লগালে ।
আঠমঙলা খাবলৈ যোৱাৰ দিনাই লগৰকিজনীয়ে তাইক হাৰাশাস্তি কৰি দিছিল । ক’লৈ যাবি হনিমুন কৰিবলৈ, কেইদিনৰ বাবে যাবি ইত্যাদি বিভিন্ন প্ৰশ্ন সিহঁতৰ ।
বি এ পাছ কৰোতেই বিয়া হৈ গ’ল তাইৰ । দৰা দেখনিয়াৰ । দৰা শিক্ষাবান । দৰা চাকৰিয়াল । দৰাৰ ঘৰ গজগজীয়া । তাই বহুত ভাগ্যতহে এনে ঘৰ পাইছে । বিয়া মানেই সপোন । বিয়া মানেই সৰগত পাৰিজাত ফুলাৰ আখৰা । সেই আখৰাত বেলিফুলত কোমল পক ধৰে । সেই আখৰাত জোনাক ফাটি পৰে ।এৰা । তাই সপোনহে দেখিব পাৰে । চাদৰৰ আঁচল ককালত গুজি ৰাতিপুৱাই ৰান্ধনিশালত জীৱন সংগ্ৰামৰ শক্তি তৈয়াৰ কৰে ।

দৃশ্যাংশ ২:

“বোৱাৰী, চেনী নিদিয়া চাহ একাপ ।”
“হয় দেউতা, দিছো ।”
“বোৱাৰী, মোলৈ গাখীৰ-চেনী বেছিকৈ দি কাঢ়াকৈ একাপ দিবাচোন” ।
“হয় মা, দি আছো ।“
“হৌৰা, মোক খাবলৈ দিয়া দেই । আঠবজাতে অফিচ পাবগৈ লাগে ।“,
“টেবুল সজাইছো । আপুনি বহি দিয়ক” ।
“বৌ, নেমু এফাল কাটি দিবানেকি ? লগতে গৰম পানী এগিলাচ।”
“ৰবা পিংকী । কটাৰীখন বৰ ধাৰ । তুমি নুচুবা । হাত কাটিব” ।
“বৌ অ’ । কামবোৰ থোৱা আৰু । ব’লা আজি নহ’লে চিনেমা এখনকে চাই আহো । দেৱদাসখন খুব ভাল হৈছে বুলি শুনিছো”, সেইটো সৰু দেওৰ ।
তাৰ পিছত সৰু দেওৰ আৰু পিংকীৰ মাজত কথাৰ কটা কটি আৰম্ভ হৈ যায় ।
“তোৰ নিচিনা ট্ৰেজেদি নাই নহয় বৌৰ যে ঘৰৰ কাম এৰি দেৱদাসলৈ ঢাপলি মেলিব ।আৰু গলেও তোৰ লগত কিয় যাব ? দাদাৰ লগত যাব” ।
কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল স্বামী । টকা পইচাৰ অভাৱ নাই । সময়ৰ অৱশ্যেই অভাৱ । তথাপি তাইক ৰাতিকৈ সুধিছিল, “ভন্টিহঁতৰ লগতে তুমিও চিনেমা চাবলৈ যাব পাৰিলাহেঁতেন ।”
“আপুনি নাথাকিলে যাবলৈ বেয়া লাগে” ।
“অ হয় নেকি ? কাইলৈ ওলাবা । আমি দুয়োটাই যাম” ।
পিছদিনাখনো যোৱা নহয়গৈ তাইৰ । সেইদিনা আলহী আহে । তাৰ পিছৰদিনাও যোৱা নহয়গৈ । সেইদিনা পিংকীৰ গাটো ভাল নালাগে ।তাৰ পিছৰ দিনা যাবলৈ তাইৰ নিজৰে মন নাযায় । শহুৰেকে এঘন্টাৰ মূৰে মূৰে ফিকা চাহ খায় । তিনিঘণ্টা তাইৰ বাবে বহুত সময় ।

দৃশ্যাংশ ৩:

“বৌ, বিয়াৰ পাছত আমি মানালীলৈ যাম”, কেইদিনমানৰ পিছত হ’বলগীয়া বিয়াখনৰ সপোনত ব্যস্ত হৈ পৰা ননদ পিংকীয়ে আজিকালি ফোনটো লৈ ৰাতিৰ ৰাতিটো ব্যস্ত থাকে । ফোনত পতা কথাবোৰৰ ভাগ কিছুমান বৌয়েকক দিয়েহি ।
“বোৱাৰী, দেউতাৰাই বিছনা লোৱাৰ আগতে নাতি এটাৰ লগত খেলিবলৈ মন”, সেলেঙী বোঁৱাই শাহুৱেকে ধেমেলীয়া সুৰত কোৱা কথাষাৰত লাজে ৰঙা কৰে তাইৰ দুগাল । ওঁঠযোৰ টিপি তাই শোৱনি কোঠালৈ দৌৰি আহে । মনত পৰে আগৰাতিৰ কথাবোৰ ।
“কিবা এটা লাগে উৰ্ণী । ঘৰে বাহিৰে কণমানি এটিয়ে কলকলাই থাকিব । মাৰ সপোনো সেইটোৱেই”, তাইৰ থুঁতৰিৰ তিলটো চুই চুই তেওঁ শুনা নুশুনা মাতেৰে দোভাগ ৰাতিৰ ৰাগ টানে । লাজুকী লতাৰ দৰে জঁই পৰি যায় তাই ।সেই ৰাতিয়েই তাই লাহেকৈ উলিয়াইছিল কথাটো, “ফুৰিবলৈ গৈ আহো নেকি ? তাৰ পিছত প্লেন কৰিম” ।
কিছুপৰ চিন্তা কৰে তেওঁ, “ওম । ঠিকেই । আমাৰ দেখোন কলৈকো যোৱাই হোৱা নাই । ছুটি ল’ম ৰবা । তাৰ পিছতে কিন্তু !!”, বুলি দুষ্টালি হাঁহি এটা এৰে তাইলৈ ।
পোন্ধৰ দিনৰ জোখেৰে বেগ পত্ৰ সাজু কৰি উঠে মানে, ঝৰ্ণাই ফোন কৰে তাইক, “মোলৈ কিবা লৈ আনিবি দেই ঊৰ্ণীবা ” । ভনীয়েক দিশাৰো তালিকাখন দীঘল হৈ যায় ।
কিটচেনৰ চেলফত বহি আপেল এটা কামুৰি লৈ দেওৰেকে কয়, “এইকেইদিন মাছৰ আঞ্জা সেৰেকা সেৰেকা লাগিব বৌ । পিংকীয়ে যিহে ৰান্ধিব । বানপানীত সাঁতুৰি সাঁতুৰি মাছ বিচাৰিব লাগিব । নহ’লে বৌ তুমি যাব নালাগে দিয়া ।দাদাক অকলেই পঠিয়াই দিয়া” ।
তাই ঘোপাকৈ চাই পঠিয়ায় দেওৰজনলৈ । সৰু ভায়েকৰ দৰে তাইৰ লগত ধেমালী কৰি থকা দেওৰজনে মাছৰ আঞ্জাখন সেৰেকা পাব । কিছু চিন্তাত পৰে তাই । কেনেকৈ যে লোকৰ ঘৰখন ইমান আপোন হৈ পৰিছে ! কষ্ট পাব ঘৰখনে । তাই এদিন নহলেই কষ্ট পায় সিহঁতে । আকৌ ৰাতিকৈ স্বামীৰ বুকুত কথা সলায়, “এইবাৰ নহ’লে টিকেট কেনচেল কৰি দিয়ক । সৰুপোনাৰ পৰীক্ষা আছে । দিগদাৰ হ’ব সিহঁতৰ”।
উদং পিঠিখনত সপোনটোৱে বাগৰ দিয়েহি । এখন নদী, এখন অৰণ্য আৰু এখন পাহাৰ । নিচাত ডুবি থাকিব সময় । চিপচিপীয়া বৰষূণজাকত সিহঁত দুয়োটা দৌৰি আহি অৰণ্যৰ জুপুৰিটোত আশ্ৰয় লবহি । জুই একুৰাই তাইৰ তিতি থকা চুলিকোচা শুকুৱাই লয় মানে তাইৰ বুকুৰ জুইকুৰা দপদপকৈ জ্বলি উঠিব । চিগাৰেটটো ওঁঠত গুজি সি বাহিৰলৈ চাই ৰ’ব । তাই তিতা কাপোৰযোৰ সলাই ৰিহাখন মেৰিয়াই লব । সুলকিব খোজা ৰিহাৰ আঁচলত পিনটো মাৰিবলৈ লৈ তালৈ চাই ৰ’ব তাই । তাইৰ চাৱনিত বলীয়া হ’বনে তেওঁ ? কিহে উন্মাদ কৰিব প্ৰিয়জনক ? তাইলৈ নাচাই পাহাৰখনলৈ চাই চাই যে তেওঁ ডাঁৱৰৰ সতে কথা পাতি থাকে ।কিহে উন্মাদ কৰে তেওঁক ? জ্বলন্ত চিগাৰেটটো শেষ হ’বলৈ লৈ যে তেওঁৰ আঙুলি পোৰে । যি দহনে পোৰে তাইৰ বুকু । আবেগৰ ইমান ভৰ ! ইমান ভৰ তাই চম্ভালিব নোৱাৰে ।তাইৰ বুকুৰ অৰণ্যখন তেওঁ শেষৰাতিলৈ সামৰি থয় ।

দৃশ্যাংশ ৪:

আইতাকৰ কোলা, ককায়েকৰ পাটি, দেওৰৰ কান্ধ বাগৰি মৌমন পাঁচবছৰীয়াটো হ’লগৈ । পিংকীৰ মধুচন্দ্ৰিকাৰ ফটোবোৰ মৌমনে এলবামৰ পৰা উলিয়াই মাকক কয়, “মা মোকো লৈ যাবানে তালৈ” ?
“যাম দিয়া বাবাটো । আমি একেলগে যাম এইবাৰ” , দেউতাকে আহি কেতিয়ানো মৌমনক কোলাত তুলি লয় তাই গমকে নাপায় । অফিচৰ পৰা আহি পোৱা দেউতাকলৈ বুলি লুচি ভাজিৰ প্লেটখন লৈ আহি তাই দেখা পায়, পুতেকে দেউতাকক ঘোঁৰা বনাই নিজে ওপৰত উঠি লৈছে ।“বাবাটো , এতিয়া দেতাক খাবলৈ দিয়া । আকৌ খেলিব দেই তোমাৰ লগত”, তাই টপটপকৈ চুমা এটা আঁকি দিয়ে তাৰ গালত ।
ঘৰৰ দেহলাও, জিউধনটো ক্ৰমান্বয়ে ডাঙৰ হৈ আহে । এদিনীয়া জ্বৰতে শহুৰেকে পাটী লয় । কাঁহি কাঁহি শাহুৱেকজনীও দুৰ্বল হৈ পৰে । দেওৰেকৰ মাছৰ আঞ্জাৰ বাবে তাই চিন্তা কৰিব লগা নহয় । বেলেগ ঘৰ, বেলেগ কাহিনীৰ আবৰ্তত সোমাই পৰে সি । মৌমনক সংগ দিবলৈ জুমন আহে । টাকুৰী ঘূৰাদি ঘূৰি ফুৰে তাই । মানুহজনৰ মাজতে ট্ৰেন্সফাৰ হয় । অকলে তাইৰ আৰু দিগদাৰ হয় । লৰাৰ স্কুল, টিউচন, শাহুৱেকৰ কাঁহটোৰ লগত ব্যস্ত থাকোতে তাইৰ সপোনবোৰ নিতাল মাৰি পৰি থাকে । পুৱতিৰে পৰা ৰাতি এপৰলৈকে সপোনটোৱে নেখেদে তাইক । দোভাগ ৰাতি সপোনটো তাইৰ সতে একাত্ম সহবাসত নিমগ্ন হয় । এখন নদী, এখন অৰণ্য আৰু এখন পাহাৰ । সপোনটো সামৰিবলৈকো কেতিয়াবা প্ৰিয়জন বহুত দূৰৈত থাকে । ক্ৰমাৎ খিংখিঙীয়া হৈ উঠে তাই । ঘড়ীৰ কাঁটাত বান্ধি থোৱা থাকে ব্যস্ত সময় । সপোনৰ ৰাগীবোৰে ওফোন্দনিৰ মেলা পাতে । ঝৰ্ণাৰ মধুচন্দ্ৰিকাৰ ফটো, পিংকীৰ মধুচন্দ্ৰিকাৰ ফটোবোৰ দেখি তাই ক্ৰমাৎ অস্তিত্বহীনতাত ভূগে । সকলোৰে বাবে তাই । তাইৰ বাবে কোন ? কথাটো কাৰো চকুত নপৰাকৈ থকা নাছিল । এই যে গেজেংকৈ দিয়া মাতষাৰ, হকে বিহকে ওফন্দি উঠা মুখ, ৰান্ধনিশালত ক্ৰমাৎ বাঢ়ি অহা হেতাৰ চৰক চৰক শব্দ এইবোৰ আন কাৰো নহলেও মানুহজনৰ চকুত ভালকৈয়ে পৰিছিল ।
ৰিটায়াৰমেন্টৰ কিছুদিন আগতে তেওঁ সুধি পেলালে,“হৌৰা, তোমাৰ কি হৈছে হয়নে ? অনবৰতে যুদ্ধংদেহী মনোভাৱ লৈ কিয় থাকা আজিকালি ? আগতেতো এনে নাছিলা ?”, কথাষাৰ শুনি তাইৰ খং অভিমান দুগুণে চৰে ।
“আচ্চা । আপুনি মোৰ নামটো কওকচোন”, তাইৰ প্ৰশ্নত তেওঁ থতমত খাই যায় । কি নাম আছিল তেওঁৰ, কি আছিল উৰ্মি নে উৰ্ণী ঠিক কৰিব নোৱাৰি গলহেকাৰি মাৰে ।
তাই আকৌ উভটি ধৰে, “নোৱাৰে বুইছে নোৱাৰে । মোৰ অস্তিত্ব কেৱল হেতাকেইখনত, তাৰ বাহিৰে মোৰ কিবা অস্তিত্ব আছে বুলি আপুনি গণ্যই নকৰে”, তাইৰ চকু-নাক পানীৰে একাকাৰ হয় ।
“আহ হা, কি হৈছে মোক খুলি কোৱাচোন”, কেতিয়াও নেদেখা সজল চকুযুৰিয়ে তেওঁকো বিতত কৰি তোলে ।
তাইৰ অভিমান দুগুণে চৰে । এবাৰলৈ যদি তেওঁ বুজি পালেহেঁতেন, কি সৰু কথা এটিৰ বাবে তাইৰ মুখৰ আয়তন বাঢ়িছে, এবাৰলৈ যদি তেওঁ এবাৰ শুনিব বিচাৰিলেহেঁতেন । এটা মাত্ৰ সৰু সপোন, এখন নদী, এখন অৰণ্য আৰু এখন পাহাৰ- কিশোৰ কিশোৰীৰ দৰে এহাল যুগলবন্দী । খুলি নকয় তাই । ক’বইবা কিয় ? তাই যদি জানিব পাৰে, মানুহজনে কোনখিনি সময়ত কাঢ়াকৈ গাখীৰ চাহকাপ বিচাৰিছে, কোনখিনি সময়ত ফিকা চাহকাপহে বিচাৰিছে, তেওঁও জনা উচিত তাইৰ এটি মাত্ৰ সপোনৰ কথা ।

দৃশ্যাংশ ৫:

আজিকালি ভাগৰবোৰ বৰকৈ লাগে তাইৰ । মাজতে অলপদিন বেমাৰতো পৰিল তাই । অস্তিত্বহীনতাৰ শংকাত তাই ৰাতিবোৰ দীঘল হৈ পৰিবলৈ ধৰিলে । বিপৰীতে বাঢ়ি আহিল ক্লান্তি, অনিদ্ৰা, হতাশা ।
বৰ ক্ষন্তেকীয়া জীৱনটো । কলৈকো যোৱাও নহ’ল । ঘৰৰ চাৰিবেৰৰ মাজতে যৌৱন পাৰ হ’ল । চুলিৰ ৰূপালী চুলিখিনি ঢাকিবলৈ তাইৰ দেওবাৰৰ ৰাতিপুৱাবোৰ ব্যস্ত হৈ পৰে । মৌমন, জুমন চাকৰিসূত্ৰে অসমৰ বাহিৰলৈ ঢাপলি মেলিলে । শাহুৱেকৰ-শহুৰেকৰ কাহানিবাই মৃত্যু ঘটিল । দেওৰজন পত্নী-পুত্ৰ লৈ ব্যস্ত হৈ পৰিল । দুমহলীয়া বিশাল ঘৰটোত পৰি থাকে সিহঁত দুটি প্ৰাণী । উৰ্ণী আৰু তাইৰ অৱসৰপ্ৰাপ্ত স্বামী ।
মৌমনেই দিলে আইডিয়াটো । “মা তুমি এবাৰো বাহিৰলৈ অহা নাই । এইবাৰ ইয়ালৈ আহিবলৈ প্লেন কৰা । মইতো ইয়াত আছোৱেই” ।তাৰ পাছৰ কথাবোৰ খৰতকীয়া । সপোনটো সঁজাল ধৰি উঠিল । সেই যে চাদৰৰ আঁচলটো টানি পিন মাৰি লোৱা দৃশ্যটো, চিগাৰেটৰ জুইয়ে প্ৰিয়জনৰ আঙুলি পোৰোতে হোৱা তাইৰ বুকুৰ দহনটো, ভৰ আবেগক চম্ভালিব নোৱাৰা যৌৱন সামৰিবলৈ তাইৰ লাহী দেহা সাৱটি তাইৰ প্ৰিয়পুৰুষ ।
একেই অনুভুতি, একেই আকুলতা, নিসংগতাবোৰক ভেটা দিব পৰা এটা সন্ধ্যাৰ অন্বেষণত মুখৰিত হৈ পৰে পঞ্চাশবছৰীয়া হিয়া । সুধিবলৈ মন যায় মৌমনক, তাত নদী এখন আছেনে ? অৰণ্য আছেনে ? আছেনে এখন পাহাৰ ? সোধা নহয় তাইৰ । বৰঞ্চ স্বামীয়ে সোঁৱৰাই দিয়ে,
“হৌৰা, এৰী চাদৰখন ভৰাই ল’বা দেই” ।
“হৌৰা, ঊলৰ টূপীটোও লৈ ল’বা দেই” ।
ৰিহাখন ল’বনে তাই ? ল’ব, কিয় নল’ব ? মৌমনে কৈছে, তাত এখন নদী আছে, এখন পাহাৰ আছে, অৰণ্যৰ মাজত এটা চাংঘৰ আছে । আসঃ তাইৰ সপোনটোৱে যে দেও দি নাচে । কিদৰে বুজায় তেওঁক? ৰিহা সুলকিব খোজোতে বাহিৰৰ ডাৱৰখিনিৰ সতে কথা পাতি ৰোৱা বমভোলা মানুহজন তেওঁ । দাপোনত মুখখন চাই লয় । ধুনীয়া । এই বয়সতো ধুনীয়া তাই । চুলিখিনিহে মাথোঁ ……………

দৃশ্যাংশ ৬:

এখন অৰণ্য, তাৰ মাজত এটা জুপুৰিঘৰ । পাহাৰৰ সিপাৰে ফুলৰ মেলা । নদীখনৰ চাপৰিত কহুৱা এডৰা । তাৰ মাজেৰে বাঘে পানী খোৱা ঘাট । আত্মহাৰা হৈ পৰিছে তাই । দৃষ্টিৰ পৰিসৰ বিয়পি সেউজীয়া কেৱল সেউজীয়া । সেউজীয়া চুমিছে, সেউজীয়া জুমিছে, সেউজীয়াবোৰ বুকুত সানি লৈছে । পাহাৰৰ সিপাৰে অৱশ্যে ৰঙৰ মেলা । এই ফুলৰ সুবাস ল’বলৈকে বুলি সিহঁত তিনিওটাই ৰাতিপুৱাই পদযাত্ৰা আৰম্ভ কৰিলে ।
অলপ দূৰ ওপৰলৈ উঠি যাওতেই তাই অনুভৱ কৰিছে, কিবা এটা ভাল লগা নাই । মনৰ উত্তেজনাখিনিৰ লগত যেন শৰীৰে সংগত কৰা নাই । পানী এগিলাচ দৰকাৰ হৈছিল তাইক ।
“মৌমন”, পাহাৰত ঠেকা খাই ঘূৰি আহিল তাইৰ মাতৰ কৰুণ সুৰ ।কোনেও নুশুনে । মৌমনহঁত বহুত দূৰ পালেগৈ ।
“হেৰি শুনিছে”, নুশুনিলে তেখেতেও । গৰম টুপীটো পিন্ধি তেখেতেও আপোনমনে গৈ থাকিল । তাইহে পৰা নাই । ভাগৰটো বৰ সোনকালে লাগে তাইৰ । পাহাৰৰ এঢলীয়া দাঁতিতে তাতে বহি দিলে । সিহঁত ঘূৰি অহালৈকে ৰৈ দিয়াই ভাল এই ভাৱত । শীতল বা’ এছাটিয়ে তাইক চুই গ’ল । তাৰ লগে লগেই মেঘ ওন্দোলাই নামি আহিল কিনকিনকৈ বৰষুণ এজাক । বৰষুণজাকে তাইৰ শৰীৰটো কঁপাই তুলিলে । চিগাৰেটৰ ধোঁৱাত আছন্ন সময়খিনিৰ নিচাখিনিক ফেৰ মাৰিব পৰাকৈ একুৰা জুই আৰু সুলকিব খোজা ৰিহাৰ আঁচলত চেফটি পিন মাৰি মাৰি চকুত ৰাগী সনা সপোনৰ প্ৰিয়পুৰুষজনৰ ঠিকনাই বৰষুণৰ সোঁতত পাহাৰৰ ওপৰৰ পৰা নামনিৰে বৈ আহি তাইৰ বুকুত বাট হেৰুৱালে । আত্মপ্ৰেমেৰে ভৰি পৰিল তাইৰ সমগ্ৰ সত্তা , ঠিক যেন তিনিমহীয়া কেঁচুৱাটিয়ে নিজৰ আঙুলিটো চুপি চুপি আত্মহাৰা হৈ থকাৰ দৰেই……………

গুণগুণনি এটাই সুৰ তুলি ঢৌ খেলিলে বৰষুণ জাকৰ সতে,
“মে থোৰী দেৰ জী তো লুঁ
নসে কী ঘোঁট পি তো লুঁ”

(সমাপ্ত)
পৰী পাৰবীন
ডিব্ৰুগড়
৩ চেপ্তেম্বৰ, ২০১৭

গল্প:জিঞ্জিৰ
(পৰী পাৰবীন, ডিব্ৰুগড়)


কাহিনীৰ অন্তিম পৰ্যায়:

চবক……….চবক………চবক…….চবক ।

ৰাতি দুই বাজিছে । কাথনী বুঢ়ী শোৱাপাটীৰ পৰা ধহমহাই উঠিল । কৰবাত কোৰেৰে মাটি খন্দাৰ শব্দ । টৰ্চটো আৰু লাঠিডাল লৈ কাথনী বুঢ়ী শব্দটোৰ ফালে আগবাঢ়িল ।
“নিমি মাজনী, তই ইয়াত কি কৰিছ অ? এই ৰাতিখন কিয় এইবোৰ কৰি আছ, বল ভিতৰলৈ”, কাথনী বুঢ়ীয়ে উচপিচ কৰি আহি তাইৰ হাতত ধৰিলে ।

আউলী বাউলী চুলিৰে অসংযত নূন্যতম সাজেৰে নিমি তেতিয়াও কোৰেৰে মাটি চবিওৱাত ব্যস্ত ।

“নিমি মাজনী” কাথনী বুঢ়ীৰ মাতটো অলপ জোৰেৰে ওলাল, “পাপা সাৰ পাব, সাৰ পালে তোমাক কি কৰিব তুমি জানিছাই নহয়” ।

“পাপাই কি কৰিব জেঠীমা ? ডক্টৰ আংকল মাতিব, বিছনাৰ খুঁটাত মোক বান্ধিব………….হাঃ হাঃ হাঃ ।”

নিমিৰ অট্টহাস্যত চহৰৰ প্ৰখ্যাত ব্যৱসায়ী ৰাজকমল দুৱৰাৰ চৌহদ কপি উঠিল ।

কাহিনীৰ প্ৰথম পৰ্যায় :

কাথনী বুঢ়ীয়ে নিমিক গাৰ জোৰেৰে টানি আনি বাথৰূমত সোমোৱাই হাত ভৰি ধুৱাই দিলে । লাহেকৈ তাৰ পাছত তাইক টোপনি অহা ঔষধ এটা খুৱাই নিজেও বি্ছনাৰ কাষতে বহি ৰ’ল । নিমিৰ অৰ্ধনিৰ্মীলিত চকু জাপ খাই আহিল । লাহে লাহে তাইৰ টোপনিৰ গভীৰতাত কাথনী বুঢ়ী অতীতলৈ ঘূৰি গ’ল ।এই ঘৰত চল্লিশবছৰ গৰকা কাথনী বুঢ়ী তেতিয়া পোন্ধৰ বছৰীয়া । ৰাজকমল দুৱৰাৰ পিতৃ তিলক দুৱৰাই দুজনী ছোৱালীৰ খবৰ কৰিছিল আলেঙে আলেঙে । এজনী ছোৱালী দুৱৰাৰ পৰিয়ালত ফুল হিচাপে শোভা বঢ়াবলৈ আৰু আনজনী ছোৱালী সেই ফুলপাহৰ যতন লবলৈ । হয়, কাথনী সেই পিছৰ পদটিতে মকৰল হৈছিল । সৌদামিনী বৰুৱা সৌদামিনী দুৱৰা হিচাপে ফুলপাহ হৈ জাতিস্কৃত কৰিছিল দুৱৰা পৰিয়াল । ৰূপে গুণে বিভূষিতা সৌদামিনী আনতকৈ বেলেগ । এই কথা প্ৰতি খোজতে কাথনীয়ে অনুভৱ কৰিছিল । ৰাজকমল দুৱৰাই ডুবাই ৰাখিব বিচৰা দামী কাপোৰ আৰু অলংকাৰৰ মোহে ঘৰৰ শ্বকেছত বন্দী কৰি ৰাখিব নোৱাৰিলে সৌদামিনীক । সজোৱা ফুলপাহৰ পৰা নিজকে উত্তৰণ ঘটাইছিল তেওঁ । শ্বকেছৰ তলা ভাঙি তেওঁ ওলাই আহিছিল মানুহৰ মাজলৈ ।
নিমিৰ জন্ম হৈছিল । সৌদামিনী ব্যস্ত হৈ পৰিছিল । ৰাজকমল দুৱৰা সুখী হৈছিল ।
নিমি ডাঙৰ হৈ আহিছিল । সৌদামিনীৰ ব্যস্ততা কমি আহিছিল । কলমৰ আঁকবাঁক বাঢ়িছিল । ৰাজকমল দুৱৰা অসন্তুষ্ট হৈছিল ।

“কি অদৰকাৰী কামত লাগি থাকাহে ?”, ৰাজকমল দুৱৰাৰ অসন্তুষ্টিৰ বহিঃপ্ৰকাশ আছিল সেয়া । সৌদামিনীৰ হাতলৈ এটা দুটা সন্মান আহিবলৈ আৰম্ভ কৰিছিল আৰু ৰাজকমল দুৱৰাৰ হাতত ঠাই পাইছিল চিগাৰেটে । নিমিয়ে যেতিয়া একে একে দুই আওৰাবলৈ আৰম্ভ কৰিছিল, সৌদামিনী তেতিয়া ব্যস্ত আছিল মাজুলীৰ সত্ৰ আৰু ৰাসৰ ওপৰত থেছিছ প্ৰস্তুত কৰাত ।চহৰৰে কলেজখনত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল সৌদামিনীয়ে ।

ৰাজকমল দুৱৰাৰ অসন্তুষ্টি বাঢ়িছিল ।

“মোৰ পৰা কি পোৱা নাই তুমি ? কাপোৰ, অলংকাৰ, গাড়ী কিহৰ অভাৱ হৈছে তোমাৰ ? কিহৰ বাবে মাহেকৰ মূৰৰ টকাকেইটাৰ কাৰণে কলেজৰ লৰাখিনিৰ ওচৰত টিঘিলঘিলাব লগীযা হ’ল?”- ৰাজকমল দুৱৰাৰ অসন্তুষ্টিৰ চূড়ান্ত বহিঃপ্ৰকাশ  সেয়া ।
সৌদামিনী দুৱৰাৰ ব্যস্ততা বাঢ়িছিল । নিমিৰ পঢ়া-শুনা মানেই সৌদামিনী, নিমিৰ নাচ-গান মানেই সৌদামিনী, অতিথি শুশ্ৰষা মানে সৌদামিনী, উৎসৱ পাৰ্বন মানেই সৌদামিনী, ঘৰুৱা কামৰ তদাৰকীৰ লগতে নিজৰ কলেজ, ৰাজকমল দুৱৰাৰ ব্যৱসায়ৰ মাজতো কলমৰ নিচাটো এৰিব পৰা নাছিল তাই ।

কলমৰ নিচা ! যি নিচাই তাইক টানে পৰ্বতলৈ ।

ৰাজকমল দুৱৰাৰ বাবে এয়া মূল্যহীন বিলাস ।

কলমৰ নিচা! যি নিচাই তাইক টানে ভৈয়ামলৈ।

ৰাজকমল দুৱৰাৰ ওচৰত তাইৰ অনুৰোধ অসাৰ ।

কলমৰ নিচা! যি নিচাই তাইক আব্দাৰ তোলে দিহিঙলৈ, কেতিয়াবা দিপাঙলৈ।
ৰাজকমল দুৱৰাৰ অনুমতি নাই ।

অকলে সাগৰৰ পাৰত ?

বালিচৰত ?

আকাশ চুৱাৰ হেঁপাহ ?

উসঃ ! অলীক কল্পনা ।

“কেৱল এটা ৰূমৰ এখন টেবুলত কি সাহিত্যৰ সৃষ্টি হয় ?”, নিজকে প্ৰশ্ন কৰি ক্ষোভত ভাগি পৰে  সৌদামিনী ।

কাথনীয়ে আলেঙে আলেঙে চাই ৰয় । সৌদামিনীৰ ব্যক্তিত্বই মোহিত কৰে তাইক । বিপৰীতে ৰাজকমল দুৱৰাৰ অসন্তোষীয়া মুখে বিপাঙত পেলায় তাইক ।নিমিক শুৱাই থৈ ৰাতি বাৰ বজালৈ সৌদামিনী বহি থাকে পঢ়া টেবুলত । কাথনীয়ে কেতিয়াবা কফি একাপ, কেতিয়াবা গাখীৰ এগিলাচ, কেতিয়াবা ফলৰ ৰস এগিলাচ লৈ ওচৰতে বহি ৰয় । কেতিয়াবা সৌদামিনীৰ চুলিটাৰিত তেল ঘঁহি দিয়ে । ব্যক্তিগত স্থিতিৰ শতযোজন প্ৰাৰ্থক্য থাকিলেও এই মানুহজনী সৌদামিনীৰ বুকুলৈকে শিপাইছে । তাইৰ জীৱনৰ সকলো কথাই নিঃসংকোচে কাথনীৰ আগত খুলি দিব পাৰে সেয়ে ।

“ছাৰে বেয়া পোৱা কামবোৰ কিয় কৰি থাকা আই?”, এদিন কাথনীয়ে সুধি পেলালে তাইক । কাথনীয়ে জানে সৌদামিনীৰ কামবোৰে অন্ততঃ ক্ষতি কৰা নাই ৰাজকমল দুৱৰাক ।কিন্তু ইমান আপত্তি কিয় তেওঁৰ সেই কথা নুবুজে তাই  ।আৰু সেই আপত্তি নেওচি যোৱাৰ বদ্ধপৰিকৰ সৌদামিনীক বুজি পোৱাৰো অপাৰগতা কাথনীৰ, সেয়ে এদিন এনেদৰে সুধি পেলাইছিল সৌদামিনীক ।

অলপ দেৰী তভক মাৰি সৌদামিনীয়ে কাথনীক কৈছিল, “মই যিবোৰ কাম কৰো, সেইবোৰত ছাৰে কিয়, কোনোৱেই বেয়া পোৱাৰ একো যুক্তি নাই । কাৰো হানি নকৰা কাম কিছুমান কৰি যদি মোৰ মনে শান্তি পায়, তেনেবোৰ কামত মোক পদে পদে বাধা কিয় দিয়ে বুজি নাপাওঁ । যুক্তিহীন কাৰণেই মই ছাৰৰ কথা মানি থাকিবলৈ নিবিচাৰো কাথনী” ।

হুমুনিয়াহ এটা বায়ুত মিলি গৈছিল লাহেকৈ ।

কাথনী ৰূমটোৰ পৰা ওলাই গৈছিল । সৌদামিনীয়ে কলমেৰে নিজৰ অস্তিত্বৰ ছবি আঁকিছিল । ৰাজকমল দুৱৰাই ব্যৱসায়ৰ লাভ-লোকচানৰ অংক কৰাত ব্যস্ত আছিল । নিমিয়ে হয়তো তেতিয়া তৰাৰ দেশৰ সপোন দেখিছিল ।

এদিন হঠাতে তাইৰ যোগাযোগ হৈছিল স্কুলীয়া বন্ধু বৰুণৰ স’তে । বৰূণ ৰাষ্ট্ৰীয় কাকত এখনৰ জেষ্ঠ্য সাংবাদিক । বাতৰি কাকতৰ সমল গোটাবলৈ সি দেশে-বিদেশে ঘূৰি ফুৰা কথাটোত তাই মিহিকৈ ঈৰ্ষা এটা অনুভৱ কৰিছিল । তাইও যে বৰ ভ্ৰমণপ্ৰিয় !পুৰুষ হোৱা হ’লে হয়তো তাইও পাৰিলেহেঁতেন দিহিঙে-দিপাঙে ঘূৰি ফুৰিবলৈ।ভ্ৰমণ তাইৰ বাবে এতিয়া বিলাসিতা হৈ পৰিছে । তাইৰ স্বামীৰ এমাহৰ মূৰে মূৰে টুৰ থাকে, তাই ঘৰ চম্ভালে । তাইৰ স্বামীৰ ৰাতি এপৰলৈকে ক্লাৱত পাৰ্টি, তাই ঘৰ চম্ভালে । আৰু তাই প্ৰিয় বান্ধৱীৰ বিয়াখন খাবলৈ ছমাহ আগৰ পৰা কুতুৰি কুতুৰিও মিলাব নোৱাৰেগৈ ।নাৰীত্বৰনো কিবা অস্তিত্ব থাকেনে ? ক্ষোভ এটাই মনৰ চোতালত অগাদেৱা কৰি থাকে ।কলমৰ খোচঁত ক্ষোভবোৰ উজাৰি উজাৰি তাই ভাবি থাকে কথাবোৰ ।নিমি..... নিমি.....তাৰ মাজতো নিমি নামৰ শীতল বতাহ এছাটিয়ে চুই যায় তাইক ।

সেই বৰুণৰে এদিন উচ্ছাসভৰা কন্ঠস্বৰ ভাঁহি আহিছিল ফোনত, “হেই দামিনী, শুনাচোন, মুম্বাইত এইবাৰ ফিল্ম মহোৎসৱ আৰম্ভ হৈছে । আহিব পাৰিবা নেকি তুমি ? তুমি লেখাৰ বহুত সমল পাবা । আহি যোৱা”, অত্যন্ত ব্যস্ততাৰ মাজতো বৰুণে তাইক অনুৰোধ কৰিবলৈ নাপাহৰিলে ।

তাইৰো মন গৈছে যাবলৈ, কিন্তু তাই জানে, তাইক অকলে এই যাত্ৰালৈ যাবলৈ তাইৰ স্বামীয়ে কেতিয়াও অনুমতি নিদিয়ে । এক হতাশাই লাহে লাহে তাইক গ্ৰাস কৰি আনিলে । বিয়াৰ আগত দেখোন অকলেই ইমূৰ সিমূৰ কৰি আছিল, তেতিয়া দেখোন কোনেও একো ভবা নাছিল । বিয়াৰ পাছত পৃথিৱীখন কিয় ইমান সলনি হৈ গ’ল ?

দুদিনমান তাই চকুৰ পতা নজপালে । শেতেলিত উচুপিলে তাইৰ বহুমূলীয়া হেঁপাহবোৰে । নিজলৈকে ধিক্কাৰ জন্মিল তাইৰ । তেওঁৰ এটা হেঁপাহ কিনিবলৈ যে তাই বন্ধকত থলে অতবোৰ আশৈশৱী বহুমূলীয়া হেঁপাহ । কিমান কথা যে জনাৰ হেঁপাহ থাকি গ’ল ! কিমান কথা যে চোৱাৰ হেঁপাহ থাকি গ’ল! কিমান ঠাই যে চোৱাৰ হেঁপাহ থাকি গ’ল ! জনাৰেতো হেঁপাহ । তাৰ বাহিৰেনো কি?

ৰাতি বিছনাৰ পৰা উঠি তাই কাথনীৰ ৰূম পালেগৈ ।‘বাই, বাই, কাথনী বাই’, তাই লাহেকৈ মাতিলে । কাথনী ধহমহাই উঠিল । সুধিলে, “কি হ’ল আই ?”

“বাই, মই অলপদিন বাহিৰলৈ যাম। তুমি নিমিক চম্ভালিব পাৰিবানে ?”, তাই কাথনীক সুধিলে ।

“হয় নেকি আই ? নিমিক চম্ভালিব পাৰিম মই , কিন্তু ছাৰে তোমাক অকলে বাহিৰলৈ যাবলৈ দিব জানো ?”, কাথনীয়ে কৈছিল তাইক ।

“ছাৰক মই মিছাকৈ কিবা এটা কম । নহলে ছাৰে ইমান দূৰলৈ যাবলৈ নিদিব ।

এসপ্তাহৰহে কথা ।”, মিছাকৈ কৈ যাবলৈ তাইৰ মন নাছিল যদিও হেঁপাহটো যে বগুৱা বাই আহিছে । কি কৰে তাই !

এসপ্তাহৰ কথাহে ! কিমানটা সপ্তাহ তাই সকলোৰে নামত এৰি দিলে ? এইবাৰ তাইৰ নিজৰ কৰিব খুজিছে এটা সপ্তাহ ।

গিৰিয়েকৰ না শুনাৰ ধৈৰ্য্য নাছিল । গুৱাহাটীত থকা সম্বন্ধীয়া বায়েকৰ ঘৰলৈ যাওঁ বুলি তাই গুৱাহাটীলৈ টিকট কাটি গুৱাহাটীৰ পৰা মুম্বাই অভিমুখী ফ্লাইটত উঠিছিল । বৰুণলৈ খবৰ দিছিল তাই, নিমিৰো মাতষাৰ বুকুত ভৰাই লৈছিল । কাথনীক বাৰে বাৰে সঁকিয়াই দিছিল যাতে এক মুহূৰ্তৰ কাৰণেও নিমিক এৰি নিদিয়ে । ইচ্ছা কৰিয়েই স্বামীৰ লগত কথা পতা নাছিল । মিছাক সহচৰ কৰি আগবাঢ়িলেও তাই বিশ্বাসঘাতকতা কৰিব বিচৰা নাছিল স্বামীৰ অনুভুতিখিনিক ।

কাথনীৰ বুকুৰপৰা গৰম নিশ্বাসৰ সোঁত এটা ওলাই আহিল ।

ইমানখিনিলৈকে জানে তাই । তাৰ পাছৰ খিনি দেখিছে তাই । নিজ চকুৰে দেখিলে তাই জীৱনৰ খলা-বমা । চকুৰ আগতে সাগৰবলুকাৰ ভাস্কৰ্য্য খহাদি খহিল ঘৰখন । কাথনী নীৰৱ দৰ্শক তেতিয়া ।

মুম্বাই আৰু বাংগালোৰৰ মাজৰ প্লেন খন দূৰ্ঘটনাত পতিত হৈছিল । টিভিৰ পৰ্দাত নিহত যাত্ৰীসকলৰ নাম উচ্চাৰণ কৰি থাকোতে সৌদামিনী দুৱৰাৰ নাম, ঠিকনা আৰু ফটোৱে ৯ ডেচিবেলৰ জোকাৰণি এটা দি গ’ল দুৱৰা চৌহদত ।সৌদামিনী বাংগালোৰত ? কেনেকৈ ? কেনেকৈ ?

তাৰ পাছৰ সময়বোৰ যেন ঘড়ীৰ কাঁটাৰ দৰে ছন্দোময় নাছিল, বৰং ৰেলৰ উকিৰ দৰে কৰ্কশ ধ্বনি এটাৰে সময়বোৰ কঠিন শিলৰ গুহা এটাৰ মাজেৰেহে সৰকি গৈছিল । তাৰ মাজতে নিমি ডাঙৰ হৈছিল । সৌদামিনীক কথা দিয়ামতে কাথনীয়ে নিমিক চম্ভালিছিল । ৰাজকমল দুৱৰাৰ আৰম্ভ হৈছিল ৰঙীণ বটলৰ স’তে নিতে সহবাস ।

সৌদামিনী দুৱৰাৰ নামটো বদনামী বিশেষণ এটাৰে চহৰ কঁপাই থাকিলে বহুদিন । কাথনীৰ বাদে কোনেও নাজানিলে ঘটনাৰ সততা । ব্যভিচাৰৰ বতাহত কৰ্পূৰৰ দৰে উৰিছিল সৌদামিনী দুৱৰাৰ ব্যক্তিত্ব । সৌদামিনী দুৱৰাক হেৰুৱাই সিমান দুখ কাৰো হোৱা নাছিল হয়তো, যিমান তৃপ্তি পাইছিল তেওঁৰ বিষয়ে মুখৰোচক কাহিনী ৰটনা কৰি ।

কাহিনীৰ মধ্য পৰ্যায় :

মাকৰ মুখৰোচক কাহিনীবোৰে নিমিক জেদী কৰি তুলিছিল । কাথনীয়ে গেটৰ ভিতৰলৈকে তাইক চম্ভালিছিল । তাৰ বাহিৰৰ নিমিজনী উচ্ছৃংখল হৈ পৰিছিল ।অসংযত কথা বতৰাৰে অবিন্যস্ত চুলিৰে নিমি প্ৰায়েই মাজনিশাহে ঘৰলৈ সোমাইছিল ।

কাথনী বহুত কথাৰে জীৱন্ত সাক্ষী হৈ ৰৈছিল ।

কাথনী জীৱন্ত সাক্ষী সৌদামিনীৰ জীৱন অন্বেষাৰ…….

কাথনী জীৱন্ত সাক্ষী ৰাজকমল দুৱৰাৰ মিছা দাম্ভিৰ্যৰ…….

কাথনী জীৱন্ত সাক্ষী নিমিৰ উচ্ছৃংখলতাৰ……
.
লাহে লাহে কাথনী আৰু নিমিৰ দূৰত্ব বাঢ়িছিল । নিমিৰ ঘৰত থকা সময় কমি আহিছিল । ৰাজকমল দুৱৰাৰ কাণ চুৱাইছিল কাথনীয়ে । নিচাসক্ত মানুহজনে ‘মাক চাই জীয়েক’ বুলি মূৰপোলোঙা দিছিল । এনেকৈয়ে হয়তো নিমি চূড়ান্ত পৰ্যায় পাইছিলগৈ ।

নিমিৰ স্বাস্থ্য দিনে দিনে বেয়া হৈ আহিছিল ।ধোঁৱা আৰু পানীয়ৰ মাজত জীৱনৰ ৰস বিচৰা নিমিজনী হাড়ে-ছালে লাগি আহিছিল । তাৰ মাজতো ট ট কৈ জিলিকি আছিল তাইৰ ওফোন্দা পেট ।

ৰাজকমল দুৱৰাৰ থৰকাছুটি হেৰাইছিল । নিমি মৌন……

ৰাজকমল দুৱৰাই ডক্টৰ মাতিছিল ।নিমি মৌন……

এটা মৃত সন্তান প্ৰসৱ কৰিছিল নিমিয়ে  । ৰাজকমল দুৱৰাই স্বস্তিৰ নিশ্বাস এৰিছিল ।

মৃত শিশুটো বাৰীৰ চুকত সমাধিস্থ হৈছিল । নিমি উন্মাদিনী……

নিমিৰ ভৰিত শিকলি, হাতত ৰছী, ৰছীৰ এটা মূৰ বিছনাৰ খুঁটাত…..

কাথনী জীৱন্ত সাক্ষী……

উপসংহাৰ :

দোপালপিটা বৰষুণ এজাকেৰে ৰাতিটো পুৱাইছিল  । বাহিৰত সেয়া হয়তো সৌদামিনী আইৰ চকুপানী । যিডাল শিকলি খুলি থৈ সৌদামিনী এসপ্তাহৰ কাৰণে জীৱনৰ সুধা বিচাৰি ওলাই গৈছিল, সেই ডাল শিকলিয়েই এতিয়া কালনাগ হৈ ওৰেটো জীৱন নিমিৰ ভৰিত ।

Monday, March 19, 2018

গল্প : জোকাৰণি



অফিচিয়েল টুৰত কেৰেলাত ভৰি দিয়াৰ পাছতে,
……………………………………………………………………………
* কেতিয়া আহিবা ?*
* এসপ্তাহমান থাকিম *
* এসপ্তাহ !! মোলৈ মনত পৰিছে নে নাই ?*
* তোমাৰ ? *
* বহুত বহুত বহুত *

প্ৰথমটো জোকাৰণি ।
……………………………………………………………………………
ঘুৰি অহাৰ পাছত

* আহি পালা? *
* হমম *
* অফিচলৈ কেই বজাত আহিবা *
* 10 টা বজাত । *
* গেটৰ ওচৰত ৰৈ দিবা । মই চাম তোমাক । চাব লাগিব তোমাক ।*

দ্বিতীয়টো জোকাৰণি ।

………………………………………………………….........................

চাহ একাপ খাবলৈ হোটেল এখনত সোমাল দুয়ো । হাতখন ধৰি ল’লে এদিন হঠাতে । চম্ভালিব নোৱাৰি চিকুটি দিলে তাই । তাইৰ দীঘল নখৰ দাগ ৰৈ গৈছিল তেওঁৰ হাতত । টিটেনাচ বেজী লবলগীয়া হোৱাকৈ ।

তৃতীয়টো জোকাৰণি ।

……………………………………………………………………………

তাইৰ ঘৰৰ চোফাত বহি আছিল দু্য়ো ।থ্ৰী কোৱাৰ্টাৰ পেন্ট আৰু বেঙুন ৰঙৰ টপৰ স’তে তাই । ওচৰতে তেওঁ । চাহ খাইছে । অৰ্থ নোহোৱা কথা পাতিছে । তাইক চুই দিছিল ঘপহকৈ । মেৰিয়াই লৈছিল এহাতেৰে ।

চতু্ৰ্থটো জোকাৰণি

……………………………………………………………………

কলিংবেলটো বাজি উঠিছিল ৰাতি ৯ মান বজাত । ঘৰত কোনো নাছিল । তেওঁ জানিছিল । অলপ আগতে ফোনত কথা পাতোতে কৈছিল তাই । ড্ৰেছ চেঞ্জ কৰি নাইটিটো পিন্ধিছিলহে মাত্ৰ । কি কৰিব কি নকৰিব কৈ দুৱাৰখন খুলি দিলে তাই । তেওঁ অনুসৰণ কৰিলে । পিছফালৰ পৰা টানি আনিলে । বুকুত মূৰ গুজিলে । আদিমতাৰ স’তে খেলিবলৈ গৈ তেওঁ জ্ঞানশূন্য হৈ পৰিল । গুচি গ'ল হঠাতে । আহত হৰিণীৰ চকুযোৰ সামৰি ।

পঞ্চমটো জোকাৰণি ।

…………………………………………………………………………

তাৰ পিছৰ জোকাৰণিবোৰ জুইৰ নদীত জাহ গৈছে । সময়বোৰো জাপ মাৰি আত্মহত্যা কৰিলে সেইখন নৈতে । কেতিয়াবা অভিমানৰ, কেতিয়াবা দুখৰ, কেতিয়াবা নিৰাশাৰ,কেতিয়াবা খংৰ জুইৰ নৈ সেইখন ।

…………………………………………………………………………

আৰু তাই ………তাই হৈ থকা নাছিল । সৰু চহৰখনত তাই এটি খবৰ হৈছিল । তাই কুন্তী হৈছিল ।

(সমাপ্ত)






গল্প: এনিশা টোপনিৰ দাম


---------------------------------------------------------------------

লা পিলা দে চাকিয়া
পেয়মানা পেয়মানে কে বাদ
হোচ কী বাতে কৰুংগা
হোচ মে আনে কে বাদ……………….

“অৰ্ণা , অৰ্ণা  আৰ য়ু দেয়াৰ? আছা নে তুমি ? প্লিজ হেল্প । আজি ৰাতিটো মোক সহায় কৰা অৰ্ণা ।“  মেচেঞ্জাৰ মেছেজটোনটো বাজি উঠিল । চালে । কিঞ্চিত আচৰিত হ’ল । সেয়া তাইৰ একালৰ জেষ্ঠ দাদা তুষাৰদা ।তাকো সুদীৰ্ঘ পোন্ধৰ বছৰৰ পাছত ।

কি হ’ল আক’ তুষাৰদাৰ ? কলেজৰ দাদা টাইপ উদণ্ড আৰু অসমৰ খেল জগতৰ এটা সুখ্যাত নাম তুষাৰ দাৰ কি হ’ব পাৰে তাইৰ পৰা সহায় বিচাৰিব পৰাকৈ ?

ৰাতি বাৰ বাজিছে ইতিমধ্যে । এতিয়া এই মেছেজৰ ৰিপ্লাই দিয়া মানে তাইৰ টোপনি আনিবলৈ চেষ্টা কৰি থকা পংকজ উদাচৰ গজলৰ পৃথিৱীখনৰ পৰা নিজকে আঁতৰাই অনা । লাভৰ মূৰত তাইৰ ৰাতিৰ টোপনি ক্ষতি হ’ব, ৰাতিপুৱালৈ তাইৰ শৰীৰৰ জটিলতা বাঢ়িব,  তাকে হ’লে স্বামীৰ বকনি শুনিব লাগিব । “টোপনি আৰু খোৱা-বোৱাত খেলিমেলি কৰি বেমাৰ হলে মোৰ একো মৰম নালাগে দেই”-তাইৰ টোপনি ক্ষতি কৰা কথাটো লৈ স্বামীৰ আপত্তিৰ অন্ত নাই । বহুত কিবা কিবিৰ মূল্য দিব লাগিব এই এটা মেছেজৰ ৰিপ্লাই দিয়াৰ লগে লগে ।

“দিল মেৰা লেনে কী খাতিৰ
মিন্নতে কিয়া কিয়া না কী
কেইচে নজৰে ফিৰ লী
মতলব নিকালনে কে বাদ”………………..

“অৰ্ণা অৰ্ণা, মোক পাহৰিলা নেকি ? মই তোমাতকৈ তিনিবছৰৰ ওপৰৰ বেটচৰ আছিলো” ।

উস! কি যে সুধি আছে তুষাৰ দাই ! তেওঁকনো পাহৰিব পাৰিনে ? ইমান উজ্জ্বল ব্যক্তিত্ব, লগতে সুন্দৰ জীৱনবোধ, লগতে খেল জগতৰ এটা বিখ্যাত নাম । কিন্তু তাইৰ সচাঁকৈ উপায় নাই । কথা পাতিবলৈ মন গলেও এই সময়ত কথা আৰম্ভ কৰা মানে বহুত ৰাতি হ’বগৈ ।

কি কৰে ? কি কৰে তাই । তুষাৰ দাই তাইকে কিয় যোগাযোগ কৰিছে?

ৱক্ত চাৰে জিন্দেগী মে
দো হী গুজৰে হে কঠিন
এক তেৰে আনে চে পেহলে
এক তেৰে আনে কী বাদ……………..

কি কৰে ? কি কৰে তাই  ? ইমান বছৰৰ পাছত তুষাৰ দাই কিয় এই ৰাতিখন তাইলৈ মেছেজ পঠিয়াইছে ?

কী পেদত আঙুলি বোলালে, “তুষাৰ দা, ইমান দিনৰ মূৰত আপুনি যোগাযোগ কৰিছে । বৰ ভাল লাগিছে । কিন্তু ইটজ টু লেট । ইনবক্স য়ৰ ফোন নাম্বাৰ । ৰাতিপুৱাই ফোন কৰিম আপোনাক । এতিয়া শুভৰাত্ৰি । বাই ।“

মেচেঞ্জাৰ লগ আউট কৰিলে । গজলৰ পৃথিৱীত ডুব গ’ল পুনৰ ।

চুৰ্খ চুৰু হোতে হে
ইনচান ঠোকৰে খানে কে বাদ
ৰংগ লাতে হে হেনা
পত্থৰ কে পিচ জানে কে বাদ…………
__________________________________________________________________________________

“গাটো অলপ ভাল লাগিছেনে তোমাৰ ? ৰাতি তোমাৰ ভাল টোপনি আহিল নে বাৰু ?”, ব্ৰেকফাষ্টৰ টেবুলত বহি তাইৰ স্বামীয়ে দৈনিক কাকতখন পঢ়ি থকাৰ পৰাই তাইলৈ নোচোৱাকৈ সুধিলে ।

“ও , টোপনি আহিছিল ভালকৈয়ে , ফ্ৰেছ লাগিছে আজি”, অৰ্ণাই কৈ উঠিল ।

স্বামীয়ে পঢ়ি থকা কাকত খনলৈ এনেই চকু গল তাইৰ । বুকুখন মোচৰ খাই উঠিল । অজস্ৰ বৰলৰ কামোৰত তেতিয়া ক্ষত-বিক্ষত তাইৰ সুকোমল হৃদয় ।

কাকতখনত যে লিখা আছিল, “ৰহস্যজনক কাৰণত প্ৰখ্যাত ফুটবল খেলুৱৈ তুষাৰ কাকতিৰ আত্মহত্যা” ।

হয়, সেইনিশায়ে তাইৰ টোপনিৰ শেষনিশা আছিল । এনিশা টোপনি এতিয়া তাইৰ চকুৰ পতাই বলে লব নোৱাৰাকৈ গধুৰ ।

(সমাপ্ত)

গল্প:এইচ আই ভি কম্পিউটাৰটো শ্বাট ডাউন কৰি অংগদ নিজৰ ফাৰ্মৰ পৰা ওলাই আহি বাইক ষ্টাৰ্ট দিলে । গধূলিটো বৰ মনোমোহা হৈ উঠিছে। নিয়ন লাইটৰ প...